জৈৱিক কীটনাশক হিচাপে মেটাৰিঝিয়াম এনিচ’পলি

তাজ আহমেদ
মেটাৰিঝিয়াম এনিচপলি এবিধ ভেঁকুৰ এই ভেঁকুৰবিধ কিছুমান নিৰ্দিষ্ট কীট-পতঙ্গ শৰীৰৰ সংস্পৰ্শত আহি লাহে লাহে সেই নিৰ্দিষ্ট পোকবোৰক নিঃশেষ কৰি পেলায় পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে প্ৰায় ২০০ বিধমান অনিষ্টকাৰী কীট-পতঙ্গ এই ভেঁকুৰ ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰিব পাৰি 
অন্যহাতে, মানুহ বা অন্য জীৱ-জন্তুৰ কোনোধৰণৰ ক্ষতি নকৰে সেইবাবে বৰ্তমান জৈৱিক কৃষি-পদ্ধতিত মেটাৰিঝিয়াম এনিচপলি বহুলভাৱে ব্যৱহাৰ হোৱা দেখা গৈছে মেটাৰিঝিয়াম এনিচপলি সাধাৰণতে আমাৰ পৰিৱেশত থাকেই, কিন্তু হয়তু কীট-পতঙ্গ নিয়ন্ত্ৰণ কৰিব পৰাকৈ বেছিকৈ নেথাকে সেইবাবে ইয়াক আমাৰ পৰিৱেশৰ মাটিৰ পৰা চিনাক্ত কৰি আৰু পৰীক্ষাগাৰত উৎপাদন কৰি শস্যৰ কীট-পতঙ্গ নিয়ন্ত্ৰণ কৰাত ব্যৱহাৰ কৰিব পাৰি বৰ্ত্তমান বজাৰত বহুকেইটা কোম্পানীয়ে প্ৰস্তুত কৰা মেটাৰিঝিয়াম এনিচপলি  পোৱা যায় যদিও থলুৱা অঞ্চলৰ পৰা আহৰণ কৰা প্ৰজাতি বেছি ফলপ্ৰসূ হয়
          মেটাৰিঝিয়াম এনিচপলি  ব্যৱহাৰ কৰি শস্যৰ মোৱাপোক, গ্ৰীন ফ্লাই, গুড়ি কটা পোক, উঁই আদি নিৰ্মূল কৰিব পাৰি বহু অঞ্চলত উঁই কৃষকৰ বাবে এক ডাঙৰ সমস্যাৰূপে দেখা দিছে বহু ধৰণৰ ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিও বিশেষ ভাৱে সফল নোৱাৰে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰি কিছুদিনৰ বাবে সকাহ পালেও, পুনৰ ব্যাপকভাবে আক্ৰমণ কৰে উঁইপোক ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰাত এক সীমাবদ্ধতা আছে তাক বুজিবৰ বাবে উঁইপোকৰ জীৱন-চক্ৰ আৰু তাৰ আচৰণৰ বিষয়ে জানিব লাগিব
উঁই পোকৰ বহু প্ৰজাতি আছে আৰু প্ৰজাতিভেদে ইহঁতৰ আচৰণ পৃথক হয় শস্য অনিষ্টকাৰী উইঁপোকৰ আচৰণ মোটামোটি একে উঁইপোকৰ পৰিয়াল বহু পৰিমাণে মৌ-মাখিৰ লগত মিলে ইহঁতৰ বাহত এজনী বা ততোধিক ৰাণী থাকে এই ৰাণীজনীৰ আকাৰ যথেষ্ট ডাঙৰ হয় ৰাণীজনী মাটিৰ গভীৰ ভাগত থকা বাহত থাকি কেৱল কণী পাৰে এজনী ৰাণীয়ে এদিনত বহু হেজাৰ কণী পাৰিব পাৰে ৰাণীজনীৰ চলন শক্তি অতি কম হয় ৰাণীৰ সকলো আলপেচান বাকী কৰ্মী উঁইপোকবোৰে পালন কৰে এই কৰ্মী উঁইপোকবোৰে খাদ্য সংগ্ৰহ কৰি আনি ৰাণীক যোগান ধৰে কৰ্মী উঁইপোকবোৰে বংশবৃদ্ধিত সাধাৰণতে ভাগ নলয় বহু কৰ্মী উঁইপোক বাহৰ পৰা বিচ্ছিন্ন হৈ নিজৰ খাদ্য সংগ্ৰহ কৰি নিজে জীয়াই থাকে গতিকে এনেক্ষেত্রত ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিলে সাধাৰণতে উঁইবাহৰ কৰ্মী উঁইপোকৰ মৃত্যু ঘটে সেইবাবে কিছুদিনৰ পাছত পুনৰ উঁইপোকৰ আবিৰ্ভাৱ ঘটে এনেদৰে ৰাসায়নিক কীটনাশক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে প্ৰাকৃতিক পৰিৱেশ অনিষ্ট হোৱাৰ লগতে  আৰ্থিকভাৱে কৃষকৰ যথেষ্ট ক্ষতি হয়
এইক্ষেত্রত মেটাৰিঝিয়াম এনিচপলি  ব্যৱহাৰ কৰি  ব্যাপক মাত্রাত সুফল পাব পাৰি উঁই থকা ঠাইত মেটাৰিঝিয়াম এনিচপলি  ব্যৱহাৰ কৰিলে প্ৰথমে উঁইপোকৰ শৰীৰত মেটাৰিঝিয়াম এনিচপলিৰ ৰেণুবোৰ লাগিব আৰু লাহে লাহে (প্ৰায় ৩-৫ দিন) উঁইপোকৰ শৰীৰত গজি উঠিব এই কৰ্মী উঁইপোকৰ কোনো সদস্যই যেতিয়া ৰাণীজনীক খাদ্য খুবাব বা অন্য কামত সংস্পৰ্শত আহিব তেতিয়া মেটাৰিঝিয়াম এনিচপলি ৰাণীজনীৰ গালৈ সংক্ৰমিত ফলত ৰাণীজনীও মেটাৰিঝিয়াম এনিচপলিৰ আক্ৰান্ত হৈ কিছুদিনৰ ভিতৰত মৃত্যু ঘটিব এনেদৰে মেটাৰিঝিয়াম এনিচপলিৰ ব্যৱহাৰ কৰি উঁইপোক সমুলেঞ্চে ধ্বংস কৰিব পাৰি
          শস্যৰ উঁইপোক, গুড়ি কটা পোক আদি নিৰ্মূল কৰিবৰ বাবে মাটি শেষৰবাৰ চহ কৰোতে ব্যৱহাৰ কৰিব লাগে শস্য ৰোপন কৰাৰ পাছত মাটিত তিতি যোৱাকৈ স্প্ৰে কৰিও ইয়াক ব্যৱহাৰ কৰিব পাৰি মেটাৰিঝিয়াম এনিচপলি অন্য মোৱা পোক, গ্ৰীন ফ্লাই আদি নিৰ্মূল কৰিবৰ বাবেও পাতৰ তলে-ওপৰে স্প্ৰে কৰিব লাগে সদায় পিছবেলা স্প্ৰে কৰিব লাগে মেটাৰিঝিয়াম এনিচপলিৰ  লগত অমৃত পানী, পঞ্চগব্য, দহগব্য,  লালি গুৰ আদিত মিহলাই দিলে ইয়াৰ কাৰ্যকাৰিতা বৃদ্ধি পায়
          সাধাৰণতে মেটাৰিঝিয়াম এনিচপলিৰ কোনোধৰণৰ পাৰশ্বক্ৰিয়া নাই যদিও স্প্ৰে কৰাৰ সময়ত শৰীৰৰ সংস্পৰ্শলৈ নহাকৈ ব্যৱহাৰ কৰিব লাগে মেটাৰিঝিয়াম এনিচপলি ব্যবহাৰ কৰাৰ কমেও এসপ্তাহ পাছতহে শস্য, শাক-পাচলি আদি খাদ্য হিচাপে সংগ্ৰহ কৰিব লাগে
          মুঠৰ ওপৰত মেটাৰিঝিয়াম এনিচপলিৰ ব্যৱহাৰ কৰি অতি কম খৰচতে বহু কেইবিধ আনিষ্টকাৰী কীট-পতঙ্গ প্ৰতিৰোধ কৰি পৰিৱেশও ৰক্ষা কৰিব পাৰি
(লেখকৰ ঠিকনা: প্ৰবন্ধক, গ্ৰীন হাৰভেষ্ট বায়টেক (ইণ্ডিয়া) লিমিটেড, ৰাণী, কামৰূপ)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান