জাপানীজ কোয়েল চৰাইৰ (বটা চৰাই) বাণিজ্যিক পাম

ডাঃ ডেভিদ বৰদলৈ  
হুৰ হুৰ বটা চৰাই, মোৰ ধান নাখাবি
তোক দিম গোটা কৰায়
এই কথাষাৰৰ পৰা গম পোৱা যায় যেবটা চৰাই আমাৰ খেতিয়ক সকলৰ মাজত ধান খাবলৈ অহা এবিধ অনিষ্টকাৰী বনৰীয়া চৰাই হিচাপে পৰিচিত কিন্তু মই যিবিধ বটা চৰাইৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো, সেইবিধ আমাৰ ধাননি পথাৰত দেখা বটা চৰাইতকৈ ডাঙৰ আৰু ইয়াক বিজ্ঞানসন্মতভাৱে পুহি এটা লাভজনক ব্যৱসায়ৰ গৰাকী হব পৰা যায়

জাপানৰ বিজ্ঞানীসকলে সৰ্ব্বপ্ৰথমে বনৰীয়া বটা চৰাইক বাণিজ্যিকভাৱে পালন কৰি কেনেদৰে পাম প্ৰতিষ্ঠা কৰিব লাগে তাক প্ৰচাৰ কৰিছিল আৰু জাপানত এই পামৰ প্ৰসাৰতা লাভ কৰিছিল
          জাপানীজ কোয়েল পামৰ পদ্ধতি বাণিজ্যিক ব্ৰইলাৰ বা হাঁহৰ পামৰ সৈতে একে ইয়াক সকলোধৰণৰ বতৰত লাভজনকভাবে পালন কৰিব পাৰি কোয়েল চৰাইৰ কণীত তুলনামূলক ভাৱে
অধিক প্ৰটিন, ফছফৰাছ, আইৰণ, ভিটামিন A, B1 আৰু B12 পোৱা যায় এই পামৰ ব্যৱসায়ৰ জড়িয়তে বৰ্ত্তমান সময়ৰ পুষ্টিহীনতাৰ দৰে এক গুৰুত্বপূৰ্ণ দিশৰ সমাধানৰ কিছু পথৰ সন্ধান দিব
এই চৰাইবিধৰ পাম মাংস আৰু কণীৰ বাবে কৰা হয় যিহেতু এই চাৰিবিধ পুহিবৰ বাবে তুলনামূলকভাবে কম মূলধনৰ প্ৰয়োজন হয় নিবনুৱা সকলে এই কোয়েল পাম অতি সহজে প্ৰতিষ্ঠা কৰি উপাৰ্জনৰ পথ বাচি লব পাৰে

সুবিধা সমূহ:
) পুহিবৰ বাবে কম ঠাই লাগে
) -৬ সপ্তাহৰ ভিতৰত ইয়াৰ মাংস বজাৰত বিক্ৰি কৰিব পৰা হয়
) ব্ৰইলাৰৰ দৰে ইয়াক বিভিন্ন ৰোগৰ চিটা আৰু অন্যান্য খৰছী দৰৱ দিয়াৰ প্ৰয়োজন নাই
) জাপানীজ কোয়েলৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বেছি আৰু গড় মৃত্যুৰ হাৰ কম
) এই চৰাইবিধে ২৫০-৩০০ কণী প্ৰথম বছৰত পাৰে আৰু তুলনামূলকভাৱে ক্ৰমশঃ কমি যায়
জাপানীজ কোৱেলৰ বৈশিষ্ট্য সমূহ:
-এটা জাপানীজ কোয়েলৰ ওজন ২০০ গ্ৰাম পৰ্যন্ত পাৰে
-ইয়াৰ কণীৰ ওজন ১০-১৫ গ্ৰামৰ ভিতৰত হয়
-সঠিক দানা খুৱালে ৫০ দিনৰ পৰা কণী পৰা আৰম্ভ কৰে
-যিহেতু এই চৰাইবিধে উমনি নলয়, কণী ফুটাই পোৱালী জন্ম দিবৰ বাবে মেছিনৰ প্ৰয়োজন হয় (ইনকুবেটৰ মেছিন)এই মেছিনত ১৫-১৮ দিনৰ ভিতৰত কণী ফুটি পোৱালী জন্ম হয়
কোয়েলৰ কণীৰ উপকাৰী গুণসমূহ:
) পটাছিয়ামৰ পৰিমাণ অধিক হোৱা বাবে উচ্চ ৰক্তচাপ, হৃদযন্ত্রৰ ৰোগ, গাঁঠিৰ ৰোগৰ বাবে উপকাৰী
) লিউচিন নামৰ এমাইন এছিড থকাৰ কাৰণে এই কণীয়ে ডায়বেটিছ প্ৰতিৰোধ কৰিব পাৰে
) কেনছাৰ ৰোগৰ প্ৰতিৰোধক
) কাঁহ আৰু হাঁপানি ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়

মাংসৰ উপকাৰী গুণসমূহ:
) ইয়াৰ মাংসত কলেষ্টৰলৰ পৰিমাণ কম হোৱা বাবে উচ্চ ৰক্তচাপত ভোগা ৰোগীসকলেও খাব পাৰে
) ইয়াৰ কণী আৰু মাংসত যথেষ্ট কলিন থকা বাবে সৰু ছোৱালীৰ মগজুৰ বিকাশত সহায় কৰে
) ইয়াৰ মাংসত আয়ৰণৰ পৰিমাণ অধিক হোৱা বাবেএনিমিয়া ৰোগ” (ৰক্তহীনতা) নিৰাময়ৰ বাবে উপযুক্ত

পাম কৰাৰ পদ্ধতি:
 এই চৰাইবিধ মজিয়াত তুঁহ পাৰি দি অথবা নিৰ্দিষ্ট জোখৰ বাকচ বনাই পুহিব পাৰি

মজিয়াৰ জোখ:
প্ৰতি বৰ্গফুটত ৪- টা চৰাই  অথবা প্ৰতিটো চৰাইৰ বাবে ১৪৫ বৰ্গ ছে:মি:

বাকচৰ জোখ:
প্ৰথম সপ্তাহ: প্ৰতি ১০০ চৰাইৰ গোটৰ বাবে ৩ ফুট x .৫ ফুট x . ফুট
- সপ্তাহ: প্ৰতি ৫০ চৰাইৰ গোটৰ বাবে ৪ ফুট x . ফুট x . ফুট
প্ৰজননৰ বাবে ৰখা মতা: মাইকী অণুপাত = :

জাপানীজ কোয়েলৰ দানা:
এদিনত এটা প্ৰাপ্তবয়স্ক চৰাইয়ে ২০-২৫ গ্ৰাম খাদ্য খায়আমি ব্ৰইলাৰ মুৰ্গীক দিয়া খাদ্যকে জাপানীজ কোয়েল চৰাইকো দিব পাৰোখাদ্য দিওঁতে দানাৰ আকাৰত গুৰুত্ব দিব লাগেদানা আৰু পানী দিয়া পাত্ৰৰ উচ্চতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, যাতে সহজে খাব পাৰেজন্মৰ পৰা সপ্তাহ বয়সলৈকে ব্ৰইলাৰ ষ্টাৰটাৰ দানা খুৱাব পাৰিইয়াৰ পাছত পামখনৰ উদ্দেশ্য অনুসৰি (কণী/মাংস উৎপাদন) দানাৰ নিৰ্বাচন কৰিব লাগেযদি মাংসৰ বাবে চৰাইবিধ ৰখা হৈছে, তেনেহলে ব্ৰইলাৰ ফিনিছাৰ আৰু যদি কণী উৎপাদনৰ বাবে ৰখা হৈছে, তেনেহলে লেয়াৰ দানা (কণী পাৰা মুৰ্গীৰ দানা) খুওৱাব লাগে

তালিকা: গড় ওজন আৰু দানাৰ পৰিমাণ
বয়স (সপ্তাহ)
ওজন (গ্ৰাম)
দানাৰ পৰিমাণ (গ্ৰাম)
সপ্তাহ
মতা
মাইকী
মতা
মাইকী
৪০
৪০
৫০
৫০
৯০
১০০
১৮০
১৯০
১২০
১৩০
৩০০
৩৩০
১৩০
১৬০
৩৫০
৪৫০
১০
১৪০
১৭০
৪০০
৫১৫
         
বৰ্তমান সময়ত জাপানীজ কোয়েলৰ কণী দৈনিক বজাৰসমূহৰ লগতে বিভিন্ন ফাৰ্মাচীত নিয়মীয়া ভাৱে বিক্ৰি কৰা দেখা গৈছে গতিকে জাপানীজ কোয়েলৰ কণী আৰু মাংসৰ গুণগত মানদণ্ডৰ প্ৰচাৰৰ জৰিয়তে গ্ৰাহকসকলক আকৰ্ষিত কৰি বাণিজ্যিক দিশত সফলতা লাভ কৰিব পৰা যাব

লেখকৰ ঠিকনাঃ পশুপালন আৰু পশুচিকিৎসা বিভাগকাৰ্বি আংলং, মবাইল নং৮৭৯০৫৩৬৮৯২

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান