হাইড্ৰপনিকচ্ বা মাটিবিহীন কৃষিকাৰ্য

পুষ্প গগৈ
 (থলুৱা সুবিধানুযায়ী নিজে সম্পাদন কৰা কৃষিকৰ্মৰ অভিজ্ঞতাৰ ভিত্তিত লেখক শ্ৰী পুষ্প গগৈয়ে এই লেখাটি প্ৰস্তুত কৰিছে)
উদ্ভিদ বা গছ-বনে মাটিলৈ শিপা প্ৰসাৰত কৰি মাটিৰ পৰা প্ৰয়োজনীয় পুষ্টিদ্ৰব্য (Nutrient) আহৰণ কৰি পৃষ্ঠভূমিৰ ওপৰিভাগত ডাল-পাত-কাণ্ড প্ৰসাৰিত কৰি তুলে এই স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজেৰে উদ্ভিদ বা গছ-বনৰ বিকাশ বা বৃদ্ধি হয় উদ্ভিদ বা গছ-বনে মাটিৰ পৰিৱৰ্তে পানীৰ পৰা শিপাই প্ৰয়োজনীয় পুষ্টিদ্ৰব্য আহৰণ কৰি ইয়াৰ বিকাশ বা বৃদ্ধি ঘটোৱা পদ্ধতিকেই মাটিবিহীন কৃষিকাৰ্য বা হাইড্ৰপনিক (Hydroponics) বুলি কোৱা হয় এই Hydroponics শব্দটো আহিছে গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা- ‘Hydro’ ৰ অৰ্থ- পানী আৰু ‘ponics’ ৰ অৰ্থlabor শ্ৰম
উদ্ভিদ বা গছ-বনে শিপাৰ সহায়ত পানীৰ পৰা প্ৰয়োজনীয় পুষ্টিদ্ৰব্য (Nutrient) আহৰণ কৰিব পৰাকৈ পানীত শিপা সংস্থাপনৰ ব্যৱস্থা কৰা হয় এই ব্যৱস্থা সমূহৰ ভিতৰত ১ পুষ্টিমৌল ফিল্ম কৌশল (Nutrient Film Technique or NFT) Aeroponic System (বায়ৱীয় পদ্ধতি) Drip System ( টোপাল পদ্ধতি)    Flood and Drain System (জল-প্ৰবাহ আৰু নিৰ্গমণ ৫ Drip Irrigation System (সুক্ষ্ম জলসিঞ্চন পদ্ধতি) আদি উল্লেখযোগ্য এই ব্যৱস্থাসমূহৰ জৰিয়তে শাক-পাচলি, ফল-ফুলৰ শিপা পানীত সংস্থাপিত কৰি প্ৰয়োজনীয় পুষ্টিদ্ৰব্য  যোগান ধৰি সম্পুৰক খাদ্য-শস্যৰ উৎপাদনেৰে ঘৰুৱা চাহিদা বা ব্যৱসায়ভিত্তিত স্ব-নিয়োজনৰ এক উজ্বল সম্ভাৱনাময় ক্ষেত্ৰ সৃষ্টি কৰিব পাৰি মাটিবিহীন কৃষিকাৰ্য  সাম্প্ৰতিক সময়ত নগৰ অঞ্চলতেই হওক বা গাঁও অঞ্চলতেই হওক হাইড্ৰপনিকচ্ পদ্ধতিৰে সতেজ তথা জৈৱিক শাক-পাচলিৰ উৎপাদনেৰে ঘৰুৱা চাহিদা পূৰণৰ গুৰুত্ব আহি পৰিছে ভাৰতবৰ্ষৰ দিল্লী, হাৰিয়ানা, কলকতা, বাংগালুৰু আদি ভালেকেইখন ৰাজ্যত ইয়াৰ জনপ্ৰিয়তা বাঢ়িছে কিন্তু উত্তৰ-পূৰ্ব ভাৰতৰ বিশেষকৈ অসমত ইয়াৰ প্ৰসাৰ মুঠেই হোৱা নাই
নিজ আবাসস্থলীৰ চৌহদত বতৰৰ শাক-পাচলিৰ বাবে সুবিধামতে পৰিসৰ অনুযায়ী বা পকীঘৰৰ ছাদ বা বাৰান্দাত অসমৰ জলবায়ুৰ লগত মিলাকৈ এখন আদৰ্শ  হাইড্ৰপনিকচ্   শাক-পাচলিৰ বাগিচা তৈয়াৰ কৰি লব পৰা যায়


হাইড্ৰপনিকচ্ পদ্ধতিৰে কি কি কৃষিকাৰ্য কৰিব পাৰিঃ

শাক-পাচলি- বিলাহী, লেটুজ, লাই, পালেং, ধনীয়া, তিয়ঁহ আদি
ফল- তৰমুজ, ষ্ট্ৰবেৰী, আঙুৰ আদি
সুগন্ধিজাতীয় বন শাক


হাইড্ৰপনিকচ্ পদ্ধতিৰে কৰা কৃষিকাৰ্যত নিন্মলিখিত সুবিধাসমূহ পৰিলক্ষিত হয়-
) এই প্ৰণালীত মাটিৰ প্ৰয়োজন নহয় বাবে বছৰৰ যিকোনো সময়ত বা গোটেই বছৰ কৃষিকাৰ্য সম্পাদন কৰিব পাৰি
) ঘাঁহ-বন আদি বাৰে বাৰে পৰিস্কাৰ কৰি থাকিব লগা নহয়
) কীটনাশক, বননাশক আদি প্ৰয়োগ কৰিব লগা নহয়
) নিৰ্দিষ্ট পৰিসৰৰ ভিতৰতে দুই বা ততোধিক চাং (ৰেক) পথালিকৈ তৈয়াৰ কৰি স্তৰ ৰোপনৰ ব্যৱস্থাৰে মুঠ পৰিসৰ বঢ়াব পাৰি
) প্ৰয়োজনীয় পুষ্টিদ্ৰব্য ১০০ শতাংশই নষ্ট নোহোৱাকৈ ব্যৱহাৰ হয়
) বতৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয়
) উদ্ভিদৰ বিকাশ বা বৃদ্ধি হয় ক্ষীপ্ৰ
) বহুমূখী আৰু মিশ্ৰিত কৃষি গোটেই বছৰ ধৰি কৰিব পাৰি
) তুলনামূলকভাৱে পৰম্পৰাগত কৃষি ব্যৱস্থাতকৈ ৯০ শতাংশ পানী ৰাহি হয় একেখনি পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি
১০) পৰিচৰ্চা বা যত্নত জটিলতা নাই অৱশ্যে প্ৰশিক্ষণ নতুবা অভিজ্ঞজনৰ দিহা-পৰামৰ্শৰ প্ৰয়োজন


এই কৃষিকাৰ্য কেনেকৈ সম্পাদন কৰিব পাৰিঃ-
পুলি সংস্থাপনঃ প্লাষ্টিক মেচপট বা তেনেধৰণৰ পাত্ৰত ২(দুই) প্ৰকাৰে পুলি সংস্থাপন কৰিব পাৰি-
) পুলি নাৰ্চাৰী (প্ৰস্তুত) আৰু পুনঃ সংস্থাপনঃ আমি পৰাম্পৰাগতভাৱে পুলি নাৰ্চাৰী কৰি অহা দৰে বেডত পুলি প্ৰস্তুত কৰি নিৰ্দিষ্ট সময়ত পুলি নাৰ্চাৰীৰ পৰা উভালি আনি পুলিবোৰৰ শিপাৰ পৰা মাটি পৰিস্কাৰ পানীৰে ধুই এই পুলি প্লাষ্টিকৰ মেচপটত ভঙা ইটাৰ টুকুৰা বা ক্লে বল (Clay ball) আদি ব্যৱহাৰ কৰি (১ নং চিত্ৰত দিয়াৰ দৰে) সংস্থাপিত কৰা হয় এই পদ্ধতিৰ মেচপটবিলাক ছাঁ দিয়া ব্যৱস্থাৰে ৪-৫ দিন পৰ্যন্ত পুলিবোৰৰ শিপাৰ প্ৰসাৰ হোৱালৈ অপেক্ষা কৰিব লগা হয় এই সময় চোৱাত পুলিৰ মেচপটবিলাকত পানী যোগান অব্যাহত ৰখা অতি আৱশ্যক এইদৰে উপযুক্ত পুলিৰ মেচপট বিলাক পোষকদ্ৰব্য মিশ্ৰিত প্ৰৱাহিত পানীৰ ব্যৱস্থাত যথাস্থানত স্থাপন কৰা হয়
) মাধ্যম নাৰ্চাৰী আৰু পুনঃ সংস্থাপনঃ মাধ্যম নাৰ্চাৰী পদ্ধতিত বীজ অংকুৰণৰ বাবে মাধ্যম হিচাপে Coco Peat, Perlite, Rock wool, Sponge আদি লোৱা হয় এই ব্যৱস্থাত পৈনত পুলি প্লাষ্টিকৰ মেচপটত ভঙা ইটাৰ টুকুৰা বা ক্লে বল (Clay ball) আদি ব্যৱহাৰ কৰি (২ নং চিত্ৰত দিয়া দৰে) সংস্থাপন কৰা হয় পুনৰ মেচপট বিলাক পুষ্টিদ্ৰব্য মিশ্ৰিত প্ৰৱাহিত পানীৰ ব্যৱস্থাত যথাস্থানত স্থাপন কৰা হয় মাধ্যম নাৰ্চাৰী জৰিয়তে গুটি অংকুৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা অনুসৰণ কৰিলে প্ৰায় ৮০-৯৫ শতাংশ পুলি আশা কৰিব পাৰি
পুষ্টিমৌল ফিল্ম কৌশল (Nutrient Film Technique or NFT) পদ্ধতিৰে কৃষিকাৰ্য সম্পাদন কৰিব পাৰি এক তলত আৰ্হি চিত্ৰসহ বৰ্ণনা কৰা হ-
ইয়াৰ নিৰ্বাচিত কৃষি হিচাপে বিলাহী লোৱা হৈছে-

বীজ নিৰ্বাচন: বৰ্ণসংকৰ জাত 
উল্লেখিত পুলি নাৰ্চাৰী (প্ৰস্তুত) আৰু পুনঃ সংস্থাপন নতুবা মাধ্যম নাৰ্চাৰী আৰু পুনঃ সংস্থাপন যিকোনো পদ্ধতিৰে প্লাষ্টিক মেচপটত সঠিকভাৱে পুলি সংস্থাপন হোৱাৰ পাছত (চিত্ৰ নং-) ৰ আৰ্হিৰ ঘৰুৱাভাৱে প্ৰস্তুত কৰি লোৱা NFT যতনটিত পুলিৰ মেচপটবিলাক যথা স্থানত বহুৱাই পুষ্টিদ্ৰব্য মিশ্ৰিত পানীৰ যোগানৰ ব্যৱস্থা কৰি এই পানী প্ৰতি দিনে এবাৰ বা তাতোধিক বাৰ প্ৰৱাহিত কৰাব লাগে
পুষ্টিদ্ৰব্য: এই পদ্ধতিত পুষ্টিদ্ৰব্য যোগানৰ দিশটো বিশেষভাৱে মন কৰিবলগীয়া হয়নাইট্ৰজেন-ফছফৰাচ-পটাছ, জীৱাণুসাৰ, জৈৱিক পদাৰ্থ আদি নিৰ্দিষ্ট পৰিমাণত যোগান ধৰাৰ লগতে অম্লতা নিয়ন্ত্রণৰ ওপৰত চকু ৰাখিব লগা হয় অৱশ্যে এইক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ বা অভিজ্ঞজনৰ পৰামৰ্শ প্ৰয়োজন

লেখকৰ ঠিকনা: তিনিচুকীয়া, অসম

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান