বিজ্ঞানসন্মত ভাৱে ব্ৰইলাৰ হাঁহ পালন
ডাঃ ডেভিদ বৰদলৈ

মাংস উৎপাদনৰ কাৰণে প্ৰধানকৈ তলত উল্লেখ কৰা ৩ টা প্ৰজাতিৰ হাঁহ পালন হয়:
১) পেকিন
২) চীনা বা মাস্কভি হাঁহ
৩) আইলেচবেৰী
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হোৱা ক্ষেত্রভিত্তিক পৰীক্ষাৰ পৰা প্ৰমাণ পোৱা গৈছে যে ”ভিগভা চুপাৰ এম” নামৰ এক বৰ্ণসংকৰ প্ৰজাতি মাংস উৎপাদনৰ বাবে যথেষ্ট লাভজনক। এই প্ৰজাতিবিধ হোৱাইট পেকিন আৰু আইলেচবেৰী হাঁহৰ মাজত সংকৰ ঘটাই উৎপত্তি কৰা হৈছে। ইয়াৰ উৎপত্তি স্থান হ’ল-ভিয়েটনাম। এই হাঁহবিধ ভাৰত আৰু ভিয়েটনাম চৰকাৰৰ দ্বিপাক্ষিক সমন্ধৰ জৰিয়তে ১৯৯৬ চনত আমদানি কৰা হৈছিল।
ভিগভা চুপাৰ এমৰ বিষয়ে কিছু তথ্য:
১। এদিনিয়া পোৱালীৰ ওজন : ৪৭-৪৮ গ্ৰাম
২। ৪ সপ্তাহত : ১.৩-১.৫ কেজি
৩। খাদ্যৰ পৰিমাণ ৪ সপ্তাহ পৰ্য্যন্ত : ৩-৩.২ কেজি
৪। ৬ সপ্তাহত ওজন : ২.৩-২.৫ কেজি
৫। খাদ্যৰ পৰিমাণ ৬ সপ্তাহ : ৫.৪-৬.২ কেজি
৬। মৃত্যুৰ হাৰ (০-৬) সপ্তাহ : ২-৩%
-
ব্ৰইলাৰ মুৰ্গী পোহাৰ দৰেই পকী মজিয়াত কাঠ বা তুঁহ গুড়ি দি এই হাঁহবিধ পালন কৰিব পাৰি।
-
জন্মৰ প্ৰথম ৩ সপ্তাহত কৃত্রিম তাপ বা ব্ৰডিংৰ ব্যৱস্থা কৰিব লাগে।
-
৪ৰ্থ সপ্তাহৰ পৰা আংশিক আৱদ্ধ পদ্ধতিত পালন কৰিব পাৰি।
-
প্ৰথম ৩ সপ্তাহত একোটা হাঁহক ১ বৰ্গফুট মজিয়াৰ আৰু ৩ সপ্তাহৰ পৰা ২.৫-৩ বৰ্গফুটৰ আৱশ্যক হয়।
হাঁহৰ ছিটাৰ তালিকা:
ছিটাৰ নাম
|
ছিটা দিয়া স্থান
|
পৰিমাণ
|
বয়স
|
১। ডাক কলেৰা
|
ছালৰ তলত
|
১ মি:লি:
|
৩-৪ সপ্তাহ
|
২। ডাক প্লেগ
|
,,
|
,,
|
৮-১২,,
|
এক উন্নত মানদণ্ডৰ হাঁহৰ খাদ্য যোগান ধৰি হাঁহৰ জাকটোৰ বাঢ়নৰ হাৰ অক্ষুন্ন ৰাখিব পাৰি। এই দানা বজাৰত কিনিবলৈ পোৱাৰ লগতে নিজে স্থানীয়ভাৱে কম খৰছত প্ৰস্তুত কৰিব পাৰি। হাঁহৰ দানাত আফ্লাটক্সিক’চিচ নামৰ ভেঁকুৰজনিত ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে হাঁহৰ দানা ১৫ দিনতকৈ বেছি দিন মজুত কৰি ৰাখিব নালাগে। হাঁহ উৎপাদনত খৰচ কমাবলৈ আংশিক আৱদ্ধ পদ্ধতি ব্যৱহাৰ কৰি স্থানীয়ভাৱে খাল, বিল, নৰ্দমা বা পথাৰ আদিত হোৱা পোণামাছ, শামুক, কেঁচু, কুমতি, পুনী আদি খাবলৈ দিব পাৰি। এক ক্ষেত্রভিত্তিক পৰীক্ষাৰ পৰা দেখা গৈছে যে তিনি সপ্তাহৰ পৰা ব্ৰইলাৰ ফিনিছাৰ খাদ্য খাবলৈ দি লগতে খাল, বিল, নৰ্দমাত চৰাৰ ব্যৱস্থা কৰি ২ মাহ ১০ দিনত গড় ওজন মতা হাঁহৰ ২.৭৫ কেজি, মাইকী হাঁহৰ ২.৪২ কেজি (খাদ্যৰ পৰিমাণ প্ৰতিটো হাঁহত ৬.৯ কেজি) আৰু মৃত্যুৰ হাৰ ৪% পোৱা গৈছে। গতিকে দেখা গৈছে যে, ভিগভা চুপাৰ এম হাঁহ পালক সকলৰ বাবে এক লাভজনক ব্যৱসায় হ’ব পাৰে।
এদিনিয়া পোৱালীৰ উপলদ্ধতা:
-
গুৱাহাটিত বাণিজ্যিকভাৱে চলি থকা হেচ্চাৰীৰ লগত যোগাযোগ কৰক
-
কাৰ্বি আংলংৰ ফুলনিত থকা চৰকাৰী হাঁহ ফাৰ্মত এই হাঁহবিধ উপলদ্ধ।