শণ খেতিৰ বিষয়ে কিছু কথা
মামনি হাজৰিকা
শণ (Sunnhemp) হ’ল এবিধ চেঁইজাতীয় উদ্ভিদ।
ইয়াৰ
উদ্ভিদ বৈজ্ঞানিক নাম হ’ল- ক্ৰটেলেৰিয়া
ঝানছিয়া ।
এই
শণ খেতি নামনি অসমৰ বিভিন্ন স্থানত কৃষকসকলে কৰি আহিছে যদিও অসমৰ কৃষি অৰ্থনীতিত ইয়াৰ
প্ৰভাবৰ বিষয়ে এতিয়াও সজাগতা হোৱা নাই।
শণ (Sunnhemp)ৰ উৎপত্তি স্থান
হ’ল
ভাৰতবৰ্ষ।
ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ইয়াক বিভিন্ন নামেৰে জনা যায়।
আমাৰ অসমৰ খেতিয়কসকলৰ মাজত ই বিশেষকৈ শণ
খেতি বা শণ গুটি
নামেৰেও জনা যায়।
আমাৰ ৰাজ্যত চৰ-চাপৰিবোৰত ইয়াৰ খেতি অধিক দেখা যায়।
আমাৰ বহুত খেতিয়কে বাৰিষাকালত খেতি নকৰে, যাৰ ফলত অপতৃণবোৰ বেছিকৈ গজি উঠে।
বাৰিষাৰ আগতে এনে পথাৰবোৰত শণ খেতি কৰি মাটিডৰাক অপতৃণৰ পৰা ৰক্ষা কৰিব পাৰি।
শস্যক্ৰমত
ইয়াক সেউজীয়া সাৰ
হিচাবে ব্যৱহাৰ
কৰি মাটিত নাইট্ৰ’জেন আৰু জৈৱিক পদাৰ্থ যোগান ধৰিব পাৰি।
শণ অতি সোনকালে বৃদ্ধি হোৱা শস্য ।
ইয়াৰ খেতিৰ বাবে কোনো ধৰণৰ আপ-ডালৰ প্ৰয়োজন নহয় । USDA(United State
Department of Agriculture)ৰ মতে আমাৰ বেছিভাগ শস্যৰ উৎপাদন পোক-পৰুৱাৰ আক্ৰমণৰ বাবে
কম নহয়, আচলতে অপতৃণৰ বাবেহে আমাৰ শস্যৰ উৎপাদন কমে।
যিহেতু অপতৃণ ৰোধৰ বাবে ইয়াৰ খেতি বিশেষকৈ কৰা হয়, ইয়াক সাধাৰণতে মাটিৰ লগত মৈয়াই দি তৰমুজ জাতীয় শস্যৰ বাবে মালচিং হিচাপে ব্যৱহাৰ কৰা হয়।
ইয়াক মাটিত প্ৰাকৃতিকভাৱে নাইট্ৰ’জেন যোগান ধৰিবলৈ ব্যৱহাৰ কৰা হয়।
বালিঅঁহিয়াৰ পৰা মধ্যমীয়া বোকা মাটিত ইয়াৰ খেতি ভাল হয়।
বাৰিষাৰ আগে আগে পথাৰখন হালবাই প্ৰস্তুত কৰি লব লাগে।
পানী ওলাই যাব পৰা হ’ব লাগে।
মাটিৰ অম্ৰতা ৫.০ ৰ পৰা ৮.৪ লৈকে ইয়াৰ খেতি কৰিব পাৰি।
ইয়াৰ গুটিবোৰ সৰু সৰু হয়।
এক হেক্টৰ মাটিৰ বাবে ৮০ ৰ পৰা ৫০ কি:গ্ৰা: বীজৰ প্ৰয়োজন হয়।
মাটিভেদে ইয়াৰ খেতি আগষ্ট মাহৰ পৰা (ওখ মাটি) মাৰ্চলৈ (দ’ মাটি) সিচিব পাৰি।
বীজবোৰ মাটিত চটিয়াই পাতলকৈ মৈয়াই মাটিৰ তলত সুমুৱাই দিব লাগে।
মূল পথাৰত ইয়াক বিশেষ আপডালৰ প্ৰয়োজন নহয়।
অপতৃণৰ নিচিনাকৈ ই বিয়পি নপৰে।
গছবোৰ টান আৰু বাঢ়ন ক্ষমতা বেছি।
গুটি সিঁচাৰ পিছত জলসিঞ্চনৰ প্ৰয়োজন হয়।
ই ওখ চেঁইজাতীয় শস্য আৰু ইয়াৰ উচ্চতা ১.২৫ মিটাৰৰ পৰা ১.৫০ মিটাৰলৈকে হয়।
ইয়াৰ ফুলবোৰ উজ্বল হালধীয়া ৰঙৰ, শিপাত টেমুনা থাকে আৰু ই মাটিৰ গভীৰলৈ যায়।
গছবোৰ ৮০-১০০দিন হোৱাৰ পিচত অৰ্থাৎ ফুল ফুলাৰ পিছত হালবাই মাটিত সুমুৱাই দিব লাগে।
এই সময়ত গছবোৰ ০.৭০ মিটাৰৰ পৰা ১.০ মিটাৰ পৰ্যন্ত হয়।
সাধাৰণতে ই মাটিৰ লগত পচি মিহলি হ’বলৈ
৫-৬ সপ্তাহৰ প্ৰয়োজন হয়।
প্ৰথম ফুল ফুলাৰ সময়তে ইয়াক হালবাই মাটিত লগত মিহলাই দিলে ই মাটিত অধিক পৰিমাণৰ নাইট্ৰ’জেনৰ যোগান ধৰে।
প্ৰতিহেক্টৰ মাটিত ইয়াৰ পৰা ১২-১৪ টন শুকান জৈৱিক পদাৰ্থ পাব পাৰি।
লেখিকাৰ
ঠিকনা: জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, গুৱাহাটী, কামৰূপ