অসমত লুপ্তপ্ৰায় আৰু অৱহেলিত কুঁহিলাৰ খেতি
পংকজ
শইকীয়া


কুঁহিলাৰ বিষয়ে হয়তো সম্যক জ্ঞান বহুলোকৰে
নাই। নথকাতোৱেই স্বাভাৱিক কথা। কিয়নো ইয়াৰ ব্যৱহাৰো সাধাৰণ জীৱনত নিচেই
সীমিত। অসমত কুঁহিলাৰ খেতি এতিয়া লুপ্তপ্ৰায়। নগাঁও জিলাৰ বটদ্ৰৱাত আৰু গোৱালপাৰা জিলাৰ
কিছু কিছু ঠাইত ব্যৱসায়িক ভিত্তিত কুঁহিলাৰ খেতি কৰা কথাতো গম পোৱা যায়। গোৱালপাৰাৰ গৌৰীপুৰত কুঁহিলাৰ উদ্যোগিক
প্ৰশিক্ষণ প্ৰতিস্থান এটা আছে।
১৯৮৯-৯৬ চনত এই লিখকৰ কৰ্মস্থলী আছিল বটদ্ৰৱা কৃষি চক্ৰ। এই চক্ৰৰে অধীনত ঐতিহ্যমণ্ডিত বটদ্ৰৱা
সত্ৰ। তাহানি শংকৰদেৱৰ শিষ্যসকলে কুঁহিলাৰে তৈয়াৰী
কঠ আসন হিচাবে ব্যৱহাৰ কৰিছিল। সেইদিন ধৰি এই সত্ৰত সেই পৰম্পৰা চলি আছিল। চাকৰি কালতে আমি এনে কেইজনমান ভকতক লগ
কৰিছিলোঁ। তেখেতসকলে এই কঠ নিজে প্ৰস্তুত কৰে আৰু
ঘৰত বা নামঘৰত ব্যৱহাৰ কৰাৰ উপৰিও বছৰত দুই তিনিবাৰ বম্বে, দিল্লী আৰু মাদ্ৰাজলৈ চালন দিয়ে বুলি তেতিয়া গম পাইছিলো। সেইসময়ত “বটদ্ৰৱা কুঁহিলা কঠ কুটিৰ শিল্প সমবায় সমিতি” নামৰ এটি চৰকাৰী পঞ্জীয়নভুক্ত অনুষ্ঠানৰ জৰিয়তে স্থানীয় ৰাইজে কুটিৰ শিল্পৰ বিকাশৰ কথাও চিন্তা
কৰিছিল। ৫৫ জন সদস্যৰে সেই সমিতিৰ তেতিয়া মাটিৰ
পৰিমাণ আছিল ৪২ বিঘা। তাৰে
১২ বিঘা কুঁহিলাৰখেতিৰ উপযোগী মাটি। সমিতিৰ
তেতিয়াৰ প্ৰাক্তন সভাপতি,
বটদ্ৰৱা সত্ৰৰ “নামলগোৱা” বীৰেন্দ্ৰ চন্দ্ৰ দেৱমহন্তক আমি তেতিয়া লগ কৰিছিলোঁ। তেখেতে এই শিল্পৰ পুৰণি ঐতিহ্যৰ কথা তেতিয়া
সোঁৱৰণ কৰিছিল আৰু এই কলা মুষ্টিমেয় স্থানত আৰু নিৰ্দিষ্ট দুজনমান ব্যক্তিৰ মাজৰ সীমিত
হৈ পৰা বাবে চিন্তিত হৈছিল।
তথাপি কুঁহিলা খেতিকেই জীৱনৰ
সম্বল হিচাবে লৈ জীয়াই থকা সেই অঞ্চলত তেতিয়াও আছিল।
তেনে
এজন ব্যক্তিৰ সৈতে তেতিয়া পৰিচয়ো হৈছিলো; তেখেত আছিল শিশুৰাম
বৰুৱা। ১৯৮৭
চনত চৰকাৰী পঞ্জীয়নভুক্ত সেই প্ৰতিষ্ঠানটোত শ্ৰী বৰুৱাৰ পৰিয়ালৰ তেতিয়া মূখ্য ব্যৱসায়
আছিল। গৌৰীপুৰত কুঁহিলা শিল্পৰ প্ৰশিক্ষণপ্ৰাপ্ত
বৰুৱাৰ সতে এই শিল্পৰ তেখেতৰ পৰিবাৰৰ একান্ত সহযোগ অতি আকৰ্ষণীয়। কুঁহিলা উদ্যোগ ব্যৱসায়িক দিশটোৰ বিষয়ে
জানিবলৈ আমি তেখেতৰ কাষ চাপিছিলোঁ।
কুঁহিলাৰ
ব্যৱসায়িক দিশ:
কুঁহিলাৰ পৰা তৈয়াৰ কৰা কুটিৰ
শিল্পজাত সামগ্ৰীসমূহৰ বজাৰ অসমত নিচেই তাকৰ।
সেয়েহে
জীৱিকাৰ মূখ্য উপায় হিচাবে ইয়াক ল’বলৈ অসুবিধা আছে। শিল্প কৰ্মত কুঁহিলাৰ প্ৰয়োগ কৌশল এক চাবলগীয়া
বিষয়। শুকান কাষ্ঠাংশ চোকা কটাৰীৰে দীঘলে দীঘলে
কাটি মৰাপাটৰ মিহি ৰচিত বৈ বেলেগ বেলেগ জোখৰ ৰং বিৰঙৰ কঠ তৈয়াৰ কৰা হয়। ইয়াৰ বজাৰত বেচ চাহিদা আছে।
বাকলি
গুচোৱা কাষ্ঠাংশৰ সোপোকা অংশ বিভিন্ন জোখৰ টুকুৰাটুকৰ কৈ কাটি বিশেষ কটাৰীৰ সহায়ত হাতেৰে
দীঘলে দীঘলে ঘূৰাই ঘূৰাই চেপেটা, বহল টিছু কাগজৰ দৰে অংশ প্ৰস্তুত কৰা
হয়। যিকোনো ধৰণে ভাঁজ দিব পৰা এই অংশবোৰৰ
পৰা সুন্দৰ পুতলা লৰচৰ কৰিব পৰা কাছ, বগলী , ৰাজহাঁহ ফুল, মূখা, মালা,
দৰাৰ টুপি আদি তৈয়াৰ কৰা হয়।
বিশেষভাৱে
উল্লেখযোগ্য যে এই কাম কৰোতে ব্যৱহাৰ হোৱা আঠা তৈয়াৰ কৰা হয়, ৰাস্তাৰ দাঁতিত হোৱা ঢেকীয়াগছৰ কোমল কোঁহৰ পৰা।
এজন কৃষিছাত্ৰ হিচাবে উৎসুক
হৈ এই খেতিৰ বিষয়ে কিছু বুজ লোৱাৰ মানসেৰে আমি শিশুৰাম বৰুৱাৰ কাষ চাপিছিলো আৰু তেখেতৰ
পথাৰত থকা কুঁহিলা গছ প্ৰত্যক্ষ কৰিছিলো।
বিভাগীয়
কোনো অনুমোদনাৱলী নোহোৱা হেতুকে স্থানীয় কৃষকৰ ভাৱ ধাৰণাকে লৈ তলত কৃষি পদ্ধতি সমূহ
লিপিবদ্ধ কৰা হৈছে। এই ক্ষেত্ৰত সৰুহিচা গাৱৰ উৎসাহী যুৱকৃষক
সৰ্বশ্ৰী কষ্ণ বৰুৱা,
যোগেন কলিতা আৰু লগতে শিশুৰাম বৰুৱাৰ নাম উল্লেখ কৰা হ’ল।
কুঁহিলাৰ
খেতিৰ বাবে কিছু কথা:
খৰালী পানী শুকাই যোৱা আৰু
বাৰিষা ৩.৫ ফুট গভীৰতাৰ বন্ধ পানীত হোৱা কুঁহিলা এনে এবিধ খেতি যাৰ পানীৰ তলত হোৱা কাণ্ডৰ সাহ অংশটোহে বহুলভাৱে
ব্যৱহাৰ কৰা হয়।
জাত:- দুই ধৰণৰ জাত পোৱা যায়।
১। বন কুঁহিলা: ই বনৰীয়াকৈ যিকোনো স্থানত হয়।
ইয়াৰ
কাণ্ড বেছি টান হয়। মাখিপাতৰ আগ অংশত অৰ্দ্ধবৃত্তাকাৰ নহৈ
দীঘলীয়া হয় আৰু ৰঙচুৱা দাগ থাকে বন কুঁহিলাক কামত ব্যৱহাৰ কৰা হয়।
২। জাতি কুঁহিলা: ই পিতনিত হয়। কাণ্ডাংশ
সোপোকা আৰু শকত হয়। মাখিপাতৰ অগ্ৰাংশ অৰ্দ্ধবৃত্তাকাৰ আৰু
পাত সম্পূৰ্ণ সেউজীয়া হয়। ই শিল্পৰ
কামত ব্যৱহাৰৰ উপযোগী।
মাটি
নিৰ্বাচন আৰু প্ৰস্তুতি: দ’ বন্ধন পানী থকা পিতনি, য’ত খৰালী
পানী শুকাই যায় আৰু বাৰিষা ৩-৩.৫ ফুট গভীৰতাৰ
পানী থাকে। মাটি দুই তিনিচাহ হাল মাৰি জাবৰ বাচিব
লাগে,
প্ৰাৰম্ভিক কোনো ৰসায়নিক সাৰৰ প্ৰয়োজন নহয়।
কুঁহিলাৰ
বংশবিস্তাৰ:
বীজৰ
দ্বাৰা: নতুন মাটিত বিঘাই প্ৰতি ৩০০ গ্ৰাম বীজ সিঁচিব লাগে। কিন্তু য’ত বছৰৰ পিচত বছৰি কুঁহিলাৰ খেতি হয়, তাত আগৰ বছৰ পৰি
ৰোৱা পুৰঠ গছৰ পৈণত বীজ নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট পৰিবেশত নিজেই অংকুৰিত হয়। কেৱল অলাগতিয়াল গছৰ সংখ্যা কমাই দিলেই
হ’ল।
অংগজ
প্ৰজনন: কাণ্ডৰ কলমৰ পৰা অথবা মূঢ়াৰ পৰা গজালি মেলি (Ratooning) পূৰ্ণ গছৰ জন্ম দিব পাৰি।
বীজ সিঁচাৰ
বা কলম দিয়াৰ সময়:
ফেব্ৰুৱাৰীৰ
পৰা এপ্ৰিলৰ প্ৰথম সপ্তাহলৈ।
নিৰণি
আৰু অন্যান্য প্ৰতিপালন: এবাৰ বা দুবাৰ হাতেৰে বন-জাৱৰ বাচি দিব লাগে। তদোপৰি
গছজোপা এফুটমান ওখ হোৱাৰ পিছত আগ অংশৰ পাত ৰাখি, ওপৰৰ পৰা গুৰি
দিশলৈ হাতেৰে চুচি দিব লাগে, যাতে কাষৰ পৰা ওলোৱা ডালবোৰ আৰু
কক্ষমুকুল সমূহ আঁতৰি যায়। ই এটা
অতি দৰ্কাৰী কাম। এনে কৰিলে গছজোপা ওখ হোৱাৰ লগতে গাঠিবোৰ
পিচলৈ কোমল হয় আৰু গছজোপাও শকত হয়।
কৃষিকাল: ১৪০-১৫০ দিন।
শস্য
চপোৱা:
শস্যকাল
সম্পূৰ্ণ হোৱাৰ পিচত পানীৰ তলত কাণ্ডাংশ (২-৪ ফুট দৈৰ্ঘ্য) কটা হয়।
পানী
পৃষ্ঠৰ ওপৰৰ অংশ শুকাই যায়। এনে শুকাই
যোৱা অংশটোকো উদ্যোগত লগোৱা হয়। পানীৰ
তলৰ অংশটোৰ পাঁচোটামান টান ৰ’দত শুকোৱালে ই থুনুকা হ’ব আৰু তেনে অংশবোৰ মুঠাকৈ বান্ধি পানী নপৰা ওখ ঠাইত ৰখা হয়।
উৎপাদন
:
২০০
পোন প্ৰতি বিঘাত
(১ পোন=৮০ টা কাণ্ডাংশ)
জাতি
কুঁহিলা গছজোপাৰ বিষয়ে কিছু কথা:
জাতি
কুঁহিলা এবিধ এবছৰীয়া,
সপুষ্পক, দ্বিবীজপত্ৰী উদ্ভিদ। কাণ্ড চূঙাকৃতিৰ সোপোকা; পৰিধি ৭ ছে.মি.।
গছৰ
উচ্চতা
২ মিটাৰ। কাণ্ডৰ
নিম্নভাগৰ দুই তৃতীয়াংশ খহুৰ দৰে খহটা দাগ বিশিষ্ট।
পাত
যৌগিক (Compound), দ্বপক্ষল (Bippinnate), মুক্ত পাৰ্শ্বীয় উপপত্ৰ (Free lateral stipule) বিশিষ্ট। পত্ৰবিন্যাস
একান্তৰ (Alternate
phyllotaxy)
ফুল: পাঁচোটা পাহিৰে হালধীয়া বৰণৰ সৰু সৰু ফুল। বাহিৰৰ পাহিটো বাকী চাৰিটাতকৈ ডাঙৰ। বীজ:০.৫ ছে.মি. দৈৰ্ঘ্যৰ, বৰ্গাকৃতিৰ বীজাৱৰণৰ মাজত দ্বিবীজপত্ৰী চেপেটা বীজসমূহ থাকে। আবৃত বীজসমূহ তেতেলি গাঠিৰ দৰে ইটোৰ পিচত
সিটোক মণি আকাৰে লাগি থাকে। আগ অংশৰ
পৰা ই পুৰঠ হয় আৰু পূৰঠ গুটিবোৰ এটাৰ পাচত এটাকৈ সৰি পৰে।
সামৰণিত ইয়াকে ক’ব খোজো যে এই গছবিধৰ বৈজ্ঞানিক ব্যাখা দিবলৈ চেষ্টা কৰাতো আমাৰ বাবে সম্ভৱপৰ
নহয়। আমাৰ মতে ইয়াৰ বৈজ্ঞানিক চৰ্চা হ’ব লাগে আৰু মৃতপ্ৰায় কুঁহিলাৰ কুটিৰ শিল্পসমূহ অধিক সজীৱ কৰি তোলাৰ ক্ষেত্ৰত
চৰকাৰে কিছু প্ৰচেষ্টা চলাব লাগে।
লেখকৰ ঠিকনা: জিলা কৃষি বিষয়াৰ কাৰ্যালয়, শোণিতপুৰ