নেমু গছৰ ডাল-পাত পৰিষ্কাৰ তথা গা-গছ গঠন


নেমু গছৰ কেইটিমান দৰকাৰী কথা:
- বৰ বেগেৰে বলা বতাহত ফলেৰে ভৰি থকা  শাখা ডাল-পাতবোৰ  সহেজেই ভাঙে
-নেমুৰ ডালবোৰ শীৰ্ণ, লেহুকা আৰু অতি কোমল কেৱল ছুটি কৰিবলৈহে এনে ডালবোৰ চাফা কৰিব লাগে
- বতাহৰ বাবে নেমু গছৰ মাজ অংশ বেছি সুৰক্ষিত সেইবাবে সেই অংশ ফল উৎপাদন হব পৰাকৈ চাফা কৰিব লাগে
-নেমুৱে শক্তিশালী, সবল কাঁইটিয়া কাণ্ড সৃষ্টি কৰিব পাৰে এনে কাণ্ডৰ উৎপাদন শক্তি নাই গতিকে সেইবোৰ কাটি পেলাব লাগে
পুলি অৱস্থাত যতন

-      -২ বছৰ হোৱাৰ পাছৰ পৰাই নেমুগছৰ ডাল-পাত পৰিষ্কাৰ কৰিব লাগে এনে অৱস্থাৰ পৰা পৰিষ্কাৰ কৰিলে গছজোপাক এক সুন্দৰ আকাৰ দিব পাৰি এনে আকাৰত মূখ্য ডাল ৩-৫ ডাল থাকে আৰু মাটিৰ পৰা মাত্র ৬৫ ছে:মি: ওপৰতে ডাল আৰম্ভ হয়

লাগনি গছৰ যতন:

নিয়মিয়াকৈ ফল দিবলৈ ধৰাৰ লগে লগে গছজোপা ডাল-পাত পৰিষ্কাৰ কৰিব লাগে যাতে-
-  ৰুগ্ন, দুৰ্বল, মৃতপ্ৰায় আৰু বৃদ্ধিহীন অংগবোৰ আঁতৰোৱা হয়
- ওপৰা-ওপৰিকৈ থকা ডালবোৰ আঁতৰোৱা হয়
- সূৰ্যৰ পোহৰ সকলো অংশতে পৰিব পৰাকৈ ডাল-পাতবোৰ কটা আৰু সকলো অংশতে ফুল ফুলিব আৰু ফল ধৰিব পৰাকৈ পৰিষ্কাৰ হয়
- গছৰ উচ্চতা আৰু প্ৰস্থ হ্ৰাস কৰা হয়

পুৰণি গছক পুনৰ সজীৱ কৰা:
-      অতি পুৰণি অথচ এতিয়াও ফল দিব পৰা গছৰ ক্ষেত্রত এই পদ্ধতি অৱলম্বন কৰা হয় এই পদ্ধতিত প্ৰধান ডালবোৰ কাটি পেলোৱা হয় যাতে তাৰ ঠাইত নতুন ডাল উৎপন্ন হয় এনে ধৰণৰ পৰিষ্কাৰ কৰা কাৰ্য কেইবাবছৰ ধৰি কৰা হয় সাধাৰণতে গছজোপাৰ এটা ফালে প্ৰথমে এনে কাৰ্য কৰা হয় যাতে কিছু ফল উৎপাদিত হৈ থাকে -২ বছৰ পাছত আনটো ফালো এনেদৰে পৰিষ্কাৰ কৰা হয়

ডাল-পাত কেনেদৰে পৰিষ্কাৰ কৰিব:


- ডাল-পাত পৰিষ্কাৰ কৰা কাৰ্য উদ্যান ব্যৱস্থাপনাৰ নিয়মীয়া কাৰ্য হব লাগে
- ছডিয়াম হাইক্লৰাইড (%) দ্ৰৱত তিয়াই, পৰিষ্কাৰ কৰা ব্লেড বা কটাৰীখন বীজানুমুক্ত কৰি লব লাগে
- গ্ৰীষ্মকালত বৰ বেছিকৈ পৰিষ্কাৰ কৰিব নেলাগে হলে সুৰ্যৰ ৰদে ফলধৰা ডাল-পাতবোৰ পুৰি পেলাব পাৰে
- বৰফ পৰা অঞ্চলত অপৈণত ডাল কাটিব নালাগে কাৰণ বৰফ বা শীতে এনে কটা অংশ নষ্ট কৰিব পাৰে
- অসময়ত অত্যধিক ডাল-পাত কাটিলে গছজোপাক  ক্ষতি কৰিব পাৰে
- অংকুৰণ বা ফুল ফুলাৰ সময়ত কৰা চাফা কৰা কাৰ্যই ফলৰ ভৰ সহা কাৰ্যত প্ৰভাৱ পেলাব পাৰে
-যিমানে বেছি চাফা হয়, গছডাল আগৰ অৱস্থা পাবলৈ আৰু ফল দিবলৈ সিমানেই বেছি সময় লব
(কৃষি আৰু উদ্যান শস্য সঞ্চালকালয়, অসমৰ দ্বাৰা প্ৰকাশিতফল গছৰ আচ্ছাদন ব্যৱস্থা”- মূল: ড০ গৰ সিং, অনুবাদ: মৌচম হাজৰিকা কিতাপৰ পৰা সংগৃহিত)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান