জৈৱিক পদ্ধতিৰে গ্ৰীষ্মকালীন বগাই যোৱা পাচলিৰ খেতি
গ্ৰীষ্মকাল সোমোৱাৰ লগে লগে বিভিন্নধৰণৰ বগাই যোৱা শাক-পাচলিৰ বতৰো আৰম্ভ হয়। ইতিমধ্যে বহুজন কৌশলী খেতিয়কে আগতীয়াকৈয়ে জিকা, ভোল, কেৰেলা, ৰঙালাও, কোমোৰা, তিঁয়হ, জাতিলাও, লেচেৰামাহ, তৰমুজ আদি শাক-পাচলি খেতি আৰম্ভ কৰিলে আৰু তেখেতসকলে ইতিমধ্যে বজাৰত উচ্চ মূল্যত এইবোৰ পাচলি বিক্ৰি কৰিবলৈ সক্ষম হয়। কিন্তু সমস্যা হৈছে- এইসময়ত এইবোৰ শস্যত অনিষ্টকাৰী পোক-পৰুৱাৰ উপদ্ৰৱ বাঢ়ে আৰু উৎপাদনো ক্ষতি হয়। ফলত কৃষকসকলে যথেষ্ট লোকচানৰো সন্মুখীন হবলগীয়া হয়। সেয়ে, কৃষকসকলে আগতিয়াকৈ কিছুমান ব্যৱস্থা লোৱাতো প্ৰয়োজন। কিন্তু প্ৰয়োজনীয় কথা হ’ল- কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শাক-পাচলিত ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিলে সেইবোৰ স্থাস্থ্যসন্মত নহয়। কিয়নো, ৰাসায়নিক কীটনাশক প্ৰয়োগৰে উৎপাদন কৰা শাক-পাচলি ভক্ষন কৰিলে শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সাংঘাটিক ক্ষতিসাধন কৰে। সেয়ে, জৈৱিক পদ্ধতিৰে এনেবোৰ শাক-পাচলি উৎপাদন কৰিলে স্বাস্থ্যৰ বাবে নিৰাপদ হয়। জাত নিৰ্বাচন: জৈৱিক পদ্ধতিত সাধাৰণতে স্থানীয় উৎপাদনক্ষম জাতবোৰ ব্যৱহাৰ কৰা হয় যদিও জৈৱিক উৎসৰ পৰা সংগ্ৰহ কৰা উচ্চ উৎপাদনক্ষম জাতো ব্যৱহাৰ কৰিব পাৰি। বীজ সিঁচা আৰু পুলি ৰোপন