কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়-২
উদ্ভিদৰ প্ৰজনন
সকলো জীৱই
বংশ ৰক্ষা
কৰাটো এক
প্ৰাকৃতিক নিয়ম। উদ্ভিদেও নিজৰ ৰক্ষা
কৰিবৰ বাবে
যি উপায়
অৱলম্বন কৰে
সেয়াই হ’ল প্ৰজনন। উদ্ভিদ প্ৰজনন প্ৰধানকৈ
তিনিবিধ-
১। অঙ্গজ প্ৰজনন
২। অযৌন প্ৰজনন
৩। যৌন প্ৰজনন
১। অঙ্গজ
প্ৰজননঃ উদ্ভিদৰ ডাল-পাত, কাণ্ড আদিৰ পৰা প্ৰত্যক্ষভাৱেই নতুন
উদ্ভিদৰ সৃষ্টি হয়। আলু, হালধি, কচু, নেমুটেঙা,
দোপৰটেঙা, গোলাপ ফুল আদিত এই অঙ্গজ প্ৰজনন হয়।


৩।
যৌন প্ৰজনন:
উদ্ভিদৰ ফুলত যৌন অঙ্গবোৰ থাকে। পুংকেশৰ হল পুংজনন অঙ্গ আৰু স্ত্রীকেশৰ বা গৰ্ভকেশৰ হল স্ত্রীজনন অঙ্গ। কিছুমান ফুলত স্ত্রীকেশৰ আৰু গৰ্ভকেশৰ একেপাহ ফুলতে থাকে, যিবোৰক উভয়লিঙ্গী ফল বুলি কোৱা হয়। যেনে- ধান, বিলাহী, বেঙেনা, ভেণ্ডি আদি। কিছুমান উদ্ভিদৰ ফুলবোৰ একলিঙ্গী হয়। অৰ্থাৎ পুংকেশৰ আৰু স্ত্রীকেশৰ বেলেগ বেলেগ ফুলত থাকে। একলিঙ্গী ফুলবোৰ কেতিয়াবা একেডাল গছতে থাকে আৰু কেতিয়াবা বেলেগ বেলেগ গছত থাকে। যেনে- ভাতকেৰেলা, পটল আদিত পুংকেশৰ থকা আৰু স্ত্রীকেশৰ থকা গছবোৰ বেলেগ বেলেগ হয়। ৰঙালাও, জিকা, ভোল আদিত একেডাল গছতে দুয়োবিধ ফুল বেলেগ বেলেগ থাকে। অমিতা গছত আকৌ কেতিয়াবা একলিঙ্গী ফুলবোৰ একেডাল গছতে থাকে আৰু কেতিয়াবা বেলেগ বেলেগ গছত থাকে।
পুংকেশৰত পৰাগৰেণু থাকে। এই পৰাগৰেণু বিভিন্ন উপায়েৰে আহি গৰ্ভকেশৰৰ গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত পৰি গৰ্ভাশয়ত পৰি শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় আৰু ভ্ৰুণৰ সৃষ্টি হয়। এই ভ্ৰুণেই বিকাশ হৈ বীজৰ সৃষ্টি হয় আৰু গৰ্ভাশয় ডাঙৰ হৈ ফলৰ সৃষ্টি হয়।
পৰাগৰেণু গৰ্ভমুণ্ডত আহি পৰিবলৈ উদ্ভিদে কিছুমান প্ৰাকৃতিক উপায় অৱলম্বন কৰে। সেইবোৰ হ’ল- বতাহৰ দ্বাৰা, পোক-পৰুৱাৰ দ্বাৰা, বৰষুণৰ দ্বাৰা, চৰাই-চিৰিকতিৰ দ্বাৰা ইত্যাদি।
গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত পৰাৰ লগে লগে পৰাগৰেণুবোৰে এডাল নলিকাৰ আকৃতি লয় আৰু ই ক্ৰমান্বয়ে গৰ্ভাশয়ৰ ফালে আগবাঢ়ে। পিছত এই পৰাগৰেণুত থকা ডিম্বাণু আৰু গৰ্ভাশয়ত থকা শুক্ৰাণুৰ মিলন হৈ ভ্ৰুণৰ সৃষ্টি হয়।
জীৱমাত্ৰাই ইয়াৰ
ভ্ৰুণ অৱস্থাৰ
পৰা বৃদ্ধি
হৈ পৈণত
অৱস্থা পায়,
বংশবৃদ্ধি কৰে
আৰু বৃদ্ধি
অৱস্থাত উপনীত
হৈ মৃত্যু
হয়। বৃদ্ধ মানে
হ’ল,
ইয়াৰ কোষসমূহৰ
বিভাজন হৈ
নতুন নতুন
কোষৰ সৃষ্টি
হয় আৰু
কোষবোৰত নতুন
পদাৰ্থ জমা
হৈ ইয়াৰ
আকাৰ বৃদ্ধি
পায়।
উদ্ভিদৰ বৃদ্ধি
ইয়াৰ সকলো
অংশতে সমানে
নহয়। সাধাৰণতে কাণ্ড
আৰু শিপাৰ
আগঅংশতে সমান
নহয়। সাধাৰণতে কাণ্ড
আৰু শিপাৰ
আগঅংশত ইয়াৰ
বৃদ্ধি প্ৰখৰ
হয়। অন্যহাতে, উদ্ভিদৰ বৃদ্ধিৰ লগে
লগে বেলেগ
বেলেগ কলা
আৰু অঙ্গও
গঠন হয়। যেনে, ভ্ৰুণৰ পৰা
ভাবীমূল, ভাবীকাণ্ড, বীজপত্ৰ আদিৰ
সৃষ্টি হয়। ইয়াকে উদ্ভিদৰ বিকাশ
বুলি কোৱা
হয়।
উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেইবোৰ হ’ল- ১। আভ্যান্তৰীন কাৰক ২। বাহ্যিক কাৰক
১।
আভ্যন্তৰীন কাৰক:
উদ্ভিদৰ
কোষকেন্দ্ৰত ঘটি
থকা কিছুমান
ৰসায়নিক বিক্ৰিয়াৰ
ফলত শক্তিৰ লগতে কিছুমান
পদাৰ্থও সৃষ্টি
হয়। ইয়াৰ ফলতে
উদ্ভিদৰ বৃদ্ধি
আৰু বিকাশ
হয়। যিবিলাক ৰাসায়নিক
পদাৰ্থৰ বাবে
জীৱৰ বৃদ্ধি
আৰু বিকাশ
হয় তেনে
কিছুমান পদাৰ্থ
হ’ল-এন্জাইম, হৰমোণ আদি। হৰমোণবোৰ উদ্ভিদৰ এক অংশৰ পৰা আন এক অংশলৈ বৈ যায় আৰু বৃদ্ধি বিকাসত ভাগ লয়। উদ্ভিদৰ কিছুমান হৰমোণ হ’ল-অক্সিন, জিবৰেলিন, চাইট’কাইনিন, ইথিলিন আদি।
২। বাহ্যিক কাৰক: উঞ্চতা, পোহৰ, পানী, অক্সিজেন, পুষ্টিদ্ৰব্য,
প্ৰদুষক আদি হ’ল উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ কিছুমান
বাহ্যিক কাৰক। উদ্ভিদ কোষৰ ভিতৰত চলি থকা বিক্ৰিয়াবোৰৰ বাবে উঞ্চতাৰ দৰকাৰ। উদ্ভিদৰ আহাৰ প্ৰস্তুতকৰণৰ বাবে সূৰ্যৰ পোহৰৰ দৰকাৰ। ঠিক সেইদৰে পানী, অক্সিজেন, পুষ্টিদ্ৰব্য সমূহকো উদ্ভিদৰ বিভিন্ন
কামত প্ৰয়োজন হয়। অন্যহাতে উদ্ভিদৰ বৃদ্ধিত ব্যাঘাত জণ্মোৱা কিছুমান প্ৰদূষক যেনে- ইথাইলিন, চাৰফাৰ-ডাই-অক্সাইড, ফ্লুৰাইড আদি।