ভৌগোলিক চিহ্ন (Geographical Indication, চমূকৈ GI–Tag) প্ৰাপ্ত অসমৰ যাদুকৰী চাউল–কোমল চাউল বা বোকা চাউল
ঋত্বিকা
বৰুৱা
অসম সোণোৱালী শস্যৰ দেশ। এই অসম ভূমিৰ
ভৌগোলিক সৌন্দৰ্যৰ আন এক সুকীয়া পৰিচয় আছে যাৰ চৰ্চা সমগ্ৰ বিশ্বতে বৰ্তি আছে। অসম
ভূমিৰ সাৰুৱা মাটিত বতৰৰ শস্য, শাক-পাচলি,
ফল-ফুল লহপহকৈ বাঢ়ে। একদৰেই অসমভূমিৰ ভূ-গৰ্ভত আছে খনিজ সম্পদকে ধৰি
বিবিধসম্পদৰ ভাণ্ডাৰ। অসমৰ মাটিৰ এই গুণাগুণকে সাৰথি কৰি ৰাজ্যখনৰ কৃষকে পথাৰত
সোনগুটি সিঁচে, সেইমতে ফচলো পায়।
চহা অসমীয়াৰ এবিধ অনন্য জলপান আৰু
আমাৰ সকলোৰে চিনাকি বোকা চাউল বা কোমল চাউলে (Instant rice)
আজি বিশ্ব দৰবাৰত সমাদৰ লাভ কৰিবলৈ সক্ষ্যম হৈছে।
অসমৰ সুমিষ্ট
"বোকা চাউল" বা "কোমল চাউলে" আজি ভাৰত চৰকাৰৰ Intellectual
Property India (IPI) Body ৰ পৰা "GI
Tag" লাভ কৰি অসমৰ খেতিয়কক গৌৰৱাম্বিত
কৰিছে। অসমৰ জহা চাউল, মুগাশিল্প আৰু তেজপুৰৰ লিচুৰ পাছতেই
এই কোমল চাউলেও GI Tag লাভ কৰিছে। এই GI Tag
এ বোকা চাউলক ভৱিষ্যতে বাণিজ্যিকৰণৰ পথত এখোজ আগুৱাই যাবলৈ সুবিধা
দিছে। বিগত ২০১৬ চনত Lotus
Progressive Centre (LPC), Nalbari আৰু
Centre
for Environment Education (CEE), Guwhati য়ে GI-Tag
ৰ
বাবে আৱেদন কৰিছিল আৰু
শেহতীয়াকৈ যোৱা ২০১৮ চনৰ আগষ্ট মাহত এই বোকা চাউলে GI Tag
লাভ কৰিলে।
(ফটোঃ মাজুলীত খেতি কৰা দুবিধ কোমল ধানৰ ঠোক ক্ৰমে, আমপাখি আৰু নিয়কদম)
মেগি, ই-পি,পাষ্টা ,ব্ৰেড-বাটাৰ আদি
সহজতে প্ৰস্তুত কৰিব পৰা সম্ভাৰে আমাৰ বাবে ৰন্ধন অতি সহজ কৰি তুলিছে। কিন্তু কোমল
চাউল হ’ল সহজতে প্ৰস্তুত কৰিব পৰা এল খাদ্য সম্ভাৰ যি আধুনিক
কালৰ আবিষ্কাৰ নহয়। ই অতি প্ৰাচীনকালৰ পৰা প্ৰচলিত হৈ আহিছে। কোমল চাউলৰ বিশেষত্ব
হ'ল যে এই চাউলবিধ সহজতেই কোমল হৈ খাব পৰা হয়। ইয়াৰ বাবে
আপুনি মাথোঁ ইয়াক কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই লওক বা ঠাণ্ডা
পানীত ৩০ মিনিট মান তিয়াই লওক আৰু তাৰ পাছত দৈ, গুৰ, কলৰে সৈতে খোৱাৰ বাবে সাজু হওক। এই সুমিষ্ঠ আহাৰক জলপান হিচাপে জনা যায় । অসমীয়া
জলপানসমূহ অসমীয়া খাদ্য-সংস্কৃতিৰ এটা সন্মানীয়, আদৰৰ-চেনেহৰ
অংগ আৰু বেছিভাগ বিশেষ পৰ্ব বা অনুষ্ঠানত ইয়াক কাঁহৰ বাটিত সজাই পৰিবেশন কৰা হয়। এই
অসমীয়া জলপানবিধ কেৱল দেখাতেই যে সুন্দৰ ,আদৰৰ চেনেহৰ
বুলিয়েই নহয়, এই জলপান প্ৰচুৰ পুষ্টিগুণেৰে ভৰা। এইটো তথ্য
দাঙি ধৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়টেক্নলজী বিভাগে। তেওঁলোকৰ গৱেষণাৰ মতে
কোমল চাউলত ১০.৭৩ শতাংশ ফাইবাৰ (fibre)
আৰু ৬.৪ শতাংশ প্ৰটিন(protein)
থাকে আৰু এই ধানৰ প্ৰজাতিত মাত্ৰ ৪ পৰা ৫ শতাংশহে এমায়ল'জ(amylose) থাকে, যাৰ কাৰণে এই জলপান খালে পেটটো লঘু হৈ থাকে। সেইদৰে
কোমল চাউল, চিৰা-মুড়ি, পিঠাগুৰি,
কৰাইগুৰি আদি একেলগে মিহলাই খালে প্ৰচুৰ খাদ্যগুণ পোৱা যায়। পানীত
তিয়াই থোৱা কোমল চাউলত আৱশ্যকীয় ভিটামিন, প্ৰটিন, কেলচিয়ামযুক্ত পদাৰ্থ যথেষ্টভাবে নিহিত থাকে। সেইবাবেই অতীতৰ
পুৰুষ-মহিলাসকলে এই জলপান খাই শৰীৰ আটিল আৰু কৰ্মঠ কৰি ৰাখিব পাৰিছিল। আমাক
বুৰঞ্জীয়ে কয় যে এইবিধ কোমল চাউল আহোম সৈন্যসকলৰ এক প্রিয় আহাৰ আছিল। ১৭ শতিকাত
মোগলৰ সৈতে যুঁজ দিয়া আহোম সৈন্যৰ বাবে ই আছিল দেহৰ শক্তিদায়ী ইন্ধন। আজি খেতি
পথাৰত কাম কৰি থকা শ-শ কৃষকৰ বাবে ই হৈ পৰিছে শক্তিদায়ী ইন্ধন। যাৰ বাবে ই প্ৰধান
খাদ্য হিচাপে ব্যৱহাৰ হৈ আহিছে। এই কোমল চাউলবিধক নামনি অসমত বোকা চাউল বুলি জনা
যায়। নামনি অসমৰ নলবাৰী, বৰপেটা, গোৱালপাৰা,
কামৰূপ, দৰং, ধুবুৰী,
চিৰাং, বাক্সা, বঙাইগাঁও,
কোকৰাঝাৰ আদি জিলাত ইয়াক শালি ধান হিচাপে প্ৰধানকৈ কৰা হয়। এই খেতি
জুন মাহত আৰম্ভ হয় আৰু ডিচেম্বৰ মাহলৈ এই ধান চপোৱা হয়। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ
মাজুলীত এই কোমল চাউলৰ ধানৰ খেতি ব্যাপক হাৰত কৰা হয়। এতিয়া বিজ্ঞানসন্মতভাৱে এই
খেতিৰ উত্তৰণ ঘটাবলৈ ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰচেষ্টা চলাই আছে। বিশেষকৈ অন্ধ্ৰপ্ৰদেশ, বিহাৰ আৰু পশ্চিমবঙ্গ,
যাৰ কৃষি জলবায়বীয় ক্ষেত্ৰ অসমৰ লগত কিছু পৰিমানে মিল আছে। যোৱা ৪
বছৰ ধৰি বোকা চাউলক ভিত্তি কৰি কৃষিৰ লগত জড়িত বিভিন্ন বৈজ্ঞানিক সংস্থাপনৰ বাবে -
অসম কৃষি বিশ্ববিদ্যালয়, Indian Council Of Agricultural
Research, Assam Science Technology and Environment Council and Guwahati
University's Biotechnology Department ত
গৱেষণামূলক পৰীক্ষা চলি আছে। আজি এই কোমল চাউলক লৈ আৰম্ভ হৈছে এক নতুন পৰিকল্পনা। এই
চিন্তাৰে প্ৰতিফলন "কাপ ৰাইচ"। আপোনালোকে নিশ্চয় ৫ মিনিটতে গৰম পানী
ঢালি তৈয়াৰী কৰা ‘কাপ নুদুল্ছৰ’ কথা
শুনিছে। এই বিশ্বজনীন ফাষ্ট ফু'ডৰ তালিকাত এক শেহতীয়া সংযোজন
হ'ব "কাপ ৰাইচ"। এই
কোমল চাউলক পুষ্টিকৰ ফাষ্ট ফু'ড হিচাপে তৈয়াৰী
কৰিবলৈ অহৰহ চেষ্টা চলাইছে দুজন উচ্চ শিক্ষিত অসমীয়াই। শিৱসাগৰৰ সন্তান এম.বি.এ. ডিগ্ৰী ধাৰী সঞ্জয়
চাংকাকতি আৰু বোকাখাতৰ সন্তান মেকানিকেল ইঞ্জিনিয়াৰ কৃষ্ণ শইকীয়াই। দুয়ো সোণাপুৰৰ মৌপুৰত ৩৫ বিঘা মাটিত নিজৰ
কৃষি পাম পাতি কৃষি ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে।

কোমল
চাউলৰ প্ৰস্তুতি :
এই
জলপানবিধৰ তৈয়াৰীত কোনো কৃত্ৰিমতা নাই। মাত্ৰ প্ৰস্তুত কৰাৰ বাবে দুটা প্ৰক্ৰিয়া
আছে।১)
কোমল চাউল প্ৰস্তত কৰিবৰ বাবে কোমল ধানৰ প্ৰজাতিৰ প্ৰয়োজন হয়। ধান চপোৱাৰ পিছত
এটা নিশা তিয়াই ৰাখি উতলাই ৰ'দত শুকাই ২৪
ঘণ্টাৰ ভিতৰত ইয়াক কোমল চাউললৈ ৰূপান্তৰিত কৰা হয়। কিন্তু এইসময়চোৱাত এটা কথা মন
কৰা উচিত যে ধানখিনি একে ৰ’দতে শুকোৱা উচিত, নহ’লে চাউলখিনিৰ সোৱাদ নষ্ট হোৱাৰ সম্ভাৱনা থাকে আৰু
এই জলপান আহাৰ হিচাপে গ্ৰহণ কৰিবৰ বাবে আধাঘণ্টামানৰ আগেয়ে তিয়াই ৰাখি পিচত
গাখীৰ, দৈ, গুৰ আদিৰে পৰিবেশন কৰা হয়।
২)
কোমল ধানখিনি ভালকৈ নিতিওঁৱাকৈ ৰ’দত শুকুৱাই মিলত
বা ঢেঁকীত খুন্দি চাউল জাৰি লৈ কেৰাহিত চাউলখিনি ভজা হয়। যেতিয়া চাউলখিনি কিছু
ৰঙচুৱা হৈ পৰে তেতিয়া কেৰাহিৰ পৰা কাঢ়ি আনি সাঁচি ৰখা হয়। তাৰ পিচত খোৱাৰ কিছু
সময়ৰ আগতে গৰম পানী দি তিয়াই ৰাখি দৈ, গুৰ মিহলি কৰি
পৰিবেশন কৰা হয়।
সততে খোৱাৰ বাবে প্ৰস্তুত হৈ থকা কোমল
চাউলক অসমৰ ৰান্ধনীশালৰ ঐতিহ্য এবিধ যাদুকৰী খাদ্য সম্ভাৰ বুলি ক'ব পাৰি। আজি কোমল চাউলৰ এই GI Tag
এ অসমৰ কৃষকক আন্তঃৰাষ্ট্ৰীয় বজাৰত উচ্চ আসন দিবলৈ সক্ষম হ'ব। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই যাদুকৰী চাউলৰ
পৰিচয় হোৱাৰ লগে-লগে পৰ্যটকেও ইয়াৰ সোঁৱাদ বিচাৰি অসমলৈ ঢাপলি মেলিব। অসমৰ চহা
খেতিয়কে পথাৰৰ সোণগুটিৰে নিজক চহকী কৰি সময়ৰ লগত খোজ দি আগবাঢ়ি যাব পাৰিব।
লেখিকাৰ
ঠিকনা:
বিশ্বনাথ কৃষি মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি,
জিলা: বিশ্বনাথ