কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ২৭
প্ৰাকৃতিক
কৃষি (Natural
Farming)
আপুনি বাৰু কেতিয়াবা
মানুহে আমনি নকৰা এখন হাবি বা জংঘলৰ এটা কথা মন কৰিছেনে? তাত বিভিন্ন তৰহৰ গছ-গছনি,
তৰু-তৃণ, লতা-বন সদায় লহ্পহকৈ বাঢ়ি থাকে, তাত থকা মানুহে আৰু চৰাই-চিৰকতিয়ে খাব পৰা
ফল-মূলৰ গছবোৰ মানুহে কোনো ধৰণৰ পৰিচৰ্যা নকৰাকৈয়ে লোমা-লোমে লাগি থাকে। শাক-পাচলি
তথা অন্যান্য শস্যবোৰো সতেজ হৈ মোক খা মোক খা কৰি থাকে। কেতিয়াবা বাৰু ভাবি চাইছেনে
কিয় বাৰু এনে হয়? এই গছ-গছনিবোৰক কোনে ৰক্ষনা-বেক্ষন দিয়ে? কোনে পুষ্টি যোগান ধৰে?
কোনে এইবিলাকক কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে আৰু কোনে এইবোৰক পানী যোগান ধৰে? বিপৰীতে,
মানুহে মাটি চহাই, নিজে কষ্ট কৰি ৰোপন কৰা খেতি এডৰা কিন্তু বহু যত্ন কৰিলেও সিমান
ভাল নহয়। পোক-পৰুৱা, বেমাৰ-আজাৰেও কম খন আমনি নকৰে! খৰচ কৰিও কেতিয়াবা ঈপ্সিত উৎপাদন
লাভ কৰিব নোৱাৰি কৃষক এজনে হতাশাত ভুগিবলগীয়া হয়। উন্নত কৃষি পদ্ধতিৰ নামত বিভিন্ন
ধৰণৰ ৰাসায়নিক দ্ৰব্য আৰু কীট-নাশক প্ৰয়োগ কৰি খৰচৰ মাত্ৰা অধিক হয়, কিন্তু সেই অনুপাতে
আয় নহয়। যাৰফলত, কৃষক এজনৰ জীৱনধাৰণৰ মানদণ্ড উন্নত হোৱাতকৈ অধুন্নতহে হয়। তেন্তে,
কৃষক এজনৰ সন্মুখত বিকল্প পথ কি?
সন্মুখত এটিয়েই পথ আছে- সেইটো হ’ল, প্ৰাকৃতিক কৃষি (Natural Farming)
কি এই প্ৰাকৃতিক কৃষি
পদ্ধতি?
প্ৰাকৃতিক কৃষি হ’ল এনে এক কৃষি পদ্ধতি, য’ত কোনোধৰণৰ কৃত্ৰিম ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা নহয় আৰু কৃষি-পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা কৃষি প্ৰণালীবোৰৰ ওপৰত নিৰ্ভৰ কৰা হয়। এই পদ্ধতিত শস্য, উদ্ভিদ আৰু প্ৰানীৰ সমন্বয় সাধন কৰি এক বৈচিত্ৰপূৰ্ণ কৃষি প্ৰণালী গঢ়ি তোলা হয়। এই পদ্ধতিৰ জৰিয়তে মাটিৰ স্বকীয় গুণাগুণ আৰু স্বাস্থ্য দীৰ্ঘ সময়ৰ বাবে অটুট ৰখা হয় আৰু জীৱ-বিচিত্ৰতা ৰখা কৰা হয়। প্ৰাকৃতিক কৃষি হ’ল, প্ৰকৃতিৰ লগত সমন্বয় ৰক্ষা কৰি প্ৰাকৃতিক পদ্ধতিত কৰা এটি কৃষি কাৰ্য।
জাপানৰ এজন দাৰ্শনিক তথা কৃষক
মাছানোবু ফুকৌকা (১৯১৩-২০০৮) হ’ল প্ৰাকৃতিক কৃষি পদ্ধতিৰ উদ্ভাৱক। প্ৰাকৃতিক কৃষিৰ সৃষ্টিকৰ্তা তথা এই
পদ্ধতিত নিজে কৃষি কাৰ্য কৰি কৃষি জগতত মহা মূল্যৱান বৰঙণি আগবঢ়ালে। এই
প্ৰাকৃতিক কৃষিৰ বিষয়ে তেওঁৰ গ্ৰন্থ One Straw Revolution ত সৱিশেষ বৰ্ণনা কৰিছে। তেওঁৰ মতে “Natural
Farming is an ecological approach” I প্ৰাকৃতিক কৃষি দৰ্শনৰ মূল
উদ্দেশ্য হল প্ৰকৃতিৰ সৈতে কৃষিকাৰ্য কৰি স্বাস্থ্যকৰ খাদ্য উৎপাদন কৰা, আমি নিজকে
সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখি মাটিৰ পৰিবেশকো স্বাস্থ্যকৰ কৰি ৰখা।
ভাৰতবৰ্ষৰ প্ৰাকৃতিক কৃষিৰ জনক পদ্মশ্ৰী সুভাষ পালেকৰৰ মতেঃ “Zero budget natural farming is a comprehensive, natural and spiritual farming system” । ধনহীন প্ৰাকৃতিক কৃষি এবিধ বিস্তৃত, প্ৰাকৃতিক, আৰু আধ্যাত্মিক কৃষি পদ্ধতি। তেখেতৰ মতে, প্ৰাকৃতিক কৃষি হ’ল বিনাখৰচী, ই অদ্বিতীয় কৃষি পদ্ধতি আৰু এই পদ্ধতিৰ কৃষিকাৰ্যত প্ৰয়োজনীয় সামগ্ৰীসমূহ কিনিবলৈ ধনৰ প্ৰয়োজন নহয়। কেবল গ্ৰাম্য কৃষি সমাজৰ এটি অন্তৰঙ্গ সম্পদ ‘দেশী গোপালন’ কৰাতো অতি দৰকাৰী বিষয়।
প্ৰাকৃতিক কৃষিৰ মূল বৈশিষ্ট সমূহ হ’ল-
১। প্ৰাকৃতিক কৃষি হ’ল পৰিবেশ বন্ধু সূলভ আৰু চিৰকালৰ বাবে এক উৎপাদনকাৰী
পদ্ধতি।
২। প্ৰাকৃতিক কৃষি জীৱৰ জীৱন যাত্ৰাৰ আৰু আয়ুৰ এক
উত্তম উপায় ।
৩। প্ৰাকৃতিক কৃষি পদ্ধতিত
উন্নত মানদণ্ড তথা গুণসম্পন্ন ফচল উৎপাদন কৰিবলৈ সক্ষম হয়।
৪। প্ৰাকৃতিক কৃষি পদ্ধতিত শস্যৰক্ষাৰ বাবে ব্যৱহৃত সমগ্ৰীসমূহ কৃষকে নিজেই প্ৰস্তুত কৰে ।
বিনাখৰচী প্ৰাকৃতিক কৃষিৰ লক্ষ্যনীয় বৈশিষ্ট সমূহ :
১। কৃষিজাত প্ৰয়োজনীয়
সামগ্ৰীসমূহ কিনিবলৈ ধনৰ প্ৰয়োজন নহয়।
২। ৰাসায়নিক দ্ৰব্য আৰু
সাৰৰ কোনোধৰণৰ প্ৰয়োজন নহয় ।
৩। যিহেতু শস্যৰ অন্তৱৰ্ত্তীকালীন পৰিচৰ্চা খুব কম পৰিমাণৰ প্ৰয়োজন হয়, গতিকে
হাজিৰা হিচাবত কৃষি বনুৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ্শীলতা কমাই দিয়ে ।
৪। বিনাখৰচী প্ৰাকৃতিক কৃষি পদ্ধতিয়ে কৃষকক স্বনিৰ্ভৰশীলতা আনি দিয়ে, ফলত ঋণদাতাৰ কবলৰ পৰা লগতে বজাৰৰ অধিক মূল্যত কৃষি সামগ্ৰী কিনাৰ পৰা মুক্তি লাভ কৰে ।
প্ৰাকৃতিক কৃষিৰ মূল তত্ব ৫ (পাচ) বিধ :
১। কৃষি সামগ্ৰীসমূহ
স্বাস্থ্যৰ কাৰণে নিৰাপদ আৰু পুষ্টিকৰ হোৱাৰ উপযোগী কৈ উৎপাদন
কৰিব লাগিব ।
২।
উৎপাদক আৰু উপভুক্তাৰ
মাজত অৰ্থনৈতিক আৰু ভৌতিক (আধ্যাত্মিক) দিশৰ পৰা উভয়ে লাভজনক হব লাগিব।
৩। অধিক কাললৈ আৰু সহজ
পদ্ধতিত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
৪। পৰিবেশ ৰক্ষা কৰি
কৃষি কাৰ্য কৰিব লাগিব ।
৫। জনসংখ্যা বৃদ্ধিৰ অনুপাতে উচ্চ গুণবিশিষ্ট পৰ্যাপ্ত পৰিমাণৰ কৃষিজাত খাদ্য উৎপাদন কৰিব লাগিব ।
প্ৰাকৃতিক কৃষি পদ্ধতিৰ কিছুমান উপায়
তৰল বা জলীয় জৈৱ সাৰ :
জৈৱ বস্তুৰ (যেনে, শস্যৰ অৱশিষ্ট অংশ,
প্ৰানীৰ গোৱৰ, মূত্ৰ, আৰু
অন্যান্য গছ গছনি) পচন ক্ৰিয়াৰ ফলত উৎপাদিত সাৰসমূহকে তৰল
বা জলীয় জৈৱ সাৰ
বুলি কোৱা হয়। এই তৰল বা জলীয় জৈৱ সাৰবোৰে গছৰ
প্ৰয়োজনীয় পুষ্টিমৌলৰ যোগান ধৰে আৰু শস্যৰ ৰোগ-কীটৰ নিয়ন্ত্ৰণ কৰে । অৰ্থাৎ শস্য
বা গছক সাৰ যোগান ধৰাৰ ওপৰিও ৰোগ-কীটৰ দমন কৰি শস্য ৰক্ষা
কৰে ।
শস্য বা গছক সাৰ যোগান তথা শস্য
ৰক্ষাৰ ক্ষেত্ৰত ব্যৱহৃত তৰল বা জলীয় জৈৱ-সাৰসমূহ হ’ল: পঞ্চগভ্য,
জীৱামৃত, শস্যগভ্য, সঞ্জীৱক, বীজামৃত, অমৃতপানী, কেঁচুসাৰ, ব্ৰক্ষ্মাস্ত্ৰ, অগ্নি-অস্ত্ৰ, নিমাস্ত্ৰ আদি।
এইবোৰৰ ভিতৰত পঞ্চগভ্য, জীৱামৃত, বীজামৃত,
অগ্নিঅস্ত্ৰ প্ৰস্তুতকৰণ আৰু ব্যৱহাৰৰ বিষয়ে বৰ্ণনা কৰা হল।
পঞ্চগভ্য
পঞ্চগভ্যৰ প্ৰস্তুতকৰণ : পঞ্চগভ্য প্ৰস্তুত কৰণৰ কাৰণে
প্ৰয়োজনীয় উপাদান সমূহ হ’ল-
১) গৰুৰ গোৱৰ-৭ কিলোগ্ৰাম, ২) গৰুৰ ঘি- ১
কিলোগ্ৰাম, ৩) গোমূত্ৰ- ১০ লিটাৰ,
৪) পানী - ১০ লিটাৰ, ৫) গৰুৰ গাখীৰ- ৩ লিটাৰ, ৬) গৰুৰ দৈ- ২ লিটাৰ, ৭) গুৰ- ৩ কিলোগ্ৰাম, ৮) কল-
১২ টা ।
গৰুৰ গোৱৰ ৭ কিলোগ্ৰাম আৰু গৰুৰ ঘি ১ কিলোগ্ৰাম একেলগে মিহলাই ৩দিন ৰাখিব লাগে। ৩ দিনৰ পিচত গোমূত্ৰ ১০ লিটাৰ আৰু পানী ১০ লিটাৰ মিহলাই ১৫ দিন ৰাখিব লাগিব আৰু প্ৰতিদিনেই ৰাতিপুৱা আৰু গধুলি মিশ্ৰণখিনি ঘুটি দিব লাগিব। ১৫ দিনৰ পিচত গৰুৰ গাখীৰ, গৰুৰ দৈ, গুৰ আৰু কল মিহলাই দিব লাগিব। ড্ৰামৰ মূখখন বন্ধ কৰি ৰাখিব লাগিব আৰু দিনে দুবাৰ ঘুটি দিব লাগিব। এইদৰেই ৩০ দিনৰ মূৰত পঞ্চগভ্য ব্যৱহাৰৰ উপযোগী হৈ পৰিব।
পঞ্চগভ্যৰ ব্যৱহাৰ :
স্প্ৰে হিচাবে :
৩ শতাংশ (১ লিটাৰ পানীত ৩০ মিলিলিটাৰ) পঞ্চগভ্যৰ স্প্ৰে খুব ফলপ্ৰসূ ।
জলসিঞ্চনৰ পানীৰ লগত: প্ৰতি হেক্টৰত ৫০ লিটাৰ পঞ্চগভ্যৰ মিশ্ৰণ জলসিঞ্চনৰ পানীৰ লগত মিহলাই ‘টোপাল ইৰিগেছন’ অথবা ‘বোৱতী-জলসিঞ্চন’ পদ্ধতিত প্ৰয়োগ কৰিব পাৰি
বীজ শোধন বা কঠীয়া শোধনত ব্যৱহাৰ : ৩ শতাংশ পঞ্চগভ্যৰ মিশ্ৰণত ২০ মিনিট সময় বীজ শোধন কৰি বীজ
সিঁচিব পাৰি বা কঠীয়া ৰোৱাৰ আগতে কঠীয়াৰ শিপা শোধন কৰি কঠীয়া ৰুব পাৰি ।
বীজ সংৰক্ষণ: ৩ শতাংশ পঞ্চগভ্যৰ মিশ্ৰণত বীজ দুবাই ৰাখি কোমল ৰ’দত শুকুৱাই ভঁৰালত সংৰক্ষণ কৰি ৰাখিব পাৰি।
জীৱামৃত:
জীৱামৃত প্ৰয়োগৰ দ্বাৰা শস্যত
অত্যাৱশ্যকীয় পোষকমৌলৰ যোগান ধৰাৰ উপৰিও শস্যৰক্ষাত উপকাৰী উপকাৰী বেক্টেৰীয়াৰ বংশ বিস্তাৰ কৰে।
জীৱামৃত প্ৰস্তুত কৰণ : জীৱামৃত প্ৰস্তুতকৰণৰ কাৰণে প্ৰয়োজনীয় উপাদান
সমূহ হল : (১ একৰ অৰ্থাৎ প্ৰায় ৩ বিঘা কৃষি ভূমিৰ কাৰণে)-
(১) গৰুৰ গোৱৰ – ১০ কিলোগ্ৰাম, ২) গোমূত্ৰ -১০ লিটাৰ,
৩) গুড় - ২ কিলোগ্ৰাম, ৪)
দাইলৰ গুৰি আটা (বেছন)- ২ কিলোগ্ৰাম, ৫)
মাটি - ১ কিলোগ্ৰাম, আৰু ৬) পানী- ২০০ লিটাৰ।
জীৱামৃত প্ৰস্তুতকৰণৰ কাৰণে উল্লিখিত প্ৰয়োজনীয় উপাদানসমূহ এটা পাত্ৰত ভালকৈ মিহলাই লব লাগে। তাৰ পিচত ৬-৮ দিন ৰাতি পুৱা আৰু গধুলি দিনে দুবাৰকৈ ঘুটি দি মিশ্ৰণখিনিৰ বিক্ৰিয়া ঘটি পচিবলৈ ৰাখিব লাগে। মাটি প্ৰস্তুত কৰাৰ সময়ত তিতা মাটিত প্ৰয়োগ কৰিব। খেতি মাটিত হেক্টৰে প্ৰতি ৫০০ লিটাৰ প্ৰয়োগ কৰিব লাগে । জলসিঞ্চিনৰ পানীৰ সৈতে জীৱামৃত মিহলাই খেতিত প্ৰয়োগ কৰিব পাৰি ।
বীজামৃত
বীজামৃত প্ৰস্তুতকৰণ :
বীজামৃত প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হল :
(১০০ কিলোগ্ৰাম বীজ শোধন কৰিবলৈ) –
(১) গৰুৰ গোৱৰ-৫ কেজি, ২) চূণ-৫০ গ্ৰাম, ৩) গোমূত্ৰ- ৫ লিটাৰ,
৬) সজীৱ মাটি-৫০ গ্ৰাম, আৰু
৭) পানী- ২০ লিটাৰ।
প্ৰথমতে কপাহী কাপোৰত ৫ কেজি গৰুৰ গোৱৰ পাত্ৰ এটাত পানী
লৈ ডুবাই ৰাখিব লাগে। তাৰ পিচত ১ লিটাৰ পানীত ৫০ গ্ৰাম চূণ মিহলাই এৰাতি ৰাখিব
লাগে। তেনেকৈ ৰখাৰ পিচত গৰুৰ গোৱৰৰ গোটা অংশখিনি ভালকৈ জোকাৰি আঁতৰাব লাগে। এতিয়া ৫ লিটাৰ গোমূত্ৰ, ১ লিটাৰ চূণৰ পানী, ৫০ গ্ৰাম সজীৱ মাটি আৰু ২০ লিটাৰ
পানী গোৱৰ আঁতৰোৱা পানীত মিহলাই ১২-১৬ ঘন্টা ৰাখিব লাগে।
এনেকৈ প্ৰস্তুত কৰা মিশ্ৰণখিনি ভালকৈ ছেকিলৈ বীজ শোধন তথা কঠীয়া ৰোৱাৰ আগতে কঠীয়াৰ শিপা শোধনৰ বাবে প্ৰয়োগ কৰা হয়।
অগ্নিঅস্ত্ৰ শস্যক্ষেত্ৰত বিভিন্ন
ধৰণৰ কীট-পোক নিয়ন্ত্ৰণ কৰিবৈ ব্যৱহাৰ কৰা হয়।
অগ্নি অস্ত্ৰ প্ৰস্তুতকৰণ : অগ্নি অস্ত্ৰ প্ৰস্তুত কৰিবলৈ
প্ৰয়োজনীয় সামগ্ৰী সমূহ -
১) পানী-১০০ লিটাৰ, ২) গোমূত্ৰ-১০
লিটাৰ, ৩) বাম কলমৌৰ কোমল ডাল-পাত- ১
কেজি, ৪) কেঁচা জলকীয়া – ৫০০ গ্ৰাম, আৰু
৫) থলুৱা জাতৰ নহৰু – ৫০০ গ্ৰাম ।
প্ৰথমতে ১০০ লিটাৰ পানীত ১০ লিটাৰ গোমূত্ৰ ভালকৈ মিহলাই লব লাগে। তাৰ পিচত গোমূত্ৰ-পানীৰ মিশ্ৰণত ১ কেজি বাম কলমৌৰ কোমল ডাল-পাত, ৫০০ গ্ৰাম কেঁচা জলকীয়া, ৫০০ গ্ৰাম থলুৱা জাতৰ নহৰু দিব লাগে । তাৰ পিচত মিশ্ৰণখিনি ক্ৰমান্বয়ে পাঁচবাৰ উতলাব লাগে। এইদৰে উতলোৱাৰ পিচত কাপোৰ এখনেৰে ভালদৰে ছেকি লৈ ২৪ ঘন্টা ‘ফাৰমেন্টেছন’ৰ কাৰণে ৰাখি দিব লাগে । এইদৰে প্ৰস্তুত কৰা মিশ্ৰণখিনিৰ নামেই হল অগ্নি-অস্ত্ৰ । ওপৰত উল্লেখ কৰা মতে ২৪ ঘন্টা ফাৰমেন্টেছনৰ পিচত পাত মেৰোৱা পোক, মজা খোৱা পোক, ফল ছিদ্ৰকাৰী পোক, ছেঁই ছিদ্ৰকাৰী পোক ইত্যাদি পোক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োগ কৰিব পাৰি। ৩ শতাংশ অগ্নি-অস্ত্ৰ অৰ্থাৎ ৬-৮ লিটাৰ অগ্নি-অস্ত্ৰ ২০০ লিটাৰ পানীত মিহলাই ১ একৰ কৃষি ভূমিত প্ৰয়োগ কৰিব পাৰি।
জৈৱিক ভেটিৰ কৃষি (Bio-Intensive Raised
Bed Farming):
প্ৰাকৃতিক কৃষিৰ মূল কথা হ’ল মাটি উৎকষ্ট গুণাগুণ ৰক্ষা কৰা।
আমি চিন্তা কৰিব লাগিব ভৱিষ্যত প্ৰজন্মৰ বাবে মাটিখিনি কেনেকৈ ভালকৈ আৰু সাৰুৱা
কৰি ৰাখিব পাৰি। ইয়াৰবাবেই “জৈৱিক ভেটিৰ কৃষি”ত মাটি চহাই খেতি নকৰি মাটিৰ ওপৰতে
খেতি কৰিব পাৰি। ইয়াৰবাবে ৩ ফুট বহল আৰু ১০ ফুট দীঘল (প্ৰয়োজন অনুসৰি বঢ়াই লব
পাৰি) ঠাই নিৰ্বাচন কৰিব লাগে। এতিয়া নিৰ্বাচন কৰি লোৱা মাটিখিনিত পঠালিকৈ ২ ফুট
অন্তৰে অন্তৰে ভাগ কৰি লব লাগে। প্ৰথম ভাগটোৰ ওপৰৰ পৰা ১ ফুট মাটি খান্দি কাষতে
আঁতৰাই ৰাখিব লাগে আৰু খান্দি লোৱা ঠাইডোখৰ অলপ খুচৰি-মেলি ঢিলা কৰি দিব লাগে ।
এতিয়া দ্বিতীয় ভাগটোৰো ১ ফুট মাটি খান্দি প্ৰথম ভাগটোৰ দ’ হোৱা ঠাইখিনিত পূৰাব
লাগে, তৃতীয় ভাগটো খান্দি দ্বিতীয় ভাগটো পূৰাব লাগে, চতুৰ্থ ভাগটো খান্দি তৃতীয়
ভাগটো আৰু পঞ্চম ভাগটো খান্দি চতুৰ্থ ভাগটো পূৰাব লাগে। শেষত প্ৰথম ভাগটো খান্দি
লোৱা মাটিখিনিৰে পঞ্চম ভাগটোৰ গাঁতটো পূৰ কৰিব লাগে। এনে কৰিলে ওপৰভাগৰ মাটি
ইফাল-সিফাল হৈ অনুজীৱ বৃদ্ধিত সহায় কৰে। এতিয়া এনেকৈ প্ৰস্তুত কৰা মাটিখিনিৰ
চাৰিওফালে ৬ ইঞ্চি ওখকৈ বাঁহৰ ঘেৰা দিয়া হয়। তাৰপিছত, সেউজীয়া ঘাঁহ-বন, মেটেকা,
পচনসাৰ আদি ভেটিৰ কাষতে জমা কৰি ৰাখিব লাগে। এতিয়া ভেটিটোত ৪ ইঞ্চিমান ডাঠকৈ শুকান
পাত ভৰাব লাগে আৰু তাৰ ওপৰত কাষত জমা কৰি ৰখা পচনসাৰ, ঘাঁহ-বন আদি ভৰাব লাগে।
এনেকৈ
তৈয়াৰ কৰা জৈৱিক ভেটিত আমি শাক-পাচলি যেনে, ভোট-জলকীয়া, বিন, লাই, বেঙেনা আদি ঘনকৈ
ৰোপন কৰিব পাৰো।
(প্ৰবন্ধটি
লিখোতে ইন্টাৰনেটৰ বিভিন্ন উৎস আৰু অসমত প্ৰাকৃতিক প্ৰাকৃতিক কৃষিৰ অন্যতম
বাটকটীয়া ফাৰ্মাৰ সমীৰ বৰদলৈৰ সমল লোৱা হৈছে আৰু ইয়াৰবাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো-
লিখক)