প্ৰচুৰ সম্ভাৱনাপূৰ্ণ শণ খেতিৰ বিষয়ে কিছু কথা

মামনি হাজৰিকা

 (অসমৰ মাটিত প্ৰচুৰ সম্ভাৱনাপূৰ্ণ 'শণ-খেতি'ৰ (ইংৰাজীত, Sunhemp) এখন বৃহৎ বজাৰ আছে। নামনি অসমৰ বৰপেটা, ধুবুৰী, দৰং আৰু কামৰূপ জিলাৰ কোনো কোনো অঞ্চলত এই খেতিয়ে ইতিমধ্যে বাণিজ্যিক প্ৰসাৰতা লাভ কৰিছে। বৰ্তমান অসমতে ইয়াৰ গুটিৰ বজাৰ মূল্য প্ৰতি কুইন্টলত ৫০০০-৬০০০ টকা। জৈৱিকভাৱে কৰে বাবে অসমৰ শণ গুটিৰ চাহিদা আন্তৰ্জাতিক বজাৰত বেছি। কিছু ব্যৱসায়ীয়ে ইয়াৰ মুনাফা ইতিমধ্যে লৈ আছে। শণ গুটি দৰৱ আৰু চাবোন জাতীয় পৰিষ্কাৰক দ্ৰব্য (Detergent) প্ৰস্তুতকাৰী কোম্পানীবোৰত ব্যৱহাৰ হয় বাবে ইয়াৰ চাহিদা যথেষ্ট বেছি। অসমত এই খেতি যথেষ্ট ভাল হয় আৰু ইয়াৰ গুটি উদ্যোগত ব্যৱহাৰ হয় বাবে ইয়াৰ সম্ভাৱনা অতি বেছি। উল্লেখযোগ্য যে এই শণ-খেতিক সেউজ সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি- সম্পাদক, সেউজ চিন্তা)

শণ (Sunhemp) ল এবিধ চেঁইজাতীয় উদ্ভিদ ইয়াৰ উদ্ভিদ বৈজ্ঞানিক নাম হ- ক্ৰটেলেৰিয়া ঝানছিয়া এই শণ খেতি নামনি অসমৰ বিভিন্ন স্থানত কৃষকসকলে কৰি আহিছে যদিও অসমৰ কৃষি অৰ্থনীতিত ইয়াৰ প্ৰভাবৰ বিষয়ে এতিয়াও সজাগতা হোৱা নাই শণ (Sunhemp) উৎপত্তি স্থান হ ভাৰতবৰ্ষ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ইয়াক বিভিন্ন নামেৰে জনা যায় আমাৰ অসমৰ খেতিয়কসকলৰ মাজত বিশেষকৈ শণ খেতি বা শণ গুটি নামেৰেও জনা যায় আমাৰ ৰাজ্যত চৰ-চাপৰিবোৰত ইয়াৰ খেতি অধিক দেখা যায় আমাৰ বহুত খেতিয়কে বাৰিষাকালত খেতি নকৰে, যাৰ ফলত  অপতৃণবোৰ বেছিকৈ গজি উঠে বাৰিষাৰ আগতে এনে পথাৰবোৰত শণ খেতি কৰি মাটিডৰাক অপতৃণৰ পৰা ৰক্ষা কৰিব পাৰি শস্যক্ৰমত ইয়াক সেউজীয়া সাৰ হিচাবে ব্যৱহাৰ কৰি মাটিত নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ  যোগান ধৰিব পাৰি
শণ অতি সোনকালে বৃদ্ধি হোৱা শস্য ইয়াৰ খেতিৰ বাবে কোনো ধৰণৰ আপ-ডালৰ প্ৰয়োজন নহয় USDA(United State Department of Agriculture) মতে আমাৰ বেছিভাগ শস্যৰ উৎপাদন পোক-পৰুৱাৰ আক্ৰমণৰ বাবে কম নহয়, আচলতে অপতৃণৰ বাবেহে আমাৰ শস্যৰ উৎপাদন কমে যিহেতু অপতৃণ ৰোধৰ বাবে ইয়াৰ খেতি বিশেষকৈ কৰা হয়, ইয়াক সাধাৰণতে মাটিৰ লগত মৈয়াই দি তৰমুজ জাতীয় শস্যৰ বাবে মালচিং হিচাপে ব্যৱহাৰ কৰা হয় ইয়াক মাটিত প্ৰাকৃতিকভাৱে নাইট্ৰজেন যোগান ধৰিবলৈ ব্যৱহাৰ কৰা হয়

বালিঅঁহিয়াৰ পৰা মধ্যমীয়া বোকা মাটিত ইয়াৰ খেতি ভাল হয় বাৰিষাৰ আগে আগে পথাৰখন হালবাই প্ৰস্তুত কৰি লব লাগে পানী ওলাই যাব পৰা লাগে মাটিৰ অম্ৰতা . পৰা . লৈকে ইয়াৰ খেতি কৰিব পাৰি ইয়াৰ গুটিবোৰ সৰু সৰু হয় এক হেক্টৰ মাটিৰ বাবে ৮০ পৰা ৫০ কি:গ্ৰা: বীজৰ প্ৰয়োজন হয় মাটিভেদে ইয়াৰ খেতি আগষ্ট মাহৰ পৰা (ওখ মাটি) মাৰ্চলৈ (মাটি) সিচিব পাৰি বীজবোৰ মাটিত চটিয়াই পাতলকৈ মৈয়াই মাটিৰ তলত সুমুৱাই দিব লাগে
মূল পথাৰত ইয়াক বিশেষ আপডালৰ প্ৰয়োজন নহয় অপতৃণৰ নিচিনাকৈ বিয়পি নপৰে গছবোৰ টান আৰু বাঢ়ন ক্ষমতা বেছি গুটি সিঁচাৰ পিছত জলসিঞ্চনৰ প্ৰয়োজন হয় ওখ চেঁইজাতীয় শস্য আৰু ইয়াৰ উচ্চতা .২৫ মিটাৰৰ পৰা .৫০ মিটাৰলৈকে হয় ইয়াৰ ফুলবোৰ উজ্বল হালধীয়া ৰঙৰ, শিপাত টেমুনা থাকে আৰু মাটিৰ গভীৰলৈ যায় গছবোৰ ৮০-১০০দিন হোৱাৰ পিচত অৰ্থাৎ ফুল ফুলাৰ পিছত হালবাই মাটিত সুমুৱাই দিব লাগে এই সময়ত গছবোৰ .৭০ মিটাৰৰ পৰা . মিটাৰ পৰ্যন্ত হয় সাধাৰণতে মাটিৰ লগত পচি মিহলি বলৈ - সপ্তাহৰ প্ৰয়োজন হয় প্ৰথম ফুল ফুলাৰ সময়তে ইয়াক হালবাই মাটিত লগত মিহলাই দিলে মাটিত অধিক পৰিমাণৰ নাইট্ৰজেনৰ যোগান ধৰে প্ৰতিহেক্টৰ মাটিত ইয়াৰ পৰা ১২-১৪ টন শুকান জৈৱিক পদাৰ্থ পাব পাৰি

     আধুনিক যুগত শণৰ ব্যৱহাৰ বহুল প্ৰথমতে প্ৰাকৃতিক আঁহএই আঁহক মাছ মৰা জাল, ৰচী, ডাঙৰ ডাঙৰ জাহাজ বান্ধিবলৈ তৈয়াৰ কৰা ৰচী আদিত ব্যৱহাৰ কৰা হয় মাটিৰ উৰ্বৰতা আৰু স্বাস্থ্যৰ উন্নতি কৰে চেঁইজাতীয় শস্যৰ পৰিয়ালৰ হোৱা হেতুকে শিপাত টেমুনাৰ সৃষ্টি কৰি বায়ুমণ্ডলৰ নাইট্ৰজেন শিপাত আহৰণ কৰি মাটিত নাইট্ৰজেনৰ যোগান ধৰে

            ব্যৱহাৰিক প্ৰয়োগৰ ক্ষেত্রত খৰি হিচাপে ইয়াৰ গা-গছবোৰ ব্যৱহাৰ কৰিব পাৰিগ্ৰামাঞ্চলত ইয়াৰ গা-গছবোৰ পথাৰত অথবা ঘৰত জেওৰা, বেৰা আদি কামতো ব্যৱহাৰ কৰে অপতৃণ ৰোধ কৰাৰ লগতে মাটিত পুষ্টি, খনিজলৱন সংযোজন কৰি শস্য উৎপাদন বৃদ্ধিত সহায় কৰে মাটিৰ ক্ষয়ৰোধক আৰু মাটিৰ স্বাস্থ্য ৰক্ষা কৰাত ভুমিকা পালন কৰে শস্যৰ শিপাত থকা শস্যকৃমি নিয়ন্ত্রণ কৰেবৰ্ত্তমান সময়ত Sunhemp পৰা ইন্ধন নিষ্কাষণ কৰি ইন্ধনসমূহ ব্যৱহাৰিক কামত ব্যৱহাৰৰ ওপৰত বিভিন্ন দেশত গৱেষণা চলাই থকা হৈছেইয়াৰ পৰা বিভিন্ন জৈৱ ইন্ধন কেনেকৈ উচ্চ মাত্রাত নিষ্কাষণ কৰিব পাৰি তাৰে বিভিন্ন পৰীক্ষা গৱেষক সকলে কৰি আছেইন্ধনৰ জগতখনত এই জৈৱ ইন্ধনৰ প্ৰয়োগে নিশ্চয় ভৱিষ্যত পৃথিৱী খনৰ উন্নয়নৰ পদক্ষেপ

লেখিকাৰ ঠিকনা: মহকুমা কৃষি বিষয়া, কৃষি সঞ্চলকালয়, খানাপাৰা, গুৱাহাটী-২২

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান