মাকৈ খেতিৰ দিহা

জাতঃ

অসমৰ বাবে অনুমোদিত জাতসমূহ-

সাধাৰণ মাকৈৰ জাতঃ Bisco Champion 61 (Bisco 2238), DKC 9126 (MCH 46), RMH-4558 (PRO-379), Vivek Maize Hybrid 47 (FH 3513). Vivek Maize Hybrid 53 (FH 3556), Bio 9544 (BIO151), Bisco 97 Gold (Bisco New 704), Bio 9544 (BIO151), LG 32-81 (Yuvraj Gold), Sun Vaaman, Central Maize VL 55 (FH3605)

মিঠা মাকৈ (Sweet corn) ৰ জাতঃ Hi-brix-39 (ADVSW-1), NSCH-12 (Misthi), CANDY (KSCH-333), Central Maize VL Sweet Corn 1 (FSCH18) (পাহাৰীয়া অঞ্চলৰ বাবে)

আখৈ মাকৈ (Pop Corn) ৰ জাতঃ Shalimar Pop Corn-1 (KDPC-2)

বিভিন্ন প্ৰকাৰৰ মাকৈ-

দন্ত মাকৈ (Dent Corn) :


    এইবিধ মাকৈ সাধাৰণতে পশুৰ খাদ্য, সংসাধিত খাদ্য আদিৰ বাবে উদ্যোগত ব্যৱহাৰ কৰা হয়। সাধাৰণ দাঁত আকৃতিৰ; মাকৈৰ শাহটো কোমল, সোপোকা আৰু আগ অংশ কিছু বাঢ়ি যোৱা ধৰণৰ হয়।

 কঠিন মাকৈ (Flint Corn) :     

    এইবিধ মাকৈ গুটিৰ বাহিৰৰ বাকলি টান হয়, শাহটো কোমল আৰু ঘূৰণীয়া হয়

মিঠা মাকৈ (Sweet Corn): 

    পাচলি হিচাপে খাব পৰা এইবিধ মাকৈ সংসাধন কৰি ৰাখি থবও পাৰি। শাহটো কোমল আৰু ইয়াৰ এবিধ বিশেষ মিঠা সোৱাদ আছে

আখৈ মাকৈ (Pop Corn): 

    এইবিধ মাকৈ টান আৰু আখৈ ফুটাবৰ বাবে ব্যৱহাৰ কৰা হয়। অৱশ্যে সকলো জাতৰ মাকৈৰ পৰা আখৈ ফুটাব পাৰি।

কুমলীয়া মাকৈ (Baby Corn): 

    ওলোৱাৰ ২-৩ দিনৰ ভিতৰত কুমলীয়া মাকৈ চিঙি আনিলে তাক কুমলীয়া মাকৈ বুলি কয়। এইবিধ মাকৈ খেতিত সাৰ প্ৰয়োগ কৰা নহয় আৰু মাকৈত গুটি ধৰিবলৈ দিয়া নহয়। ইয়াক কেঁচাই নাইবা ৰান্ধি খাব পাৰি। সাধাৰণতে হাইব্ৰীদ জাতৰ মাকৈ ইয়াৰবাবে উপযুক্ত।

প্ৰটিন যুক্ত মাকৈ (Quality Protein Maize): এইবিধ মাকৈত স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় প্ৰটিন উচ্চ হাৰত উপলব্ধ হয়।

কেনেকুৱা জলবায়ু মাকৈ খেতিৰ বাবে প্ৰয়োজনীয়?

মাকৈ সাধাৰণতে উঞ্চ ঋতুৰ খেতি। দৈনিক গড় উঞ্চতা ১৯ ডিগ্ৰী চেলচিয়াচ প্ৰয়োজন হয়। উঞ্চতা ৩২ ডিগ্ৰী চেলচিয়াচতকৈ বেছি হ’লে মাকৈৰ উৎপাদন হ্ৰাস হয়।

কেনেকুৱা মাটি লাগে?

পানী ধৰি ৰাখিব পৰা, জৈৱিক পদাৰ্থৰে পৰিপূৰ্ণ আৰু নিৰপেক্ষ আম্লিক মাটিত মাকৈ খেতি ভাল হয়। আম্লিক মাটিত বিঘাই প্ৰতি ৩০-৪০ কিলোগ্ৰাম কৃষি চূণ প্ৰয়োগ কৰিব লাগে।

কেতিয়া মাকৈ সিঁচিব?

মাকৈ যিহেতু আলোক- অসংবেদনশীল আৰু দিন-নিৰপেক্ষ শস্য , সেয়েহে ইয়াক গোটেই বছৰ জুৰি খেতি কৰিব পাৰি।

বীজ কিমান পৰিমাণে সিঁচিব?

মাকৈ খেতিৰ উদেশ্য, বীজৰ আকাৰ, গছৰ ধৰণ, মাটিৰ ধৰণ, সিঁচা পদ্ধতি আদিৰ ওপৰত বীজৰ পৰিমাণ নিৰ্ভৰ কৰে।

খেতিৰ উদেশ্য

বীজৰ পৰিমাণ (কিলোগ্ৰাম/ প্ৰতি বিঘাত)

ৰোপন দূৰত্ব (শাৰী x শস্য) ছেন্টিমিটাৰ

সাধাৰণ মাকৈ/ প্ৰটিনযুক্ত মাকৈ

২.৪ – ২.৬

৬০ x ২০ (ৰাসায়নিক পদ্ধতিত)

৫০ x ২০ (জৈৱিক পদ্ধতিত)

পশুখাদ্য (ঘাঁহ)ৰ বাবে

৬.৬ – ৮.০

৩০ x ১০

আখৈ মাকৈৰ বাবে

১.৬ – ২.০

৫০ x ২০

কুমলীয়া মাকৈ

৩.৩ – ৪.০

৪৫ x ১৫-২০

 সাৰ প্ৰয়োগ:

ৰাসায়নিক সাৰৰ লগত জৈৱিক সাৰো প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়-

ক্ৰ.ন.

সাৰৰ নাম

প্ৰতিবিঘাৰ পৰিমাণ (কিলোগ্ৰাম)

পচন সাৰ

৬০০ -৭০০

ইউৰীয়া

১৮

একক চুপাৰ ফছফেট

৩৩

মিউৰেট অব পটাছ


- পচন সাৰখিনি মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে

গোটেইখিনি একক চুপাৰ ফছফেট সাৰ আৰু মিউৰেট অব পটাছ সাৰ আৰু ইউৰীয়া সাৰ আধাখিনি সীৰলুত প্ৰয়োগ কৰি ৪-৫ ছেন্টিমিটাৰ মাটিৰে ঢাকি দিব লাগে
- সাৰখিনি প্ৰয়োগ কৰাৰ ২ দিনৰ পিছতহে বীজ সিঁচিব লাগে।
- বাকী থকা আধাভাগ ইউৰীয়া সাৰ দুভাগ কৰি (৪.৫ + ৪.৫ কিলোগ্ৰাম), এভাগ প্ৰথমবাৰ মাটি চপোৱাৰ সময়ত ( ৩৫ দিনত) আৰু বাকী আধাভাগ দ্বিতীয় বাৰ মাটি চপোবৱাৰ সময়ত (৪৫-৬০ দিনত) শস্যৰ শাৰীৰ দুয়োফালে প্ৰয়োগ কৰিব লাগে। সাৰখিনি প্ৰয়োগ কৰাৰ আগেয়ে মাটিৰ পৰা বন-বাতবোৰ চাফা কৰি লব লাগে।

মাকৈৰ ৰোগ আৰু নিয়ন্ত্ৰণ:

ডাউনি মিলদিউ (Downey Mildew):

ক্ষতিৰ লক্ষণ:

- পাতত শেতা পৰা দাগ আৰু দুয়ো পিঠিত বগা ভেঁকুৰ দেখা যায়

- আক্ৰান্ত গছৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয় আৰু পাববোৰ ছুটি হোৱা বাবে গছজোপা জোপোহা নিচিনা হয়

- কেতিয়াবা মুকুল আৰু ফুলবোৰত পাতত ওলোৱা দেখা যায়       

নিয়ন্ত্ৰণৰ দিহা:

 - আক্ৰান্ত গছবোৰ দেখাৰ লগে লগে উভালি পেলাব লাগে

- ৰোৱাৰ আগতে মাটিত চিউদ’মনাচ ফ্লৰেন্স বা ট্ৰাইক’দাৰমা ভিৰিদি

- Metalaxyl (প্ৰতি লিটাৰ পানীত ১ গ্ৰাম) বা Mancozeb (প্ৰতি লিটাৰ পানীত ২ গ্ৰাম) – বীজ সিঁচাৰ ২০ দিনৰ পিছত স্প্ৰে কৰিব লাগে       

২। পাত জ্বলা ৰোগ (Leaf blight):  

ক্ষতিৰ লক্ষণ:

- এইবিধ ভেঁকুৰ ৰোগে মাকৈৰ বাঢ়ন অৱস্থাতে আক্ৰমণ কৰে

- পাতত অৰ্দ্ধ-বৃত্তকাৰ, পানী জোলা দাগ দেখা যায়

- পিছত লক্ষণবোৰ চিগাৰেট আৰ্হিৰ দাগ দেখা যায় আৰু এইবোৰ লগ লাগি পাতখিলা জ্বলি যোৱা নিচিনা হয়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত গছবোৰ দেখাৰ লগে লগে উভালি পেলাব লাগে

- চিউদ’মনাচ ফ্লৰেন্স বা ট্ৰাইক’দাৰমা ভিৰিদি (প্ৰতি বিঘাত ৭০০ গ্ৰাম ৫০ কিলোগ্ৰাম পচনসাৰৰ লগত মিহলাই বীজ সিঁচাৰ ১০ দিনৰ আগতে নাইবা ৩০ দিনৰ পিছত মাটিত প্ৰয়োগ কৰিব লাগে।

- Metalaxyl (প্ৰতি লিটাৰ পানীত ১ গ্ৰাম) বা Mancozeb (প্ৰতি লিটাৰ পানীত ২ গ্ৰাম) – বীজ সিঁচাৰ ২০ দিনৰ পিছত স্প্ৰে কৰিব লাগে

চাৰক’ল ৰ’ট (Charcoal rot):    

ক্ষতিৰ লক্ষণ:

- মাকৈৰ ঠাৰিত কজলা বৰণৰ আঁচ দেখা যায়

- ঠাৰি ডাল ফাটি চিৰিলা-চিৰিলি হয় আৰু গছজোপা ভাগি পৰে       

নিয়ন্ত্ৰণৰ দিহা:

- প্ৰয়োজনীয় অনুমোদিত পুষ্টিমৌল যোাগান ধৰিব লাগিব

- প্ৰতি বিঘাত ১৩ কিলোগ্ৰাম পটাছ প্ৰয়োগ কৰিব লাগে

- চিউদ’মনাচ ফ্লৰেন্স বা ট্ৰাইক’দাৰমা ভিৰিদি (প্ৰতি বিঘাত ৭০০ গ্ৰাম ৫০ কিলোগ্ৰাম পচনসাৰৰ লগত মিহলাই বীজ সিঁচাৰ ১০ দিনৰ আগতে নাইবা ৩০ দিনৰ পিছত মাটিত প্ৰয়োগ কৰিব লাগে।               

৪। ৰাষ্ট ৰোগ (Rust):

ক্ষতিৰ লক্ষণ: 

- পাতৰ দুয়োপিঠিত মামৰ সদৃশ ওখহা দাগ দেখা যায়  

নিয়ন্ত্ৰণৰ দিহা:

- চিউদ’মনাচ ফ্লৰেন্স বা ট্ৰাইক’দাৰমা ভিৰিদি (প্ৰতি বিঘাত ৭০০ গ্ৰাম ৫০ কিলোগ্ৰাম পচনসাৰৰ লগত মিহলাই বীজ সিঁচাৰ ১০ দিনৰ আগতে নাইবা ৩০ দিনৰ পিছত মাটিত প্ৰয়োগ কৰিব লাগে।

- Mancozeb (প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম)

মাকৈৰ অনিষ্টকাৰী কীট আৰু নিয়ন্ত্ৰণ:

ডালৰ মাখি (Stem Fly): 


ক্ষতিৰ লক্ষণ: 

- এই পোকৰ পলুৱে নতুনকৈ ওলোৱা অগ্ৰজ মুকুল খায় আৰু ঠোৰটো মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- Imidacloprid 70 WS ৰে বীজ শোধন কৰিব লাগে। প্ৰতি কিলোগ্ৰামত ১০ গ্ৰাম মিহলাব লাগে

- শস্য চপোৱাৰ লগে লগে অৱশিষ্ট ঠাৰি আৰু জাৱৰ-জোঠৰবোৰ চাফা কৰি পুৰি পেলাব লাগে    

মজ্জাখোৱা পোক (Stem borer):


ক্ষতিৰ লক্ষণ: 

- মাকৈৰ শাহটো খাই আৰু মৰহি যায়

- পলুবোৰে পাতৰ মধ্যসিৰাইদি সোমাই ডাল পাইগৈ আৰু ভিতৰৰ অংশ খাবলৈ ধৰে।

- ডালবোৰৰ গাঁঠিৰ ওপৰতে ফুটা কৰি পলুবোৰ ওলাই আহি কুমলীয়া পাতবোৰ খাই ফুটা কৰি পেলায়।

নিয়ন্ত্ৰণৰ দিহা:

- জৈৱিক নিয়ন্ত্ৰণৰ বাবে ট্ৰাইক’গ্ৰামা চিল’নিছ (প্ৰতি বিঘাত প্ৰায় ৭০০০ কণী/ প্ৰতি সপ্তাহত) এৰিব লাগে

- Dimethoate 30% EC (প্ৰতি বিঘাত ৩৩০ মিলিলিটাৰ ১৭০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে          

৩। গোলাপী মজ্জাখোৱা পোক (Pink stem borer):


ক্ষতিৰ লক্ষণ: 

- মাকৈৰ ঠাৰিৰ ভিতৰত সোমাই খাই আৰু ঠোৰটো মৰি যায়   

নিয়ন্ত্ৰণৰ দিহা:

- জৈৱিক নিয়ন্ত্ৰণৰ বাবে ট্ৰাইক’গ্ৰামা চিল’নিছ (প্ৰতি বিঘাত প্ৰায় ৭০০০ কণী/ প্ৰতি সপ্তাহত) এৰিব লাগে

- Dimethoate 30% EC (প্ৰতি বিঘাত ৩৩০ মিলিলিটাৰ ১৭০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে       

৪। মাকৈৰ শুৰ পোক (Fall Army Worm):



ক্ষতিৰ লক্ষণ: 

- এডোখৰ নিৰ্দিষ্ট স্থানৰ পাতবোৰত বগা কাগজৰ খিৰিকিৰ নিচিনা দাগ দেখা যায়

- পিছত পাতবোৰ খাই ফুটা কৰি দিয়ে আৰু এটা অৱস্থাত পাতবোৰ সম্পূৰ্ণ খাই অনিষ্ট কৰে          -

নিয়ন্ত্ৰণৰ দিহা:

- মাকৈৰ লগত মাহজাতীয় শস্যৰ (মগুমাহ/ মাটিমাহ/ ৰহৰ মাহ) খেতি কৰিব লাগে

- বীজ শোধন-Cyantraniliprole 19.8% + Thiomethoxam 19.8% (প্ৰতি কিলোগ্ৰাম বীজত ৪ গ্ৰামকৈ)

- ফেৰম’ন ফান্দ প্ৰতি বিঘাত ১-২ টা প্ৰয়োগ কৰিব লাগে।

- বীজ সিঁচাৰ পিছত চৰাই বহিবলৈ ব্যৱস্থা কৰি দিব লাগে

- পোকবিধৰ লেটা, পলু দেখাৰ লগে লগে মোহাৰি পেলাব লাগে

- নিমৰ শাহৰ পৰা তৈয়াৰী ৰস (৫%) বা Azadirachtin 1500 ppm (প্ৰতি লিটাৰ পানীত ৫ মিলিলিটাৰ)

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Spinosad 45 SC (প্ৰতি লিটাৰ পানীত ০.৩ মিলিলিটাৰ) বা Chlorantraniliprole 18.5 SC (প্ৰতি লিটাৰ পানীত ০.৩ মিলিলিটাৰ)      

৫। মাকৈৰ ফল খোৱা পোক (Earhead feeder):


ক্ষতিৰ লক্ষণ: 

- এই পোকৰ পলুৱে মাকৈ ফল আৰু ভিতৰৰ গুটি খাই অনিষ্ট কৰে     

নিয়ন্ত্ৰণৰ দিহা:

- পোহৰ ফান্দ আঁৰিব লাগে

- মালাথিয়ন ৫% পাউদাৰ প্ৰতিবিঘাত ৩ কিলোগ্ৰাম কৈ ছটিয়াব লাগে

৬। মোৱা পোক বা উদ্ভিদ ওকনি (Aphid or Plant lice):



ক্ষতিৰ লক্ষণ: 

- পাত হালধীয়া হোৱা

- ঠোৰ পাতত মোৱা পোকৰ থুপ দেখা যায়

নিয়ন্ত্ৰণৰ দিহা:

- Dimethoate 30% EC (প্ৰতি বিঘাত ৩৩০ মিলিলিটাৰ ১৭০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে       

মাকৈৰ পৌষ্টিমৌলৰ বিসঙ্গতি আৰু নিয়ন্ত্ৰণ:

নাইট্ৰজেন মৌলৰ অভাৱ- 


    প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ইউৰীয়া  ১০ দিনৰ মূৰে মূৰে পাতত স্প্ৰে কৰিব লাগে

ফচফৰাচ মৌলৰ অভাৱ

    প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ ডি.এ.পি পাতত স্প্ৰে কৰিব লাগে

পটেছিয়াম মৌলৰ অভাৱ


    পটেছিয়াম ক্লৰাইড (KCl) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

কেলছিয়াম মৌলৰ অভাৱ- 

    কেলছিয়াম চালফেট (CaSO4) প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

মেগনেছিয়াম মৌলৰ অভাৱ


    মেগছিয়াম চালফেট (MgSO4) প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ পাতত  স্প্ৰে কৰিব লাগে

চালফাৰ মৌলৰ অভাৱ- 

    প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ মেগছিয়াম চালফেট (MgSO4)  পাতত স্প্ৰে কৰিব লাগে

বৰ’ণ মৌলৰ অভাৱ-


    বৰণ সাৰ (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

আইৰণ মৌলৰ অভাৱ

    প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ ফেৰাচ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে

মেঙ্গানিজ মৌলৰ অভাৱ


    প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ মেঙ্গানিজ চালফেট (MnSO4) পাতত স্প্ৰে কৰিব লাগে

১০জিংক মৌলৰ অভাৱ-


    জিংক চালফেট (ZnSO4) (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে বা বিঘাই প্ৰতি ২.৬৭- ৩.৩৪ কিলোগ্ৰাম মাটিত প্ৰয়োগ কৰিব লাগে

১১কপাৰ মৌলৰ অভাৱ- 



    কপাৰ চালফেট (CuSO4) প্ৰতিলিটাৰ পানীত ১ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

(ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু অসম কৃষি বিশ্ব-বিদ্যালয়ৰ দ্বাৰা অনুমোদিত দিহাৰ আধাৰত এই লিখনি প্ৰস্তুত কৰা হৈছে- সম্পাদক, সেউজ চিন্তা)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান