জিকা আৰু ভোল খেতিৰ দিহা


নয়ন কুমাৰ বৰা


জাতঃ
জিকা:
Ø পুচা নাচদাৰ, চুৰেখা আাৰু বিভিন্ন কোম্পানীৰ হাইব্ৰীড জাত।


ভোল: থলুৱা সঁচ আৰু পুচা চিকনি। আজিকালি বজাৰত বহুতো হাইব্ৰীড জাতৰ সঁচো পোৱা যায়। স্থানীয় জহা ভোলৰ চাহিদা বজাৰত অধিক হয়।
বীজৰ পৰিমাণঃ প্ৰতি বিঘাত – ৪৭০ গ্ৰামৰ পৰা ৬০০ গ্ৰাম।
ৰোপন দুৰত্বঃ দুটা শাৰীৰ মাজত ১.৫-২.৫ মিটাৰ। দুজোপা শস্যৰ মাজত- ১.৫-২.৫ মিটাৰ।
বীজ সিঁচাৰ সময়ঃ জানুৱাৰী মাহৰ পৰা মে মাহলৈকে।

পুষ্টি পৰিচালনা: এজন কৃষকে জৈৱিক নে ৰাসায়নিক, কোনটো পদ্ধতিৰে জিকা আৰু ভোলৰ খেতি কৰিব সেয়া আগতীয়াকৈয়ে সিদ্ধান্ত লব লাগে। যদি জৈৱিক পদ্ধতিৰে খেতি কৰিব বিচাৰে তেন্তে জৈৱিক কৃষি পদ্ধতিৰ উপায়সমূহ অৱলম্বন কৰিব লাগিব আৰু ইয়াৰবাবে সেউজ চিন্তাত প্ৰকাশিত জৈৱিক কৃষি পদ্ধতিসমূহ অধ্যয়ন কৰিব পাৰে। এই আলোচনাত ৰাসায়নিক পদ্ধতিসমূহৰ বিষয়েহে আলোচনা কৰা হৈছে।

ৰাসায়নিক সাৰঃ
Ø -প্ৰতিবিঘাৰ বাবে পচন সাৰ- ১৫-২০ কুইন্টেল, ইউ্ৰৰীয়া- ১২ কিলোগ্ৰাম, একক চুপাৰ ফচফেট- ২৪ কিলোগ্ৰাম আৰু মিউৰেট অব পটাচ- ৬ কিলোগ্ৰাম। ইউৰীয়া সাৰৰ আধা অংশ আৰু সমুদায় চুপাৰ ফচফেট আৰু পটাচ পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰীয়া সাৰৰ বাকী আধা জিকা গছ বগাবলৈ ধৰাৰ লগে লগে প্ৰয়োগ কৰিব লাগে।
Ø  যদি সাৰ ভেটিত প্ৰয়োগ কৰা হয়, তেতিয়া প্ৰতিটো ভেটিত পচন বা গোৱৰ সাৰ : ৫-১০ কিলোগ্ৰাম, ইউৰীয়া: ৪০-৫০ গ্ৰাম, একক চুপাৰ ফচফেট: ৪০-৫০ গ্ৰাম আৰু মিউৰেট অব পটাচ: ৮০-৯০ গ্ৰাম।
Ø পুলিবোৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ (১০ লিটাৰ পানীত ৫০-৭৫ গ্ৰাম) স্প্ৰে কৰিব লাগে।



জলসিঞ্চন আৰু শস্যৰ পৰিচৰ্যাঃ
৮-১০ দিনৰ মূৰে মূৰে জিকা গছত পানী দি থাকিব লাগে। গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে আৰু গুৰিৰ পৰা বন-বাতবোৰ পৰিষ্কাৰ কৰিব লাগে। জিকা যদিও উভয়লিঙ্গি শস্য, ইয়াৰ পংপুষ্প আৰু স্ত্রী পুষ্প একেজোপাৰ বেলেগ বেলেগ অংশত ফুলে। স্ত্রী পুষ্পৰ সংখ্যা বাঢ়িলেহে জিকাৰ উৎপাদন বাঢ়ে। এই স্ত্রী পুষ্পৰ সংখ্যা বঢ়াবলৈ বাবে পুলি দুপতীয়াৰ পৰা চাৰিপতীয়া হোৱা অৱস্থাতে ইথ্ৰেল হৰমোন (০.৬ মি”লি: ১২ লি: পানীত মিহলাই) স্প্ৰে কৰিব লাগে।

ফল মাখি (Fruit Fly):

-      বৰল জাতীয় ফল মাখি নিয়ন্ত্ৰণৰ বাবে আক্ৰমণিত ফলবোৰ সংগ্ৰহ কৰি আঁতৰত ধ্বংস কৰি পেলসাব লাগে।
-      ফল চপোৱাৰ পিছত চাঙৰ তলৰ মাটিখিনি পাতলীয়াকৈ খুচুৰি-মেলি দিব লাগে।
-      মিথাইল ইউজেনল (০.১%) ফান্দ ব্যৱহাৰ কৰিব লাগে। (সবিশেষ লিখনিৰ লগত সংলগ্ন ফটো চাওক)

-      নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।

ৰঙা বিটল পোক:

-      এই পোকৰ লেটা, কণী আদি মাটিতে থাকে বাবে খেতি কৰাৰ আগতেই মাটিডৰা দ’কৈ চহাব লাগে যাতে সেইবোৰ মাটিৰ ওপৰত ওলাই ৰ’দৰ তাপত অনিষ্ট হয়।
-      নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।

পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক (Serpentine leaf miner):  


এইবিধ পোক নিয়ন্ত্ৰণৰ বাবে শস্যডৰাৰ কাষত এৰা, বিলাহী বা নাৰ্জী ফুল প্ৰতিৰোধী শস্য হিচাপে ৰোপন কৰিব লাগে।
-      হালধীয়া আঠাযুক্ত কাৰ্ড বা ফান্দ (প্ৰতি বিঘা মাটিত ৩ খনকৈ) আঁৰি দিব লাগে।
-      প্ৰাকৃতিক শত্ৰু পোক যেনে, মকৰা, লেডি বাৰ্ড বিটল, লেচ উইং আদিক সংৰক্ষণ কৰিব লাগে।
-      নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।
-      মোৱা পোক নিয়ন্ত্ৰণৰ বাবে শস্যডৰাৰ কাষত উৰহী, নিজে গুটি সৰি পৰা ফুল বৰ্ষীয় আৰু বহুবৰ্ষীয় শস্য আদি ৰোপন কৰিব লাগে।
-       অতিমাত্ৰা আক্ৰমণিত হ’লে ‘ইমিডাক্লপিদ’৭০% ডব্লিউ জি ( প্ৰতিবিঘাৰ বাবে ৫ গ্ৰাম ৬৫ লিটাৰ পানীত)স্প্ৰে কৰিব লাগে।

পাতত ফুটফুটীয়া দাগ পৰা ৰোগ/ তিঁয়হ মজাইক ভাইৰাছ/ পাউদাৰী মিলডিউ/ ডাউনিমিলডিউ:


-      পাতত ফুটফুটীয়া দাগ পৰা ৰোগ নিয়ন্ত্ৰণৰ বাবে ঝিনেব ৭৫% ডব্লিউ পি (প্ৰতিবিঘাৰ বাবে ১০০-৩০০ মিলিলিটাৰ ২০০-২৫০ লিটাৰ পানীত)স্প্ৰে কৰিব লাগে।
-      ‘তিঁয়হ মজাইক ভাইৰাছ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ বাহক মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগিব।
-      ‘পাউদাৰী মিলডিউ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্বানডাজিম ৫০% ডব্লিউ পি (৪০ গ্ৰাম ৮০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।
-      ‘ডাউনিমিলডিউ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে ঝিনেব ৭৫% ডব্লিউ পি (২০০-২৬৫ গ্ৰাম ১০০- ১৩০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান