ক্ষুদ্ৰ পৰ্যায়ত শাক-পাচলিৰ সংৰক্ষন আৰু সংসাধন


 ★ সতেজ পাচলিয়ে বজাৰত উপযুক্ত দাম পাবলৈ সক্ষম হয় যদিও এইবোৰক সোনকালে বিক্ৰি কৰিব লগীয়া হয়। সেয়ে, দীৰ্ঘ সময়ৰ ব্যৱহাৰৰ বাবে শাক-পাচলি চপোৱাৰ পিছত সেইবোৰক বিভিন্ন পদ্ধতিৰে শোধন আৰু সংসাধন কৰিবলগীয়া হয়।

★ শাক-পাচলি সংৰক্ষনৰ সকলো প্ৰযুক্তি-কৌশলৰ উদেশ্যে হ’ল- শাক-পাচলিৰ জীৰ্ণ হোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰা বা ইয়াক দীঘলীয়া কৰা। অন্য কথাত, শাক-পাচলিৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া হ্ৰাস কৰা।

★ অৱশ্যে,চপোৱাৰ সময়ত শাক-পাচলিৰ পূৰঠ অৱস্থা আৰু ভৌতিক কাৰকসমূহৰ বিষয়ে গুৰুত্ব দিব লাগিব

★  তদুপৰি, শাক-পাচলি চপোৱা আৰু ইয়াৰ পৰা প্ৰস্তুত দ্ৰব্য মাজৰ সময়খিনি যিমান পাৰি সিমান কম হব লাগে।

★ অনুজীৱৰ সংক্ৰমণৰ দ্বাৰা যাতে পাচলি পচি যাব নোৱাৰে তাৰবাবে কিছুমান ব্যৱস্থা লোৱাতো দৰকাৰ। শাক-পাচলি চিঙোতে যাতে আঘাটপ্ৰাপ্ত নহয় তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে। কিয়নো এই আঘাটবোৰেদি অনুজীৱৰ সংক্ৰমণ হয় আৰু শাক-পাচলি সোনকালেই পচিবলৈ ধৰে।

★ প্ৰাথমিক সংসাধন পৰ্যায়ত শাক-পাচলি বাচনি কৰা, চাফা কৰা ইত্যাদি কাৰ্যসমূহ কৰা হয়।

★ দ্বিতীয় পৰ্যায়ত পৰিষ্কাৰ কৰা শাক-পাচলিবোৰ ব্যৱহাৰ কৰা হয়। এই পৰ্যায়ত শ্ৰেণী বিভাজন কৰা, টুকুৰা কৰা, বৰ্নহীন কৰা আৰু সংসাধন কৰা (হিমায়িত আৰু শুকুৱা), টোপোলা বন্ধা আৰু সংৰক্ষন কৰা।

★ শুকুৱাঃ শাক-পাচলিৰ কোষৰ পৰা পানী শুকুৱা বা নিৰ্জলীকৰণ কৰিলে ইয়াক বহুদিনলৈ বালে ৰাখিব পাৰি। পিছত এনেবোৰ পাচলিক ব্যৱহাৰ কৰাৰ আগেয়ে পুনৰ পানীত তিয়াই লব পাৰি।

★ হিমায়িত কৰাঃ শাক-পাচলিক হিমায়িত কৰিলে ইয়াত থকা পানীভাগ হ্ৰাস হয়। ফলত অনুজীৱৰ সংক্ৰমণ বাধাপ্ৰাপ্ত হয় আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা শাক-পাচলি নষ্ট হৈ যোৱাৰ সম্ভাৱনা হ্ৰাস হয়।

শাক-পাচলি চপোৱাৰ পৰৱৰ্তী কাৰ্য প্ৰণালীঃ

প্ৰাথমিক সংসাধন

শাক-পাচলি
চপোৱা
বাচনি কৰা
পৰিষ্কাৰ কৰা
পৰিবহন

শাক-পাচলি কেনেকৈ চপাব লাগেঃ

-      ✅ পূৰঠ অৱস্থাত শাক-পাচলি চিঙিব লাগে

-   ✅  পাচলিবোৰত কোনো আঘাট, নষ্ট হোৱা অংশ বা পচা অংশ থাকিব নেলাগে

-      ✅  শাক-পাচলি হাতেৰে চিঙা পদ্ধতিটোৱেই উত্তম পদ্ধতি

-  ✅  ফলমূল আৰু শাক-পাচলি গছজোপা জোকাৰি চিঙিব নেলাগে



-      ✅  ফলমূল আৰু শাক-পাচলি তলসৰা হব নেলাগে

-      ✅  পাচি বা খৰাহীত অতিৰিক্ত ভৰাব নেলাগে

-      ✅  চেপা বা হেঁচা খাব নেলাগে

-  ✅  ফলমূল আৰু শাক-পাচলি চিঙাৰ পিছত মজুত কৰা স্থানৰ উঞ্চতা হ্ৰাস কৰিব লাগে। ১০ ডিগ্ৰি উঞ্চতাতকৈ কম হ’লে সংৰক্ষন-কাল বৃদ্ধি হয়। ইয়াৰবাবে নিম্নলিখিত ব্যৱস্থাসমূহ লব লাগে

👉দিনটোৰ একবাৰে কম উঞ্চতাৰ সময়তহে, বিশেষকৈ ৰাতিপুৱা সময়ত শাক-পাচলি চিঙিব লাগে

👉  চিঙাৰ পিছত ফলমূল আৰু শাক-পাচলিবোৰ ছাঁ-পৰা ঠাইত মেলি থ’ব লাগে

👉  যদি সুবিধা হয়, চিঙাৰ পিছতে ঠাণ্ডা বা বৰফৰ পানী ছটিয়াব লাগে

ফলমূল আৰু শাক-পাচলি বাচনি কৰাঃ


-     ✅  পাচলি আৰু ফলমূলত থকা লেতেৰা ধুলি-মাকতি, জাৱৰ-জোথৰ আদি পৰিষ্কাৰ কৰিব লাগে।

-      ✅  অপৈণত ফলমূল আৰু শাক-পাচলিবোৰ পৃথকে ৰাখিব লাগে

-      ✅  বেমাৰী, আঘাটপ্ৰাপ্ত আৰু বেছিকে পকা ফলমূল আৰু শাক-পাচলিবোৰ পৃথক কৰিব লাগে


পৰিষ্কৰণঃ

✅  ফলমূল আৰু শাক-পাচলিবোৰ খোৱাৰ বাবে উপযুক্ত পৰিষ্কাৰ, বীজাণুমুক্ত পানীৰ দ্বাৰা চাফা কৰব লাগে। লেতেৰা পানী কেতিয়াও ব্যৱহাৰ কৰিব নেলাগে। কিয়নো এইবোৰৰ পৰা বেক্টেৰীয়া সংক্ৰমণ হ’ব পাৰে।

টোপোলা বন্ধা বা পেকিং কৰাঃ

-      ✅  নিৰ্দিষ্ট জোখতহে ফলমূল আৰু শাক-পাচলি বাস্কেট বা পাচিত ভৰাব লাগে। অতিৰিক্তভাবে ভৰালে সেইবোৰ হেঁচা খাই নষ্ট হ’ব পাৰে

মজুত কৰাঃ

✅  ফলমূল আৰু শাক-পাচলি কেনেকৈ মজুত কৰা হয় তাৰ ওপৰতো সংৰক্ষন-কাল নিৰ্ভৰ কৰে। মজুত কৰা স্থানৰ উঞ্চতা, আদ্ৰতা আৰু বায়ু চলাচল কৰা দিশকেইটাৰ ওপৰত গুৰুত্ব দিব লাগিব।

উঞ্চতাঃ কিমান উঞ্চতাত ৰাখিব লাগিব লাগিব সেইটো নিৰ্ভৰ কৰিব ফলমূল আৰু শাক-পাচলিৰ ধৰণ আৰু সেইবোৰৰ কেনেকুৱা জলবায়ু অঞ্চলৰ। যিবিলাক উঞ্চ জলবায়ু অঞ্চলৰ, সেইবিলাকে ঠাণ্ডা সহ্য কৰিব নোৱাৰে আৰু তেনেবোৰক ১২ ডিগ্ৰী উঞ্চতাতকৈ অধিক উঞ্চতাত ৰাখিব লাগিব। যিবিলাক ঠাণ্ডা জলবায়ু অঞ্চলৰ তেনেবোৰক ‘০’ ডিগ্ৰী উঞ্চতাতকৈ কম উঞ্চতাত ৰাখিব লাগিব। ফলমূল আৰু শাক-পাচলিৰ ক্ষেত্ৰত সাধাৰণতে তিনিধৰণৰ উঞ্চতা নিৰ্দ্ধাৰণ কৰা হয়।

-      ‘০’ পৰা ‘৪’ ডিগ্ৰী উঞ্চতালৈ

-      ‘৪’ পৰা ‘৮’ ডিগ্ৰী উঞ্চতালৈ

-      ‘৮’ ডিগ্ৰী উঞ্চতাতকৈ অধিক

আদ্ৰতাঃ

    বায়মণ্ডলত কিমান জলীয় বাস্প থাকে তাৰ মাপকাঠি হ’ল আদ্ৰতা। ইয়াক ‘%’- শতাংশত প্ৰকাশ কৰা হয়। একেবাৰে শুকান বায়ু হ’লে ০% আৰু সৰ্বোচ্চ সেমেকা হ’লে ১০০% বুলি ধৰা হয়। ফলমূল আৰু শাক-পাচলি মজুত কৰা স্থানৰ আদ্ৰতাৰ ওপৰতো সংৰক্ষন-কাল নিৰ্ভৰ কৰে। চিঙি অনাৰ পিছত সতেজ ফলমূল আৰু শাক-পাচলিত ৯০% পানী থাকে। যদি শুকান স্থানত মজুত কৰা হয়, তৎক্ষনাত সেইবোৰৰ পৰা বাস্পীভৱন হৈ পানীভাগ ওলাই যাব আৰু সোঁতোৰা পৰিব। তদুপৰি, উঞ্চতা বেছি হলে বাস্পীভৱনো বেছি হয়। সেয়ে প্ৰায়ভাগ ফলমূল আৰু শাক-পাচলি ৮৫-৯৫% আদ্ৰতাত ৰাখিব লাগে। ইয়াৰবাবে, ফলমূল আৰু শাক-পাচলিবোৰ কোঠাৰ সাধাৰণ উঞ্চতাতে ৰাখি তাৰ ওপৰত পলিথিনেৰে ঢাকি দিব লাগে। মজুত কৰাৰ আগেয়ে সেইবোৰত পানী ছটিয়াব লাগে।

মজুত কৰা স্থানৰ বায়ু চলাচলঃ

    মজুত কৰা কোঠাবোৰত পৰ্যাপ্ত পৰিমাণে বায়ু চলাচল কৰিব পৰাকৈ সুৰুঙা থাকিব লাগে যাতে ভিতৰত উঞ্চতা বৃদ্ধি হৈ ফলমূল আৰু শাক-পাচলি নষ্ট কৰিব নোৱাৰে। তদুপৰি ভিতৰখন সেমেকা হৈ থাকিলে যদি উঞ্চতা বাঢ়ি থাকে তেতিয়া সেইবোৰ সোনকালেই নষ্ট হব। অনুকূল উঞ্চতা আৰু আদ্ৰতাৰ পৰিমাণ কিছুমান শাক-পাচলি আৰু ফলমূলৰ তালিকা-ক ত দিয়া হৈছে।

সামগ্ৰীৰ নাম

উঞ্চতা (ডিগ্ৰী ছেন্টিগ্ৰেড)

আদ্ৰতা (%)

সতেজ কাল

ফলমূল:

 

 

 

১। আপেল

০ৰ পৰা ২

৯০-৯৫

১-১২ মাহ

২। আঙুৰ

-১ ৰ পৰা ৫.০

৯০-৯৫

১-৬ মাহ

৩। পনিয়ল

-০.৫ ৰ পৰা ০

৯০-৯৫

২-৫ সপ্তাহ

৪। ছেৰি

-১ পৰা -০.৫

৮৫

২-৩ সপ্তাহ

৫। নুনীফল

০ ৰ পৰা ৫

৯০-৯৫

১-৩ সপ্তাহ

শাক-পাচলি:

 

 

 

গাজৰ

৯৮-১০০

১-৬ মাহ

ভেন্দি

৭-১০

৯০-৯৫

৭-১০ দিন

কেপচিকাম

৭-১৩

৯০-৯৫

২-৩ সপ্তাহ

জলকীয়া

০-১০

৯০-৯৫

৬ মাহ

আগতীয়া আলু

১০-৬

৯০-৯৫

১০-১৪ দিন

শেহতীয়া আলু

৪.৫-১৩

৯০-৯৫

৫-১০ মাহ

ৰঙালাও

১০-১৩

৫০-৭৫

২-৩ মাহ

পালেং

৯৫-১০০

১০-১৪ দিন

বিলাহী (পূৰঠ সেউজীয়া)

১৮-২২

৯০-৯৫

১-৩ সপ্তাহ

বিলাহী (টান পকা)

১৩-১৫

৯০-৯৫

৪-৭ দিন

 তালিকা-ক

ইথিলিন গেছৰ অপকাৰিতাঃ

    কিছুমান ফলমূল আৰু শাক-পাচলিয়ে পুৰঠ বা পকাৰ পিছত ‘ইথিলিন’ নামৰ এবিধ গেছ প্ৰস্তুত কৰে আৰু ইয়াৰ সংস্পৰ্শলৈ অন্য কিছমান ফলমূল আৰু শাক-পাচলি আহিলে সেইবোৰো পকি যাব পাৰে। খুউব বেছিকৈ ইথিলিন প্ৰস্তুত কৰা ফলমূল হ’ল- পকা কল আৰু আপেল।  

পৰিবহনঃ

-     ✅  যিমান পাৰি সোনকালে খেতি-পথাৰৰ পৰা শাক-পাচলি কাৰাখানালৈ পৰিবহন কৰিব লাগে যাতে উচ্চ উঞ্চতাৰ দ্বাৰা সেইবোৰ লোকচান নহয়।

-      ✅  পৰিবহনৰ সময়ত যাতে শাক-পাচলিবোৰ ঘঁহনি খাই, চেপা খাই আঘাটপ্ৰাপ্ত নহয় তাৰবাবে সাৱধানতা অৱলম্বন কৰিব লাগে

-      ✅  শাক-পাচলিবোৰ বোজাই কৰোতে যাতে তাৰ মাজত বায়ু চলাচল কৰিব পাৰে

 কাৰাখানাত নমোৱা আৰু আগতীয়া হিমায়িত কৰাঃ

-      ✅  কাৰাখানাত শাক-পাচলি অনাৰ পিছতে সেইবোৰ ওজন কৰা হয়। সেইবোৰ যাতে ঘঁহনি বা আঘাটপ্ৰাপ্ত নহয়

-     ✅  আগতীয়াকৈ হিমায়িত কৰিবৰ বাবে শাক-পাচলিবোৰত পানী ছটিয়াব লাগে যাতে সেইবোৰৰ উত্তাপ হ্ৰাস পায়।

শ্ৰেণী বিভাজনঃ গুণগতভাবে শাক-পাচলিবোৰ শ্ৰেণী বিভাজন কৰা, প্ৰয়োজনীয় অংশবোৰ পৃথক কৰা। বেয়া পাচলিবোৰ, আঘাটপ্ৰাপ্ত পাচলিবোৰ পৃথক কৰা।

পৰিষ্কৰণ আৰু বীজাণুমুক্ত কৰাঃ শাক-পাচলি সংসাধনৰ এই প্ৰক্ৰিয়াটো অতি দৰকাৰী। পাচলিত থকা ধুলি-বালি আৰু অন্য লেতেৰাবোৰ আঁতৰাবলৈ এই প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়ত কৰা হয়-

নিমজ্জনঃ যদিও এই প্ৰক্ৰিয়াটো উপযুক্ত নহয়, তথাপি প্ৰাথমিক অৱস্থাত ইয়াক দৰকাৰ হয়। তেতিয়া কেইবাবাৰো পানী সলাই সেইবোৰ পৰিষ্কাৰ কৰিব লাগে।

পানী লৰাই থাকি পৰিষ্কৰণঃ নিমজ্জন প্ৰক্ৰিয়াতকৈ এই প্ৰক্ৰিয়া উত্তম। বায়ুৰ চাপৰ সহায়ত এই প্ৰক্ৰিয়াৰ দ্বাৰা পৰিষ্কাৰ কৰা হয়।

স্প্ৰেৰ সহায়ত পৰিষ্কৰণঃ এই প্ৰক্ৰিয়াটো সবাতোতকৈ উত্তম। মেচিনৰ সহায়ত শাক-পাচলিত পানী জোৰেৰে স্প্ৰে কৰি পৰিষ্কাৰ কৰা হয়।

নিৰ্গমনঃ পৰিষ্কাৰ কৰাৰ পিছত পাচলিত লাগি থকা অতিৰিক্ত পানীখিনি নোহোৱা কৰিবলৈ প্ৰাকৃতিকভাবে নাইবা মেচিনৰ সহায়ত কৰা এই প্ৰক্ৰিয়াতো অতি দৰকাৰী

দ্বিতীয় পৰ্যায়ৰ সংসাধন

বাচনি কৰা আৰু আগতীয়া হিমায়িত কৰা

বাকলি গুচোৱা আৰু কটা

ভাপত দিয়া

সংসাধন কৰা

টোপোলা বন্ধা

সংৰক্ষন কৰা

 

বাচনি কৰাঃ

    আকাৰ আৰু আকৃতি, ৰং, গঠন, দাগ আৰু কীটৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি শাক-পাচলিবোৰ বেলেগে বেলেগে হাতেৰে নাইবা মেচিনৰ সহায়ত বাচনি কৰা হয়।

বাকলি গুচোৱা আৰু কটাঃ

-          সংসাধনৰ বাবে প্ৰয়োজন হোৱাকৈ পাচলিবোৰ কটা হয়। পৰ্যায়বোৰ হ’ল- বাকলি গুচোৱা, টুকুৰা কৰা, গুটি গুচোৱা আৰু বেয়া অংশবোৰ আঁতৰাই পেলোৱা

-      বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি টুকুৰাবোৰৰ আকাৰ নিৰ্ণয় কৰা হয়।

ভাপত দিয়াঃ

-         পানীৰ ভাপত দি শাক-পাচলিখনি সংসাধন কৰা। ইয়াৰ প্ৰধান উদেশ্যে হ’ল- শাক-পাচলিৰ কোষৰ পৰা বায়ু নিষ্কাশন কৰা, সংৰক্ষনৰ সময়ত জাৰণ বিক্ৰিয়া হ্ৰাস কৰা, পাচলিৰ ৰঙৰ স্থায়িত্ব বা বৃদ্ধি কৰা, অণুজীৱৰ সংক্ৰমণ হ্ৰাস কৰা, পাচন প্ৰক্ৰিয়া বন্ধ কৰা আৰু অকটা গোন্ধ আৰু সোঁৱাদ নাইকীয়া কৰা।

সংসাধণ কৰাঃ

    এই প্ৰক্ৰিয়াত পাচলিখিনিৰ পৰা পানী নিষ্কাশন কৰা বা হিমায়িত কৰা

টোপোলা বন্ধা আৰু সংৰক্ষনঃ

    শাক-পাচলিৰ সংসাধন প্ৰক্ৰিয়া অনুযায়ী টোপোলা বন্ধা হয়

ফলমূল আৰু শাক-পাচলি কেনেকৈ নষ্ট হয়?

➤ ফলমূল আৰু শাক-পাচলি সতেজ আৰু খাদ্যপযোগী হৈ থকা সময়চোৱাই হ’ল অতি গুৰুত্বপূৰ্ণ। কিছুমান শাক-পাছলি চিঙাৰ পিছত বহুদিনলৈকে সতেজ কৰি ৰাখিব পাৰি আৰু কিছুমান অতি সোনকালে বেয়া হৈ যায় আৰু বেছি দিনলৈ সংৰক্ষন কৰি ৰাখিব নোৱাৰি।

➤ ফলমূল আৰু শাক-পাচলি নষ্ট হৈ যোৱাৰ কিছুমান কাৰক হল-

-      ➤ ফলমমুল আৰু শাক-পাচলিৰ উৎসেচক দ্ৰব্য বা এনজাইম

-      ➤ অণুজীৱ (ভেঁকুৰ, বেক্টেৰীয়া আদি)

-      ➤ পৰিবেশীয় কাৰক যেনে, উঞ্চতা, আদ্ৰতা আৰু সূৰ্যৰ পোহৰ

ফলমমুল আৰু শাক-পাচলিৰ উৎসেচক দ্ৰব্য বা এনজাইম

    ফলমমুল আৰু শাক-পাচলি যেতিয়ালৈকে গছত থাকে তেতিয়ালৈকে এইবোৰৰ বৃদ্ধি, পূৰঠ আৰু পকিবলৈ প্ৰাকৃতিক ৰাসায়নিক দ্ৰব্যৰ (উৎসেচক দ্ৰব্য বা এনজাইম) কাৰণে হয়। পকা কাৰ্যটো গছৰ পৰা চিঙি অনাৰ পিছতো চলি থাকে। যদি বেছিকৈ পকে নাইবা চিঙোতে বা চিঙাৰ পিছত আঘাটপ্ৰাপ্ত হলে সেইবোৰ নষ্ট হব পাৰে আৰু খোৱাৰ অনুপযোগী হয়। সেয়ে, উৎসেচক দ্ৰব্য বা এনজাইমৰ ক্ৰিয়া বন্ধ কৰাতো প্ৰয়োজন হয় আৰু উত্তাপৰ জৰিয়তে এই কাম কৰিব পাৰি।

অণুজীৱ (ভেঁকুৰ, বেক্টেৰীয়া আদি)

➤ অণুজীৱবোৰ পানী, মাটি, বায়ুৰ লগতে ফলমুল-শাক-পাচলিৰ বাকলি আৰু সেইবোৰ চুই থকা ব্যক্তিৰ সংস্পৰ্শত থাকিব পাৰে। ইয়াৰে কিছুমান উপকাৰী আৰু আন কিছুমান অপকাৰী, আনকি কিছুমান বিপদ্জনকো।

➤ বেক্টৰীয়াবোৰ শাক-পাচলি আৰু ফলমূলৰ বাকলিত থাকে আৰু সেইবোৰক যদি বৃদ্ধি হবলৈ দিয়া হয় শাক-পাচলি আৰু ফলমূলবোৰ গেলিবলৈ ধৰে আৰু পিছত পচি যায়। তদুপৰি শাক-পাচলি আৰু ফলমূলবোৰ যেতিয়া চিঙোতে আঘাটপ্ৰাপ্ত হয় বা সেইবোৰত ফুটা থাকে তেতিয়া বেক্টৰীয়াবোৰ ভিতৰলৈ সোমাই যায়।

পৰিবেশ- উচ্চ আৰু নিম্ন উঞ্চতা, আদ্ৰতা আৰু সূৰ্যৰ পোহৰঃ

➤ নিম্ন উঞ্চতাতকৈ উচ্চ উঞ্চতাই অতি সোনকালে শাক-পাচলি আৰু ফলমূল নষ্ট কৰিব পাৰে। কাৰণ বেক্টৰীয়াবোৰে উচ্চ উঞ্চতাত খৰকৈ বৃদ্ধি হয়।

➤ উচ্চ উঞ্চতাই শাক-পাচলি আৰু ফলমূলৰ পৰা পানীভাগ উৰি যোৱাত সহায় কৰে আৰু যিয়ে সেইবোৰৰ গুণাগুণ হ্ৰাস কৰে।

➤ অতি নিম্ন উঞ্চতাত শাক-পাচলি আৰু ফলমূল লেৰেলি যাই আৰু সেইবোৰৰ সতেজতা হ্ৰাস কৰে।

-      বেছি আদ্ৰতাই বেক্টেৰীয়া আৰু ভেঁকুৰ বৃদ্ধি হোৱাত সহায় কৰে

➤ ➤ সূৰ্যৰ পোহৰে শাক-পাচলি আৰু ফলমূলৰ ৰাসায়নিক পৰিবৰ্তন ঘটাব পাৰে, যিয়ে সেইবোৰৰ সোঁৱাদ, ৰং আৰু গুণাগুণৰ পৰিবৰ্তন ঘটায়।

সংসাধনে কেনেকৈ শাক-পাচলি আৰু ফলমূল নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে?

    সংসাধনে উৎসেচক দ্ৰব্য বা এনজাইম আৰু বেক্টেৰীয়াৰ ক্ৰিয়া নিষ্ক্ৰিয় কৰি  শাক-পাচলি আৰু ফলমূলৰ সংৰক্ষণ-কাল বঢ়াই তুলিব পাৰে । সংসাধনে শাক-পাচলি আৰু ফলমূলৰ পৰা নতুন দ্ৰব্য সৃষ্টি কৰিব পাৰে।

শাক-পাচলি আৰু ফলমূলৰ মজুত ভঁৰালঃ

মজুত ভঁৰাল কেনেকুৱা হ’ব লাগে?

স্থানীয়ভাবে উপলব্ধ সামগ্ৰীৰ দ্বাৰা এই মজুত ভঁৰাল সজা হয়।

-      ✔ ঠাণ্ডা, ছাঁ পৰা ঠাইত (সম্ভৱ হ’লে গছৰ তলত) মজুত ভঁৰাল হ’ব লাগে

-      ✔  ভঁৰালটো বৰ্গাক্ষেত্ৰাকাৰ হ’ব লাগে

-      ✔  বেৰবোৰ যিমান পাৰি সিমান ডাঠ হ’ব লাগে যাতে ভঁৰালৰ ভিতৰত তাপ সোমাব নোৱাৰে। দুতৰপীয়া বেৰৰ মাজত খালী ঠাই ৰাখিলে ঠাণ্ডা হোৱাৰ বাবে বেছি উপযুক্ত হয়। বেৰ দুখনৰ মাজৰ খালী ঠাইত ভিজা বালি/ মাটি ভৰাব লাগে।

-       ✔  বেৰ বিলাকত বগা বা ৰূপালী ৰং দিব লাগে যাতে সূৰ্যৰ পোহৰ সহজে প্ৰতিফলিত কৰিব পাৰে

-      ✔  পানী ব্যৱহাৰ কৰি ভঁৰালটো ঠাণ্ডা কৰি ৰাখিব পাৰি

-      ✔  ঠাণ্ডা দিনত কুঁৱলীৰ পৰা ভঁৰালটো ৰক্ষা কৰিবলৈ বেৰ দুখনৰ মাজত ১৫ ছেন্টিমিটাৰ খালীঠাই ৰাখি তাত শুকান খেৰ ভঁৰাব লাগে। তদুপৰি ফলমূল আৰু শাক-পাচলিবোৰ খেৰেৰে ঢাকি ৰাখিব লাগে

-      ✔  এন্দুৰ, চৰাই-চিৰিকতি নাইবা কীট-পতঙ্গৰ আক্ৰমণৰ হাত সাৰিবলৈ ৰাসায়নিক পদাৰ্থ, ৰং নাইবা তীব্ৰ গোন্ধ থকা দ্ৰব্য ভঁৰালৰ ভিতৰত ৰাকিব নেলাগে। কিয়নো এইবোৰে ফলমূল আৰু শাক-পাচলিৰ সোঁৱাদ বেয়া কৰে।

সাধাৰণ বাস্পীভৱনকৃত শীতল কক্ষঃ

-      যেতিয়া কোনো বস্তুৰ পৰা বাস্পীভৱন হয় তেতিয়া তাৰ শীতলীকৰণৰ এক ক্ষমতা থাকে  আৰু এই পৰিঘটনাটো ব্যৱহাৰ কৰিয়ে এটি সাধাৰণ শীতল কক্ষ তৈয়াৰ কৰিব পাৰি।  শুকান বায়ু যেতিয়া সেমেকা তলৰ ওপৰেদি পাৰ হৈ যায় তেতিয়া এক ঠাণ্ডা অনুভৱ হয়।

        (বিশ্ব খাদ্য আৰু কৃষি সংস্থাৰ Post-harvest Management of Fruits & Vegetable  আৰু Home based fruits & vegetable processing in Afghanisthan পুস্তিকাৰ সহায়ত এই লিখনি প্ৰস্তুত কৰা হৈছে- নয়ন কুমাৰ বৰা )

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান