ঢেকীয়া শাকৰো খেতি কৰিব পাৰি

নয়ন কুমাৰ বৰা


অসম তথা উত্তৰ পূ্ৰ্বাঞ্চলত অতীজৰে পৰাই ঢেকীয়া শাকৰ ব্যৱহাৰ প্ৰচলন হৈ আহিছে। গ্ৰাম্য সমাজত এই ঢেকীয়া শাক প্ৰাকৃতিকভাবেই পোৱা হয় যদিও বৰ্তমান নিকটৱৰ্তী চহৰসমূহত ইয়াৰ বাণিজ্যিক চাহিদা বৃদ্ধি হোৱাৰ বাবে ইয়াৰ উপলভ্যতা হ্ৰাস পাইছে। এমুঠি ঢেকীয়াশাক, ৫-১০ টকা দৰত চহৰসমূহত বিক্ৰি হৈ আছে, কিন্তু বজাৰসমূহত পৰ্যাপ্ত পৰিমাণে পোৱা নেযায়। সেয়ে, এই ঢেকীয়া শাকৰো যদি পৰিকল্পিতভাবে খেতি কৰি আৰ্থিকভাবে লাভৱান হোৱাৰ সম্ভাৱনা আছে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন প্ৰজাতিৰ ঢেকীয়া পোৱা যায় যদিও তাৰ ভিতৰত কেইবিধমান প্ৰজাতিৰ ঢেকীয়াহে শাক হিচাপে ব্যৱহাৰ কৰা হয়। তেনে কেইবিধমান প্ৰজাতি হ’ল-Diplazium esculentum (Retz.) Sw., Huperzia phlegmaria (L.) Rothm., Huperzia squarrosa (G. Forst.) Trevis. And Nephrolepis cordifolia (L.) C. Presl


বিভিন্ন খনিজ লৱন, খাদ্য-আঁহ আৰু ঔষধি গুণেৰে পৰিপু্ৰ্ণ এই ঢেকীয়া শাক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহে বিভিন্নধৰণে ৰন্ধন-প্ৰকৰণ কৰে।

সতেজ, কেঁচা ঢেকীয়া শাকত থকা বিভিন্ন উপাদান সমূহ নিম্নলিখিত টেবুলত উল্লেখ কৰা হৈছে –

ক্ৰ.ন.

উপাদান

পৰিমাণ

শতকৰা পৰিমাণ

শক্তি

৩৪ কেলৰি

১.৭০%

শৰ্কৰা

৫.৫৪ গ্ৰাম

৪.০%

প্ৰটিন

৪.৫৫ গ্ৰাম

৮.০%

মুঠ চৰ্বি

০.৪০ গ্ৰাম

২.০%

কলেষ্টেৰল

০ মিলিগ্ৰাম

০%

ভিটামিন:

 

 

নিয়াচিন

৪.৯৮০ মিলিগ্ৰাম

৩১%

ৰাইব’ফ্লেভিন

০.২১০ মিলিগ্ৰাম

১৬%

থায়ামিন

০.০২০ মিলিগ্ৰাম

১.৫০%

ভিটামিন -এ

৩৬১৭ আই.ইউ.

১২০.৫০%

ভিটামিন -চি

২৬.৬ মিলিগ্ৰাম

৪৪%

চডিয়াম

১ মিলিগ্ৰাম

<১%

পটাছিয়াম

৩৭০ মিলিগ্ৰাম

৮%

কেলছিয়াম

৩২ মিলিগ্ৰাম

৩%

১০

কপাৰ

০.৩২০ মিলিগ্ৰাম

৩৫.৫০%

১১

আইৰণ

১.৩১ মিলিগ্ৰাম

১৬%

১২

মেগনেছিয়াম

৩৪ মিলিগ্ৰাম

৮.৫০%

১৩

মেঙ্গানিজ

০.৫১০ মিলিগ্ৰাম

২২%

১৪

চেলেনিয়াম

০.৭ এম.চি.জি.

১%

১৫

জিংক

০.৮৩ মিলিগ্ৰাম

৭.৫০%

১৬

কেৰটিন-বিটা

২০৪০ মাইক্ৰগ্ৰাম

-

১৭

কেৰটিন-আলফা

২৬১ মাইক্ৰগ্ৰাম

-

উৎসঃ USDA National Nutrient data base




ঢেকীয়া শাকৰ খেতি কেনেকৈ কৰিব?

  •   অতি সহজেই ঢেকীয়াৰ খেতি কৰিব পাৰি। তদুপৰি বহুবৰ্ষী হোৱাৰ বাবে ইয়াক এবাৰ ৰোপন কৰিলেই কেইবাবছৰো ফচল পাব পাৰি।
  • খেতিৰ বাবে ছাঁ-পৰা বা আংশিক ছাঁ-পৰা মাটি ঢেকীয়াৰ বাবে উপযুক্ত। মাটিখিনি সেমেকা হলে ইয়াৰ বৃদ্ধি ভাল হয়। মাটিত পৰ্যাপ্ত পৰিমাণে জৈৱিক পদাৰ্থ থাকিব লাগে।
  • অত্যধিক ৰ’দ পৰা নাইবা বেছিকৈ ছাঁ-পৰা ঠাইত ঢেকীয়াৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়
  • মাটিৰ অম্লতাৰ পৰিমাণ ৫.৫-৬.৫ হ’ব লাগে

মাটি প্ৰস্তুত কেনেকৈ কৰিব?

  • ঢেকীয়া ৰোৱাৰ আগতে মাটিখিনি ভালদৰে চহাই তাত প্ৰচুৰ পৰিমাণে পচনসাৰ, পাতসাৰ আৰু অন্যান্য জৈৱিকসাৰ প্ৰয়োগ কৰিব লাগে।
  •  শাৰী শাৰীকৈ নাইবা ভেটিত ঢেকীয়া ৰুব পাৰি
  • প্ৰতিজোপা ঢেকীয়াৰ মাজত ৫০ ছেন্টিমিটাৰ আৰু প্ৰতিটো শাৰীৰ মাজত ১.৫ মিটাৰ হ’ব লাগে।

ৰোপন সময়ঃ খৰালি কালতে, অৰ্থাৎ নবেম্বৰ-ডিচেম্বৰ মাহতে ঢেকীয়াৰ কন্দ ৰোপন কৰিব লাগে।

ৰোপন সামগ্ৰীঃ ৰুবৰ বাবে প্ৰাকৃতিকভাবে হোৱা ঢেকীয়াৰ পৰা ইয়াৰ কন্দ সংগ্ৰহ কৰিব লাগে

কেনেকৈ ৰুব?



-   ঢেকীয়াৰ কন্দ ৰুবৰ বাবে তাৰ জোখতকৈ কিছু বহল আৰু দ গাঁত কৰিব লাগে। কন্দটো ৰুই তাৰ কাষত কিছু মিহি সাৰুৱা মাটি মিহলাই লাহেকৈ হেঁচি দিব লাগে। ৰোপন দূৰত্ব ২-৩ ফুট হব লাগে। ৰোৱাৰ পিছত মাটিখিনি সদায় সেমেকা হৈ থাকিব লাগে।

পৰিচৰ্যাঃ

পানীযোগানঃ নিয়মিতভাবে পানী যোগান ধৰিব লাগে

আচ্ছাদনঃ গছৰ শুকান পাত, খেৰ বা ফলিয়া তুঁহ আদিৰে মাটিখিনি ঢাকি দিলে মাটিত জীপ ধৰি ৰখাৰ সুবিধা হয়।

বন-বাত নিৰণিঃ অন্যান্য খেতিৰ দৰে ঢেকীয়াৰ মাজতো অন্য বন-বাত হবলৈ দিব নেলাগে

ৰোগ-কীটৰ আক্ৰমণঃ

ঢেকীয়াৰ বিশেষ ৰোগ-কীটৰ আক্ৰমণ নহয় যদিও শামুক, কুমজেলকুৱা আদিয়ে ইয়াক অনিষ্ট কৰিব পাৰে। নিয়ন্ত্ৰণৰ বাবে জৈৱিক উপায় অৱলম্বন কৰিব লাগে।

ঢেকীয়া চিঙাঃ


  • প্ৰথম দুবছৰত ঢেকীয়া চিঙিব নেলাগে, তৃতীয় বছৰত প্ৰথমে ৰোৱা কন্দৰ পৰা ওলোৱা ঢেকীয়া চিঙিব পাৰি। চতুৰ্থ বছৰৰ পৰা যিকোনো বয়সৰ ঢেকীয়া চিঙিব পাৰি।
  • যিবিলাক কন্দৰ পৰা প্ৰথমবাৰ ৬ ডালতকৈ কম চিঙিব পৰা ঢেকীয়া ওলাই, সেইবোৰ কন্দৰ পৰা মুঠ ঢেকীয়া ৬ ডালতকৈ বেছি চিঙিব নেলাগে
  • যিবিলাক কন্দৰ পৰা প্ৰথমবাৰতে ৬ ডালতকৈ বেছি ঢেকীয়া ওলাই, সেইবোৰৰ পৰা কেৱল প্ৰথমবাৰ ওলোৱা ঢেকীয়াহে চিঙিব লাগে।

(ইন্টাৰনেটৰ বিভিন্ন উৎসৰ সহায়ত এই লিখনি প্ৰস্তুত কৰা হৈছে, ফটোৰ উৎস :ইন্টাৰনেট- লিখক)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান