পুখুৰীৰ পানী ঘোলা হোৱাৰ সমস্যা
✍️ড:
বিভা চেতিয়া বৰা
পুখুৰীত
মাছ পালন কৰোঁতে দেখা দিয়া সমস্যাসমূ্হৰ ভিতৰত এটা সততে দেখা দিয়া সমস্যা হৈছে
পুখুৰীৰ পানী অতিমাত্ৰা ঘোলা হোৱা বা অতিমাত্ৰা আবিলতাৰ সমস্যা। পানীৰ বিভিন্ন
গভীৰতাত উপঙি থকা বা পানীত মিহলি হৈ থকা বোকা, মাটি,
জৈৱিক পদাৰ্থৰ কণা, শেলাই, প্লাংকটন আদিৰ বাবেই পানী ঘোলা হয়।
ঘোলা পানীয়ে মাছৰ ক্ষতি কেনেকৈ কৰে
অতিমাত্ৰা
ঘোলা পানীত থাকিব লগা হোৱা মাছে উশাহতে ঘোলা পানীকে দেহৰ ভিতৰলৈ টানি লবলগীয়া
হয়। ঘোলা পানীৰ লগত অহা আৱৰ্জনাই মাছৰ উশাহ-নিশাহৰ প্ৰধান অংগ ফুলৰ
অম্লজান শোষণ কৰা ৰন্ধ্ৰসমূহ বন্ধ বন্ধ কৰি দিয়াৰ ফলত মাছৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে বা মাছটো দূৰ্বল হৈ পৰি বিভিন্ন ৰোগৰ চিকাৰ হব পাৰে। বেচি ঘোলা
পানীত সূৰ্যৰ ৰশ্মি ভালদৰে নুসোমোৱাৰ ফলত পানীত থকা ফাইটোপ্লাংকটন আৰু অন্যান্য
নিমজ্জিত জলজ উদ্ভিদৰ আলোকসংশ্লেষণ প্ৰক্ৰিয়াৰ হাৰ হ্ৰাস পায়। ফলত মাছৰ বাবে
দ্ৰৱীভূত অম্লজানৰ নাটনি হয়। এনে অৱস্থাত মাছবোৰে পানীৰ উপৰিভাগত ক’মাব পাৰে আৰু মৃত্যু পৰ্যন্ত হ'ব পাৰে। পৰ্যাপ্ত
সূৰ্যৰ ৰশ্মিৰ অভাৱত মাছৰ প্ৰাকৃতিক খাদ্য প্লাংকটন, পেৰিফাইটন
আদিৰ উৎপাদন কমি যাব পাৰে। এক কথাত কবলৈ গ'লে অতিমাত্ৰা
ঘোলাপানীত মাছৰ উৎপাদন আশানুৰূপ নহয়।
পুখুৰীৰ পানী ঘোলা হোৱাৰ কাৰণ:
পুখুৰীৰ পানী
ঘোলা হোৱাৰ কাৰণ কেবাটাও। তাৰ ভিতৰত
সাধাৰণ কাৰণ হ'ল, পুখুৰীৰ পাৰটো বিজ্ঞানসন্মতভাবে নিৰ্মাণ নকৰা। নতুনকৈ
নিৰ্মিত পুখুৰীৰ পাৰৰ মাটি উন্মুক্ত হৈ থাকিলে আৰু পাৰৰ ওপৰৰ মাটি ঢিলা হৈ থাকিলে বৰষুণৰ পানীয়ে পাৰৰ মাটি খান্দি পুখুৰীত পেলায়। পাৰৰ মাটি
ঢিলা হৈ থাকিলে বা মাটিৰ মাজত সুৰুঙা থাকিলেও বাহিৰৰ পানী নিজৰি নিজৰি পুখুৰীলৈ
সোমায়। এনেকৈ সোমোৱা পানীয়ে লগত বোকা, বালি আদি লৈ আনি পুখুৰীৰ পানী ঘোলা কৰে। সেই কাৰণে পাৰটো নিৰ্মাণ কৰোতেই
আৰম্ভণিৰ পৰা ভালদৰে ধুমুচ দি তৰপে তৰপে আলতীয়া মাটি দি পুনৰ ধুমুচ দি মাটি আট
খুৱাই পেলাব লাগে। তাৰপিছত তাত বাঁহপতীয়া ঘাঁহ আৰু অন্যান্য
গছ (কলগছ আদি) ৰুই দিব লাগে যাতে পাৰটোক বৰষুণৰ টোপালৰ প্ৰত্যক্ষ আঘাটৰ পৰা ৰক্ষা
কৰিব পৰা যায়। ঘাঁহ আৰু অন্যান্য গছৰ শিপাই পাৰৰ মাটি খামুচি ধৰি খহি যোৱাৰ পৰা
বচায়। পাৰা জাতীয় ঘাঁহো পাৰৰ কিনাৰত ৰুই দিব পাৰে।
দ্বিতীয়
সাধাৰণ কাৰণ হ'ল, কালি
অনুপাতে পুখুৰীৰ পানী মাছৰ সংখ্যা অধিক হোৱা। পুখুৰীৰ তলী অংশত খাদ্য খোৱা মাছ
তেনে কমনকাৰ্প, মিৰিকা, মালি আদিৰ
সংখ্যা প্ৰয়োজনতকৈ অধিক হ'লে পুখুৰীৰ পানী ঘোলা হোৱাৰ
সম্ভাৱনা বৃদ্ধি পায়। কাৰণ এইবোৰ মাছে খাদ্যৰ সন্ধানত পুখুৰীৰ তলীৰ মাটি খুছৰি
পানী ঘোলা কৰে। তাতে যদি পুখুৰীৰ মাটি আলতীয়া নহৈ বালিয়া হয়, তেতিয়া এই সমস্যা অধিক গম্ভীৰ হ'ব পাৰে।
মাছৰ
সংখ্যা পুখুৰীৰ পানী কালি অনুপাতে মেলাৰ লগতে নিৰ্দিষ্ট পৰিমাণৰহে জৈৱিক সাৰ আৰু
পৰিপূৰক খাদ্য যোগান ধৰা উচিত। অতিমাত্ৰা সাৰ আৰু জৈৱিক আৱৰ্জনাই শেলাইকে ধৰি
অন্যান্য অপতৃণ আৰু সূক্ষ্ম জীৱৰ অতিবৃদ্ধি কৰি পানী ঘোলা কৰাৰ লগতে পানীৰ আন
গুণাগুণ সমূহতো কু-প্ৰভাৱ পেলায়। পালন পুখুৰীৰ পানীৰ গভীৰতা যাতে কোনো ঋতুতে ১.৫
মিটাৰৰ কম নহয় তালৈ লক্ষ্য ৰাখিব লাগে।
মাছ
উৎপাদনৰ বাবে একেবাৰে ফটফটিয়া নিৰ্মল পানীৰ প্ৰয়োজন বুলি ভবাটোও ভুল। পুখুৰীত মাছৰ উৎপাদনৰ বাবে প্ৰয়োজন হোৱা প্লাংকটন আৰু অন্যান্য খাদ্য
কণাবোৰে যিহেতু পানীৰ বিভিন্ন গভীৰতাত উপঙি থাকে, এইবোৰে
কিছু পৰিমাণে পানীৰ আবিলতাৰ সৃষ্টি কৰাতো স্বাভাৱিক। এতেকে একেবাৰে ফটফটিয়া
পুখুৰীৰ তলী দেখা পানীত মাছ উৎপাদনৰ বাবে প্ৰয়োজনীয় পুষ্টি বা প্ৰাথমিক উৎপাদকতা
কম বুলি একে আষাৰে ক'ব পাৰি।
এতিয়া
কথা হ'ল কিমান পৰিমানৰ আবিলতা মাছ উৎপাদনৰ বাবে সুবিধাজনক? ইয়াৰ বাবে মীনপালকসকলে এটা চেপেটা শিলত বা লোহাত (বা তেনে কোনো পানীত
সহজে ডুব যোৱা গধুৰ সামগ্ৰী) ক'লা-বগা ৰং সানি লৈ এডাল দীঘল ৰছীৰ আগত ভালদৰে বান্ধি লওক। ৰছীডালতো এফুটৰ
অন্তৰে অন্তৰে চিন দি বা গাঁঠি দি লৈ পানীত ডুবাই ধৰক। যদি আপুনি ওপৰৰ পৰা পানীৰ
এফুট (৩০ চেন্টিমিটাৰ) গভীৰতালৈকে ক'লা বগা ৰং টো স্পষ্টকৈ
দেখি আছে, তেন্তে এই
পৰিমাণৰ আবিলতা থকা পানী মাছ উৎপাদনৰ বাবে সুবিধাজনক।
উপৰোক্ত
সাৱধানতা খিনি অৱলম্বন কৰাৰ লগতে নিয়মীয়াকৈ নিৰ্দিষ্ট পৰিমাণৰ চূন বিধি অনুযায়ী
প্ৰয়োগ কৰি থাকিলে পুখুৰীৰ পানী অতিমাত্ৰা ঘোলা নোহোৱাকৈ ৰাখিব পাৰি। মীনপালকসকললৈ
অনুৰোধ যাতে তেখেতসকলে অনুমোদন নথকা যিকোনো ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ নকৰে।
লেখিকাৰ ঠিকনা: প্ৰধান
বিজ্ঞানী, মীন গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ব-বিদ্যালয়, যোৰহাট