জৈৱিক পদ্ধতিৰে গ্ৰীষ্মকালীন বগাই যোৱা পাচলিৰ খেতি

গ্ৰীষ্মকাল সোমোৱাৰ লগে লগে বিভিন্নধৰণৰ বগাই যোৱা শাক-পাচলিৰ বতৰো আৰম্ভ হয়। ইতিমধ্যে বহুজন কৌশলী খেতিয়কে আগতীয়াকৈয়ে জিকা, ভোল, কেৰেলা, ৰঙালাও, কোমোৰা, তিঁয়হ, জাতিলাও, লেচেৰামাহ, তৰমুজ আদি শাক-পাচলি খেতি আৰম্ভ কৰিলে আৰু তেখেতসকলে ইতিমধ্যে বজাৰত উচ্চ মূল্যত এইবোৰ পাচলি বিক্ৰি কৰিবলৈ সক্ষম হয়। কিন্তু সমস্যা হৈছে- এইসময়ত এইবোৰ শস্যত অনিষ্টকাৰী পোক-পৰুৱাৰ উপদ্ৰৱ বাঢ়ে আৰু উৎপাদনো ক্ষতি হয়। ফলত কৃষকসকলে যথেষ্ট লোকচানৰো সন্মুখীন হবলগীয়া হয়। সেয়ে, কৃষকসকলে আগতিয়াকৈ কিছুমান ব্যৱস্থা লোৱাতো প্ৰয়োজন। কিন্তু প্ৰয়োজনীয় কথা হ’ল- কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শাক-পাচলিত ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিলে সেইবোৰ স্থাস্থ্যসন্মত নহয়। কিয়নো, ৰাসায়নিক কীটনাশক প্ৰয়োগৰে উৎপাদন কৰা শাক-পাচলি ভক্ষন কৰিলে শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সাংঘাটিক ক্ষতিসাধন কৰে। সেয়ে, জৈৱিক পদ্ধতিৰে এনেবোৰ শাক-পাচলি উৎপাদন কৰিলে স্বাস্থ্যৰ বাবে নিৰাপদ হয়।

জাত নিৰ্বাচন:

জৈৱিক পদ্ধতিত সাধাৰণতে স্থানীয় উৎপাদনক্ষম জাতবোৰ ব্যৱহাৰ কৰা হয় যদিও জৈৱিক উৎসৰ পৰা সংগ্ৰহ কৰা উচ্চ উৎপাদনক্ষম জাতো ব্যৱহাৰ কৰিব পাৰি।

বীজ সিঁচা আৰু পুলি ৰোপন:

৩০-৪৫ ছেন্টিমিটাৰ দ’ আৰু ৬০ ছেন্টিমিটাৰ ব্যাসৰ গাঁতত ভালকৈ পচা গোৱৰ নাইবা পচনসাৰ আৰু আন্যান্য জৈবিক সাৰ ভালকৈ মিহলাব লাগে। সাৱধান হব লাগে যাতে মাটিৰ উপৰিভাগৰ মাটিখিনি নষ্ট নহয়। প্ৰতিটো গাঁতত ৪-৫ টা বীজ সিঁচিব লাগে আৰু পুলি গজাৰ পিছত ২-৩ টা সবল পুলি ৰাখি বাকীকেইটা উভালি পেলাব লাগে।

সাৰ-প্ৰয়োগ:

প্ৰতি বিঘা মাটিত নিম্ন লিখিত যিকোনো এবিধ জৈৱিকসাৰ প্ৰয়োগ কৰিব লাগে-

গোৱৰ বা পাম সাৰ- ১০-১২ কুইন্টল

অথবা পচন সাৰ- ১০-১২ কুইন্টল

অথবা কেঁচু সাৰ- ৫-৬ কুইন্টল

অথবা সেউজ সাৰ- ১০-১২ কুইন্টল

-      উপৰোক্ত সাৰ দুভাগ কৰি এভাগ মাটি প্ৰস্তুত কৰাৰ সময়ত আৰু আনভাগ ফুল ফুলাৰ সময়ত প্ৰয়োগ কৰিব লাগে

-      গোৱৰ পানী (১ কিলোগ্ৰাম পানী ১ লিটাৰ পানীত) প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে ফুল ফুলাৰ সময়ৰ পৰাই পাতত প্ৰয়োগ কৰিব লাগে।

জলসিঞ্চন:

প্ৰথমাৱস্থাত ২-৩ দিনৰ মূৰে জলসিঞ্চল কৰিব লাগে আৰু ফুল অহাৰ পিছত এদিন ৰৈ এদিন প্ৰয়োগ কৰিব লাগে।

শস্যৰক্ষা:

অনিষ্টকাৰী কীট:

ফল বিন্ধা কৰা বৰল:

১। ফলটো ঢাকি ৰাখিব লাগে

২। আক্ৰান্ত ফলবোৰ চিঙি আঁতৰাই পেলাব লাগে

৩। প্ৰতিটো গাঁতত পুলি ৰোৱাৰ সময়ত এবাৰ আৰু এমাহৰ পিছত এবাৰ ১০০ গ্ৰামকৈ নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে

৪। নিম্নলিখিত যিকোনো এবিধ ফল বিন্ধা কৰা বৰল ধৰা ফান্দ ব্যৱহাৰ কৰিব পাৰি-

-      মাছৰ টোপ: নাৰিকলৰ কোৰোকাত ৪ গ্ৰাম শুকান মাছ লৈ সেইখিনি সিক্ত কৰি লব লাগে আৰু তাত ০.৫ গ্ৰাম ফুৰাদন মিহলাব লাগে। নাৰিকলৰ কোৰোকাটো এতিয়া এটা পলিথিনৰ ভিতৰত সুমুৱাব লাগে। পলিথিনটোৰ ওপৰফালে কেইটিমান ফুটা কৰিব লাগে আৰু এতিয়া পলিথিনটো চাঙত ওলপোমাই থব লাগে।

-      মাছৰ টোপৰ সলনি কোৰোকাটোত ২০ গ্ৰাম পিহি লোৱা কল, ৩ মিলিলিটাৰ বিয়েৰ আৰু নাৰিকলৰ তেল- ৩ টোপাল মিহলাব পাৰি

-      প্ৰাপ্তবয়স্ক বৰল পোকৰ বাবে-  ২০ গ্ৰাম পিহি লোৱা কল, ১০ গ্ৰাম লালি গুড়, ৫ গ্ৰাম ফুৰাদন- ১০ ০ মিলিলিটাৰ পানী মিহলাই ২.৫ মিটাৰ আঁতৰে আঁতৰে চাঙত আঁৰি দিব লাগে

৫। জৈৱিক কীটনাশক যেনে, Beauveria bassiana 10% WP and Paecilomyces lilacinus 5% WP প্ৰয়োগ কৰিব পাৰি

৬। মহানিম আৰু কাজুবাদামৰ পাতৰ ৰস ( ১ লিটাৰ পানীত ১০০ মিলিলিটাৰ) মিহলাই তিতাকেৰেলাৰ বৰল পোকত স্প্ৰে কৰিলে ভাল ফল পোৱা যায়।

মোৱাপোক, বগা পখিলা, চাহি পোক, সেউজীয়া ফৰিং পোক:

-      নিম তেল (১ লিটাৰ পানীত ২০ মিলিলিটাৰ) আৰু নহৰুৰ ৰস স্প্ৰে কৰিব লাগে

-      ৬০ গ্ৰাম চাবোন ১৫০ মিলিলিটাৰ গৰম পানীত মিহলাই লব লাগে, তাত লাহে লাহে নিম তেল আৰু এড়ী তেল মিহলাব লাগে আৰু মিশ্ৰণখিনি ভালদৰে মিহলাব লাগে। এতিয়া মিশ্ৰণখিনিত ৬ লিটাৰ পানী মিহলাব লাগে আৰু ১২০ গ্ৰাম পিচি লোৱা নহৰু মিহলাব লাগে। উক্ত মিশ্ৰণখিনি নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰিব পাৰি

পাত আৰু ফুল খোৱা পোক:

-      পলু আৰু লেটাবোৰ গোটাই নষ্ট কৰি পেলাব লাগে

-      (১ লিটাৰ গৰুৰ মূত + ১০ গ্ৰাম ফিৰিঙি জলকীয়া + ৯ লিটাৰ পানী)- এই মিশ্ৰণটো স্প্ৰে কৰিব লাগে

-      জৈৱিক কীটনাশক যেনে, Beauveria bassiana 10% WP and Paecilomyces lilacinus 5% WP প্ৰয়োগ কৰিব পাৰি

-      মহানিম আৰু কাজুবাদামৰ পাতৰ ৰস ( ১ লিটাৰ পানীত ১০০ মিলিলিটাৰ) মিহলাই স্প্ৰে কৰিব পাৰি।

পাত সুৰঙ্গী পোক:

-      নিম গুটিৰ খোলাৰ শাহৰ ৰস ( ১লিটাৰ পানীত ৪০ মিলিলিটাৰ) – ৰাতিপুৱা ৮ বজাৰ আগেয়ে পাতত স্প্ৰে কৰিব লাগে



ফুট-ফুটীয়া পোক:

-      কনীৰ বাহ, প্ৰাপ্তবয়স্ক পোক আদি গোটাই নষ্ট কৰি পেলাব লাগে

-    জৈৱিক কীটনাশক যেনে, Beauveria bassiana 10% WP and Paecilomyces lilacinus 5% WP প্ৰয়োগ কৰিব পাৰি

-      মহানিম আৰু কাজুবাদামৰ পাতৰ ৰস ( ১ লিটাৰ পানীত ১০০ মিলিলিটাৰ) মিহলাই স্প্ৰে কৰিব পাৰি।

-      নিম তেল (১ লিটাৰ পানীত ২০ মিলিলিটাৰ) আৰু নহৰুৰ ৰস স্প্ৰে কৰিব লাগে

অনিষ্টকাৰী ৰোগ:

ডাউনি মিলদিউ (Doney mildew)


-   ওপৰৰ পৰা জলসিঞ্চন কৰিব নেলাগে

-   ৰাতিপুৱা বেলা দেৰিকৈহে জলসিঞ্চন কৰিব লাগে

-   বনৰীয়া বগাই যোৱা পাচলি গছবোৰ চাফা কৰিব লাগে

পাউদাৰী মিলদিউ (Powdery mildew)


-       পাতবোৰৰ মাজত বায়ু চলাচল কৰাৰ সুবিধা কৰি দিব লাগে

তিঁয়হ মজাইক ভাইৰাছ (Cucumber Mosaic Virus):



-       তিঁয়হ মজাইক ভাইৰাছৰোগ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ বাহক মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগিব

-       খেতিডৰাৰ চাৰিওকাষে ৪ শাৰী কীট প্ৰতিৰোধী শস্য যেনে, মাকৈ ৰোপন কৰিব লাগে

পাতত ফুটফুটীয়া দাগ পৰা ৰোগ (Cercospora Leaf Spot)

-      পথাৰখন পৰিষ্কাৰ হৈ থাকিব লাগে

-      মাটিত পানী জমা হৈ থাকিব নেলাগে আৰু গছবোৰৰ মাজত বতাহ চলাচল কৰা হব লাগে

গছ লেৰেলি যোৱা ৰোগ (Fusarium wilt)

-       মাটি সৌৰকৰণ: বীজ সিঁচাৰ আগতে ভেটিবোৰ পলিথিনেৰে (.৪৫ মিলিমিটাৰ ডাঠ) ৩ সপ্তাহৰ বাবে ঢাকি ৰাকিব লাগে এনে কৰিলে মাটিত থকা অনিষ্টকাৰী বীজাণুবোৰ কমি যায়

-       বীজ শোধন: প্ৰতি ১০০ গ্ৰাম বীজৰ লগত ২ গ্ৰাম ট্ৰাইকডাৰমা ভিৰিডি  সানি শোধন কৰক

-       পচন সাৰৰ লগত ট্ৰাইকডাৰমা ভিৰিডি  ( প্ৰতি বিঘাত ২.৫ কিলোগ্ৰাম) মিহলাই মাটিত প্ৰয়োগ কৰিব লাগে

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান