কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়-৩

মাটিৰ বিষয়ে কিছু কথা 

         মাটিয়েই উদ্ভিদৰ মূল আধাৰ। এই মাটি মূলত: চাৰিটা উপাদানেৰে গঠিত।

         ১। মণিক (৪৫%)

         ২। জৈৱিক পদাৰ্থ (৫ %)

         ৩। সঞ্চিত পানী (২৫%)

         ৪। বায়ু (২৫%)

         ইয়াৰোপৰি মাটিত এন্দুৰ, নিগনি, পোক-পৰুৱা,কৃমি আৰু অণুজীৱ, বেক্টেৰীয়া, ভেঁকুৰ, শেলাই আদিৰে ভৰি থাকে।

১। মণিক:

         পৃথিৱীৰ খোলাটো প্ৰকৃততে বিভিন্ন শিলাখণ্ডৰে গঠিত। সেইবোৰ হ’ল-গ্ৰেনাইট, বালি, চূণ, শ্লেট, বালিচন্দা, বোকা আদি। প্ৰতিবিধ শিল আকৌ বিভিন্ন মণিকৰে গঠিত। সাধাৰণতে মণিকত এবিধ ধাতু থাকে আৰু তাৰ লগত বালি, বোকা আদি মিহলি থাকে। গ্ৰেনাইট শিলৰ ফেলস্পাৰ, অভ্ৰ আৰু কোৱাৰ্টজ মিহলি হৈ থাকে।

২। জৈৱিক পদাৰ্থ:

         উদ্ভিদ নাইবা প্ৰাণীৰ অৱশিষ্ট অংশ অণুজীৱৰ দ্বাৰা গেলি-পচি সম্পূৰ্ণৰূপে মাটিত মিহলি হৈ যায় আৰু এই জৈৱিক পদাৰ্থৰ সৃষ্টি হয়। এই জৈৱিক পদাৰ্থই মাটিৰ সংগঠন ভালে ৰখাৰ উপৰিও উদ্ভিদৰ বাবে প্ৰয়োজনীয় বহুবোৰ পুষ্টিমৌলৰ যোগান ধৰে। লগতে মাটিত পানী ধৰি ৰখাত সহায় কৰে।

৩। সঞ্চিত পানী:

মাটিত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰবোৰত পানী জমা হৈ থাকে। এই পানীত খনিজ লৱণ মিহলি হৈ উদ্ভিদে গ্ৰহণ কৰিব পৰা অৱস্থা কৰি দিয়ে।

৪। বায়ু:

         মাটিত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰবোৰত পানীৰ লগতে বায়ুও মিহলি হৈ থাকে। এই বায়ুত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড আৰু জলীয় বাষ্প মিহলি হৈ থাকে, যিবোৰ উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।

মাটিৰ ভৌতিক গুণাগুণ

         মাটিৰ ভৌতিক গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদৰ বৃদ্ধি বিকাশ হয়। দৰকাৰী ভৌতিক গুণাগুণবোৰ হ’ল-

         ১। মাটিৰ অণুৰ আকাৰ 

২। মাটিৰ গঠন

৩। ঘনত্ব

৪। ছিদ্ৰতা

৫। মাটিৰ আঠাযুক্ত গুণ

৬। মাটিৰ ৰং

৭। মাটিৰ উঞ্চতা

১।  মাটিৰ অণুৰ আকাৰ:

         মাটিৰ অণুৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি বালি, বোকা, আলতীয়া আদি বিভিন্ন প্ৰকাৰৰ মাটিৰ সৃষ্টি হৈছে। আন্ত:ৰাষ্ট্ৰীয় পদ্ধতি মতে নিম্নলিখিত ধৰণে নামাকৰণ কৰা হয়।

১। মোটা বালি        :        ০.২ মিলিমিটাৰৰ পৰা ২.০ মিলিমিটাৰ

২। মিহি বালি         :        ০.০২মিলিমিটাৰৰ পৰা ০.২ মিলিমিটাৰ

৩। বোকা               :        ০.০০২মিলিমিটাৰৰ পৰা ০.২ মিলিমিটাৰ

৪। আলতীয়া          :        ০.০০২মিলিমিটাৰতকৈ ডাঙৰ

         মাটিৰ অণুৰ আকাৰে মাটিৰ সাৰুৱা গুণৰ ওপৰত প্ৰভাব পেলায়। বালি মাটিবোৰ সাধাৰণতে ঢিলা আৰু হালবোৱাৰ বাবে সহজ। এই মাটিৰ বায়ু চলাচল আৰু পানী ওলাই যোৱাৰ সুবিধা থাকে। পানী ধৰি ৰখা ক্ষমতা কম বাবে খৰাং বতৰত এনে মাটি খেতিৰ বাবে উপযুক্ত নহয়।

         আলতীয়া আৰু বোকা মাটি খুউব বেছি আঠাযুক্ত আৰু যেতিয়া শুকাই যায় তেতিয়া খুউব টান হয়। এনে মাটিৰ পৰা পানী ওলাই যোৱাৰ অসুবিধা হয়। মাটিত পানী ধৰি ৰখা ক্ষমতা বেছি বাবে ধান, মৰাপাট আদি খেতিৰ বাবে উপযুক্ত।

         বোকা মাটি যিহেতু বালিয়াও নহয় আৰু আলতীয়া নহয়, সেয়ে এই মাটি প্ৰায়বোৰ খেতিৰ বাবে উপযুক্ত।

২। মাটিৰ গঠন:

         মাটিৰ কণিকাবোৰৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰিও মাটিৰ গুনাগুণ বেলেগ বেলেগ হয়। এই কণিকাবোৰ ঘূৰণীয়া, চাৰিচুকীয়া নাইবা বেকা-বেকি ইত্যাদি বিভিন্ন আকাৰত হ’ব পাৰে। মাটিৰ গঠনে ইয়াৰ পানী আৰু বায়ু ধৰি ৰখাৰ ক্ষমতা নিৰ্ণয় কৰে। ই মাটিৰ খহনীয়া, পানী নিৰ্গমন আদিৰ ওপৰতো প্ৰভাব পেলায়।

৩। ঘনত্ব:

         প্ৰতি একক আয়তনৰ মাটিৰ ওজনেই হ’ল মাটিৰ ঘনত্ব। সাধাৰণতে মাটিৰ ঘনত্ব হ’ল-২.৬৫ গ্ৰাম প্ৰতি ঘন চেন্টিমিটাৰ। যদি মাটিত মণিক যেনে, মেগনেটাইট, লিম’নাইট আদি থাকে তেতিয়া তাৰ ঘনত্ব কমি যায়।

৪। ছিদ্ৰতা:

         মাটিত থকা ছিদ্ৰবোৰত বায়ু আৰু পানী সোমাই থাকে। এই ছিদ্ৰবোৰতে উদ্ভিদৰ শিপা থাকে।

৫। মাটিৰ আঠাযুক্ত গুণ:

         মাটিৰ আঠাযুক্ত গুণৰ বাবে ইয়াৰ বিভিন্নতা হয়। যেনে- কোমল, কঠিন, অতি কঠিন

৬। মাটিৰ ৰং:

         জৈৱসাৰ বেছিকৈ থকা মাটিৰ ৰং ঘন ক’জলা হয়, জৈৱসাৰ আৰু আইৰণ অক্সাইড থকা মাটিৰ ৰং মুগা বৰণীয়া হয়। অদ্ৰৱণীয় ফেৰিক অক্সইড থকা মাটিৰ ৰং ৰঙা আৰু দ্ৰৱণীয় ফেৰক অক্সাইড থকা মাটিৰ ৰং হালধীয়া হয়। চিলিকা আৰু চূণ বেছিকৈ থকা মাটিৰ ৰং বগা।

৭। মাটিৰ উঞ্চতা:

         মাটিৰ উঞ্চতাই উদ্ভিদ বৃদ্ধি আৰু বিকাশত প্ৰভাব পেলায়।

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান