বৰো আৰু আগতীয়া আহুধানৰ খেতিৰ শস্যৰক্ষা

গা-গছ ছিদ্ৰকাৰী বা মজ্জা-খোৱা পোক
Scirpophaga incertulas (Pyralidae: Lepidoptera)


-      মজ্জা-খোৱা পোকে ধানৰ কঠীয়াতলী, ৰোৱাৰ পিছত মূল পথাৰত, গেৰ ধৰা অৱস্থাত আৰু ঠোকৰ গাখীৰতী অৱস্থাত আক্ৰমণ কৰিব পাৰে

-      মজ্জা-খোৱা পোকে ধানৰ পাতত কণী পাৰিলে তাৰ পৰা ওলোৱা  পলুৱে বৌখাৰ ভিতৰত সোমাই প্ৰথমে সেউজীয়া অংশ খাই আৰু পিছলৈ ঠোৰৰ ভিতৰত সোমাই ধানৰ মজ্জা অংশ খায়ফলত ধানৰ ঠোৰটো গোটা হৈ লাহে লাহে ৰঙা পৰি যায় ঠোৰটো টানি দিলে সহজেই ওলাই আহে
-      গেৰ ধৰা সময়ত ঠোৰৰ ভিতৰত সোমাই অনিষ্ট কৰিলে ধানৰ ঠোকটো ওলালেও পতান হয় আৰু বগা পৰি শুকাই যায়
মজ্জা-খোৱা পোকৰ নিয়ন্ত্রণ
-      কঠীয়াতলিত আক্ৰমণ কৰিলে ৰোৱাৰ আগতে কঠীয়া শোধন কৰিব লাগে প্ৰতি ১০ লিটাৰ পানীত ক্লৰপাইৰিফচ ২মি:লি: আৰু ইউৰীয়া ১০০ গ্ৰাম মিহলাই এটি মিশ্ৰণ প্ৰস্তুত কৰিব লাগে উক্ত মিশ্ৰণত ৩ ঘন্টাৰ বাবে কঠীয়াৰ শিপাখিনি ডুবাই লৈহে ৰোপন কৰিব লাগে
-      ৰোৱাৰ পিছত মজ্জা-খোৱা পোকৰ আক্ৰমণ চলি থাকিলে (প্ৰতি বৰ্গ মিটাৰত ১ টা মথ) প্ৰতি লিটাৰ পানীত ক্লৰপাইৰিফচ-২মি:লি: স্প্ৰে কৰিব লাগে

মজ্জা-খোৱা পোকৰ জৈৱিক নিয়ন্ত্রণ
-      ট্ৰাইকগ্ৰামা পোকৰ প্ৰায় ৭০০০ কণী প্ৰতি বিঘা ধাননি পথাৰত মেলি দিলে মজ্জা-খোৱা পোকৰ নিয়ন্ত্রণ হয় ইয়াৰ বাবে প্ৰতিখন ট্ৰাইককাৰ্ড ৬-১২ টুকুৰা কৰি পথাৰডৰাৰ বিভিন্ন স্থানত ধানৰ পাতত আঠা লগাই আঁৰি দিব লাগে
-      হালবোৱাৰ সময়ত নিমৰ খলিহৈ (প্ৰতি বিঘাত ১২-১৫ কিলোগ্ৰাম) প্ৰয়োগ কৰিলেও  মজ্জা-খোৱা পোকৰ কিছু পৰিমাণে নিয়ন্ত্রণ হয় ফেৰমণ ট্ৰেপৰ জৰিয়তেও মজ্জা-খোৱা পোক নিয়ন্ত্রণ কৰিব পাৰিপ্ৰতি বিঘা মাটিত ২ খন ট্ৰেপ ব্যৱহাৰ কৰিব লাগে




পাতমেৰোৱা পোক (Leaf Folder)
Cnapholocrocis medinails (guenee), Lepidoptera : Pyralidae
-      পাতমেৰোৱা পোকে ধানৰ পাত মেৰিয়াই তাৰ ভিতৰত সোমাই থাকে আৰু সেউজীয়া অংশখিনি খাই অনিষ্ট কৰে পিছত পাতখিলা বগা হৈ শুকাই যায়
-      বেছিকৈ আক্ৰান্ত হোৱা পথাৰডৰাত কোনো কোনো অংশ একেলেঠাৰিয়ে বগা হোৱা দেখা যায়
-      প্ৰতি জোপা ধান গছত এখিলাকৈ বেছি পাত অনিষ্ট কৰিলে প্ৰতি লিটাৰ পানীত ক্লৰপাইৰিফচ-২মি:লি: স্প্ৰে কৰিব লাগে
-      জৈৱিক কীটনাশক নহৰু,আদা আৰু কেঁচা জলকীয়াৰ মিশ্ৰণ স্প্ৰে কৰিব লাগে



টুপলিকটা পোক (Rice Case Worn)
Nymphula depunctalis guen (Lepidoptera : Pyralidae)

-      টুপলিকটা পোকে ধানৰ পাত ছুটি ছুটিকৈ কাটি অনিষ্ট কৰে পাতখিলা দীঘলে দীঘলে মেৰিয়াই আৰু ভাঁজ খাই ওলমি থাকেকিছুমান পাত পানীৰ ওপৰত ওপঙি থাকে
-      পানী বন্ধ হৈ থকা অংশত এই পোকৰ আক্ৰমণ বেছিকৈ পৰিলক্ষিত হয়
-      প্ৰতি জোপা ধান গছত এটা বা দুটা পাত আক্ৰান্ত  হলে প্ৰতি লিটাৰ পানীত  কুইনালফছ ২৫ ই.চি. (১ লিটাৰ পানীত ২.৫ মিলিলিটাৰ হিচাপে) স্প্ৰে কৰিব লাগে
-      কেৰাচিনত ডুবোৱা মৰাপাটৰ ৰছী ধাননিৰ ওপৰেদি চলাই দিলে বহূখিনি পোক নিয়ন্ত্রণ হয়
পিঁয়াজী পোক (Gall Madge)
Orseolla oryzae (Wood mason ) (Diptera : Cecidomyiidae)

-      এই পোকে আক্ৰমণ কৰিলে ধানৰ আগ পাত নলা আকৃতিৰ অৰ্থাৎ পিঁয়াজ পাতৰ সদৃশ হয় আৰু বেছিকে আক্ৰান্ত পথাৰত ধানগছৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়
-      প্ৰতি বৰ্গমিটাৰত এডালকৈ পোখা আক্ৰান্ত হলে ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগে

সেউজীয়া সোহনি পোক (Green Leaf Hopper)
Nephotettix virescens (distant) Homoptera : (Cicadellidae)

-      এই পোকে ধানৰ পাতৰ আগ অংশৰ সেউজীয়া অংশ খাই, আগবোৰ হালধীয়া পৰে আৰু বৃদ্ধি বাধাপ্ৰাপ্ত হয়
-      এই পোকে টুংৰু ভাইৰাছৰ বিজাণু বহন কৰি শস্যৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে বেছিকৈ আক্ৰান্ত পথাৰত প্ৰতি লিটাৰ পানীত ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগে
-      নিমতেল আৰু কৰছ গছৰ গুটিৰ তেল ১:৪ হিচাপে মিহলাই পানীৰ লগত স্প্ৰে কৰিলে এই পোক বহূ পাৰিমাণে নিয়ন্ত্রণ হয় আলি বা পথাৰৰ কাষৰ বন-বাত আদি আঁতৰাই পেলাব লাগে যাতে সেইবোৰত সিহতে কণী পাৰিব নোৱাৰে

মুগা বৰণীয়া সোহনি পোক (Brown Plant Hopper)
Nilaparvata lugens (STAL) Homoptera : Delphacidae


-      এই পোকে আক্ৰমণ কৰিলে পথাৰডৰা পুৰি ডেই যোৱা নিচিনা হয় আক্ৰান্ত পথাৰডৰাত ডোখৰ ডোখৰকৈ শুকাই যোৱা লক্ষণ দেখা যায়
-      পথাৰেদি খোজ কাঢ়ি গলে সোহনি পোকবোৰ উৰি ফুৰা দেখা যায়
-      প্ৰাপ্তবয়স্ক পোকবোৰে ধানগছৰ নিম্নাংশত পাতৰ ৰস শুহি খায় ধানৰ পাতবোৰ প্ৰথমে হালধীয়া হয় আৰু পিছত শুকাই যায়
-      বেছিকৈ আক্ৰান্ত পথাৰত ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগে
-      নিম তেল আৰু কৰছ গছৰ গুটিৰ তেল ১:৪হিচাপে মিহলাই পানীৰ লগত স্প্ৰে কৰিলে এই পোক বহু পৰিমাণে নিয়ন্ত্রণ হয়

হৰ্ল মেগট্ (Whorl Maggot)
Hydrellia spp (Diptera:Ephydridae)


-      ধানজোপাৰ কেন্দ্ৰীয় পাতৰ ৰং শেতা হৈ হালধীয়া হৈ পৰে আৰু লাহে লাহে শেতা হৈ পৰে
-      ধান ৰোৱাৰ ৩০ দিনৰ পিছত ২০ শতাংশ পাত আক্ৰান্ত হলে ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগে
-      নিমতেল আৰু কৰছ গছৰ গুটিৰ তেল ১:৪হিচাপে মিহলাই পানীৰ লগত স্প্ৰে কৰিলে এই পোক বহু পৰিমাণে নিয়ন্ত্রণ হয়

চৰহা পোক (Hispa)
Dicladispa armigera (oliver) (Coleoptera : Chrysomelidae)


-      আক্ৰান্ত ধানৰ পথাৰত চিৰিলা চিৰিলিকৈ বগা হৈ পৰে পাতৰ ভিতৰত পলুবোৰ সোমাই থাকে আৰু ৰদৰ পোহৰৰ ফালে দি চালে দেখা পোৱা যায়
-      আক্ৰান্ত পথাৰডৰা আঁতৰৰ পৰা চালে সম্পূৰ্ণ বগা ৰঙৰ হয়
-      পোকবোৰ জাক পাতি এডৰা ধাননিৰ পৰা আনডৰা ধননিলৈ বিয়পি পৰে
-      নিয়ন্ত্রণৰ বাবে গোটেই পথাৰডৰাতে সমূহীয়া ব্যৱস্থা লব লাগে
-      পথাৰত জেং পুতি দিব লাগে
-      বেছিকৈ আক্ৰান্ত পথাৰত ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগে


গোন্ধী পোক (Rice bug)
Leptocorisa oratorius (Hemiptera: Alydidae)


-      ধানৰ গাখীৰতী  অৱস্থাত এই পোকে আক্ৰমণ কৰে ফলত ধানবোৰ কলা হৈ পতান হৈ পৰে
-      গান্ধি পোকৰ আক্ৰমণ (প্ৰতি বৰ্গমিটাৰত ১-২ টা) লে বিঘাই প্ৰতি ২.-.০ কিলোগ্ৰাম মালাথিয়ন পাউদাৰ(%) ছটিয়াব লাগে আক্ৰান্ত পথাৰডৰা আঁতৰৰ পৰা চালে সম্পূৰ্ণ বগা ৰঙৰ হয়

শূৰ পোক Swarming Caterpillar (Spodoptera mauritia Boisduvalআৰু
ধানৰ ঠোক কটা পোক Climbing Cutworm (Mythimma separate walker)


সাধাৰণতে শালিধানত এই পোকবিধৰ আক্ৰমণ হয় যদিও বৰো আৰু আগতীয়া আহু ধানখেতিতো ইয়াৰ আক্ৰমণৰ সম্ভাৱনা নথকা নহয় বিশেষকৈ ধানৰ ঠোক কটা শূৰপোকবিধৰ আক্ৰমণৰ সম্ভাৱনা বেছি  ই ধানৰ ঠোকবোৰত আক্ৰমণ কৰি ঠাৰিবোৰ কাটি দিয়ে আৰু তলত পৰি যায় প্ৰতিজোপা ধানগছত এটাকৈ পলু দেখিলে পোকৰ আক্ৰন্ত পথাৰত ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগেএই পোকবিধৰ আগমন হোৱাৰ লগে লগে গোটেই পথাৰৰ কৃষকসকল সজাগ লাগে যাতে নিয়ন্ত্ৰণৰ বাবে সমূহীয়া ব্যৱস্থা লব পাৰিএইক্ষেত্ৰত অভিজ্ঞ কৃষি বিষয়া-কৰ্মীৰ উপস্থিতিত অনুমোদিত কীট-নাশক নাইবা অন্যান্য ব্যৱস্থাৱলী লব লাগে
ধানৰ ব্লাষ্ট ৰোগ:

-      পাতত মাকোৰ নিচিনা মুগা বৰণীয়া দাগ পৰিব পাৰে, যিটো ব্লাষ্ট বেমাৰৰ লক্ষণ হব পাৰে
-      যদি শস্যডৰাত শতকৰা ৫ ভাগত এই ৰোগ হৈছে,তেন্তে নিয়ন্ত্রণৰ বাবে কাৰ্বানডাজিম (প্ৰতি লিটাৰ পানীত ১ গ্ৰাম) ভেঁকুৰনাশক স্প্ৰে কৰিব

ব্ৰাউন লিফ স্পট
-    পাতত অৰ্দ্ধ বৃত্তাকাৰ মুগা বৰণীয়া দাগ পৰিব পাৰে, যিটো ব্ৰাউন লিপ স্পট বেমাৰৰ লক্ষণ হব পাৰে
-      যদি শস্যডৰাত শতকৰা ৫ ভাগত এই ৰোগ হৈছে,তেন্তে নিয়ন্ত্রণৰ বাবে কাৰ্বানডাজিম (প্ৰতি লিটাৰ পানীত ১ গ্ৰাম) ভেঁকুৰনাশক স্প্ৰে কৰিব


বৌখা পচা ৰোগ

-      বৌখা পচা ৰোগৰ (Sheath blight) লক্ষণ হল নকৈ মেল খাবলৈ ধৰা ধানৰ ঠোক আগুৰি থকা বৌখাবোৰ অনিয়মিত আকাৰৰ আৰু মুগা বৰণৰ হয় বৌখা পচা ৰোগৰ নিয়ন্ত্রণৰ বাবে কাৰ্বানডাজিম (১ গ্ৰাম প্ৰতি লিটাৰ পানীত) দুবাৰ স্প্ৰে কৰিব লাগে প্ৰথমবাৰ লক্ষণ দেখা পোৱাৰ লগে লগে আৰু দ্বিতীয়বাৰ ১০ দিনৰ পিছত স্প্ৰে কৰিব লাগে নিমৰ পৰা তৈয়াৰী ভেঁকুৰনাশক (৫মি:লি: প্ৰতি লিটাৰ পানীত) যেনে, নিমিন আদিও ব্যৱহাৰ কৰিব পাৰি
(কৃষি বিভাগ, অসম; অসম  কৃষি বিশ্ব-বিদ্যালয় আৰু ভাৰতীয়  কৃষি গৱেষণা পৰিষদৰ অনুমোদনাৱলীৰ আধাৰত  ‘এই  মাহৰ কৃষিশিতানটো যুগুতোৱা হৈছে)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান