কৃষি বিজ্ঞানৰ অ.আ.ক.খ.-১
কৃষি
বিজ্ঞানৰ ‘অ.আ.ক.খ.’
নয়ন কুমাৰ বৰা
(আধুনিক কৃষি বিজ্ঞানৰ বিকাশৰ লগে লগে শস্যৰ উৎপাদন বৃদ্ধি তথা বিশ্বৰ খাদ্য সংকটৰ জোৰা মাৰিবলৈ সক্ষম হ’ল যদিও প্ৰকৃতি আৰু মানব জীৱনলৈ ই নিত্য-নতুন সমস্যাও কঢ়িয়াই আনিলে। ৰাসায়নিক সাৰ আৰু কীট-নাশকৰ ব্যৱহাৰে পৰিবেশ প্ৰদূষণ সমস্যাৰ সৃষ্টি কৰিলে। হাইব্ৰীড জাতৰ উদ্ভাৱনে জীৱ বিচিত্ৰতাৰ ওপৰত প্ৰভাব পেলালে। ভাৰতৰ দৰে দুখীয়া দেশবোৰলৈ আমদানি হোৱা কৃষিৰ আধুনিক উপকৰণবাৰ আমাৰ কৃষকৰ মাজত জধে-মধে প্ৰয়োগ হ’বলৈ আৰম্ভ কৰিলে। কৃষি বিজ্ঞানৰ প্ৰাথমিক জ্ঞানখিনি নোহোৱাকৈও প্ৰয়োগ হ’বলৈ ধৰা উক্ত উপকৰণবোৰে হিতে বিপৰীত হৈছে। বিশেষকৈ আমাৰ অসমৰ খেতিয়কসকল এইক্ষেত্ৰত একেবাৰে পিছ পৰি ৰ’ল। সেয়ে, আমাৰ কৃষকসকলৰ বিশেষকৈ শিক্ষিত যুৱ-কৃষকসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ‘কৃষি বিজ্ঞানৰ অ.আ.ক.খ.’ নামেৰে এইলানি ধাৰাবাহিক লিখনি আগবঢ়োৱা হৈছে- নয়ন কুমাৰ বৰা)
উদ্ভিদৰ বিষয়ে কিছু প্ৰাথমিক কথা
আমি জানো
যে জীৱ
জগতৰ এটা
ভাগ প্ৰাণী
আৰু আনটো
ভাগ উদ্ভিদ
বা গছ-গছনি। প্ৰানীয়ে মুখেৰে
আহাৰ গ্ৰহণ
কৰে আৰু
পাকস্থলী বা
পেটৰ ভিতৰত
সেইবোৰ হজম
হয়। আহাৰ এনেকৈ
হজম হোৱাৰ
ফলত প্ৰানীয়ে
কাম-কাজ কৰাৰ
শক্তি পায়
আৰু ইয়াৰ
বৃদ্ধি হয়। গুৰুত্বপূৰ্ণ কথা হ’ল,
প্ৰাণীয়ে আহাৰৰ
বাবে উদ্ভিদৰ
ওপৰত নিৰ্ভৰ
কৰিব লাগে। অন্যহাতে, উদ্ভিদে নিজৰ
আহাৰ নিজেই
প্ৰস্তুত কৰে-
মাটি, পানী আৰু বায়ুৰ
সহায়ত। কিন্তু, কেনেকৈ? প্ৰাণীবোৰে যেনেকৈ
জুলীয়া আহাৰ
কৰি তাৰ
পৰা দৰকাৰী
মৌলসমূহ শৰীৰৰ
বিভিন্ন কামত
লগাই, ঠিক তেনেকৈ উদ্ভিদেও
শিপা আৰু
পাতৰ জৰিয়তে
জুলীয়া আৰু
গেছীয় অৱস্থাত
বিভিন্ন মৌল
গ্ৰহণ কৰি
সেইবোৰ আহাৰলৈ
নিজেই পৰিৰ্তন
কৰি লয়
আৰু শৰীৰৰ
বৃদ্ধিৰ কামত
লগায়।
উদ্ভিদৰ শিপা
হ’ল মাটিৰ পৰা আহাৰ
সংগ্ৰহৰ মূল
আহিলা। মাটি হ’ল উদ্ভিদৰ বাবে প্ৰয়োজনীয়
প্ৰায়বোৰ মৌলৰে
ভাণ্ডাৰ। উদ্ভিদক সাধাৰণতে
বেছিকৈ দৰকাৰ
হোৱা মৌলবোৰ
হ’ল-
কাৰ্বন, হাইদ্ৰজেন, অক্সিজেন, নাইট্ৰজেন, ফচ্ফৰাছ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু চালফাৰ। কম পৰিমাণে প্ৰয়োজন
হোৱা মৌলবোৰ
হ’ল-
আইৰণ, মেঙ্গানিজ, কপাৰ, জিংক, মলিবদেনাম, বৰ’ণ আৰু ক্লৰিণ। কাৰ্বন, হাইদ্ৰজেন আৰু অক্সিজেনৰ
বাহিৰে অন্য
মৌলবোৰ প্ৰত্যক্ষভাৱে
বা পৰোক্ষভাৱে
উদ্ভিদে মাটিৰ
পৰাই আহৰণ
কৰে। কাৰ্বন, হাইদ্ৰজেন আৰু অক্সিজেন
বায়ুমণ্ডল আৰু
পানীৰ পৰা
আহৰণ কৰে।
উক্ত মৌলবোৰ উদ্ভিদে প্ৰয়োজনীয় পৰিমাণত মাটিৰ পৰা শিপাৰ সহায়ত সংগ্ৰহ কৰি লয়। মাটিত ইয়াৰ হীন-দেঢ়ি ঘটিলেই উদ্ভিদৰ শৰীৰত বিসঙ্গতি হয় আৰু ইয়াৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়। শিপাই মাটিৰ পৰা কিদৰে মৌলবোৰ সংগ্ৰহ কৰে তাৰ ওপৰত বিজ্ঞানীসকলে বিভিন্ন মতবাদ পোষণ কৰিছে। সেইবিষয়ে আমি বহলাই ব্যাখ্যা নকৰি মাত্ৰ ইয়াকে ক’ব বিছাৰো যে মাটিত থকা মৌলবোৰ পানীৰ সহায়ত কিছুমান যৌগলৈ পৰিণত হয় আৰু এইবোৰ বিশেষ উপায়েৰে শিপাৰ জৰিয়তে উদ্ভিদৰ শৰীৰত সোমাই পৰে।
কোষ
উদ্ভিদৰ মূল
চালিকা শক্তি
ভিন্ন কোষ ভিন্ন কাম
উদ্ভিদৰ বিভিন্ন কোষৰ কামো বিভিন্ন হয়। একে কাম আৰু একে গুণবিশিষ্ট কোষবোৰ লগ হৈ উদ্ভিদৰ শৰীৰত কিছুমান নিৰ্দিষ্ট কাম সমাধা কৰে। উদ্ভিদৰ পাতত থকা কোষবোৰৰ কামৰ লগত শিপাত থকা কোষবোৰৰ কামৰ পাৰ্থক্য আছে। কামৰ বিভাজনৰ ওপৰত নিৰ্ভৰ কৰি কোষবোৰক কিছুমান ক’লাত বিভক্ত কৰা হৈছে। উদাহৰণস্বৰূপে, শিপা আৰু আগ অংশত থকা কোষবোৰ বিভাজন হৈ উদ্ভিদৰ বৃদ্ধি হয়। এই কোষবোৰক ভাজন ক’লা বোলে। ঠিক সেইদৰে শিপাৰ জৰিয়তে সংগ্ৰহ কৰা পানী আৰু খনিজ লৱণ এবিধ বিশেষ কোষ ক’লাৰ মাজেৰে বিভিন্ন অঙ্গলৈ পৰিবাহিত হয়, যিবোৰক জাইলেম বুলি কোৱা হয়। পাতত তৈয়াৰ হোৱা আহাৰ আদি অন্য এবিধ কোষেৰে তললৈ পৰিবাহিত হয়, যাক কোৱা হয় ফ্লৱেম।
পাতেই হ’ল উদ্ভিদৰ ৰান্ধনিঘৰ
ৰান্ধনীঘৰত ভাত ৰন্ধা কামৰ অভিজ্ঞতা আমাৰ সকলোৰে আছে। জুইৰ ওপৰত থকা কেৰাহী বা অন্য পাত্ৰত চাউল, দালি লৈ তাত অলপ পানী দি সিজাই থাকিলে এটা সময়ত খোৱাৰ উপযোগী আহাৰ প্ৰস্তুত হয়। ঠিক সেইদৰে উদ্ভিদৰ পাত হ’ল ৰান্ধনীঘৰ। পাতত থকা পত্ৰহৰিৎ (এবিধ পদাৰ্থ যাৰ বাবে উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হয়) হ’ল কেৰাহী। এই পত্ৰহৰিৎ কেৰাহীত বায়ুমণ্ডলৰ পৰা পাতে সংগ্ৰহ কৰা কাৰ্বন-ডাই-অক্সাইড (যাক চাউল বুলি ধৰা হওঁক) আৰু শিপাৰ জৰিয়তে সংগ্ৰহ কৰা পানীত সিজোৱা হয়। সিজাবৰ বাবে দৰকাৰ হোৱা তাপ বা জুই পোৱা যায় সূৰ্যৰ পৰা। সিজোৱাৰ পিছত চাউল যেনেকৈ চাউল হৈ নেথাকে, টতিক তেনেদৰে পানীৰ সহযোগত কাৰ্বন-ডাই-অক্সাইড পৰিৱৰ্তিত হৈ গ্লুকজ নামৰ আহাৰলৈ পৰিণত হয়। লগতে সকলো প্ৰাণীকে দৰকাৰ হোৱা অক্সিজেন গেছবিধ নিৰ্গত হয়। এনেদৰে সৃষ্টি হোৱা গ্লুকজ উদ্ভিদ দেহৰ সকলো অংশলৈ পৰিবাহিত হয় আৰু তাৰপৰাই ই শক্তি আহৰণ কৰে। উল্লেখনীয় কথা হ’ল, উদ্ভিদে নিজৰ প্ৰয়োজনতকৈ অধিক পৰিমাণৰ খাদ্য প্ৰস্তুত কৰে। অতিৰিক্ত খাদ্যখিনি উদ্ভিদে বিভিন্ন অংশত যেনে, দাল, পাত, শিপা, বীজ, ফল, ফুল আদিত ভৱিষ্যতৰ বাবে সাঁচি থয়।
উদ্ভিদেও উশাহ-নিশাহ লয়
প্ৰশ্ন হয়; নাক,
হাওঁফাওঁ নোহোৱাকৈ উদ্ভিদে কেনেকৈ উশাহ-নিশাহ লয়? উদ্ভিদৰ পাত, ডাল আদিত কিছুমান সৰু
সৰু ফুটা আছে, যাক পত্ৰ-ৰন্ধ্ৰ বুলি কোৱা হয়। এই পত্ৰ-ৰন্ধ্ৰইদি উদ্ভিদে উশাহ-নিশাহ
লয়। বায়ুমণ্ডলৰ পৰা অক্সিজেনভাগ গ্ৰহণ কৰি কোষত থকা গ্লুকজৰ লগ লাগে আৰু উদ্ভিদৰ শৰীৰত
শক্তি আৰু পানী উৎপন্ন কৰে। এই প্ৰক্ৰিয়াটোকে শ্বসন বুলি কোৱা হয়।