কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ১৮

ৰাসায়নিক পদ্ধতিৰে কীট নিয়ন্ত্রণ 

 

১৯৯৩ চনত ডি.টি.টি. আৱিষ্কাৰ হোৱাৰ লগে লগে শস্যত ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰেও গতিশীলতা লাভ কৰিলে। বৰ্তমান বিশ্বৰ বজাৰত বিভিন্ন প্ৰস্তুতকাৰী কোম্পানীয়ে বিভিন্ন ব্যৱসায়িক নামাকৰণেৰে এই কীটনাশকবোৰ বজাৰত এৰি দিছে। এইবোৰৰ ভিতৰত বহুকেইবিধ কীটনাশক বৰ্তমান নিষিদ্ধও কৰা হৈছে।

ৰাসায়নিক কীটনাশকৰ শ্ৰেণীবিভাগ


কীটৰ শৰীৰত প্ৰৱেশ কৰা ধৰণ আৰু নিধনৰ মাত্রা অনুসৰি কীটনাশকক নিম্নোক্তধৰণে ভাগ কৰিব পাৰি-

১।  পাকস্থলী বিহ

২। অন্তৰ্কোষী বিহ

৩। স্পৰ্শ বিহ

৪। বিহযুক্ত ধোঁৱা

 

১।  পাকস্থলী বিহঃ


সাধাৰণতে যিবোৰ কীটে মুখেৰে চোবাই খায়, সেইবোৰ কীটক নিয়ন্ত্রণৰ বাবে এইজাতীয় কীটনাশক ব্যৱহাৰ কৰা হয়। কীটৰ প্ৰাকৃতিক খাদ্য যেনে, ডাল-পাত আদিত এইজাতীয় কীটনাশক চটিওৱা হয় আৰু কেতিয়াবা কীট চলাচল কৰা স্থানতো এইবোৰ ব্যৱহাৰ কৰা হয়। অৰ্গেফছফৰাছজাতীয় কীটনাশকবোৰ হ’ল এইজাতীয় কীটনাশক। এইবোৰ কীটনাশক উদ্ভিদ কোষৰ ভিতৰত সোমাই পৰাৰ ফলত যেতিয়া কীটে উদ্ভিদৰ ডাল-পাত আদি খায়, তেতিয়া সিহতৰ পাকস্থলীত বিষক্ৰিয়া হৈ মৃত্যুমুখত পৰে।

এনেবোৰ কীটনাশকৰ থাকিবলগীয়া কিছুমান বৈশিষ্ট হ’ল-

-      কীটনাশকৰ গাঢ়তা এনে হ’ব লাগে যাতে ই উদ্ভিদৰ পাত নাইবা অন্যান্য অংশৰ বাবে ক্ষতিকাৰক নহয়।

-      কীটনাশকবিধত থকা অন্যান্য বাহ্যিক ৰাসায়নিক পদাৰ্থসমূহ পানীত অদ্ৰৱনীয় হোৱা উচিত যাতে  সেইবোৰ ডাল-পাত শিপা আদিৰে শুহি লৈ উদ্ভিদজোপা বিহ কৰি তুলিব নোৱাৰে। অনিষ্টকাৰী কীটক অতি সোনকালে মাৰিব পৰাকৈ ইয়াৰ ক্ষমতা থাকিব লাগে। অন্যান্য ৰাসায়নিক পদাৰ্থৰ লগত মিহলি কৰিলে ইয়াৰ গুণাগুণ অটুট থাকিব লাগে। উদ্ভিদৰ পাত, ফুল-ফল আদিত যাতে দীৰ্ঘদিনৰ বাবে অৱশিষ্ট অংশ ৰৈ নেযায়।

২। অৰ্ন্তকোষী বিহঃ

        কিছুমান অনিষ্টকাৰী পোক যেনে, মজাখোৱা পোক, মোৱা পোক আদিয়ে উদ্ভিদৰ বিভিন্ন অংশৰ কোষৰ ভিতৰৰ পৰা ৰস শোহি খায়। এনেবোৰ পোক নিয়ন্ত্রণৰ বাবে পাকস্থলী বিহ বা স্পৰ্শ বিহে বৰ বেছি ক্ৰিয়া কৰিব নোৱাৰে। সেয়ে এনেবোৰ অন্তৰ্বাহী পোক নিয়ন্ত্রণৰ বাবে উদ্ভিদজোপাকে বিহ কৰি তোলা হয়, যাতে পোকে উদ্ভিদজোপাৰ কোষৰ পৰা ৰস শোহি খোৱাৰ পিছত তাৰ লগত বিহো পান কৰে আৰু ই মৃত্যু মুখত পৰে। অৰ্ন্তকোষী বিহবোৰ যেতিয়া বীজ শিপা, ডাল, পাত আদিত প্ৰয়োগ কৰা হয়, তেতিয়া সেইবোৰ উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। এনেবোৰ পোক সাধাৰণতে নিৰ্দিষ্ট হয়। অৰ্থাৎ নিৰ্দিষ্ট পোক বিধৰ বাবে নিৰ্দিষ্ট কীটনাশক ব্যৱহাৰ কৰা হয়।

অৰ্ন্তকোষী বিহৰ উদাহৰণ হ’ল-

ডাইমিথ’য়েট, ফছফামিডন, এলডিকাৰ্ব, ফৰেট, কাৰ্বফুৰাণ আদি

৩। অতি মিহি পাউদাৰ জাতীয় পদাৰ্থঃ

   


 
শস্যৰ বিভিন্ন পোক আৰু শস্যভৰালত থকা বিভিন্ন পোক নিয়ন্ত্রণৰ বাবে কিছুমান পদাৰ্থৰ অতি মিহি পাউদাৰ ব্যৱহাৰ কৰা হয়। এই পাউদাৰবোৰ শস্যৰ গুটিত মিহলোৱা হয় নাইবা মজিয়া আদিত প্ৰয়োগ কৰি থোৱা হয়, যাতে অনিষ্টকাৰী পোকবোৰে এই পাউদাৰৰ সংস্পৰ্শলৈ আহি মৃত্যু মূখত পৰে। এনে পাউদাৰজাতীয় পদাৰ্থবোৰ হ’ল-

অতি মিহি বালি, গোৱৰ, ছাইৰ গুড়ি, কেলছিয়াম কাৰ্বোনেট, চিলিকা, এৰজেল আদি।

৪। স্পৰ্শ বিহঃ

         এইজাতীয় বিহবোৰ অনিষ্টকাৰী পোকৰ শৰীৰত প্ৰত্যক্ষভাৱে নাইবা পোকৰ চলাচল কৰা স্থানত পানীৰ লগত স্প্ৰে কৰি নাইবা পাউদাৰ ছটিয়াই প্ৰয়োগ কৰা হয়। খেতিপথাৰত বৰ্তমান এই বিহ বহুলভাৱে ব্যৱহাৰ কৰা হয়। অৱশ্যে, এইবোৰ ব্যৱাহাৰৰ ক্ষেত্রতো কিছুমান সীমাবদ্ধতা আছে। কিয়নো, প্ৰায়বোৰ স্পৰ্শ বিহৰে উদ্ভিদৰ পাত, ফুল-ফল আদিত বিষক্ৰিয়া হ’ব পাৰে। সেয়ে উদ্ভিদৰ ফুল ফুলাৰ সময়ত এইবোৰ ব্যৱহাৰ কৰিব নেলাগে। তদুপৰি মানৱ শৰীৰৰ ছালৰ মাজেদিয়েও এই বিহ শোষণ হ’ব পাৰে। ডি.টি.টি.ৰ নিচিনা স্পৰ্শ বিহ বহুদিনলৈ অৱশিষ্ট অংশ থাকি যায় আৰু মানৱ স্বাস্থ্যৰ সাংঘাতিক ক্ষতিসাধন হয়।

স্পৰ্শ বিহৰ উদাহৰণ হ’ল- ক্লৰিনেটেড হাইড্ৰকাৰ্বন (ডি.টি.ট., এলড্ৰিন), কাৰ্বোমেট (কাৰ্বাৰিল, এলডিকাৰ্ব, কাৰ্বফুৰাণ), অৰ্গেনফছফেট (মালাথিয়ন, মন’ক্ৰট’ফছ)

৫। বিহযুক্ত ধোঁৱাঃ    

শস্যৰ গুটি জমা কৰা ভঁৰাল, ভাণ্ডাৰ আদিত অনিষ্টকাৰী কীট-পতঙ্গৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান পদাৰ্থৰ পৰা ধোঁৱা নিৰ্গত কৰোৱা হয়। এনে ধোঁৱা যথেষ্ট বিষাক্ত হয়। যেনে, নিকটিন, হাইড্ৰজেন চায়ানাইড, কাৰ্বন-ডাই-চালফাইড, ছালফাৰ-ডাই-অক্সাইড, পাৰা ডাইক্লৰবেঞ্জিন, নেপথেলিন, ইথিলন-ডাই-ক্লৰাইড, কাৰ্বন-টেট্ৰা-ক্লৰাইড মিক্সাৰ, মিথাইল ব্ৰমাইড, ফচফাইন, ডি.বি.চি.পি., ডি.ডি. আদি।

৬। অন্যান্য ৰাসায়নিক পদাৰ্থঃ

        বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ কিছুমানে অনিষ্টকাৰী কীটক আঁতৰাই পঠাব পাৰে নাইবা সিহতক মাৰি পেলাব পাৰে।

-    কেম’ষ্টেৰিলেন্সজাতীয় পদাৰ্থবোৰে কীটৰ ক্ষমতা নিঃশেষ কৰি সিহতৰ সংখ্যা লাহে লাহে হ্ৰাস কৰিব পাৰে।

-    এন্টিফিডেন্ট (নিমগুটিৰ পৰা নিষ্কাষন কৰা ৰস) জাতীয় কীটনাশকে পোক খোৱা শস্যক অস্বাদু কৰি সিহতক ভোকত ৰাখি অৱশেষত মাৰি পেলায়।

-   ৰিপেলেন্টজাতীয় কীটনাশকে অনিষ্টকাৰী কীটক আঁতৰাই পঠিয়ায়। ট্ৰাইক্লৰ’বেঞ্জিন ঘৰৰ মজিয়াত প্ৰয়োগ কৰিলে উঁই পৰুৱা আৰু অন্যান্য পৰুৱাৰ পৰা ৰক্ষা পাব পাৰি। বৰড’ মিশ্ৰণ আৰু চূণ-গন্ধক প্ৰয়োগ কৰিলে কিছুমান ৰস শোহি খোৱা পোক আৰু পাত চোবাই খোৱা পোকক আঁতৰাই পঠিয়ায়। চিত্রনলা তেলে ম’হ, মাখি আঁতৰাই পঠাব পাৰে।

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান