কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়-১২

শস্যৰক্ষা


প্ৰকৃতিৰ অন্যান্য জীৱৰ দৰে উদ্ভিদো বিভিন্ন কাৰকৰ বাবে ৰোগাক্ৰান্ত হয়, অকালতে মৰি যায় নাইবা ইয়াৰ উৎপাদন ক্ষমতা কমি যায়। যাৰ ফলত কৃষকৰ অৰ্থনৈতিক অৱস্থা ভাগি পৰে আৰু ইয়েই দেশৰ অৰ্থনৈতিক অৱস্থাতো প্ৰভাৱ পেলায়। কেতিয়াবা শস্যৰ বেমাৰ নাইবা অন্য পোকৰ আক্ৰমণৰ বাবে একোটা বৃহৎ এলেকাৰ শস্যৰ ক্ষতি কৰে আৰু সমাজত দুৰ্ভিক্ষ আৰু অভাৱ অনাটনে দেখা দিয়ে। সৌ সিদিনা ব্লাইট বেমাৰত আলু খেতি সমুলঞ্চে ধ্বংস হোৱাৰ ফলত আয়াৰলেণ্ডত হোৱা দুৰ্ভিক্ষ, ব্লাষ্ট ৰোগত ধানৰ ব্যাপক ক্ষতি হোৱাৰ ফলত বঙ্গ দেশত হোৱা দুৰ্ভিক্ষই শস্যৰক্ষাৰ গুৰত্ব বঢ়াই তুলিলে। এহাতে জনসংখ্যাৰ বোজা, আনহাতে সীমিত মাটিয়ে শস্য উৎপাদন বৃদ্ধি কৰাটো অপৰিহাৰ্য কৰি তুলিলে।

বিভিন্ন কাৰকৰ হেতু শস্যৰ অনিষ্ট হয়, যিবোৰক আমি শত্রু বুলি ক’ব পাৰো।

কাৰকবোৰ হ’ল-

-      অনিষ্টকাৰী পোক-পৰুৱা, কৃমি, চৰাই-চিৰিকতি, প্ৰাণী আদি

-      অনিষ্টকাৰী ভেঁকুৰ

-      অনিষ্টকাৰী বেক্টেৰীয়া

-      অনিষ্টকাৰী ভাইৰাছ

-      পৰাশ্ৰয়ী/ পৰজীৱি উদ্ভিদ

এই কাৰক সমূহৰ ভিতৰত কিছুমান কাৰক যেনে, অনিষ্টকাৰী পোক-পৰুৱাৰ আক্ৰমণ আমাৰ প্ৰত্যক্ষ দৃষ্টিগোচৰ হয়। কিন্তু, ভেঁকুৰ, বেক্টেৰীয়া, ভাইৰাছ আদিৰ আক্ৰমণ আমাৰ প্ৰত্যক্ষ দৃষ্টিগোচৰ নহয়, মাত্ৰ লক্ষণসমূহে দেখা যায়।

আলোচনাৰ সুবিৰ্থাতে আমি কাৰকসমূহক ২টা ভাগত বিভক্ত কৰি আলোচনা কৰিম।   

শস্যৰ অনিষ্টকাৰী পোক-পৰুৱা

অমেৰুদণ্ডী প্ৰাণীৰ বিভিন্ন পৰ্বৰ ভিতৰত সন্ধিপদী প্ৰাণীৰ ইনচেক্টা নামৰ শ্ৰেণীটোতেই সৰ্বাধিক অনিষ্টকাৰী কীট পতঙ্গ আছে। কীট-পতঙ্গৰ দেহটো স্বাভাৱিকতে ৩ ভাগত বিভক্ত- মূৰ, ডিঙি আৰু পাকস্থলী। সিঁহতৰ এযোৰ যুগ্ম চকু, এযোৰ এন্মো বা শুং, দুযোৰ পাখি আৰু ৩ যোৰ ঠেং থাকে। প্ৰজনন অঙ্গ পেটৰ শেষৰফালে সংলগ্ন থাকে। তদুপৰি ইহঁতৰ মূৰত কিছুসংখ্যক সৰল চকু (১-৩) থাকিব পাৰে। মতা আৰু মাইকী বেলেগ বেলেগ হয়। মাইকীবোৰে সাধাৰণতে কণী পাৰে। বহুসংখ্যক কীট-পতঙ্গ শস্যৰ অপকাৰী, কিছুমান পতঙ্গ আকৌ উপকাৰীও হয়। যেনে. মৌ-মাখি, ৰেচম পলু, লা পলু আদি। পতঙ্গই পৰাগ সংযোগতো সহায় কৰি উদ্ভিদৰ বংশ বিস্তাৰতো সহায় কৰে। 

সৰহ সংখ্যক অনিষ্টকাৰী কীট-পতঙ্গই শস্যক নিম্নোক্তধৰণে অনিষ্ট কৰে-

-      শস্যৰ বহিঃঅংশত থকা পাত, ফল-ফুল আদি চিঙি খাই অনিষ্ট কৰে।

-      শোষক অংগৰ জৰিয়তে শস্যৰ বিভিন্ন অংগৰ কোষৰ ৰস শুহি খায় আৰু ইয়াৰ জীৱনি শক্ত হ্ৰাস কৰে

-      বিভিন্ন অনুজীৱ বহন কৰি ৰোগৰ সৃষ্টি কৰাৰ লগতে মাটিৰ তলত বাস কৰি শস্যৰ আলু, শিপা আদিৰ অনিষ্ট কৰে।

-      শস্যৰ মাজুত ভঁৰালতো কিছুমান কীট-পতঙ্গই আক্ৰমণ কৰি অনিষ্ট কৰে।

ইনচেক্টা শ্ৰেণিটোক ২টা উপশ্ৰেণিত বিভক্ত কৰা হৈছে। পাখি থকা আৰু নথকা কথাটোৰ ওপৰত নিৰ্ভৰ কৰি উক্ত ভাগ কৰা হয়। যিবিলাকৰ পাখি আছে, সিঁহতক টেৰিগটা (Petrigota) আৰু যিবিলাকৰ পাখি নাই সিঁহতক এটেৰিগটা (Apterigota)  উপশ্ৰেণী ৰখা হৈছে।

আকৌ পাখিযুক্ত উপশ্ৰেণীটোৱে ইয়াৰ মোট সলোৱাৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত বিভক্ত কৰা হৈছে- এক্সটেৰিগ’টা (Exterigota) আৰু এণ্ডটেৰিগ’টা (Endoterigota)

১) এক্সটেৰিগ’টা আকৌ ১৫ টা গণত বিভক্ত কৰা হৈছে, যিবোৰৰ ভিতৰত শস্যৰ অনিষ্টকাৰী কেইটিমান উল্লেখযোগ্য গণ হ’ল-

ক) অৰ্থপটেৰাঃ

ফৰিং, কাকতিফৰিং, উঁইচিৰিঙা আদি এই গণৰ অৰ্ন্তভূক্ত।  ইহঁতে শস্যৰ ডাল-পাত, বীজ কামুৰি নাইবা চোবাই খাই অনিষ্ট কৰে।

খ) আইছপটেৰাঃ

উঁইপৰুৱা, ৰঙাপৰুৱা আদি। ইহঁতে থুপ পাতি থাকে। একোজনী ৰাণী থাকে। এই ৰাণীয়েই থুপটোৰ সৰ্বেসৰ্বা।

গ) হেমিপটৰাঃ

গান্ধীপোক, আলুৰ সেউজীয়া বাগ পোক, কপাহৰ ৰঙা বাগ পোক, পাতৰ ৰস সোহনি পোক, মোৱা পোক, বগা চগা জাতীয় পোক, পাইৰিলা, টেঙা জাতীয় শস্যৰ চাইলা পোক আদি এই গণৰ অন্তৰ্ভূক্ত। ইহঁতে শস্যৰ বিভিন্ন অংগত ফুটা কৰি ৰস শুহি খায়।


ঘ) থাইচেনপটেৰাঃ


থ্ৰিপছবোৰ (পাত ওকণী) এই গণৰ অন্তৰ্ভূক্ত। ধান, ধপাত, পিঁয়াজ আদিত এই থ্ৰিপছবোৰৰ আক্ৰমণ সাধাৰণতে দেখা যায়।

 


২) এণ্ডটেৰিগটাঃ

এইভাগ কীটে ছাৰিটা বৃদ্ধি অৱস্থাৰ মাজেৰে পাৰ হৈ পূৰ্ণ অৱস্থা পায়। সেইকেইটা হ’ল- কণী, পলু, লেটা আৰু পখিলা বা মথ বা চগা। লেটা অৱস্থাত সুপ্ত বা বিশ্ৰাম অৱস্থাত থাকে। পলুবোৰ বিভিন্নধৰণৰ আৰু বিভিন্ন পৰিৱেশৰ সৈতে ইহঁতে খাপ খাব পাৰে।  এইভাগ কীটৰ প্ৰধান গণবোৰ হ’ল

ক) লেপিডপটেৰাঃ

চগা আৰু পখিলাজাতীয় কীটসমূহ ইয়াৰ অন্তৰ্ভূক্ত। প্ৰৱস্কিছ নামৰ শোষক অঙ্গৰ জৰিয়তে ইহঁতে ফুল আৰু ফলৰ মৌ-ৰস শুহি খায়। পলুবোৰক বিছা আৰু চেমিলুপাৰ বা লুপাৰ বুলি কোৱা হয়। ভাৰতৰ নিচিনা দেশত এই গণৰ কেইবাশ প্ৰজাতিয়ে অৰ্থনৈতিকভাৱে শস্যৰ অনিষ্ট সাধন কৰে। ইয়াৰ ভিতৰত ৫০ বিধমান মূখ্য কীট। সাধাৰণতে পৰিলক্ষিত হোৱা কীটবোৰ হ’ল- গুৰি কটা বা শিপা কটা পোক (কাটৱৰ্ম), কুঁহিয়াৰৰ আগ বিন্ধা কৰা পোক, গোমধানৰ ডাল বিন্ধা কৰা পোক, বন্ধাকবিৰ পাত খোৱা পোক বা বিছাপোক, টেঙাজাতীয় শস্যৰ বিছাপোক আদি।

খ) ডিপটেৰাঃ

প্ৰায় ৬৪,০০০ বিধ এই গণৰ কীটবোৰ মাখিজাতীয়। ইয়াৰ মুখৰ এটা অংশ প্ৰৱস্কিচলৈ ৰূপান্তৰ হৈ শস্যৰ ডাল-পাত, ফল-মূল আদিৰ পৰা ৰস শুহি খায়। ধানৰ পাতখোৱা পোক, গলমিজ আদি  এই গণৰ অন্তৰভূক্ত।

 

গ) হাইমেনপটেৰাঃ


প্ৰায় ১,০০,০০০ প্ৰজাতি এই গণৰ অন্তৰভূক্ত। পৰুৱা, বৰলজাতীয় আৰু শ্ব-ফ্লাই এই গণৰ অন্তৰভূক্ত। ইহঁতে মুখেৰে কামুৰি আৰু কেতিয়াবা চেলেকি বা শুহি শস্যৰ অনিষ্ট কৰে।

 


ঘ)কলিঅপটেৰাঃ

এইটো আটাইতকৈ ডাঙৰ গণ আৰু প্ৰায় ২,২০,০০০ টা প্ৰজাতি ইতিমধ্যে চিনাক্তকৰণ হৈছে। এইবোৰক বিটল বা গুৱৰুৱা জাতীয় পোক বুলি গণ্য কৰা হয়। ইহঁতে বেছিভাগেই মাটিত বাস কৰে, কিছুমানে পানীত আৰু কিছুমানে ভঁৰালত থাকে। ইহঁতে শস্যৰ বিভিন্ন অংশ কামুৰি চোবাই খাই আৰু বিন্ধা কৰি খায়ো অনিষ্ট কৰে। লেডিবাৰ্ডবিটল, ৰেডপাম্পকিনবিটল, ধান আৰু চাউলত থকা ক’লা উইভিল পোক আদি এই গণৰ অন্তৰভূক্ত।

অনিষ্টকাৰী কীট পতঙ্গৰ প্ৰকাৰঃ

১) নিয়মীয়া কীটঃ 

সাধৰণতে খেতিৰ বতৰৰ সময়ত এইবোৰ দেখা যায়। যেনে- মোৱা পোক, পাত ওকণি, ফুটি পোক আদি।



২) মাজে-সময়ে আবিৰ্ভাৱ হোৱা পোকঃ  


এই পোকবোৰ সাধাৰণতে শস্যত থাকেই, কিন্তু ইহঁতে খুউব বেছি পৰিমাণে ক্ষতি কৰে। সেইবাবে সিঁহতক উপেক্ষা কৰা হয়। কিন্তু কেতয়াবা হঠাৎ ইহঁত ক্ষৰিকাৰক হৈ পৰে।

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান