গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে সাপ্তাহিক বজাৰসমূহৰ উন্নয়ন


যি এডোখৰ ঠাইত উৎপাদিত সামগ্ৰীসমূহ সমূহীয়া ভাৱে ক্ৰয় - বিক্ৰয় কৰা হয় সেই ঠাইডোখৰকে সাধাৰণ ভাষাত বজাৰ বুলি কোৱা হয় ৷ বৰ্ধিত জনসংখ্যা আৰু জনসাধাৰণ চহৰমুখী হোৱা ফলত চহৰে নগৰে সৰু সৰু বজাৰ গঢ়ি উঠিছে ৷ কিন্ত অতীতৰ ৰজা মহাৰজা দিনৰ পৰাই থকা গাঁৱৰ সামগ্ৰী বিক্ৰী কৰা বজাৰসমূহ আজিও এক মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছে গ্ৰাম্য অৰ্থনীতিত ৷
 এই বজাৰসমূহ ঠাই বিশেষে সপ্তাহৰ মূৰত বহা পৰিলক্ষিত হয় ৷ মানুহ জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন ৷ খাদ্য বুলি ক'লে সততে ভাত আৰু ভাজিকে ধৰিব পাৰি ৷ সেই ভাতসাঁজ খাবলৈ যি শাক-পাচলি, মাছ -মাংসৰ প্ৰয়োজন হয় বজাৰতে উপলব্ধ হয় ৷ অসমৰ প্ৰতিটো চুকে-কোণে  হেজাৰ হেজাৰ এনেকুৱা বজাৰ আছে।
এতিয়া আহো মূল কথালৈ ৷ এই বজাৰসমূহ যদিও ৰাইজৰ খাদ্য বা অন্যান্য ঘৰুৱা সামগ্ৰীৰ কিনা বেচা কৰা হয় তাতোকৈ প্ৰয়োজনীয় বিষয় বস্ত হ'ল খেতিয়কৰ উৎপাদিত সামগ্ৰী এই বজাৰসমূহৰ পৰাই বিতৰণ হয় ৷ পাচলি বা কল, হাঁহ-কুকুৰা,তামোল-পাণ, গাহৰি, গৰু-ছাগলী ইত্যাদি বেপাৰীসকলে কিনি নি অন্য ঠাইত বিক্ৰী কৰেগৈ ৷ এই বজাৰবোৰক অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত মূখ্য ভুমিকা লয় বুলি এই বাবে কব পাৰি যে এই বজাৰবোৰতে খেতিয়কে নিজৰ সামগ্ৰী বিক্ৰী কৰি ঘৰখন চলাব চেষ্টা কৰে ৷ ঘৰৰ হাঁহ ছাগলী দুটা বিক্ৰী কৰি দুপইছা অৰ্জন কৰি সন্তানৰ শিক্ষা-দীক্ষাৰ খৰচ বহন কৰে ৷ বহুত মানুহৰ জীৱন বজাৰসমূহৰ উপাৰ্জনৰ পৰাই পৰাই চলি থাকে ৷ 
কিন্ত সাম্প্ৰতিক সময়ত জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাৰ ক্ষেত্ৰত এই বজাৰসমূহৰ আন্ত:গাঁথনিৰ অভাৱে দেখা গৈছে বা আন্ত:গাঁথনি আছে যদিও অৱহেলিত ৰূপত পৰি আছে ৷ বৰষুণ, বোকা-পানী, গৰু-কুকুৰৰ মল মূত্ৰ, প্ৰস্ৰাৱগাৰ, পায়খানাৰ অভাৱ, ৰদ-বৰষুণৰ বাবে কোনে ব্যৱস্থা নাই, গাড়ী পাৰ্কিংৰ ব্যৱস্থা নাই ৷ এই বজাৰসমূহৰ বেপাৰীসকললৈ লক্ষ্য কৰিলে দেখিব পোৱা যায় যে 80% বেপাৰী অশিক্ষিত আৰু দৰিদ্ৰ পৰিয়ালৰ ৷ এই বজাৰ সমূহকলৈ তেঁওলোকৰ আক্ষেপ নাই বা বেছি আশাবাদী নহয়ো ৷ কিন্ত সদায়ে যদি এইটো পৰ্যায়ত চলি থাকে শিক্ষিত মানুহৰ আগমনৰ সম্ভাৱনা যথেষ্ট কম ৷ চহৰৰ শ্বপিং মল, বিগ বাজাৰ ইত্যাদিৰ যি শীত-তাপ নিয়ন্ত্ৰিত কোঠালি বা গাড়ী পাৰ্কিঙকে ধৰি যিধৰণৰ সুব্যৱস্থা গঢ়ি উঠিছে, সেই অনুপাতে আমাৰ নিজৰ বজাৰকেইখনৰ অৱস্থা অতিকৈ পুতৌজনক ৷ আৰু এই বজাৰসমূহ যিহেতু চৰকাৰৰ অধীনত থাকে গতিকে ইয়াৰ আন্ত:গাঁথনিৰ উন্নয়ত চৰকাৰে দায়িত্ব লব লাগিব আৰু যেতিয়া আন্ত:গাঁথনি নিৰ্মাণ কৰা হ'ব খুউব অভিজ্ঞ ব্যক্তিৰ দ্বাৰা পৰিকল্পনা কৰোৱাব লাগিব যি ডাকত বজাৰসমূহ লয় তেঁওৰো কৰ্তব্য থাকিব বজাৰ সমূহ চাফ চিকুনতাত গুৰুত্ব আৰোপ কৰাত ৷ সেয়ে বজাৰসমূহৰ উন্নয়ন বৰ্তমান অতিকৈ প্ৰয়োজনীয় ৷ আশ কৰো সংশ্লিষ্ট পক্ষই বিষয়টো গুৰুত্ব প্ৰদোন কৰিব।
মানস জ্যোতি সোনোৱাল
বৰহোলা, তিতাবৰ, যোৰহাট

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান