বৰোধানৰ খেতি


 

জাত নিৰ্বাচন কেনেকৈ কৰিব?
-      কৃষক আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা জাতটোৱেই হল উপযোগী জাত। নিৰ্বাচিত জাতটোৱে যে অধিক উৎপাদন দিবই লাগিব তেনে নহয়; পানীৰ উপলভ্যতা (বৰষুণ বা জলসিঞ্চন), মাটিৰ ধৰণ, পথাৰৰ ঢাল আদিয়েও জাত নিৰ্বাচনত প্ৰভাৱিত কৰাৰ উপৰিও ঘৰত খাবৰ কাৰণে নে বিক্ৰি কৰিব তাৰ ওপৰতো নিৰ্ভৰ কৰিব।
-      অধিক উৎপাদন দিব পৰা, ৰোগ-ব্যাধি প্ৰতিৰোধ কৰিব পৰা, খাবলৈ ভাল, ধান বনাওতে নভগা আৰু বজাৰৰ বাবে উপযোগী জাত হব লাগে। যেতিয়া জাত এটা নিৰ্বাচন কৰা হয় নিম্নলিখিত কথাখিনি মন কৰিব লাগে-
শস্য কালঃ
-      দীৰ্ঘকালীন জাতবোৰ (১৬০ দিনতকৈ বেছি) জলসিঞ্চত নাইবা বানাক্ৰান্ত অঞ্চলৰ বাবে উপযুক্ত।
-      মধ্যকালীন জাতবোৰ (১২০-১৪০ দিন)  জলসিঞ্চত নাইবা বৰষুণ নিৰ্ভৰশীল দুয়োটা অঞ্চলৰ বাবে উপযুক্ত।
-      হ্ৰস্বকালীন (১২০ দিনতকৈ কম) জাতবোৰ খৰাং অঞ্চল নাইবা দুতৰপীয়া কৃষিৰ বাবে উপযুক্ত।

শস্যৰ উচ্চতাঃ
-      ওখ জাতবোৰ (১.৪ মিটাৰ বা ততোধিক) বানাক্ৰান্ত অঞ্চলৰ বাবে আৰু অসমান পথাৰৰ উপযুক্ত। ধান গছবোৰ হাউলি পৰি যায়।
-      মধ্যমীয়া জাতবোৰ ( ১- ১.২ মিটাৰ) প্ৰায়বোৰ অঞ্চলতে খাপ খাই আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলেও ই হাউলি নপৰে।
-      হ্ৰস্বকালীন জাতবোৰ জলসিঞ্চনৰ সুবিধা থকা সমান মাটিৰ বাবে উপযুক্ত। এই জাতবোৰে ৰাসায়নিক সাৰৰ প্ৰতি সহাৰি দিয়ে আৰু সাধাৰণতে উচ্চতা ১ মিটাৰতকৈ কম।
ৎকৃষ্ট মানদণ্ডৰ বীজ ব্যৱহাৰ কৰক
-      খাটি, পৰিষ্কাৰ আৰু স্বাস্থ্যবান বীজহে সিঁচিব লাগে
-      ৎকৃষ্ট মানদণ্ডৰ বীজ ব্যৱহাৰ কৰিলে বীজৰ পৰিমাণ কমকৈ লাগে আৰু সবল, স্বাস্থ্যবান কঠীয়া উৎপাদন হয়। ফলত সুষম শস্য আৰু অধিক উৎপাদন হয়।

ভাল বীজ কোনবোৰক কোৱা হয় ?
-      মাটি, শিলগুটি আৰু অপতৃণৰ বীজ ইত্যাদিৰ পৰা মুক্ত হব লাগিব
-      কেৱল এটা জাতৰ বীজহে থাকিব লাগিব
-      সম্পূৰ্ণ পূৰঠ, একে ৰঙৰ আৰু কোনোধৰণৰ ফাট বা দাগ নথকা বীজ হব লাগে
-      নিকা, খাটি আৰু সবল বীজহে ব্যৱহাৰ কৰিব লাগে
-      বীজৰ পৰিমাণঃ
-      অধিক উৎপাদনক্ষম জাতৰ ক্ষেত্ৰত- প্ৰতি বিঘাত- .- . কিলোগ্ৰাম
-      হাইব্ৰীড জাতৰ ক্ষেত্ৰত- প্ৰতি বিঘাত-.- . কিলোগ্ৰাম
বীজ শোধনঃ
সিক্ত পদ্ধতিঃ মেনকজেব (. গ্ৰাম) বা কেপটান (. গ্ৰাম) বা কাৰ্বানদেজিম (. গ্ৰাম) প্ৰতি লিটাৰ পানীত মিহলাই ২৪ ঘন্টাৰ বাবে তিয়াই ৰখাৰ পিছত ৪৮ ঘন্টাৰ বাবে গাপ দিব লাগে
শুষ্ক পদ্ধতিঃ মেনকজেব (. গ্ৰাম) বা কেপটান (. গ্ৰাম) বা কাৰ্বানদেজিম (. গ্ৰাম) প্ৰতি কিলোগ্ৰাম বীজত মিহলাই ভালদৰে জোকাৰি লব লাগে

বীজতলী প্ৰস্তুতিঃ
-      প্ৰতিখন বীজতলী বহলে ১২৫ ছেন্টিমিটাৰ (প্ৰায় ফুট), দীঘলে ১০ মিটাৰ (প্ৰায় ৩০ ফুট) আৰু দুখন বীজতলীৰ মাজত ৩০ ছেন্টিমিটাৰ (প্ৰায় ফুট) লাগে
-      বীজতলীত উত্তাপ সৃষ্টিৰ বাবে পলিথিনৰ চালি ব্যৱহাৰ কৰিব পাৰি

কঠীয়া শোধনঃ
-      মজাখোৱা, পিঁয়াজী আৰু সোহনী পোকৰ পৰা ধানখেতিডৰা ৰক্ষা কৰিবলৈ আগতীয়াকৈ কঠীয়া শোধন কৰিব লাগে ইয়াৰ বাবে প্ৰতি ১০ লিটাৰ পানীত ক্লৰপাইৰিফছ মিলিলিটাৰ আৰু ইউৰীয়া ১০০ গ্ৰাম মিহলাই এটি মিশ্ৰণ প্ৰস্তুত কৰিব লাগে উক্ত মিশ্ৰণত কঠীয়াৰ শিপাখিনি ঘন্টাৰ বাবে ডুবাই ৰাখিহে ৰোপন কৰিব লাগে উক্ত পদ্ধতিৰ সলনি কঠীয়া তোলাৰ এসপ্তাহৰ আগতে কঠীয়াতলীত কাৰ্বফুৰান (প্ৰতি বৰ্গমিটাৰত গ্ৰাম) প্ৰয়োগ কৰিব লাগে অন্যথা, কঠীয়াতলীত ক্লৰপাইৰিফছ (প্ৰতি ১০ লিটাৰ পানীত মিলিলিটাৰ) ছটিয়াব (স্প্ৰে) লাগে

কঠীয়াতলীৰ যতন:
-      দুখন বীজতলীৰ মাজত পানী বৈ যাব পৰাকৈ ফুট বহল নলাৰ ব্যৱস্থা কৰিব লাগে পানী জমা নোহোৱাকৈ কঠীয়াতলীৰ ওপৰভাগ সমান লাগে বীজ সিঁচাৰ পিছত মাটি আৰু পচন সাৰৰ মিহলি গুড়ি মাটি পাতলীয়াকৈ ছটিয়াই দিব লাগে কঠীয়াতলী পানীৰে ভিজাই ৰাখিব লাগে
-      কঠীয়াতলী শেষৰবাৰ বোকা কৰোতেই ৰাসায়নিক সাৰখিনি প্ৰয়োগ কৰিব লাগে যদিও জিংক চালফেটখিনি তাৰ আগতেই মাটিত মিহলাই দিব লাগে কিয়নো জিংক চালফেট চুপাৰ সাৰৰ লগত মিহলি কৰাটো অনুচিত
-      কঠীয়া সিঁচাৰ ১২-২০ দিনৰ ভিতৰত ৫০ গ্ৰামকৈ ইউৰিয়া প্ৰতিখন তলীতে প্ৰয়োগ কৰিব লাগে
হাইব্ৰীড জাতৰ কঠীয়াতলীত সাৰ প্ৰয়োগ:
-      একঠা মাটিৰ বীজতলীৰ বাবে পচন সাৰ বা গোৱৰ সাৰ-. কুইণ্টল, ইউৰিয়া-. কিলোগ্ৰাম, একক চুপাৰ ফচফেট-. কিলোগ্ৰাম, মিউৰেট অব পটাচ-৮০০ গ্ৰাম, জিংক চালফেট-২০০ গ্ৰাম
অধিক উৎপাদনক্ষম কঠীয়াতলীত সাৰ প্ৰয়োগ:
-      একঠা মাটিৰ বীজতলীৰ বাবে:
-      পচন সাৰ বা গোৱৰ সাৰ-- কুইন্টল, ইউৰীয়া-. কিলোগ্ৰাম, একক চুপাৰ ফচফেট-৬৫০ গ্ৰাম, মিউৰেট অব পটাচ-৬৫০ গ্ৰাম, জিংক চালফেট-২০০ গ্ৰাম
কঠীয়াতলীৰ সুৰক্ষা:
-      যদি ব্লাষ্ট ৰোগৰ লক্ষণ ধৰা পৰে তেতিয়া কাৰ্বানডাজিম (১গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে মজাখোৱা পোক আৰু শস্যকৃমি আক্ৰান্ত অঞ্চলৰ ক্ষেত্ৰত কঠীয়া সিঁচাৰ দিনৰ পিছত কাৰ্বফুৰান দানা (প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত গ্ৰাম ) বা ডায়ঝিনন (প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত গ্ৰাম) প্ৰয়োগ কৰিব লাগে থ্ৰিপচ্ নাইবা অন্যান্য পাত সোহনী পোক বা মজাখোৱা পোকৰ আক্ৰমণ নিয়ন্ত্রণ কৰিবৰ বাবে বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে।
পথাৰখন ভালদৰে প্ৰস্তুত কৰা আৰু সমান কৰা
-      ভালদৰে প্ৰস্তুত কৰা আৰু সমান কৰা পথাৰৰ পৰা একেধৰণৰ স্বাস্থ্যবান শস্য পাব পাৰি আৰু তেনে শস্যই অপতৃণৰ লগত প্ৰতিযোগিতা কৰিব পাৰে আৰু খৰাং সহ্য কৰিব পাৰে।
ভালদৰে প্ৰস্তুত কৰা পথাৰ এখনৰ বৈশিষ্ট হ-
-      মাটিখিনি ভালদৰে মিহি হয়। বীজৰ আকাৰ আৰু মাটিৰ চপৰাৰ আকাৰ প্ৰায় সমান সমান হয়।
-      মাটিৰ তলৰ ১০ ছেন্টিমিটাৰ তলত কঠিন তৰপ যাতে পানী ধৰি ৰাখিব পাৰে।
-      মিহি সমান পথাৰ।
-      মজবুত আলি
কেনেকৈ মাটি প্ৰস্তুত কৰিব ?
-      পৰাপক্ষত পূৰ্বৱৰ্তী শস্য চপোৱাৰ পিছতে মাটিত হাল বাব লাগে। বিশেষকৈ মাটি যদি সিক্ত হৈ থাকে।
-      সাধাৰণতে প্ৰথম চহ বা মূখ্য চহটো ডিক্স বা মলবৰ্ড নাঙলেৰে চহাব লাগে যাতে শস্যৰ অৱশিষ্ট অংশ, বন-বাত আদি গেলি-পচি যায়। এই চহ কৰা কামটো ৰোৱাৰ কমেও ৬-৮ সপ্তাহ আগেয়ে মাটিৰ ১০ ছেন্টিমিটাৰ তললৈকে হব লাগে।  
-      দ্বিতীয় চহটো ডিক্স বা হ্যাৰো নাঙলেৰে চহাব লাগে যাতে মাটিৰ চপৰাবোৰ মিহি হৈ যায়। দ্বিতীয় চহটো ৰোৱাৰ ২-৩ সপ্তাহ আগেয়ে হব লাগে আৰু শেষৰ চহটো ৰোৱাৰ ১ সপ্তাহ আগেয়ে মাটিৰ ৫-৭.৫ ছেন্টিমিটাৰ তললৈকে চহাব লাগে।
-      আলিবোৰ মেৰামতি কৰিব লাগে, এন্দুৰৰ গাঁতবোৰ ধ্বংস কৰিব লাগে আৰু ফুটা নাইবা ফাঁক আদিবোৰত ভালদৰে বোকামাটিৰে লেপি দিব লাগে। পথাৰখনৰ মূল বান্ধবোৰ ১ মিটাৰ বহল আৰু ০.৫ মিটাৰ ওখ হব লাগে।
-      পথাৰখন ভালকৈ সমান কৰিলে পানী ধৰি ৰখা, সজাল ধৰা আৰু অপতৃণ নিয়ন্ত্ৰণত সুবিধা হয়।
-      বাওধান বা আহুধান প্ৰত্যক্ষভাবে সিঁচিলে ১-২ দিনৰ আগেয়ে মাটি বোকা কৰি লাগে।
অপতৃণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব ?
-          জলসিঞ্চন কৰাৰ অন্ততঃ ১০-১৪ দিনৰ আগতে মাটিডৰাত হাল বাব লাগে আৰু মৈ মাৰিব লাগে
-          মৈ মাৰিলে বহুবোৰ অপতৃণ অঙ্কুৰণ নাইবা বৃদ্ধি হবলৈ টান পায়
-          যিবোৰ জাতৰ ধান গছ সোনকালে সবল হয় তেনে জাতহে নিৰ্বাচন কৰিব লাগে
-          অপতৃণৰ পৰা মুক্ত ধানৰ বীজহে ব্যৱহাৰ কৰিব লাগে

হাইব্ৰীড ধানৰ মূল পথাৰত সাৰ প্ৰয়োগ:
সাৰ প্ৰয়োগৰ সময়
প্ৰতিবিঘাত সাৰৰ পৰিমান (কিলোগ্ৰাম)
ইউৰীয়া
একক চুপাৰ ফচফেট
মিউৰেট অৱ পটাচ
জিংক চালফাৰ
মাটি বোকা কৰাৰ সময়ত
১১
৫০
১০
ৰোৱাৰ সপ্তাহৰ পিছত
১১
ৰোৱাৰ সপ্তাহৰ পিছত
১১
সৰ্বমুঠ
৩৩
৫০
১০

যদি ডি..পি. সাৰ ব্যৱহাৰ কৰা হয় তেতিয়া সাৰৰ পৰিমাণ তলত দিয়া ধৰণে -
সাৰ প্ৰয়োগৰ সময়
প্ৰতিবিঘাত সাৰৰ পৰিমান (কিলোগ্ৰাম)
ইউৰীয়া
ডি..পি.
মিউৰেট অৱ পটাচ
জিংক চালফাৰ
মাটি বোকা কৰাৰ সময়ত
১৬
১০
ৰোৱাৰ সপ্তাহৰ পিছত
১১
ৰোৱাৰ সপ্তাহৰ পিছত
১১
সৰ্বমুঠ
২৭
১৬
১০

যদি এন.পি.কে. সাৰ (১৫:১৫:১৫) ব্যৱহাৰ কৰা হয় তেতিয়া সাৰৰ পৰিমাণ তলত দিয়া ধৰণে -
সাৰ প্ৰয়োগৰ সময়
প্ৰতিবিঘাত সাৰৰ পৰিমান (কিলোগ্ৰাম)
ইউৰীয়া
এন.পি.কে.
জিংক চালফেট
মাটি বোকা কৰাৰ সময়ত
-
১৯.৮৬৬
ৰোৱাৰ সপ্তাহৰ পিছত
১০
ৰোৱাৰ সপ্তাহৰ পিছত
১০
সৰ্বমুঠ
২০
১৯.৮৬৬

অধিক উৎপাদনক্ষম বৰো ধানত সাৰ প্ৰয়োগ:-
প্ৰতি বিঘাত ৰসায়নিক সাৰৰ পৰিমাণ:-
মাটিৰ ধৰণ
ইউৰীয়া
একক চুপাৰ ফচফেট  (কি:গ্ৰা:)
মিউৰেট অব পটাছ(কি:গ্ৰা)
একেবাৰে মাটি
মাটিৰ কাষৰীয়া মাটি
১২
১৮
জলসিঞ্চিত মাটি
১৮
২৯

সাৰ প্ৰয়োগৰ সময়:
-      বিল নাইবা পিতনিৰ কাষৰীয়া মাটিত অনুমোদিত ইউৰীয়া, একক চুপাৰ ফচফেট আৰু পটাছৰ গোটেইখিনি ৰোৱাৰ ২১-২৫ দিনৰ পিছত টপদ্ৰেচ কৰিব লাগে জলসিঞ্চিত মাটিত সমুদায় একক চুপাৰ ফচফেট আৰু পটাছ শেষৰ চাহ হালবোৱাৰ সময়ত আৰু ইউৰীয়া তিনিভাগ কৰি প্ৰথমভাগ শেষৰ চাহ হালবোৱাৰ সময়ত, দ্বিতীয়ভাগ পোখা মেলাৰ সময়ত আৰু তৃতীয়ভাগ মণি ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে একক চুপাৰ ফচফেট সাৰ ৰোৱাৰ ২৫-৩৫ দিনৰ অৰ্থাৎ সক্ৰিয় পোখা মেলাৰ সময়তো প্ৰয়োগ কৰিব পাৰি

 

-      ধান সজাল ধৰাৰ পিছত যিমান সোনকালে পাৰি সিমান সোনকালে মাটিডৰাত পানী ধৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে
-      ধান সজাল ধৰাৰ ২-৩ সপ্তাহৰ পিছত প্ৰথমবাৰ আৰু পুনৰ ২-৩ সপ্তাহৰ পিছত দ্বিতীয়বাৰ নিৰণি কৰিব লাগে সাৰ প্ৰয়োগ কৰাৰ আগেয়ে পুনৰ এবাৰ নিৰণি কৰিব লাগে
-      অপতৃণ-নাশক প্ৰয়োগ কৰাৰ আগেয়ে অপতৃণবিধ চিনাক্তকৰণ কৰি লৈহে প্ৰয়োগ কৰিব লাগে
-      অপতৃণবোৰ কুমলীয়া হৈ থাকোতেই অপতৃণ-নাশক প্ৰয়োগ কৰিব লাগে
-      ধান সজাল ধৰাৰ আগেয়ে পূৰ্ব-উত্থান অপতৃণ-নাশক প্ৰয়োগ কৰিব লাগে
-      পৰৱৰ্তী উত্থান অপতৃণ-নাশক প্ৰয়োগ কৰিলে সাৱধান হব লাগে যাতে ধানৰ কোনো অনিষ্ট নহয়
-      অপতৃণ-নাশকবোৰ বিষাক্ত সেয়ে, সাৱধানেৰে ব্যৱহাৰ নকৰিলে স্বাস্থ্য আৰু পৰিবেশীয় সমস্যা দেখা দিব পাৰে
-      অপতৃণ-নাশক ছটিৱাওতে নিৰাপদ পোছাক পৰিধান কৰিব লাগে কিন্তু ৰেইন কোট পিন্ধি কেতিয়াও অপতৃণ-নাশক ছটিয়াব নালাগে, কিয়নো ই শৰীৰৰ পৰা বেছিকৈ ঘাম উলিয়াই

অনিষ্টকাৰী পোক-পৰুৱা আৰু ৰোগ-ব্যাধিৰ পৰা বৰোধান কেনেকৈ ৰক্ষা কৰিব?

গা-গছ ছিদ্ৰকাৰী বা মজ্জা-খোৱা পোক
Scirpophaga incertulas (Pyralidae: Lepidoptera)


-      মজ্জা-খোৱা পোকে ধানৰ কঠীয়াতলী, ৰোৱাৰ পিছত মূল পথাৰত, গেৰ ধৰা অৱস্থাত আৰু ঠোকৰ গাখীৰতী অৱস্থাত আক্ৰমণ কৰিব পাৰে
-      মজ্জা-খোৱা পোকে ধানৰ পাতত কণী পাৰিলে তাৰ পৰা ওলোৱা  পলুৱে বৌখাৰ ভিতৰত সোমাই প্ৰথমে সেউজীয়া অংশ খাই আৰু পিছলৈ ঠোৰৰ ভিতৰত সোমাই ধানৰ মজ্জা অংশ খায়ফলত ধানৰ ঠোৰটো গোটা হৈ লাহে লাহে ৰঙা পৰি যায় ঠোৰটো টানি দিলে সহজেই ওলাই আহে
-      গেৰ ধৰা সময়ত ঠোৰৰ ভিতৰত সোমাই অনিষ্ট কৰিলে ধানৰ ঠোকটো ওলালেও পতান হয় আৰু বগা পৰি শুকাই যায়
মজ্জা-খোৱা পোকৰ নিয়ন্ত্রণ
-      ৰোৱাৰ পিছত মজ্জা-খোৱা পোকৰ আক্ৰমণ চলি থাকিলে (প্ৰতি বৰ্গ মিটাৰত ১ টা মথ) বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে। অনাৱশ্যকীয়ভাবে কীটনাশক স্প্ৰে কৰিব নেলাগে
মজ্জা-খোৱা পোকৰ জৈৱিক নিয়ন্ত্রণ
-      ট্ৰাইকগ্ৰামা পোকৰ প্ৰায় ৭০০০ কণী প্ৰতি বিঘা ধাননি পথাৰত মেলি দিলে মজ্জা-খোৱা পোকৰ নিয়ন্ত্রণ হয় ইয়াৰ বাবে প্ৰতিখন ট্ৰাইককাৰ্ড ৬-১২ টুকুৰা কৰি পথাৰডৰাৰ বিভিন্ন স্থানত ধানৰ পাতত আঠা লগাই আঁৰি দিব লাগে
-      হালবোৱাৰ সময়ত নিমৰ খলিহৈ (প্ৰতি বিঘাত ১২-১৫ কিলোগ্ৰাম) প্ৰয়োগ কৰিলেও  মজ্জা-খোৱা পোকৰ কিছু পৰিমাণে নিয়ন্ত্রণ হয়ফেৰমণ ট্ৰেপৰ জৰিয়তেও মজ্জা-খোৱা পোক নিয়ন্ত্রণ কৰিব পাৰিপ্ৰতি বিঘা মাটিত ২ খন ট্ৰেপ ব্যৱহাৰ কৰিব লাগে

পাতমেৰোৱা পোক (Leaf Folder)
Cnapholocrocis medinails (guenee), Lepidoptera : Pyralidae


-      পাতমেৰোৱা পোকে ধানৰ পাত মেৰিয়াই তাৰ ভিতৰত সোমাই থাকে আৰু সেউজীয়া অংশখিনি খাই অনিষ্ট কৰে পিছত পাতখিলা বগা হৈ শুকাই যায়
-      বেছিকৈ আক্ৰান্ত হোৱা পথাৰডৰাত কোনো কোনো অংশ একেলেঠাৰিয়ে বগা হোৱা দেখা যায়
-      প্ৰতি জোপা ধান গছত এখিলাকৈ বেছি পাত অনিষ্ট কৰিলে বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে।
-      জৈৱিক কীটনাশক নহৰু,আদা আৰু কেঁচা জলকীয়াৰ মিশ্ৰণ স্প্ৰে কৰিব পাৰি

টুপলিকটা পোক (Rice Case Worn)
Nymphula depunctalis guen (Lepidoptera : Pyralidae)

 
-      টুপলিকটা পোকে ধানৰ পাত ছুটি ছুটিকৈ কাটি অনিষ্ট কৰে পাতখিলা দীঘলে দীঘলে মেৰিয়াই আৰু ভাঁজ খাই ওলমি থাকেকিছুমান পাত পানীৰ ওপৰত ওপঙি থাকে
-      পানী বন্ধ হৈ থকা অংশত এই পোকৰ আক্ৰমণ বেছিকৈ পৰিলক্ষিত হয়
-      প্ৰতি জোপা ধান গছত এটা বা দুটা পাত আক্ৰান্ত  হলে বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে।
-      কেৰাচিনত ডুবোৱা মৰাপাটৰ ৰছী ধাননিৰ ওপৰেদি চলাই দিলে বহূখিনি পোক নিয়ন্ত্রণ হয়

পিঁয়াজী পোক (Gall Madge)
Orseolla oryzae (Wood mason ) (Diptera : Cecidomyiidae)


-      এই পোকে আক্ৰমণ কৰিলে ধানৰ আগ পাত নলা আকৃতিৰ অৰ্থাৎ পিঁয়াজ পাতৰ সদৃশ হয় আৰু বেছিকে আক্ৰান্ত পথাৰত ধানগছৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়
-      প্ৰতি বৰ্গমিটাৰত এডালকৈ পোখা আক্ৰান্ত হলে বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে।

সেউজীয়া সোহনি পোক (Green Leaf Hopper)
Nephotettix virescens (distant) Homoptera : (Cicadellidae)


-      এই পোকে ধানৰ পাতৰ আগ অংশৰ সেউজীয়া অংশ খাই, আগবোৰ হালধীয়া পৰে আৰু বৃদ্ধি বাধাপ্ৰাপ্ত হয়
-      এই পোকে টুংৰু ভাইৰাছৰ বিজাণু বহন কৰি শস্যৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে বেছিকৈ আক্ৰান্ত পথাৰত বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে
-      নিমতেল আৰু কৰছ গছৰ গুটিৰ তেল ১:৪ হিচাপে মিহলাই পানীৰ লগত স্প্ৰে কৰিলে এই পোক বহূ পাৰিমাণে নিয়ন্ত্রণ হয় আলি বা পথাৰৰ কাষৰ বন-বাত আদি আঁতৰাই পেলাব লাগে যাতে সেইবোৰত সিহতে কণী পাৰিব নোৱাৰে

মুগা বৰণীয়া সোহনি পোক (Brown Plant Hopper)
Nilaparvata lugens (STAL) Homoptera : Delphacidae          



-      এই পোকে আক্ৰমণ কৰিলে পথাৰডৰা পুৰি ডেই যোৱা নিচিনা হয় আক্ৰান্ত পথাৰডৰাত ডোখৰ ডোখৰকৈ শুকাই যোৱা লক্ষণ দেখা যায়
-      পথাৰেদি খোজ কাঢ়ি গলে সোহনি পোকবোৰ উৰি ফুৰা দেখা যায়
-      প্ৰাপ্তবয়স্ক পোকবোৰে ধানগছৰ নিম্নাংশত পাতৰ ৰস শুহি খায় ধানৰ পাতবোৰ প্ৰথমে হালধীয়া হয় আৰু পিছত শুকাই যায়
-      বেছিকৈ আক্ৰান্ত পথাৰত বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে
-      নিম তেল আৰু কৰছ গছৰ গুটিৰ তেল ১:৪হিচাপে মিহলাই পানীৰ লগত স্প্ৰে কৰিলে এই পোক বহু পৰিমাণে নিয়ন্ত্রণ হয়

হৰ্ল মেগট্ (Whorl Maggot)
Hydrellia spp (Diptera:Ephydridae)


-      ধানজোপাৰ কেন্দ্ৰীয় পাতৰ ৰং শেতা হৈ হালধীয়া হৈ পৰে আৰু লাহে লাহে শেতা হৈ পৰে
-      ধান ৰোৱাৰ ৩০ দিনৰ পিছত ২০ শতাংশ পাত আক্ৰান্ত হলে বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে
-      নিমতেল আৰু কৰছ গছৰ গুটিৰ তেল ১:৪হিচাপে মিহলাই পানীৰ লগত স্প্ৰে কৰিলে এই পোক বহু পৰিমাণে নিয়ন্ত্রণ হয়

চৰহা পোক (Hispa)
Dicladispa armigera (oliver) (Coleoptera : Chrysomelidae)



 
-      আক্ৰান্ত ধানৰ পথাৰত চিৰিলা চিৰিলিকৈ বগা হৈ পৰে পাতৰ ভিতৰত পলুবোৰ সোমাই থাকে আৰু ৰদৰ পোহৰৰ ফালে দি চালে দেখা পোৱা যায়
-      আক্ৰান্ত পথাৰডৰা আঁতৰৰ পৰা চালে সম্পূৰ্ণ বগা ৰঙৰ হয়
-      পোকবোৰ জাক পাতি এডৰা ধাননিৰ পৰা আনডৰা ধননিলৈ বিয়পি পৰে
-      নিয়ন্ত্রণৰ বাবে গোটেই পথাৰডৰাতে সমূহীয়া ব্যৱস্থা লব লাগে
-      পথাৰত জেং পুতি দিব লাগে
-      বেছিকৈ আক্ৰান্ত পথাৰত বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে



গোন্ধী পোক (Rice bug)
Leptocorisa oratorius (Hemiptera: Alydidae)


-      ধানৰ গাখীৰতী  অৱস্থাত এই পোকে আক্ৰমণ কৰে ফলত ধানবোৰ কলা হৈ পতান হৈ পৰে
-      গান্ধি পোকৰ আক্ৰম (প্ৰতি বৰ্গমিটাৰত ১-২ টা) লে বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে আক্ৰান্ত পথাৰডৰা আঁতৰৰ পৰা চালে সম্পূৰ্ণ বগা ৰঙৰ হয়

শূৰ পোক Swarming Caterpillar (Spodoptera mauritia Boisduval)
আৰু
ধানৰ ঠোক কটা পোক Climbing Cutworm (Mythimma separate walker)


সাধাৰণতে শালিধানত এই পোকবিধৰ আক্ৰমণ হয় যদিও বৰো আৰু আগতীয়া আহু ধানখেতিতো ইয়াৰ আক্ৰমণৰ সম্ভাৱনা নথকা নহয়। বিশেষকৈ ধানৰ ঠোক কটা শূৰপোকবিধৰ আক্ৰমণৰ সম্ভাৱনা বেছি।  ধানৰ ঠোকবোৰত আক্ৰমণ কৰি ঠাৰিবোৰ কাটি দিয়ে আৰু তলত পৰি যায় প্ৰতিজোপা ধানগছত এটাকৈ পলু দেখিলে পোকৰ আক্ৰন্ত পথাৰত বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগেএই পোকবিধৰ আগমন হোৱাৰ লগে লগে গোটেই পথাৰৰ কৃষকসকল সজাগ হ’ব লাগে যাতে নিয়ন্ত্ৰণৰ বাবে সমূহীয়া ব্যৱস্থা লব পাৰি। এইক্ষেত্ৰত অভিজ্ঞ কৃষি বিষয়া-কৰ্মীৰ উপস্থিতিত অনুমোদিত কীট-নাশক নাইবা অন্যান্য ব্যৱস্থাৱলী লব লাগে।

ধানৰ ব্লাষ্ট ৰোগ:



-      পাতত মাকোৰ নিচিনা মুগা বৰণীয়া দাগ পৰিব পাৰে, যিটো ব্লাষ্ট বেমাৰৰ লক্ষণ হব পাৰে
-      যদি শতকৰা ৫ ভাগ শস্যডৰাত এই ৰোগ হৈছে তেন্তে নিয়ন্ত্রণৰ বাবে বিশষজ্ঞৰ পৰামৰ্শমতে ভেঁকুৰনাশক স্প্ৰে কৰিব
-      পিছত মণিধৰা সময়ত এবাৰ আৰু মণি ওলাবলৈ লোৱাৰ সময়তো বিশষজ্ঞৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে।

ব্ৰাউন লিফ স্পট


-      পাতত অৰ্দ্ধ বৃত্তাকাৰ মুগা বৰণীয়া দাগ পৰিব পাৰে, যিটো ব্ৰাউন লিপ স্পট বেমাৰৰ লক্ষণ হব পাৰে
-      যদি শস্যডৰাত শতকৰা ৫ ভাগত এই ৰোগ হৈছে,তেন্তে নিয়ন্ত্রৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শমতে ভেঁকুৰনাশক স্প্ৰে কৰিব লাগে

বৌখা পচা ৰোগ


-      বৌখা পচা ৰোগৰ (Sheath blight) লক্ষণ হল নকৈ মেল খাবলৈ ধৰা ধানৰ ঠোক আগুৰি থকা বৌখাবোৰ অনিয়মিত আকাৰৰ আৰু মুগা বৰণৰ হয় বৌখা পচা ৰোগৰ নিয়ন্ত্রণৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শমতে ভেঁকুৰনাশক স্প্ৰে দুবাৰ স্প্ৰে কৰিব লাগে প্ৰথমবাৰ লক্ষণ দেখা পোৱাৰ লগে লগে আৰু দ্বিতীয়বাৰ ১০ দিনৰ পিছত স্প্ৰে কৰিব লাগে

বেক্টেৰীয়াজনিত লেৰেলি যোৱা ৰোগ:



-      কঠীয়া অৱস্থাতে আৰু ৰোৱাৰ পিছতে হালধীয়া হৈ লেৰেলি যোৱা, যিটোক ‘ক্ৰেচেক’ অৱস্থা বুলি কোৱা হয়
-      বয়সীয়াল ধান গছৰ পাতত হালধীয়া-কমলা ৰঙৰ পানী-জ্বলা নিচিনা হয়।



      
-      ৰাতিপুৱা সময়ত পাতৰ পৰা গাখীৰৰ নিচিনা বেক্টেৰীয়াৰ ৰস ওলায় আৰু পিছত সেইবোৰ পাতত শুকাই যায়।
-      প্ৰতিকাৰৰ বাবে নাইট্ৰজেনযুক্ত সাৰ কমকৈ ব্যৱহাৰ কৰিব লাগে।
-      ধাননিডৰা বনবাতৰ পৰা পৰিষ্কাৰ হৈ থাকিব লাগে
-      ধাননিডৰাত পানী নিৰ্গমনৰ সু-ব্যৱস্থা থাকিব লাগে।



Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান