অসমৰ গৌণফলঃ কৃষি-বাণিজ্যৰ এক সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ


মনোৰঞ্জন নেওগ

সুষম আহাৰেই (Balance diet) হৈছে স্বাস্থ্যৱান সতেজ শৰীৰৰ এক চাবি-কাঠি এই সুষম আহাৰৰ এটা মূল উপাদান হ- ফলমূল খাদ্য-শস্যত দেহৰ প্ৰয়োজনীয় প্ৰটিন, খাদ্য প্ৰাণ, খনিজ লৱণৰ পৰিমাণ প্ৰায় নগণ্য বা নাথাকেই কিন্তু ফলমূল, শাক-পাচলিত এইবোৰ প্ৰচুৰ পাৰিমাণে থাকে ফলমূল আৰু শাক-পাচলিকপৰিপূৰক প্ৰতিৰক্ষীআহাৰ বোলে ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদৰ মতে প্ৰতিজন ব্যক্তিয়ে দৈনিক ৮৫ গ্ৰা: ফলমূল খাব লাগে ইয়াৰ পৰিবৰ্তে আমি প্ৰায় ৪৬ গ্ৰা:হে খাওঁ (সৰ্বভাৰতীয় লেখত) কিন্তু প্ৰকৃততে  ৪৬ গ্ৰা:ৰ ঠাইত আমি অসমৰ বহুতেই দৈনিক ১ গ্ৰামো ফল নাখাওঁ বা নাপাওঁ বুলি কলে বঢ়াই কোৱা নহ যাৰ ফলস্বৰূপে দেহটো নানান বেমাৰৰ বাহক হৈ পৰিছে ইয়াৰ পৰা এটা কথা পৰিষ্কাৰ যে ৰাজ্যখনত উৎপাদিত ফল-মূলে চাহিদা পূৰণ কৰিব পৰা নাই

ৰাজ্যখনত ফলমূল অধিকৃত ১.১১ লাখ হেক্টৰ মাটিৰ পৰা বছৰি ১৫ লাখ টন (নাৰিকলৰ বাদে) ফলমূল উৎপাদিত হয় যদিও অধিকৃত এলেকা আৰু উৎপাদন আন আন ৰাজ্যৰ তুলনাত একেবাৰে নগণ্য, তথাপি অসমত ফলমূলৰ অভাৱ বুলি মানি লবলৈ টান লাগে সাধাৰনতে ফলমূল বুলিলে আমাৰ কেৱল চকু যায় বজাৰৰ আপেল, আম, আঙুৰ আদিলৈহে, যিবোৰ অত্যধিক দামৰ বাবে  সৰ্বসাধাৰণৰ দুস্প্ৰাপ্য স্বৰূপ আলহীৰ ঘৰলৈ বুলি বা বেমাৰলৈ বুলি বাৰে কুৰি খৰছ কৰি বজাৰৰ পৰা দামী চাই আপেল বা আঙুৰ কেইটামানহে নিয়া হয় কিন্তু আমাৰ বাৰীৰ চাৰি ঢাপত থকা লেতেকু, পনিয়ল, আমলখি, মধুৰি, জলফাই, কৰ্দৈ, বেল, ডালিম আদি গৌণফলসমূহলৈ আমাৰ মনত নপৰে সেইবোৰ আমাৰ মনত নিম্ন মানদণ্ডৰ কিন্তু আচলতে নিম্ন মানদণ্ডৰ হয়নে? পৰিপুষ্টি সমন্ধীয় ৰাসায়নিক বিশ্লেষণত দেখা গৈছে যে গৌণফলবোৰ বহু তথাকথিত মূখ্য ফলতকৈ অধিক পুষ্টিকাৰক উদাহৰণ স্বৰূপে আমলখি আৰু আঙুৰৰ কথাই উল্লেখ কৰিব পাৰি

গৌণফল মানেনো কি?
 ফলমূল অধ্যয়ণ বিদ্যাত অধ্যয়ণ আৰু গৱেষণাৰ সুবিধাৰ্থে ফলমূল সমুহৰ অধিকৃত এলেকা, উৎপাদন আৰু বজাৰৰ চাহিদাৰ ওপৰত ভিত্তি কৰি ফলমূল সমুহক দুটা ভাগত ভাগ কৰা হৈছে- মুখ্যফল (Major Fruits) আৰু গৌণফল (Minor Fruits)
কোনো এটা অঞ্চলত অধিকৃত এলেকা, উৎপাদন তথা বজাৰৰ চাহিদা আন ফলতকৈ যিবোৰ ফলৰ বেছি সেই ফলক সেই অঞ্চলত মুখ্যফল বোলে আৰু কম উৎপাদন তথা  তুলনামূলকভাবে বজাৰৰ কম চাহিদা থকা ফলক সেই ঠাইতে গৌণফল বোলে অৰ্থাৎ অঞ্চলবিশেষে গৌণফলো মুখ্যফল হব পাৰে উদাহৰণস্বৰূপে মধুৰিআমৰ কথাকে উল্লেখ কৰিব পাৰি মধুৰিআমক অসমত গৌণফল হিচাপে গন্য কৰা হয় যদিও ই উত্তৰ প্ৰদেশত প্ৰথম স্থান অধিকাৰ কৰা মূখ্যফল কিয়নো সেই ৰাজ্যত এই ফলৰ অধিকৃত এলেকা, উৎপাদন আৰু বজাৰৰ চাহিদা আন সকলোবোৰ ফলতকৈ বেছি

অসমৰ মাটি সাৰুৱা ক্ৰান্তীয়, উপক্ৰান্তীয় আৰু নাতিশীতোঞ্চ জলবায়ুৰে সিক্ত অসমৰ পাৰিপাৰ্শ্বিকতা সেয়ে অসম উদ্ভিদৰ প্ৰাচুৰ্য আৰু বৈচিত্রৰ বৰঘৰ তথাপি কিন্তু ইয়াত মুখ্যফল হিচাপে কল, মাটিকঠাল, টেঙা, নাৰিকল, তামোল প্ৰভৃতি কেইবিধমানহে ধৰা হয় আৰু ব্যৱসায়িক ভিত্তিত এইবোৰৰ সম্প্ৰসাৰণ হবলৈ এতিয়াও বহুদূৰ বাকী মুখ্যফলতকৈ অসমৰ ঘৰ-বাৰী, হাবি-বননিত নানা পৰিচিত-অপৰিচিত গৌণফলৰ সংখ্যাহে বেছি এক কথাত অসম গৌণফলৰ এক সুন্দৰ উদ্যান তাৰোপৰি বহুতো গৌণফলৰ উৎপত্তি স্থলো অসমেই ইতিমধ্যে চিনাক্তকৰণ কৰা অসমৰ গৌণফলসমুহৰ অসমীয়া আৰু বৈজ্ঞানিক নাম তালিকাত দিয়া হৈছে উক্ত ফলসমুহৰ বাহিৰেও অসমৰ হাবি-বননিত এতিয়াও আমাৰ অজানিতে বহু এনেধৰণৰ ফল অনাদৃত হৈ আছে

গৌণফল সমুহৰ ব্যৱহাৰিক দিশ

অসমৰ গঞা জীৱন আৰু গৌণফলৰ সম্বন্ধ অতি নিবিড় আৰু প্ৰাচিন খেতিৰ সজুলি, খৰি কাঠ যোগান ধৰাৰে পৰা দেহৰ পৰিপুষ্টি সাধনলৈকে এই গৌণফল সমুহৰ ভূমিকা কৃষিজীৱি গঞা জীৱনত কেইটামান উদাহৰণৰে নিশ্চয় সীমাবদ্ধ কৰিব নোৱাৰি বছৰটোৰ বিভিন্ন সময়ত গ্ৰহণ কৰা বিবিধ গৌণফলে আমাৰ দেহৰ পৰিপুষ্টিত কিধৰণে প্ৰভাৱ পেলাইছে তাৰ বহুল গৱেষণা নহলেও যিকেইটা ফলৰ পৌষ্টিক বিশ্লেষণ (Nutritive Value analysis) হৈছে সেইবোৰে এক উজ্বল সম্ভাৱনা কঢ়িয়াই আনিছে


পৌষ্টিক গুণাগুণ (Nutritive Value)

আমাৰ দেহৰ পৰিপুষ্টি সাধনত গৌণফলসমুহে এক বিশেষ ভুমিকা পালন কৰি আহিছে বছৰটোৰ ১২ মাহতে সহজলভ্য বিবিধ গৌণফলৰ প্ৰায়বোৰেই প্ৰটিন, খাদ্যপ্ৰাণ, খনিজ লৱণ, আদিত চহকী কৰ্দৈ, বেল খেজুৰ আদি ফলসমুহত বিভিন্ন খনিজ লৱণ যেনে কেলচিয়াম, মেগনেচিয়াম, ফচফৰাচ, চালফাৰ, কপাৰ আদি প্ৰচুৰ পাৰিমাণে পোৱা যায় লেতেকু আৰু পনিয়লত থকা প্ৰটিন আৰু খাদ্য প্ৰাণৰ পৰিমাণ আপেলতকৈ ১০ গুণে বেছি এই দুয়োবিধ ফলতেই যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু সেয়ে এই দুয়োবিধ ফলে উন্নয়নশীল দেশসমুহত যত গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী সমুহৰ যোগান কম, তাত দেহৰ পুষ্টি সাধনত যথেষ্ট পৰিমাণে বৰঙণী যোগাব পাৰে ভাৰতীয় ফলসমুহৰ ভিতৰত আমলখিত সবাতোকৈ খাদ্যপ্ৰাণ’(৬০০ মি:গ্ৰা:/১০০ গ্ৰা:) আছে ভীমকল সহজতে হজম হব পৰা শিশুৰ এক উত্তম খাদ্য এই খাদ্যত শিশুৰ পৰিপুষ্টিৰ বাবে আৱশ্যকীয় সকলোবোৰ শক্তিযুক্ত আৰু পৌষ্টিক উপাদান নিহিত থাকে তাৰিপৰি বগৰী, জামুক, ডিমৰু, নৰাবগৰী, নাচপতি, আটলচ, ডালিম, পোৰা আমলখি আদি ফলসমুহৰ পুষ্টিসাধনত থকা বৰঙণি কোনোগুণে উলাই কৰিব নোৱাৰি অসমৰ কেইবিধমান গৌণফলৰ পৌষ্টিক গুণাগুণ বিশ্লেষণ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে 


ঔষধি গুণাগুণ (Medicinal Value)
 অসমৰ গৌণফল সমুহৰ ঔষধি গুণৰ কথা কৈ অন্ত পেলাব নোৱাৰি এই গৌণফল সমূহৰ স্কাৰভি, কুকুৰীকণা, এজমা, ব্ৰংঙ্কাইটিছ, জ্বৰ, পেটৰ অসুখ, পাণ্ডু ৰোগ (জণ্ডিচ), বহুমূত্র আদি ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা হয় জণ্ডিচ আৰু অৰ্শৰোগত কৰ্দৈ হল মকৰধ্বজ ভাৰতীয় আয়ুৰ্বেদিক শাস্ত্রত কৰ্দৈ ফলক এক উত্তম শীতলীকৰণ ঔষধ হিচাপে গণ্য কৰা হয় ঔটেঙা আৰু ইয়াৰ ৰস কফ্ ৰোগ আৰু মূৰৰ উফি নিবাৰণত, লেতেকুৰ গুটি এজমা্, ব্ৰংঙ্কাইটিছ আৰু বমি বন্ধ কৰাৰ বাবে, আমলখিৰ ফল গ্ৰহণী, কফ্, বহুমূত্র আদি ৰোগৰ প্ৰতিষেধক হিচাপে, কেঁচা বেল ডায়েৰিয়া, গ্ৰহণী আৰু আয়ুৰ্বেদিক ঔষধ তৈয়াৰীকৰণত, অমৰাৰ পাত হজমিকাৰক হিচাপে আৰু ইয়াৰ ফল পেটৰ জ্বলা-পোৰা আৰু তেজ পৰিশোধণত, জামুৰ ৰস পেটৰ অসুখত আৰু ইয়াৰ গুটিৰ পৰা তৈয়াৰী পাউদাৰ বহুমূত্র আদি ৰোগ উপশমৰ বাবে বহুলভাবে ব্যৱহৃত হয় আমলখি, শিলিখা আৰু ভোমোৰাৰ ফলৰ পৰা তৈয়াৰ কৰা ত্রিফলা নামৰ আয়ুৰ্বেদিক ঔষধটো বোধহয় সকলোৰে চিনাকি আমলখিত সবাতোকৈ অধিক পৰিমাণে খাদ্যপ্ৰাণথাকে খাদ্যপ্ৰাণৰ অভাৱ হলে স্কাৰভি নামৰ এবিধ বেমাৰ হয় এই আমলখিৰ পৰাছ্যৱনপ্ৰাছনামৰ এবিধ স্বাস্থ্যকৰ টনিকতৈয়াৰ কৰা হয় মুঠৰ ওপৰত গৌণফল সমুহ নানান বেমাৰৰ উত্তম ঔষধ
ব্যৱসায়িক গুণাগুণ (Commercial Value)
অসমৰ গৌণফল সমুহৰ যথেষ্ট ব্যৱসায়িক মূল্য আছে এই ফলবোৰৰ পৰা উৎকৃষ্ট জাম, জেলি, ফলৰ ৰস, পানীয় দ্ৰব্য, আচাৰ আদি তৈয়াৰ কৰা হয় বগৰী, আমলখি, ঠেৰেজু, নগাটেঙা, জলফাই, কৰ্দৈ, অমৰাৰ পৰা সুস্বাদু আচাৰ তৈয়াৰ কৰিব পাৰি কৰ্দৈ, বেল, ডালিম আৰু লেতেকুৰ পৰা তৈয়াৰ কৰা ফলৰ ৰসৰ তৃপ্তি সহজে পাহৰিব নোৱাৰি ডিমৰু, জামুক, পনিয়ল আৰু ঔটেঙাৰ পৰা জাম তৈয়াৰ কৰা হয় কৰ্দৈত ৪ শতাংশ পেকটিন থাকে আৰু সেয়ে ইয়াৰ পৰা উৎকৃষ্ট মানদণ্ডৰ জেলি প্ৰস্তুত কৰিব পাৰি গতিকে দেখা যায় যে গৌণফল সমুহৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুতকাৰক ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰি আনহাতে নুনি গছৰ ওপৰত ভিত্তি কৰি পাট পলুপালন এক লাভজনক ব্যৱসায় গৌণফলবোৰৰ পৰা খৰি, কাঠ আদি পোৱাৰ উপৰিও নানান কৃষি সঁজুলি, নিত্য প্ৰয়োজনীয় আচ-বাব আদি তৈয়াৰ কৰাতো এইবোৰৰ ব্যৱহাৰ কৰা হয়
বংশবিস্তাৰ (Propagation)
গৌণফলৰ বংশবিস্তাৰ সাধাৰণতে গুটিৰ দ্বাৰাই হয় যিহেতুকে অদ্যপৰিমিত গৌণফলৰ অধিক উৎপাদনক্ষম উন্নত জাত বা বৰ্ণসংকৰ জাতৰ উদ্ভাৱন হোৱা নাই, সেয়ে স্থানীয় ফলৰ বীজকে বংশবিস্তাৰৰ বাবে নিৰ্বাচন কৰা হয় প্ৰথম অৱস্থাত গুটিবোৰ বীজতলীত সিঁচি দিয়া হয় তাৰপৰা এবছৰ মানৰ পিছত পুলিবোৰ মূল উদ্যান বাৰীত ৰোপন কৰা হয় কিন্তু এনে কেতবোৰ গৌণফল আছে যিবিলাক গুটিৰ পৰা কৰিবলৈ টান তেনে ক্ষেত্রত অংগজ পদ্ধতি (Vegetative propagation) যেনে ডাল কলম পদ্ধতি (Stem cutting), ডাল ধৰা পদ্ধতি (Layering) আদিৰ সহায় লোৱা হয় উদাহৰণস্বৰূপে ঔটেঙা আৰু বেলগছৰ কথাকে আঙুলিয়াব পাৰি ঔটেঙা আৰু বেলৰ গুটিৰ পৰা গছ গজাবলৈ কষ্টকৰ সেয়ে এইক্ষেত্রত গছৰ শিপা অংশ কাটি বংশবিস্তাৰ কৰা হয় কৰ্দৈ, আমলখি, নুনি, নৰাবগৰী, নাচপতি, ডালিম, পনিয়ল, মিৰিকা টেঙা আদি ডাল কলম পদ্ধতিত সহজে বংশ বৃদ্ধি কৰিব পাৰি
অন্তৰায় আৰু উন্নয়ন
          অসমৰ গৰম আৰু সেমেকা জলবায়ুৱে গৌণফলৰ শ্ৰীবৃদ্ধি আৰু উৎপাদনত যোগাত্মক প্ৰভাৱ পেলালেও অসমত গৌণফলৰ উৎপাদন সন্তোষজনক নহয় আনকি এইবোৰৰ চিনাক্তকৰণ তথা পৌষ্টিক মূল্যায়ন আদি হোৱাই নাই বুলিব পাৰি গতিকে আমাৰ অজানিতে প্ৰকৃতিত এনে বহুত হয়তো গৌণফল আছে যাৰ অৰ্থনৈতিক আৰু পৌষ্টিক গুৰত্ব অপৰিসীম কিন্তু দুখৰ বিষয় যে প্ৰকৃত বৈজ্ঞানিক অধ্যয়ন হোৱাৰ আগতেই বিভিন্ন প্ৰাকৃতিক কাৰণত, উদ্যোগীকৰণ, জুম খেতি তথা বেমাৰ-আজাৰ আদিৰ ফলত  এই পৰিচিত-অপৰিচিত গৌণফলসমূহ আমাৰ অজ্ঞতা আৰু অৱহেলাৰ পূৰ্ণ সুযোগ লৈ ক্ৰমাৎ বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে গৌণফল সমুহৰ বিলুপ্তি কেৱল অসমৰে নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে এক অপূৰণীয় ক্ষতি
অসমৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ মানুহৰ বাৰীতে সাধাৰণতে এই ফলবোৰ পোৱা যায় কিন্তু সময়ৰ সোতত জনসংখ্যা বৃদ্ধিৰ লগে লগে এই বাৰীবোৰ খণ্ডিতকৰণ হোৱাৰ ফলত মাটি কালি হ্ৰাস পাই গৈছে ফলস্বৰূপে বহুবিধ গৌণফল লুপ্তপ্ৰায় অথবা বিপন্ন হোৱাৰ পথত আগবাঢ়িছে
          গৌণফল সমূহ জনপ্ৰিয় নোহোৱাৰ অন্য এক অন্তৰায় হৈছে মুখ্যফলৰ দৰে প্ৰায়বোৰ গৌণফলতেই সুস্বাদু গুণৰ অভাৱ প্ৰায়বোৰেই খাবলৈ টেঙা বা অম্লযুক্ত সুস্বাদু গুণৰ অভাৱ ঘটিলেও প্ৰায়বোৰ গৌণফলই কিন্তু বহুতো মুখ্যফলতকৈ অধিক পৌষ্টিক গুণবিশিষ্ট আমাৰ খাদ্যাভাসত পৰিপুষ্টি সমন্ধে সচেতনতাৰ অভাৱৰ বাবেই হয়তো এই গৌণফলসমুহে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা নাই
          ৰাইজ, চৰকাৰ, কৃষি বিজ্ঞানী, উদ্ভিদ বিজ্ঞানী,কৃষি বিশ্ববিদ্যালয়, কৃষি বিভাগ আদি সংশ্লিষ্ট সকলো পক্ষেই গৌণফলসমুহৰ উন্নয়নৰ বাবে অচিৰেই এক সমন্বিত প্ৰচেষ্টা হাতত লোৱা উচিত এই গৌণফলসমুহৰ চিনাক্তকৰণ কৰি সেইবোৰৰ পৌষ্টিক আৰু ঔষধী গুণাগুণবোৰ প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিলে ব্যৱসায়িকভিত্তিত এই ধৰণৰ ফলৰ উদ্যান গঢ়ি উঠাৰ যথেষ্ট আশা আছে লুপ্তপ্ৰায় গৌণফলবোৰ প্ৰয়োজনসাপেক্ষে অধিকৃত অঞ্চলতে সংৰক্ষণৰো সুবিধা কৰিব পাৰি অথবা এই ফলসমুহ আনঠাইৰ পৰা আনি উদ্যানত ৰোপন কৰিব পাৰি অসমৰ কৃষি বিভাগে প্ৰতিখন জিলা সদৰতে এনে ফলসমুহৰ একোখনকৈ আদৰ্শভিত্তিক উদ্যান গঢ়ি তুলিব পাৰে কৃষিভিত্তিক উদ্যোগ গঢ়িবলৈ চৰকাৰী সাহাৰ্য, সংৰক্ষণৰ বাবে ব্যৱস্থা, পৰিবহণ আৰু বজাৰৰ উন্নতি আদিৰ ক্ষেত্রত চৰকাৰে মনোনিবেশ কৰিলে গৌণফলৰ উৎপাদন আৰু উন্নয়ন নোহোৱাকৈ নেথাকে
          অসমৰ গৌণফল সমুহৰ ব্যৱসায়িক ভিত্তিত খেতি কৰাৰ যথেষ্ট সুবিধা সুবিধা আছে অসমৰ মাটি আৰু জলবায়ুৰ বাবে এই ফলসমুহ উপযুক্ত মূখ্যফলসমূহৰ তুলনাত এই ফলসমুহত বেমাৰ-আজাৰ আৰু পোক-পৰুৱাৰ আক্ৰমণো যথেষ্ট কম আৰু সেইবোৰৰ খুউব বেছি তত্ত্বাৱধানৰো আৱশ্যক নাই কিছুমান গৌণফল যেনে- আটলচ, বেল, বগৰী, আমলখি আদি অদৰকাৰী মাটি বা খৰাং অঞ্চলতো কৰিব পাৰি সেয়ে অসমৰ এই গৌণফলসমুহৰ উপকাৰিতা তথা পাৰিপাৰ্শ্বিক ভাৰসাম্যৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ চিনাক্তকৰণ আৰু কাৰিকৰী পদ্ধতিৰ উদ্ভাৱনৰ চিন্তা এতিয়া সমাগত এক সমূহীয়া প্ৰচেষ্টা ললে লুপ্তপ্ৰায় এই ফলসমুহে ৰাজ্যখনৰ জনসাধাৰণৰ ফলমূলৰ চাহিদা পূৰণ কৰাৰ লগতে দেশৰ অৰ্থনৈতিক উন্নতিৰ ভেটিও টনকিয়াল কৰাৰ যথেষ্ট থল আছে          
লেখকৰ ঠিকনা: সহযোগী সঞ্চালক, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক, অসম কৃষি বিশ্ব-বিদ্যালয়, যোৰহাট

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান