দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ শোণিতপুৰ জিলাৰ বালিগাঁও


পংকজ কুমাৰ শইকীয়া

অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ বাৰ্তাবাহক অন্যতম এক জনগোষ্ঠী হল মিচিং জনগোষ্ঠী বড়ো-কছাৰীসকলৰ পিছতে দ্বিতীয় বৃহত্তম জনজাতি মিচিংসকলে সাধাৰণতে নৈৰ পাৰত বাস কৰে অসমৰ এনে এখন নৈ-পৰীয়া মিচিং গাঁও হ- বালিগাঁও শোণিতপুৰ জিলাৰ তেজপুৰ টাউনৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ ভৰালীপাৰৰ এই গাঁওখন এখন বিশেষ গাঁও হিচাপে পৰিগণিত হৈ আহিছে কাৰণ এই বালিগাঁৱে ২০১৬ বৰ্ষত লাভ কৰিছিল সেউজ গাঁওবঁটা


হায়দৰাবাদস্থিত Indian Green Building Council (IGBC) ৰ দ্বাৰা আয়োজিত এক দীৰ্ঘম্যাদী অধ্যয়নত বিভিন্ন গাঁৱৰ কেতবোৰ বিশেষ দিশৰ বিষয়ে অধ্যয়ন আৰু পৰ্যালোচনা কৰা হৈছিল সৰ্বমুঠ ৩২ টাসেউজ গাঁওসূচক ইয়াৰবাবে লোৱা হয় মূলতঃ পাৰিপাৰ্শ্বিক বাতাবৰণৰ লগত খাপখোৱাকৈ জীৱন ধাৰণ কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, নিৰ্মল খোৱা পানীৰ সুবিধা, উন্নত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা, অনাময় ব্যৱস্থা আদিৰ ওপৰত নিৰ্ভৰ কৰি  সেউজ গাঁওহিচাপে নিৰ্বাচিত হোৱা বালিগাঁৱৰ বৈশিষ্ট হ-
-      এই গাঁৱত সাতশৰো অধিক থলুৱা প্ৰজাতিৰ গছ আৰু তেৰশৰো অধিক গছ-গছনিসহ জৈৱ-বৈচিত্ৰেৰে পৰিপূৰ্ণ সেউজীয়া পৰিবেশ
-      দুইকাষে প্ৰাকৃতিক নৰ্দমাসহ পৰিষ্কাৰ বাট-পথ গাঁৱৰ পৰা নিৰ্গত পানীভাগ ভিন ভিন স্থানত অৱস্থিত তিনিটা বৃহৎ পুখুৰীত সংৰক্ষণৰ ব্যৱস্থা
-      ঘৰৰ খাদ্য সামগ্ৰী আৰু বাৰীৰ পেলনীয়া জাৱৰ-জোঠৰ, পশু খাদ্য বা পচনসাৰ হিচাপে ব্যৱহাৰ কৰাৰ ব্যৱস্থা
-      গাঁওবাসীয়ে ব্যৱহাৰ কৰা খোৱাপানী এশ শতাংশ প্ৰাকৃতিকভাবে উপলব্ধ আৰু স্বাস্থসন্মত গাঁৱৰ সকলো পৰিয়ালৰ বাবে এশ শতাংশ অনাময় ব্যৱস্থা
-      কৃষি কাৰ্যত ব্যৱহাৰ নোহোৱা ভূমিখিনিৰ ৭৫% সেউজীয়া গছ-গছনিৰে পৰিপূৰ্ণ
-      শিক্ষাৰ সু-ব্যৱস্থা বিদ্যালয়ত দুপৰীয়া অহাৰ, স্বাস্থ্য সজাগতাৰ ব্যৱস্থা বিশেষভাবে উল্লেখযোগ্য
গাঁওবাসীৰ জীৱিকাৰ মূল উৎস হল কৃষি তদুপৰি বোঁৱা-কটা, মৎস পালন, পশুপালন আৰু বাঁহ শিল্পও গাঁওখনৰ উল্লেখযোগ্য জীৱিকা
IGBC য়ে অধয়ন কৰা বালিগাঁৱৰ লগতে ভাৰতৰ অন্য ৮ জিলাৰ ১২ খন গাঁৱেও এই বঁটা লাভ কৰিছিল ২০১৬ বৰ্ষৰ অক্টোবৰ মাহৰ ৩ তাৰিখে জয়পুৰত বহা গ্ৰীন ভিলেজ কংগ্ৰেছৰ এক অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰিছিল বালিপাৰা ফাউণ্ডেচনৰ অধীনস্থ Eastern Himalyan Naturenomics School ৰ উপদেষ্টা কমিচন মিলিয়ে
৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা দুয়োকাষৰ ধানণি পথাৰৰ মাজেদি ১ কিলোমিটাৰ গাঁৱলীয়া পথৰ মাজেদি আগুৱাই গলেই এই বালিগাঁওখন পোৱা যায় গাঁওখনৰ লোকসকল বৰ সহজ-সৰল আৰু আলহী প্ৰিয় মহিলাসকল বোঁৱা-কটাত পাৰ্গত আৰু সুনিপূণ ৰান্ধনী নিভাজ গাঁৱলীয়া পথেৰে, কম মচলাৰে এওঁলোকে ৰান্ধিব পাৰে বিধে বিধে জুতি লগা আহাৰ গাহৰি, কুকুৰা আৰু মাছৰ ব্যঞ্জনৰ লগতে মিচিং জনগোষ্ঠিৰ থলুৱা পানীয়ই বহু পৰ্যটকক এই গাঁৱলৈ আকৰ্ষিত কৰে  অসম তথা ভাৰতবৰ্ষৰ বিভিন্নজন প্ৰসিদ্ধ ব্যক্তিৰ উপৰিও এই গাঁৱৰ আলহী হোৱাৰ সৌভাগ্য হৈছিল বহু বিদেশীলোকৰ আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, ইটালী, থাইলেণ্ড আদি বহু ৰাষ্ট্ৰৰ লোক এই বালিগাঁৱলৈ আহে
এই গাঁৱৰ যুৱক-যুৱতীৰ উপৰিও মহিলাসকল গাঁওখনৰ উন্নয়ন আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত যথেষ্ট সজাগ ইয়াৰ ভিতৰতবালিগাঁও মিচিং মিলনপুৰ মহিলা সমিতিৰ সদস্যাসকলৰ উদ্যোগ শলাগিবলগীয়া এওঁলোকে মাজে-সময়ে দা আৰু ঝাড়ু লৈ নিজ গাঁৱৰ আলি-পদুলী পৰিষ্কাৰ কৰাৰ লগতে এওঁলোকৰ আশে-পাশে থকা অন্যান্য মিচিং গাঁৱতো প্ৰতি দেওবাৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্য সজাগতা, পৰিবেশ প্ৰদূষণ আৰু শিক্ষাৰ বিষয়ত সজাগতা অভিযান চলাই আহিছে
বালিগাঁৱৰ অতন্দ্ৰ প্ৰহৰী সমাজকৰ্মী কমিচন মিলিৰ উদ্যমত এই গাঁওখনে যি স্বীকৃতি লাভ কৰিছে সেয়া  সঁচাকৈয়ে প্ৰসংশনীয়
লেখকৰ ঠিকনাঃ কৃষি কাৰ্যালয়, শোণিতপুৰ, মবাইল: ৯৪৩৫০০৬৮৪৫

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান