বিষাক্ত কীটনাশক : কৃষকৰ সন্মুখত বিকল্প কি?

নয়ন কুমাৰ বৰা




সাম্প্ৰতিক শাক-পাচলিত বিষাক্ত কীটনাশকৰ অৱস্থিতিৰ বিষয়টোৱে অসমত চৰ্চা লাভ কৰিছে। ন্যায়লয়েও বিষয়টো হস্তক্ষেপ কৰিবলগীয়া হৈছে। এইটো পৰিলক্ষিত হৈছে যে, অসমত বিগত কেইবাবছৰমানৰ পৰা বিভিন্ন শস্যত, বিশেষকৈ শাক-পাচলিত কীটনাশকৰ ব্যৱহাৰ বাঢ়ি আহিছে। অনিষ্টকাৰী পোক-পৰুৱা আৰু ৰোগ দমনৰ কাৰণে শাকপাচলি যেনে, বেঙেনা, বিলাহী, ফুলকবি, বন্ধাকবি, জিকা, ভেন্দি, লেচেৰা মাহ, আলু, তিতাকেৰেলা, তিঁয়হ, লাও আদিত ব্যাপকভাবে কীটনাশক প্ৰয়োগ প্ৰত্যক্ষ কৰা হৈছে। আনকি আমাৰ প্ৰধান আহাৰ ভাতৰ চাউলখিনিও এতিয়া মাৰাত্মক কীট-নাশকৰ পৰা মুক্ত নহয়। অতি বেছি শক্তিসম্পন্ন আৰু অধিক হাৰত ব্যৱহাৰ কৰা কীটনাশকে মানৱ স্বাস্থ্য আৰু জীৱ-জন্তুৰ প্ৰতি সাংঘাটিক ভাবুকি আনিছে।

কীটনাশকৰ ব্যৱহাৰে মাৰাত্মক ক্ষতি কৰিছে চাহ বাগিচাৰ বনুৱাসকলক। চাহবাগিচাত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে বিষাক্ত কীটনাশক প্ৰয়োগ কৰাতো অপৰিহাৰ্য হৈ পৰিছে। উক্ত কীটনাশক প্ৰয়োগ কৰোতে বনুৱাসকলে যি সাধাৰণ নিৰাপদ পোচাক পৰিধান কৰিব লাগে নাইবা সাৱধানতা অৱলম্বন কৰিব লাগে সেইয়া পৰিলক্ষিত নহয়। যাৰফলত বনুৱাসকলৰ স্বাস্থ্যৰ মাৰাত্মক ক্ষতি হৈছে। বিশেষকৈ এই বনুৱাসকলে পেটৰ অসুখ, পায়খানা, মূৰ কামোৰণি আদিত খুউব সঘনে আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। তদুপৰি চাহবাগিচাত প্ৰয়োগ কৰা কীটনাশক কাষৰীয়া খেতি-পথাৰ, জল‍াশয়, নলা, পুখুৰী, বৰষুণৰ পানী আদিত মিহলি হৈ মাছ-কাছ, ভেকুঁলী, সাপ ইত্যাদিৰ প্ৰাণীৰ বিস্তৰ ক্ষতি কৰে।

কীটনাশক আইন আৰু নীতিঃ

মাৰাত্মক কীটনাশকৰ প্ৰস্তুত, বিক্ৰি আৰু ব্যৱহাৰৰ ক্ষেত্ৰত Insecticides Act, 1968 নামেৰে এখন আইন আৰু Insecticides Rules, 1971 নামেৰে কিছুমান নীতি-নিয়ম  আছে। কিন্তু পৰিতাপৰ বিষয় হ’ল উক্ত আইন আৰু নীতি-নিয়মবোৰ উপযুক্তভাবে ৰূপায়ন নোহোৱাত কীটনাশকবোৰ মুক্তভাবে বজাৰত বিক্ৰি হৈ আছে। কীটনাশক বিক্ৰিৰ বাবে চৰকাৰৰ কৃষি বিভাগৰ পৰা অনুজ্ঞাপত্ৰ লব লাগে আৰু এইক্ষেত্ৰত বিক্ৰেতাসকলৰ নিৰ্দিষ্ট অৰ্হতাও থাকিব লাগে। অনুমোদিত কীটনাশকহে বিক্ৰি কৰাৰ অনুমতি থাকে। কিন্তু বাস্তৱত দেখা যায় যে কৃষি কাৰ্যত প্ৰয়োগ সম্পৰ্কে কোনোধৰণৰ বিশেষ জ্ঞান আৰু অভিজ্ঞতা নথকাকৈও বহু বিক্ৰেতাই কীটনাশক বিক্ৰি কৰি আছে, যিটো অতি সাংঘাটিক কথা। তাতোকৈ ডাঙৰ কথা হ’ল, যিবোৰ কীটনাশক ইতিমধ্যে চৰকাৰে নিষিদ্ধ নাইবা বিক্ৰিত প্ৰতিবন্ধকতা ৰাখিছে তেনে কিছুমান কীটনাশকো বজাৰত মুক্তভাবে বিক্ৰি হৈ আছে। উদাহৰণস্বৰূপে, ফুৰাদন, এণ্ডচালফন আদি নিষিদ্ধ কীটনাশক; কিন্তু কিছুমান বিক্ৰেতাই এইবোৰ এতিয়াও বিক্ৰি কৰি আছে। এইক্ষেত্ৰত চৰকাৰ আৰু বিভাগ কঠোৰ হোৱাৰ প্ৰয়োজন আছে।

প্ৰয়োজনীয় কথা হ’ল আমাৰ সৰ্বসাধাৰণ কৃষকসকল কীটনাশক ব্যৱহাৰত যিমান আগ্ৰহী, সেইবোৰৰ নিৰাপদ ব্যৱহাৰ ক্ষেত্ৰত সিমান আগ্ৰহী নহয়। নিজৰ খেতিডৰাক অনিষ্টকাৰী পোক-পৰুৱাৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ কীটনাশক ব্যৱহাৰ কৰি কিছুদিনৰ বাবে উৎপাদন পালেও ইয়াৰ সুদুৰপ্ৰসাৰী প্ৰতিক্ৰিয়া কিন্তু মাৰাত্মক। কিয়নো, কীটনাশকবিলাক প্ৰয়োগৰ ফলত পোক-পৰুৱাবোৰৰো সহ্য শক্তি বাঢ়ি যায়। ফলত যিটো কম শক্তিসম্পন্ন কীটনাশক, কম পৰিমাণে ব্যৱহাৰ কৰি আজি ফল পোৱা গৈছে, কালিলৈ সি কাৰ্যক্ষম হৈ নেথাকিব আৰু যাৰবাবে অধিক শক্তিসম্পন্ন কীটনাশক অধিক পৰিমাণে ব্যৱহাৰ কৰাতো প্ৰয়োজন হৈ পৰে। গতিকে সময় থাকোতেই কীটনাশকৰ ভয়াবহতা সম্পৰ্কে সকলো সজাগ হ’বৰ হ’ল।



কীটনাশকৰ ব্যৱহাৰে যদিও এহাতে উৎপাদন বৃদ্ধিৰ সহায়ক হৈছে, অন্যহাতে এইবোৰ ব্যৱহাৰৰ ফলত প্ৰাকৃতিক পৰিবেশ তথা ভাৰসাম্যতা নষ্ট হোৱা, মানৱ আৰু জীৱজন্তুৰ স্বাস্থ্য হানি হোৱা আদি সমস্যাৰো উদ্ভৱ হৈছে। ভাৰতবৰ্ষৰ দৰে তৃতীয় বিশ্ব উন্নয়নশীল দেশবোৰত কৃষি উৎপাদনৰ বাবে শস্য অনিষ্টকাৰী পোক-পৰুৱা আৰু ৰোগৰ বিজাণু দমনৰ বাবে যিবোৰ কীটনাশক ক্ৰমবৰ্দ্ধিত হাৰত প্ৰয়োগ কৰা হৈছে, সময় থাকোতেই সেইবোৰৰ ভয়াবহতাৰ দিশ সম্পৰ্কে সচেতন নহলে পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে। সৌ-সিদিনা (১৯৮৪ চনৰ ২-৩ ডিচেম্বৰ) ভূপালৰ শোকাবহ বিষাক্ত গেছ নিৰ্গমনৰ দুৰ্ঘটনাৰ কথা আমি পাহৰি গৈছোনেকি? ভূপালস্থিত ‘ইউনিয়ন কাৰ্বাইদ ইণ্ডিয়া লিমিটেদ’ৰ কীটনাশক প্ৰস্তুত কৰা কাৰাখানৰ পৰা নিৰ্গত হোৱা বিষাক্ত ‘মিথাইল আইচ’চায়েনেট’ গেছে নিশাটোৰ ভিতৰতে হেজাৰ হেজাৰজনৰ প্ৰাণ কাঢ়ি নিয়া (চৰকাৰী হিচাপমতে প্ৰায় ২,২৫৯ জন), লাখ লাখ মানুহ চিৰদিনৰ বাবে পংগু হৈ যোৱা (৫ লাখৰো অধিক), কেইবাটাও প্ৰজন্মৰ বাবে আক্ৰান্তকাৰীসকলৰ সতি-সন্তান ক্ষতি হোৱা খবৰবোৰ আমি আওকান কৰিছোনেকি?

 

কৃষকৰ সন্মুখত বিকল্প কি?

প্ৰকৃতিৰ অন্যান্য জীৱৰ দৰে উদ্ভিদো বিভিন্ন কাৰকৰ বাবে ৰোগাক্ৰান্ত হয়অকালতে মৰি যায় নাইবা ইয়াৰ উৎপাদন ক্ষমতা কমি যায় যাৰ ফলত কৃষকৰ অৰ্থনৈতিক অৱস্থা ভাগি পৰে আৰু ইয়েই দেশৰ অৰ্থনৈতিক অৱস্থাতো প্ৰভাৱ পেলায় কেতিয়াবা শস্যৰ বেমাৰ নাইবা অন্য পোকৰ আক্ৰমণৰ বাবে একোটা বৃহৎ এলেকাৰ শস্যৰ ক্ষতি কৰে আৰু সমাজত দুৰ্ভিক্ষ আৰু অভাৱ অনাটনে দেখা দিয়ে সৌ সিদিনা ব্লাইট বেমাৰত আলু খেতি সমুলঞ্চে ধ্বংস হোৱাৰ ফলত আয়াৰলেণ্ডত হোৱা দুৰ্ভিক্ষব্লাষ্ট ৰোগত ধানৰ ব্যাপক ক্ষতি হোৱাৰ ফলত বঙ্গ দেশত হোৱা দুৰ্ভিক্ষই শস্যৰক্ষাৰ গুৰত্ব বঢ়াই তুলিলে এহাতে জনসংখ্যাৰ বোজাআনহাতে সীমিত মাটিয়ে শস্য উৎপাদন বৃদ্ধি কৰাটো অপৰিহাৰ্য কৰি তুলিলে

শস্যত কীট-পতঙ্গ দেখিলেই যে ইয়াক নিধন কৰিব লাগিব এনে ধাৰণা কেতিয়াও হব নেলাগে কিয়নো সকলো কীট-পতঙ্গই আৰু ৰোগেই অনিষ্টকাৰী নহয় তদুপৰি ই শস্যৰ কিমান পৰিমাণে ক্ষতি কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিহে নিয়ন্ত্রণৰ ব্যৱস্থা লব লাগে খাদ্য শস্যৰ অপৰিহাৰ্য উৎপাদন বৃদ্ধিৰ কথাটোলৈ লক্ষ্য ৰাখি অনিষ্টকাৰী কীট-পতঙ্গ বা ৰোগ নিয়ন্ত্রণ কৰাটো প্ৰয়োজনীয় হৈ পৰে কিন্তু পাৰিপাৰ্শ্বিক অৱস্থা আৰু প্ৰাকৃতিক ভাৰাসাম্যতাৰ প্ৰতি গুৰত্ব নিদিয়াকৈ কীট-পতঙ্গ বা ৰোগ নিয়ন্ত্রণ কৰিলে পৰিস্থিতি ভয়াৱহ হয়প্ৰাকৃতিক জীৱ-জন্তু জীয়াই থকাটোও কঠিন হৈ পৰে

দৰকাৰী কথা হল যেনিশ্চিত উৎপাদনৰ বাবে শস্যডৰাক ৰোগ-ব্যাধিঅনিষ্টকাৰী কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবই লাগিব লহপহকৈ বাঢ়ি অহা খেতিডৰা যেতিয়া চকুৰ সন্মুখতে ধ্বংস হবলৈ ধৰে তেতিয়া কৃষক এজনৰ মনত সাংঘাতিক দুখ হয় ফলত বহু কৃষকে উপায়হীন হৈ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিবলগীয়া হয় তেন্তে কৃষকৰ সন্মূখত কি পথ আছেযাৰ দ্বাৰা এই সমস্যাটো এৰাই চলিব পাৰি কৃষিবিজ্ঞানীসকলে ইতিমধ্যে বিভিন্ন উপায়ৰ বিষয়ে কৃষকসকলক অৱগত কৰিছে সেইবোৰ সু-সংহত উপায়েৰে শস্যৰক্ষা ব্যৱস্থাপনা জৈবিক পদ্ধতি, প্ৰাকৃতিক কৃষি ইত্যাদি। কিন্তু প্ৰয়োজনীয় বিষয় হ’ল, এই পদ্ধতিবোৰৰ বিষয়ে এতিয়াও কৃষকসকলক সচেতন কৰিব পৰা হোৱা নাই। ফলপ্ৰসূভাবে এই পদ্ধতিবোৰ কৃষকৰ পথাৰত প্ৰয়োগ হোৱা নাই। তদুপৰি চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ এইক্ষেত্ৰত সু-স্পষ্ট নীতি নোহোৱাত কৃষকসকলেও বিমোৰত পৰিছে।

-------------------------------------------------------------------------

অসমীয়া প্ৰতিদিন, ১৭ আগষ্ট, ২০২৩ সংখ্যাত প্ৰকাশিত

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান