কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়-১৩
শস্যৰ
ৰোগ
মানুহ বা প্ৰাণীৰ নিচিনাকৈ শস্যৰো বিভিন্ন জৈৱিক আৰু অজৈৱিক কাৰকৰ ফলত ৰোগ বা বেমাৰে দেখা দিয়ে। জৈৱিক কাৰকসমূহৰ ভিতৰত বিভিন্ন অপকাৰী অণুজীৱ যেনে, শেলাই, ভেকুৰ, বেক্টেৰীয়া, ভাইৰাছ, নিমাটড (শস্যকৃমি), মাইক’প্লাজমা, পৰজীৱি উদ্ভিদ আদিৰ আক্ৰমণৰ ফলত শস্যৰ শ্ৰীবৃদ্ধি বাধাপ্ৰাপ্ত হয় আৰু ৰোগ গুৰুতৰ হ’লে উৎপাদন হ্ৰাস হয় নাইবা শস্য একেবাৰে মৰি যায়। অজৈৱিক কাৰকসমূহ হ’ল- শস্যৰ বাবে প্ৰয়োজনীয় পুষ্টিমৌলসমূহৰ অভাৱ, পোহৰ, মাটিৰ অৱস্থা, মাটিৰ সিক্ততা, বায়ুমণ্ডলত থকা ক্ষতিকাৰক পদাৰ্থ আদি।
বেক্টেৰীয়া
বেক্টেৰীয়াবোৰ হ’ল- ঘুৰনীয়া, পাকখোৱা বা ৰড আকৃতিৰ এককোষী অণুজীৱ যাৰ কোষাৱৰণ, কিছুমানত থাকে আৰু কিছুমানত নেথাকে। যদি কোষাৱৰণ থাকে, তেতিয়া ইহঁতে কলনি হিচাপে থাকে আৰু ফ্লেজলাৰ সহায়ত লৰচৰ কৰে। সাধাৰণতে মাটি পানী, জৈৱিক পদাৰ্থ, উদ্ভিদ নাইবা প্ৰানীৰ দেহত স্বজীৱি বা পৰজীৱি বা মৃতজীৱি হিচাপে বাস কৰে।
উদ্ভিদৰ অনিষ্টকাৰী বেক্টেৰীয়াৰ কিছুমান প্ৰজাতি হ’ল-
এগ্ৰবেক্টেৰিয়াম, বেছিলাছ,
ক্লষ্টিডিয়াম, কৰিনেবেক্টেৰীয়াম, আৰউইনিয়া, চিউডমানছ, ষ্টেপ’মাইছিন, ঝেন’থ’মনাছ আদি।
- ব্লাইট
বা পাতত জ্বলি বা দেই যোৱা
- পাত পচি
যোৱা
- পাতত ফুটুটীয়া
দাগ পৰা
- শিপা, ডাল আদি ওফন্দি উঠা বা টিউমাৰ
- কেঙ্কাৰ
বা ডাল-পাতবোৰ শুকাই যোৱা
উদ্ভিদৰ পৰিবাহিকা নলীৰ ভিতৰত সোমাই যোৱাৰ ফলত গছ মৰহি যোৱা
ভেঁকুৰ
ভেঁকুৰ
হ’ল পত্রহৰিৎবিহীন, কোশসকেন্দ্ৰযুক্ত, এককোষী বা বহুকোষী, ফিলোমেনযুক্ত এবিধ ক্ষুদ্ৰাকৃতিৰ
উদ্ভিদ, জাক অণিবীক্ষণ যন্ত্রৰ সহায়তহে প্ৰত্যক্ষ কৰিব পাৰি। এই ভেঁকুৰবোৰ মৃতজীৱি বা পৰজীৱি হ’ব পাৰে। ইয়াৰ বংশবৃদ্ধি
বাঢ়ক। কোষৰ বিভক্ত হৈ নাইবা ৰেণুৰ দ্বাৰা যৌণ অযৌণ
প্ৰক্ৰিয়াৰে হয়।
ভেঁকুৰজনিত ৰোগৰ লক্ষণঃ
ৰোগাক্ৰান্ত
উদ্ভিদৰ পাত,
কোমল ডাল বা ফলত বগা, কজলা মুগা বা বেঙুণীয়া ৰঙৰ বিভিন্ন আকাৰৰ বাহ্যিক বৃদ্ধিৰ লক্ষণ দেখা যায়। যেনে, জিকা, তিঁয়হৰ ডাউনিউ মিলদিউ, লাওৰ পাউদাৰী মিলডিউ ৰোগ।
ৰাষ্ট বা মামৰে ধৰাঃ
আক্ৰান্ত
উদ্ভিদৰ পাত,
ডাল আদিত ৰঙা, মুগা, হালধীয়া বা ক’লা ৰঙৰ ফোহা সদৃশ লক্ষণ দেখা যায়। ঘেহু, মাহ শস্যত হোৱা ৰাষ্ট
ৰোগ।
স্মাট বা মাহীঃ
উদ্ভিদৰ ফুল, আগলি অংশ আদিত ক’লা বা এঙাৰ বৰণীয়া পাউদাৰ সদৃশ পদাৰ্থ পোৱা যায়। যেনে, ধান, ঘেহুৰ মাহীপৰা ৰোগ।
উদ্ভিদৰ
আক্ৰান্ত পাতত ওখহা অংশ দেখা যায় আৰু ইয়াৰ ভিতৰত বগা ৰঙৰ মামৰ সদৃশ পদাৰ্থ দেখা যায়। সৰিয়হত
এনে ৰোগ দেখিবলৈ পোৱা যায়।
স্কেবঃ
আক্ৰান্ত
অংশ বা খৰ বা খহুৰ দৰে খহটা হয়।
ক’লা গাঢ় মুগা বা বেঙুণীয়া ৰঙৰ সুপ্ত অৱস্থাত থকা ভেঁকুৰৰ অংশ যিবোৰ আটিল, টান হয়।
বেঙেনাৰ
গছ মৰহি যোৱা ৰোগত এনে স্কেলৰ’চিয়া দেখা যায়।
আক্ৰান্ত গছৰ পাত, ডাল, ফল আদিত দাগ
পৰে। যেনে, পিঁয়াজৰ পাৰপল ব্লটছ
ৰোগ।
ফলধাৰকঃ
কাঠ পচাব পৰা কিছুমান ভেঁকুৰে মঙহহাল ৰেণু ধাৰণ কৰা আকৃতিৰ লক্ষণ দেখুৱাই।
ভাইৰাছ হ’ল এবিধ প্ৰটিনজাতীয় জটিল অণু বা সৰল অণুজীৱ, যিবোৰৰ বৃদ্ধি বা বংশবৃদ্ধি হয়। সাধাৰণ অণুবীক্ষণ যন্ত্রৰে ইয়াক চাব নোৱাৰি। কেৱল ইলেট্ৰনিক অণুবীক্ষণ যন্ত্রৰ সহায়তহে চাব পাৰি। এই ভাইৰাছে উদ্ভিদৰ দেহত বিভিন্ন ৰোগৰ সৃষ্টি কৰে।
ভাইৰাছজনিত
ৰোগৰ লক্ষণসমূহঃ
বাহ্যিক
লক্ষণসমূহঃ
১)
ৰঙৰ পৰবৰ্তনঃ
আক্ৰান্ত উদ্ভিদৰ পাতত পাতল সেউজীয়া বা হালধীয়া ৰঙৰ ফুটফুটীয়া দাগ পৰা (মজাইক), পাতৰ পত্রহৰিৎ নাইকীয়া
হৈ মশৃণ হালধীয়া ৰং (ক্লৰ’ছিছ),
পাতৰ কাষবোৰ দেইযোৱা (স্কৰটছিং), পাতৰ সিৰাবোৰ সেউজীয়া বা হালধীয়া হৈ স্পট হোৱা, ৰিং আকৃতিৰ
নাইবা ক’লা ৰঙৰ দাগ পৰা ইত্যাদি।
২)
উদ্ভিদ বৃদ্ধিৰ ধৰণৰ পৰিবৰ্তনঃ
পাতৰ কাষবোৰ ঘেৰ খাই যোৱা, পাত গোটা হৈ পৰা, পাতবোৰ সৰু সৰু হৈ পৰা, পাৱবোৰ ছুটি হৈ পৰা, গছ চাপৰ হৈ থকা, কোনো অংশ ওফন্দি উঠা বা সোমাই যোৱা, গছ মৰহি যোৱা আদি।
আভ্যন্তৰীণ
লক্ষণঃ
আভ্যন্তৰীণ লক্ষণসমূহৰ পৰিবৰ্তন কেৱল ইলেট্ৰনিক মাইক্ৰস্কপ যন্ত্রৰ সহায়তহে চাব পাৰি। কোষৰ ভিতৰত হোৱা এই পৰিবৰ্তনসমূহে উদ্ভিদজোপাক ৰুগীয়া কৰি তোলে।
আলু বা
বিলাহীৰ পাত ঘেৰ খাই যোৱা, আলু বা বিলাহীৰ পাতত ফুটফুটীয়া দাগ পৰা,
ভেণ্ডিৰ পাতৰ সিৰা হালধীয়া পৰা ৰোগ, পাত ছুটী ছুটী হৈ কলগছ চাপৰ হোৱা ৰোগ, মাটিমাহ বা মগুমাহৰ
পাতত হালধীয়া ৰঙৰ ফুটফুটীয়া দাগ পৰা ইত্যাদি।
মাইকপ্লাজমা
হ’ল বেক্টেৰীয়াসদৃশ কিছুমান অণুজীৱ, যিবোৰৰ কোষাৱৰণ নেথাকে। এই জাতীয়
অণুজীৱবোৰেও উদ্ভিদত বিভিন্ন ৰোগৰ সৃষ্টি কৰে।
যেনে,
বেঙেনাৰ সৰু সৰু পাত হোৱা ৰোগ, কুঁহিয়াৰৰ ঘাঁহ সদৃশ পোখা হোৱা ৰোগ আদি।
উদ্ভিদকো
কিছুমান পেলু বা
কৃমিয়ে আক্ৰমণ কৰি ৰুগীয়া কৰি তুলিব পাৰে। বিলাহী বা বেঙেনাৰ শিপাত আক্ৰমণ কৰিলে শিপাবোৰত টেমুনাৰ সৃষ্টি
আৰু গছজোপা নিশকটিয়া হয়।
পৰজীৱি বা পৰাশ্ৰয়ী উদ্ভিদ
আকাশীলতা, ৰঘূমলা জাতীয় কিছুমান উদ্ভিদে অন্য উদ্ভিদৰ ওপৰত আশ্ৰয় লৈ সিঁহতৰ বৃদ্ধি বাধাপ্ৰাপ্ত
কৰে নাইবা মাৰি পেলায়।
কীট-পতঙ্গ আৰু ৰোগ বৃদ্ধিত কি কি কাৰকে প্ৰভাৱ পেলায়ঃ
কীট-পতঙ্গ বৃদ্ধিত জীৱিত আৰু জড় দুয়ো প্ৰকাৰৰ কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। জড় কাৰকসমূহ সাধাৰণতে ভৌতিক। যেনে, উষ্ণতা, আদ্ৰতা, পোহৰ, বতাহ, কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ আদি। অন্যহাতে জীৱিত কাৰকসমূহ হ’ল-খাদ্য, প্ৰাকৃতিক শত্রু আদি।