নাৰিকলৰ কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ

কীট-পতঙ্গ আৰু ইয়াৰ নিয়ন্ত্ৰণ

১। গড় পোক (Rhiniceros beetle):

ক্ষতিৰ লক্ষণ:



- প্ৰাপ্তবয়স্ক এই পোকে নাৰিকলৰ কোমল কোঁহ আৰু মুকুট অংশ খাই অনিষ্ট কৰে

- আক্ৰান্ত গছজপোাৰ পাত ঠোৰৰ পৰা ওলোৱাৰ পিছত কেঁচিৰে কটাৰ দৰে দেখা যায় আৰু পাতখিলা ত্ৰিভুজ আকৃতি লয়

- বাঢ়ি অহা ভিতৰৰ কোমল মুকুল খাই পেলালে গছজোপা মৰি যায়

- এই পোক ৰাতি সক্ৰিয় হৈ থাকে

নিয়ন্ত্ৰণৰ দিহা:

- নাৰিকল গছৰ ওচৰৰ গোৱৰৰ দ’ম বা পচনসাৰ থকা গাঁতবোৰ মাজে-সময়ে নিৰীক্ষন কৰি পলুবোৰ ধ্বংস কৰিব লাগে

- পোকবোৰ তাঁৰৰ হাকোটাৰে উলিয়াই মাৰি পেলাব লাগে

- পোহৰ ফান্দ/ফেৰ’মন ফান্দ ব্যৱহাৰ কৰি পোকবোৰ ধৰি মাৰি পেলাব লাগে

- নিমগুটিৰ পাউদাৰ- ১ ভাগ + বালি- ২ ভাগ মিহলাই প্ৰতিজোপা গছত ভিতৰৰ ৩ টা পাতত গুৰি অংশত ১৫০ গ্ৰামকৈ প্ৰয়োগ কৰিব লাগে

- পুলি নাৰিকল গছত নেপথেলিন গুটিৰ ৩ টা বালিৰ লগত ৪৫ দিনৰ মূৰে মূৰে পাতৰ ঠোৰত প্ৰয়োগ কৰিব লাগে


২। ৰঙা উইভিল পোক (Red Palm Weevil):

ক্ষতিৰ লক্ষণ:



- নাৰিকলৰ গা-গছত এই পোকে খাই বিন্ধাৰ সৃষ্টি কৰে

- আক্ৰান্ত অংশৰ পৰা ৰঙা-মুগা ৰঙৰ ৰস ওলাই অহা দেখা যায়

- গা-গছ বা মুকুটৰ ভিতৰত কোমল অংশ খাই, বেছিকৈ আক্ৰান্ত হোৱা গছত গা-গছৰ ভিতৰৰ অংশ সম্পূৰ্ণ খাই পেলালে পচি যোৱা আঁহবোৰহে দেখা যায়

- পুলি গছৰ মুকুট অংশ মৰি যায় আৰু পুৰণি গছত ওপৰৰ অংশ বেঁকা হৈ যায় আৰু ভাঙি পৰে

নিয়ন্ত্ৰণৰ দিহা:

- সেউজীয়া পাতবোৰ কাটিব নেলাগে; কাটিবলগীয়া হলেও গা-গছৰ পৰা ১২০ চেন্টিমিটাৰ আঁতৰতহে কাটিব লাগে যাতে কটা অংশইদি এক পোকৰ পলু সোমাব নোৱাৰে

- ফেৰ’মন ফান্দ ব্যৱহাৰ কৰিব লাগে

- কীট আকৰ্ষণকাৰী টোপঃ গুড়- ২.৫ কিলো + এচিটিক এচিদ- ৫ মিলিলিটাৰ + ৫ গ্ৰাম ইষ্ট + দীঘলীয়াকৈ ফালি অনা কোমল নাৰিকলৰ গা-গছৰ অংশ


৩। ক’লা মূৰৰ পলু পোক (Black Headed Caterpillar/ Leaf Eating Caterpillar):

ক্ষতিৰ লক্ষণ:



- কণীৰ পৰা ওলোৱা পলুৱে পাতৰ তলফালে ৰেচমেৰে বাঁহ সাজে আৰু পাত খাবলৈ ধৰে

- নিম্নাংশৰ পাতবোৰত শুকাই যোৱা অংশ দেখা যায়, আক্ৰান্ত পাতবোৰ ৰ’দত দেই যোৱাৰ দৰে হয়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত পাতবোৰ কাটি পুৰি পেলাব লাগে

- এটি কীটনাশকৰ মিশ্ৰণ প্ৰস্তুত কৰিব লাগে- monocrotophos 36% WSC- ১০ মিলিলিটাৰ + পানী- ১০ মিলিটাৰ। উক্ত মিশ্ৰণটো ৭x ১০ বৰ্গ চেন্টিমিটাৰ জোখৰ পলিথিনৰ বেগত ভৰাই  লব লাগে আৰু চোকা কটাৰীৰে কাটি লোৱা নাৰিকলৰ শিপাত সুমুৱাই ৰাখি থ’ব লাগে 


৪। এৰিঅ’ফাইদ চাঁহি পোক (Eriophyid Mite):

ক্ষতিৰ লক্ষণ:



- ২-৩ মহীয়া নাৰিকলৰ কলিত ত্ৰিভুজাকৃতিৰ ধেলা-হালধীয়া আঘাট অংশ দেখা যায়; পিছত সেই অংশটোৰ বিস্তাৰ হয় আৰু কলিবোৰ সৰি পৰে

- নাৰিকলটোৰ আঘাট অংশইদি আঠা জাতীয় ৰস ওলায়।

- নাৰিকলবোৰ অভজা হয়, ফাটে

নিয়ন্ত্ৰণৰ দিহা:

- নাৰিকল গছৰ চাৰিওফালে শন (Sunhemp) ৰ খেতি কৰিব লাগে

- অনুমোদিত হাৰত ৰাসায়নিক সাৰ- ইউৰীয়া, চুপাৰ ফচফেট, মিউৰেট অব পটাছ আৰু বৰাক্স প্ৰয়োগ কৰিব লাগে

- Fenpyroximate 5%EC (প্ৰতি লিটাৰ পানীত ১০ মিলিলিটাৰ) গছত স্প্ৰে কৰিব পাৰি

- মাটিত : Azadirachtin 1% (প্ৰতি লিটাৰ পানীত ৫ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে

- মাটিত নিমকেক ( ৫ কিলোগ্ৰাম প্ৰতিজোপাত) প্ৰয়োগ কৰিব লাগে


৫। কৰেইড বাগ (Coreid Bug):

ক্ষতিৰ লক্ষণ:




- পোৱালি আৰু প্ৰাপ্তবয়স্ক পোকে নাৰিকলৰ কলিবোৰৰ ৰস শুহে আৰু সেইবোৰ অভজা হয় 

- বেছিকৈ আক্ৰান্ত হলে নাৰিকল সৰি পৰে

নিয়ন্ত্ৰণৰ দিহা:

- পোহৰ ফান্দ ব্যৱহাৰ কৰিব লাগে

- পোৱালি পোকবোৰ ধৰি মাৰি পেলাব লাগে

- Dichlorvos 76 WSC (প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰ পানীত) মিহলাই স্প্ৰে কৰিব লাগে


৬। বগা পলু (Mealy bug):

ক্ষতিৰ লক্ষণ:



- নাৰিকলৰ পুলিবাৰীত কোমল শিপাবোৰ খাই নষ্ট কৰে আৰু ভিতৰি ভিতৰি মুকুট অংশলৈ সুৰঙ্গ কৰে; ফলত পুলিটো শুকাই যায় আৰু হালধীয়া পৰে

- পূৰঠ গছত পাতবোৰ হালধীয়া হয়, কলিবোৰ অকালতে সৰি পৰে, ফুল দেৰিকৈ আহে, উৎপাদন কমি যায়

- নাৰিকলৰ গুৰি অংশত ই থাকি কণী পাৰে

নিয়ন্ত্ৰণৰ দিহা:

- নাৰিকলৰ গুৰি অংশত মাটি খুচৰি-মেলি থাকিব লাগে

- পোহৰ ফান্দ ব্যৱহাৰ কৰিব লাগে

- গুৰি অংশৰ মাটিত chlorpyrifos 0.04% (প্ৰতি লিটাৰ পানীত ৪ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে


৭। উঁই পোক (Termite):

ক্ষতিৰ লক্ষণ:


- নতুনকৈ ৰোপন কৰা পুলিবোৰত উঁই লাগি নষ্ট কৰে

- নাৰিকলৰ গুৰি অংশত উঁই লগা মাটি দেখা যায়

নিয়ন্ত্ৰণৰ দিহা:

- Chlorpyrifos 0.04% (প্ৰতি লিটাৰ পানীত ৩ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে

- নাৰিকলৰ গুৰিত কেলছিয়াম প্ৰয়োগ কৰিব লাগে

- গুৰিৰ পৰা ২ মিটাৰ ওপৰলৈকে নিমতেল (৫%) সানিব লাগে


৮। শল্ক কীট (Scale insect):

ক্ষতিৰ লক্ষণ:



- এই পোকে আক্ৰমণ কৰিলে পাতত হালধীয়া দাগ পৰে আৰু পিছত পাতবোৰ শুকাই যায়

- বেছিকে আক্ৰান্ত হলে কুমলীয়া নাৰিকল আৰু ফুলৰ ঠোকৰ এই পোক দেখা যায়

নিয়ন্ত্ৰণৰ দিহা:

- Malathion 50 RC – (প্ৰতি লিটাৰ পানীত ২.৫ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে

৯। মিলি বাগ (Mealy Bug):

ক্ষতিৰ লক্ষণ:


- এই পোকবিধে পাত, ফুলৰ ঠোক, কলি আদিত বৃদ্ধি হয়, ৰস খায় আৰু পাত হালধীয়া পৰি মৰি যায়

- Malathion 50 EC – (প্ৰতি লিটাৰ পানীত ২.৫ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে বা Dimethoate 30 EC – (প্ৰতি লিটাৰ পানীত ২.৫ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে


ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ:

১। গেন’ডাৰমা ৰোগ (Ganoderma):

ক্ষতিৰ লক্ষণ:




- নাৰিকলৰ মাৰাত্মক এই ৰোগ হলে প্ৰথমে বাহিৰৰ চকৃ বয়সীয়াল পাতবোৰ হালধীয়া হৈ হাওলি যায় আৰু কেইবা সপ্তাহ ধৰি গা-গছত ওলমি থাকে। লাহে  লাহে ভিতৰৰ চক্ৰৰ পাতো হালধীয়া হৈ যায় আৰু কোঁহটো কিছুদিন জীয়াই থাকি শেষত মৰি যায়।

- গছজোপাৰ গুৰিত খান্দি চালে শিপাবিলাক পচি যোৱা দেখা যায়।

- কাণ্ডৰ গুৰি অংশ ফাটি ৰঙা-মুগা ৰঙৰ ৰস নিঃসৰিত হয়।

- পচি যোৱা অংশতে বতাহত গছজোপা ভাগি যায়।

নিয়ন্ত্ৰণৰ দিহা:

-  আক্ৰান্ত গছবোৰ উভালি নষ্ট কৰিব লাগে

- Pseudomonas fluorescens (Pf-1) – ২০০ গ্ৰাম/ প্ৰতি জোপাত  + Trichoderma viride ২০০ গ্ৰাম/ প্ৰতি জোপাত প্ৰতি বছৰে প্ৰয়োগ কৰিব লাগে

- ২০০ গ্ৰাম Phosphobacteria আৰু ২০০ গ্ৰাম Azotobactor ৫০ কিলোগ্ৰাম পচন সাৰৰ লগত মিহলাই প্ৰতিজোপা গছত প্ৰয়োগ কৰিব লাগে

- ৰাসায়নিক পদ্ধতিত Tridemorph – ২ মিলিলিটাৰ or Hexaconazole - ১ মিলিলিটাৰ ১০০ মিলিলিটাৰ পানীত মিহলাই, প্লাষ্টিকৰ বটলত ভৰাই নাৰিকলৰ শিপাদি শুহিবলৈ দিব লাগে (৩ বাৰ ৩ মাহৰ মূৰে মূৰে)

- বৰদ’মিশ্ৰণ ১% (চূণ- ১০০ গ্ৰাম + তুতিয়া-৪০০ গ্ৰাম + ৪০ লিটাৰ পানীত) নাৰিকলৰ চাৰিওকাষে মাটিত ভিজাব লাগে

- আক্ৰান্ত গছৰ চাৰিওফালে ১ মিটাৰ দূৰত ৬০ চেন্টিমিটাৰ দ’ আৰু ৩০ চেন্টিমিটাৰ বহল খাল খান্দি অন্য গছৰ পৰা পৃথক কৰিব লাগে। কেপটান (৩ গ্ৰাম প্ৰতিলিটাৰ পানীত) খালটোৰ মাটিখিনি ভালকৈ ভিজি যোৱাকৈ প্ৰয়োগ কৰিব লাগে   


২। কোঁহ পচা ৰোগ (Bud rot):

ক্ষতিৰ লক্ষণ:



- প্ৰথম এটা বা দুটা কুমলীয়া পাত হালধীয়া হয়, পাতৰ নিম্নাংশ সোনকালে শুকাই যায় আৰু ঠোৰটো টানি দিলে সহজেই ওলাই আহে।

- পিছত বাহিৰৰ পাতবোৰো আক্ৰান্ত হৈ মাটিত সৰি আহে আৰু শেষত মুকুটটো বাগি পৰে

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত মুকুট অংশ চাফা কৰিব লাগে আৰু Copper oxychloride 0.25% (প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম মিহলাই) প্ৰয়োগ কৰিব লাগে। উক্ত স্থানত বৰদ’ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ((চূণ- ১৩২ গ্ৰাম + তুতিয়া-৬৬ গ্ৰাম + ১ লিটাৰ পানীত)

- আক্ৰান্ত গছৰ কাষৰীয়া গছবোৰতো Copper oxychloride 0.25% (প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম মিহলাই) প্ৰয়োগ কৰিব লাগে।


৩। পাত জ্বলা ৰোগ (Leaf Blight):

ক্ষতিৰ লক্ষণ:




- এই ৰোগত ঠোৰৰ বাহিৰৰ বয়সীয়াল পাতবোৰ আক্ৰান্ত হয়

- পাতবোৰ আগফালৰ পৰা শুকাই আহে আৰু খৰাং বতৰত শুকুৱাৰ নিচিনা লাগে

- নাৰিকলৰ ঠাৰিত লাগি থকা অংশত ডাঠ কজলাৰ পৰা মুগা বৰণৰ ঘাঁ দেখা যায়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত পাতবোৰ আঁতৰাই নষ্ট কৰিব লাগে

- Pseudomonas fluorescens (Pf-1) – ২০০ গ্ৰাম/ প্ৰতি জোপাত  +  ৫০ কিলোগ্ৰাম পচন সাৰৰ লগত মিহলাই প্ৰতিজোপা গছত প্ৰয়োগ কৰিব লাগে

- Copper oxychloride 0.25% (প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম মিহলাই) প্ৰয়োগ কৰিব লাগে।

- বৰদ’মিশ্ৰণ ১% (চূণ- ১০ গ্ৰাম + তুতিয়া-১০ গ্ৰাম + ১ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

- ৰাসায়নিক পদ্ধতিত Carbendazim – ২ মিলিলিটাৰ or Hexaconazole - ১ মিলিলিটাৰ ১০০ মিলিলিটাৰ পানীত মিহলাই, প্লাষ্টিকৰ বটলত ভৰাই নাৰিকলৰ শিপাদি শুহিবলৈ দিব লাগে (৩ বাৰ ৩ মাহৰ মূৰে মূৰে)


৪। কাণ্ডৰ ৰসক্ষৰণ ৰোগ (Stem bleeding disease):

ক্ষতিৰ লক্ষণ:



- নাৰিকল গছৰ গা-গছত ফাট মেলি তাৰ পৰা ৰঙা-মুগা বৰণৰ ৰস নিঃসৰণ হয়

- ঘাঁ-ডোখৰ ক্ৰমান্বয়ে ওপৰলৈ বাঢ়ি যায় আৰু কোমল অংশ তললৈ পচি যায়, ফলত গা-গছৰ ভিতৰত ‘ঢোন্দ’ৰ সৃষ্টি হয়

- বাহিৰৰ পাতবোৰ হালধীয়া হৈ শুকাই যায়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত অংশ চাফা কৰিব লাগে আৰু উক্ত স্থানত বৰদ’ মিশ্ৰণ পেষ্ট প্ৰয়োগ কৰিব লাগে ((চূণ- ১৩২ গ্ৰাম + তুতিয়া-৬৬ গ্ৰাম + ১ লিটাৰ পানীত)

- Tridemorph -  ৫ মিলিলিটাৰ ১০০ মিলিলিটাৰ পানীত মিহলাই, প্লাষ্টিকৰ বটলত ভৰাই নাৰিকলৰ শিপাদি শুহিবলৈ দিব লাগে (৩ বাৰ ৩ মাহৰ মূৰে মূৰে)


। পাত পচা ৰোগ (Leaf rot disease):

ক্ষতিৰ লক্ষণ:




- পাতত মুগা বৰণৰ পানী জোলা ঘাঁ দেখা যায়

- পিছত আক্ৰান্ত পাতবোৰ পচিবলৈ ধৰে

নিয়ন্ত্ৰণৰ দিহা:

- Hexaconazole -  ২ মিলিলিটাৰ বা Mancozeb - ৩ গ্ৰাম ৩০০ মিলিলিটাৰ পানীত মিহলাই ঠোৰটোত ভিজাব লাগে।

- Copper oxychloride 0.5% (প্ৰতি লিটাৰ পানীত ৫ গ্ৰাম মিহলাই) প্ৰয়োগ কৰিব লাগে।


পুষ্টিহীনতা আৰু ইয়াৰ সংশোধন:

১। বৰ’ণ মৌলৰ অভাৱ:




- নাৰিকলৰ পুলিবাৰীত পাতত বৰাক্স (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

- বৰাক্স মাটিত প্ৰয়োগ কৰিব লাগে। প্ৰতিজোপা গছত পৰিমাণ হ’ল-

১ বছৰীয়া গছতঃ ৫-১০ গ্ৰাম

২-৩ বছৰীয়া গছতঃ ১৫-২০ গ্ৰাম

৪ বছৰ আৰু তাতকৈ বেছি গছতঃ ৩০-৫০ গ্ৰাম

২। মেঙ্গানিজ মৌলৰ অভাৱ:



- মাটিত মেঙ্গানিজ চালফেট (MnSO4) প্ৰয়োগ- প্ৰতিবিঘাত  ৩.৩৩ কিলোগ্ৰাম

৩। মেগনেছিয়াম মৌলৰ অভাৱ:



- মাটিত মেগনেছিয়াম চালফেট (MgSO4) প্ৰয়োগ- প্ৰতিজোপা গছত বছেৰেকতঃ১-২ কিলোগ্ৰাম

- MgSO4 (প্ৰতিলিটাৰ পানীত- ২ গ্ৰাম)- ২০০ মিলিলিটাৰ শিপাৰ জৰিয়তে প্ৰয়োগ কৰিব লাগে

৪। জিংক মৌলৰ অভাৱ:



- মাটিত জিংক চালফেট (ZnSO4) প্ৰয়োগ- প্ৰতিবিঘাত  ৩.৩৩ কিলোগ্ৰাম

৫। আইৰণ মৌলৰ অভাৱ:



- মাটিত জিংক চালফেট (ZnSO4) প্ৰয়োগ- প্ৰতিজোপা গছত বছেৰেকতঃ০.২৫- ০.৫০ কিলোগ্ৰাম

৬। কেলছিয়াম মৌলৰ অভাৱ:


- মাটিত চূণ প্ৰয়োগ কৰা

- শিপাৰ জৰিয়তে কেলছিয়াম নাইট্ৰেট প্ৰয়োগ- ১ লিটাৰ পানীত ১০ গ্ৰাম

৭। কপাৰ মৌলৰ অভাৱ:


- মাটিত কপাৰ চালফেট (CuSO4) প্ৰয়োগ- প্ৰতিবিঘাত  ৩.৩৩ কিলোগ্ৰাম 

৮। মলিবদেনাম মৌলৰ অভাৱ:



- শিপাৰ জৰিয়তে চডিয়াম মলিবদেট প্ৰয়োগ- ১ লিটাৰ পানীত ০.৫ গ্ৰাম


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান