কৃষি বিজ্ঞানৰ অ.আ.ক.খ.:অধ্যায়-৮

জীৱাণুসাৰৰ নিৰ্বাচন 

         জীৱাণুসাৰৰ সঠিক নিৰ্বাচন আৰু সংমিশ্ৰণহে ইয়াৰ কাৰ্যকাৰীতা আনিব পাৰে নাইট্ৰজেন সংস্থাপিত জীৱাণুসাৰ আৰু ফছফেট দ্ৰৱণীয়ক জীৱাণুসাৰ সমান পৰিমাণত একেলগে ব্যৱহাৰ কৰিব লাগে

মাহজাতীয়/চিৰাজাতীয় নাইবা তৈলজাত শস্যৰ বাবেঃ

-      মগুমাহ, উৰহী, মচুৰমাহ, বুটমাহ, ৰহৰমাহ, লেচেৰামাহ, বাদাম, চয়াবিন আদিৰ বাবে ৰাইযবিয়াম বেক্টেৰীয়া আৰু ফছফেট দ্ৰৱণীয়ক বেক্টেৰীয়া সম পৰিমাণত মিহলাই প্ৰয়োগ কৰিব লাগে

অমাহজাতীয় বা চিৰাহীন শস্যৰ বাবেঃ

         ঘেঁহু, গোমধান, ধান, ওট, বাৰ্লি, বজ্ৰা, সৰিয়হ, তিল, গুজিতিল, পিঁয়াজ, আলু, কুঁহিয়াৰ, কপাহ আদি সকলোধৰণৰ শাক-পাচলি, ঘাঁজাতীয় শস্য আৰু বাগিচা শস্য যেনে- কল, নেমুটেঙা, ডালিম, নাৰিকল, কফি, চাহ, ৰবৰ, নুনী আদিৰ বাবে নিম্নলিখিত ধৰণে প্ৰয়োগ কৰিব লাগে

- পাতল মাটি যেনে, বালিৱহীয়া পলসুৱা যত পানী ধাৰণ ক্ষমতা কম, তেনে মাটিত এযটবেকটাৰ আৰু ফছফটিকা সম পৰিমাণত মিহলাই প্ৰয়োগ কৰিব লাগে

- গধুৰ মাটি যেনে, পলসুৱা বোকা বা বোকা মাটি, ত এযস্পিলাম আৰু ফছফটিকা সম পৰিমাত মিহলাই প্ৰয়োগ কৰিব লাগে

-  যদি মাটিৰ গঠন মধ্যমীয়া পলসুৱা আৰু পানী ধাৰক্ষমতাও মধ্যমীয়া আৰু অম্লতা বেছি তেতিয়া এযটবেকটাৰ আৰু ফছফটিকা ১: : : অনুপাতত মিহলাই প্ৰয়োগ কৰিব লাগে

জীৱাণুসাৰ ক’ত ব্যৱহাৰ কৰিবঃ

ক্ৰমিক নং

শস্যৰ নাম

জীৱাণুসাৰ আৰু ইয়াৰ পৰিমাণ

মাহজাতীয় শস্য যেনে, মগুমাহ, ৰহৰমাহ, মটৰমাহ, মচুৰমাহ, বুটমাহ, বাদাম, ফ্ৰেন্সবিন, চয়াবিন আদিঃ

প্ৰতি ১০ কিলোগ্ৰাম বীজৰ বাবে ৰাইযবিয়াম ২০০ গ্ৰাম+ ফছফটিকা-২০০ গ্ৰাম সানি লৈ শোধন কৰিব লাগে

অমাহজাতীয় শস্য যেনে, ঘেঁহু, সিঁচা আহুধান, বাৰ্লি, গোমধান, কঁপাহ, ভেণ্ডি, সৰিয়হ, বেলিফুল, গুজিতিল আদিৰ উপৰিও অন্যান্য বীজ ছটিয়াই সিঁচি কৰা

খেতিঃ

প্ৰতি ১০ কিলোগ্ৰাম বীজৰ বাবে এযটবেক্টাৰ-২০০ গ্ৰাম+ ফছফটিকা-২০০ গ্ৰাম সানি লৈ শোধন কৰিব লাগে

মৰাপাটঃ

 

প্ৰতি ১০ কিলোগ্ৰাম বীজৰ বাবে এযস্পিৰিলাম-২০০ গ্ৰাম+ ফছফটিকা-২০০ গ্ৰাম সানি লৈ শোধন কৰিব লাগে

শাক-পাচলি যেনে, বিলাহী, বেঙেনা, জলকীয়া, ফুলকবি, বন্ধাকবি আৰু অন্যান্য পুলি ৰোপন কৰা শস্যৰ খেতিঃ

 

প্ৰতি বিঘা মাটিত ৰোপন কৰিবলগা পুলি শোধনৰ বাবে এযটবেক্টাৰ-২ কিলোগ্ৰাম+ ফছফটিকা-২ কিলোগ্ৰামউক্ত পৰিমাণৰ জীৱাণুসাৰ পানীত মিহলাই এটি মিশ্ৰণ তৈয়াৰ কৰিব লাগে আৰু এই মিশ্ৰণত ৮-১০ ঘন্টা সময় পুলিৰ শিপা ডুবাই ৰাখিব লাগে

মাটিৰ ধানখেতিৰ বাবেঃ

 

প্ৰতি ৩ বিঘা মাটিত ৰোপন কৰিবলগা কঠিয়া শোধনৰ বাবে এযস্পিৰিলাম-২ কিলোগ্ৰাম+ ফছফটিকা-২ কিলোগ্ৰামউক্ত পৰিমাণৰ জীৱাণুসাৰ পানীত মিহলাই এটি মিশ্ৰণ তৈয়াৰ কৰিব লাগে আৰু এই মিশ্ৰণত ৮-১০ ঘন্টা সময় পুলিৰ শিপা ডুবাই ৰাখিব লাগে

আলু, হালধী, আদা, কচু, কুঁহিয়াৰঃ

 

প্ৰতি ৩ বিঘা মাটিত ৰোপন কৰিবলগা পুলি শোধনৰ বাবে এযটবেক্টাৰ-৪ কিলোগ্ৰাম+ ফছফটিকা-৪ কিলোগ্ৰামউক্ত পৰিমাণৰ জীৱাণুসাৰ প্ৰায় ১০০-২০০ কিলোগ্ৰাম গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে

চাহ, কফি, ৰবৰ, নুনী আৰু অন্যান্য ফলমূল শস্যৰ বাবেঃ

 

প্ৰতি ৩ বিঘা মাটিত ৰোপন কৰিবলগা পুলি শোধনৰ বাবে এযটবেক্টাৰ-২ কিলোগ্ৰাম+ ফছফটিকা--৩ কিলোগ্ৰামউক্ত পৰিমাণৰ জীৱাণুসাৰ প্ৰায় ২০০ কিলোগ্ৰাম গোবৰৰ লগত মিহলাই ৪-৬ মাহৰ মূৰে মূৰে বছৰেকত ৩ বাৰ প্ৰয়োগ কৰিব লাগে

জীৱাণুসাৰ কেনেকৈ ব্যৱহাৰ কৰিব?

বীজৰ লগত মিহলাইঃ



         প্ৰায় ৩০০-৪০০ মি:লি: পানীৰ লগত এযটবেক্টাৰ বা এযস্পিৰিলাম বা ৰাইযবিয়াম- ২০০ গ্ৰাম আৰু ফছফটিকা-২০০ গ্ৰাম ভালদৰে মিহলাই লব লাগে মিশ্ৰণটো ১০-১২ কিলোগ্ৰাম বীজৰ লগত ভালদৰে মিহলাই ৰদত শুকুৱাই লব লাগে আৰু তৎক্ষনাৎ ছটিয়াব লাগে আম্লিক মাটিৰ প্ৰয়োগৰ বাবে বীজখিনিত ১ কিলোগ্ৰাম চূণ সানি লব লাগে

কঠীয়াৰ শিপা শোধনঃ

         নিৰ্দিষ্ট পৰিমাণৰ পানীত এযটবেক্টাৰ বা এযস্পিৰিলাম আৰু ফছফটিকা ১-২ কিলোগ্ৰামকৈ মিহলাই লব লাগে এতিয়া ৰোৱাৰ আগেয়ে এই মিশ্ৰণটোকঠীয়াৰ শিপাবোৰ  ২০-৩০ মিনিট সময় পানীত ডুবাই ৰাখিব লাগে

 

ধানখেতিৰ ক্ষেত্রত পথাৰতে গাঁত এটা খান্দি তাত পলিথিন দি লব লাগে এযস্পিৰিলাম আৰু ফছফটিকা প্ৰত্যেকৰে ২ কিলোগ্ৰামকৈ পানীত মিহলাই লব লাগে আৰু উক্ত মিশ্ৰণত কঠীয়াৰ শিপাবোৰ ৮-১২ ঘন্টা সময়ৰ বাবে ডুবাই ৰাখি ৰুব লাগে

মাটিত প্ৰয়োগঃ

         প্ৰতি বিঘা মাটিৰ বাবে ১-.৫ কিলোগ্ৰাম এযটবেক্টাৰ বা এযস্পৰিলাম আৰু ১-.৫ কিলোগ্ৰাম ফছফটিকাৰ প্ৰয়োজন হয় প্ৰতিবিধ জীৱাণুসাৰকে ১-.৫ লি: পানীত বেলেগে মিহলাই লব লাগে আৰু ১০-৩০ গোৰৰ মিশ্ৰণখিনি মিহলাই ৰাতিটোৰ বাবে বেলেগে বেলেগে গাপ দিব লাগে ১২ ঘন্টাৰ পিছত দম দুটা একেলগে কৰি মিহলাব লাগে আম্লিক মাটিৰ বাবে মিশ্ৰণটোৰ লগত ৭-৮ কিলোগ্ৰাম চূণ প্ৰয়োগ কৰিব লাগে বাগিচা শস্যৰ ক্ষেত্রত এই মিশ্ৰণটোক শিপাৰ কাষত মাটি খান্দি প্ৰয়োগ কৰিব লাগে কিছুমান পথাৰ শস্যৰ ক্ষেত্রত এই মিশ্ৰণটোক সেমেকা মাটিত ছটিয়াব লাগে কুঁহিয়াৰৰ ক্ষেত্রত ৰোৱাৰ ৩০-৪০ দিনৰ পিছত সীৰলুত এই মিশ্ৰণটো প্ৰয়োগ কৰা হয় আৰু ভালদৰে মাটি চপাই দিয়া হয় আলুৰ ক্ষেত্রত ৰোৱাৰ ২০ দিনৰ পিছত অৰ্থাৎ প্ৰথমবাৰৰ মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে যদি আলু বা কুঁহিয়াৰৰ আগ ভেঁকুৰনাশেকেৰে শোধন কৰা নহয় তেতিয়া খলবোৰত ৰোৱাৰ আগেয়ে প্ৰয়োগ কৰিব পাৰি

জীৱাণুসাৰৰ প্ৰয়োগৰ ক্ষেত্রত লবলগীয়া সাৱধানতাঃ

-  জীৱাণুসাৰৰ পেকেটবোৰ ঠাণ্ডা ঠাইত আৰু শুকান ঠাইতে ৰাখিব লাগে

- ব্যৱহাৰৰ সময়তহে পেকেটবোৰ খুলিব লাগে আৰু সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগে

- জীৱাণুসাৰ মিহলি বীজ ভেঁকুৰনাশক, কীটনাশক নাইবা ৰাসায়নিক সাৰৰ লগত কেতিয়াও মিহলাব নালাগে

- যদি ভেঁকুৰনাশক বীজৰ লগত সনাতো অপৰিহাৰ্য হয়, তেতিয়া প্ৰথমে ভেঁকুৰনাশক বীজৰ লগত সানি লৈ পিছত অনুমোদিত পৰিমাণতকৈ দুগুণ পৰিমাণে জীৱাণুসাৰ মিহলাব পাৰি

- ছাঁ পৰা ঠাইতহে বীজ শোধন আৰু মিশ্ৰণ তৈয়াৰ কৰা কাৰ্য কৰিব লাগে

- নিৰ্দিষ্ট শস্যৰ বাবে নিৰ্দিষ্ট কৰি থোৱা জীৱাণুসাৰম্যাদ উকলি যোৱাৰ আগতেই ব্যৱহাৰ কৰিব লাগে

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান