Posts

Image
এই মাহৰ কৃষি : শীতকালীন শাক - পাচলিৰ পৰিচৰ্যা আৰু শস্য ৰক্ষা : ফুলকবি , বন্ধাকবি , ব্ৰকলি , ওলকবি , মূলা : ১ । ভালকৈ পচা গোৱৰ ( বিঘাই প্ৰতি ২ . ৫ - ৩ . ০ কুইন্টল )   বা কেঁচুসাৰ ( বিঘাই প্ৰতি ১ . ৫ কুইন্টল ) ৰ লগত জৈৱিক ভেঁকুৰনাশক ট্ৰাইক ’ ডাৰমা ভিৰিডি বা চিউড ’ ম ’ নাচ ফ্লুৰ ’ ন্স ( বিঘাই প্ৰতি ৬৭০ গ্ৰাম ) মিহলাব লাগে । উক্ত মিশ্ৰিত দ্ৰব্যখিনি পথাৰ প্ৰস্তুতিৰ সময়ত ( কেঁচুসাৰ - ১ সপ্তাহৰ আৰু গোৱৰ - ২ / ৩ সপ্তাহৰ আগেয়ে ) মাটিত প্ৰয়োগ কৰিব লাগে । ২ । মাটিডৰা অপতৃণৰ পৰা মুক্ত হব লাগে । সেয়ে পুলি ৰোপনৰ আগে আগে পথাৰডৰাত গজি উঠা বন - বাতবোৰ হাতেৰে উভালি দিব লাগে । ক ’ লা পলিথিন ব্যৱহাৰ কৰিও বন - বাত নিয়ন্ত্ৰণ কৰিব পাৰি ।

নতুন প্ৰযুক্তি, নতুন আশা :: কৃষক ক্ষীৰোদ শৰ্মাৰ কথাৰে

Image
জ্যোতি বিকাশ নাথ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুমুকীচকী নিকটৱৰ্তী বৰাচুক গাঁৱৰ যুৱক ক্ষীৰোদ শৰ্মাই সেউজীয়া মন এটি লৈ কিদৰে নিজৰ খেতি-পথাৰত দুহাত মেলি দিছে সেয়া বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে। চৰকাৰীভাবে কিছু স্বীকৃতি, কাৰোবাৰ অকনমান উৎসাহে পৰম্পৰাগত অভ্যাসবোৰ সলনি হোৱাত অৰিহনা যোগাব। খেতি কৰাতো ক্ষীৰোদ শৰ্মাৰ দৰে যুৱকৰ হবি নহয়, এয়া জীৱন নিৰ্বাহৰ একমাত্ৰ উপায়। সেয়ে পৰীক্ষামূলকভাবে মাটিডৰাত নতুন সিদ্ধান্ত এটি লবলৈ যাওতে হোঁহকা-পিছলা কৰাতো স্বাভাৱিক। কিন্তু এইবোৰ নেওচি আগবাঢ়ি যোৱাটোৱেই হল এজন প্ৰকৃত উদ্যমীৰ লক্ষণ। ক্ষীৰোদ শৰ্মা হল তেনে এজন প্ৰকৃত উদ্যমী।

বাহেক বা তিতা বাহেক

Image
ড০ জয়ন্ত ডেকা আৰু ড০ ঈশ্বৰ চন্দ্ৰ বৰুৱা   বৈজ্ঞানিক নাম : Adhatoda vasica Medik ,  গোত্র : Acanthaceae,  ইংৰাজী নাম : ভাচাক,  অন্য নাম : অদুকা , বানচা ভাচিকা , পিয়াবানচা ( হিন্দী ),  বাণিজ্যিক নাম : ভাচক           আয়ুৰ্বেদ , হোমিওপেথি , এল ’ পেথি , য়ুনানি সিদ্ধ আৰু আন সকলো চিকিৎসা পদ্ধতিতে তিতা বাহেক বা বাহেক ঔষধ হিচাবে ব্যৱহৃত হয়। বাহেকৰ পাত , শিপা , ফুল , ফল আদি সকলো অংশই বিভিন্ন দৰৱ প্ৰস্তুতকৰণত প্ৰয়োজন হয়। যাৰ ঘৰত বাহেক গছ আছে তাৰ ঘৰত কাঁহ , কফ আদি ৰোগে কেতিয়াও শিপাব নোৱাৰে বুলি জনা বিশ্বাসেই ঔষধি উদ্ভিদে হিচাপে থকা বাহেকৰ ঐতিহ্যৰ চিন। বাহেকৰ ভৌগালিক বিস্তৃতি সমগ্ৰ ভাৰত উপমহাদেশৰ পৰা দক্ষিণ পূৱ এচিয়ালৈ প্ৰসাৰিত।

নাঙলৰ কথা

Image
দেবেন্দ্ৰ চন্দ্ৰ বৰুৱা   এসময়ত মানুহে উপলব্ধি কৰিছিল চহ মাটিত বীজ সিঁচাৰ প্ৰয়োজনীয়তা । চহ মাটিত যে খেতি ভাল হয় সেই কথা সৃষ্টিশীল মানুহৰ উৰ্বৰ মস্তিষ্কই শিকি লৈছিল । কিন্তু চহ কৰা যায় কেনেকৈ ? গুহাত বাস কৰি তল সৰা ফলমূল খাই জীৱন যাপন কৰা মানুহৰ সন্মুখত উদয় হোৱা এই প্ৰশ্ন আৰু প্ৰশ্ন হৈ নাথাকিল । চিন্তা কৰি উলিয়ালে মাটি চহোৱা কৌশলৰ । গছৰ দীঘল ঠাৰি এডালেৰেই চোন কোবাই কোবাই মাটিৰ উপৰিভাগৰ তৰপ এটা ভাঙি উলিয়াব পাৰি । সৰ্বপ্ৰথম মাটি চহোৱা সঁজুলিৰ আৱিষ্কাৰৰ সবিশেষ তথ্য জনা নাথাকিলেও ইয়াৰ ব্যৱহাৰ যে খৃ : পূ : ৬০০০ বছৰ আগৰ সেই কথা জনা গৈছে । সম্ভৱতঃ বিশেষ আকাৰৰ গছৰ ঠালেৰে মাটি চহোৱাৰ অনেক অসুবিধা আৰু সেয়েহে ইয়াক লৈয়েই মানুহ সন্তুষ্ট নাথাকিল । উন্নতভাবে জীয়াই থকাৰ নতুন নতুন কৌশলৰ কথা চিন্তা নকৰি গছৰ ঠালতেই সন্তুষ্ট থকা হ ’ লে বোধহয় আজি আমাৰ অৱস্থানো পূৰ্বপুৰুষৰ দৰে ক ’ ৰবাৰ শিলৰ গুহাত হ ’ লহেতেন ।

অসমৰ বাওধানৰ খেতি : সমস্যা আৰু সম্ভাৱনীয়তা

Image
ড০ কিশোৰ কুমাৰ শৰ্মা   ধানৰ বৈচিত্ৰতাৰ বাবে অসম তথা উত্তৰ পুৰ্বাঞ্চল সমগ্ৰ বিশ্বতে জনাজাত । এই অঞ্চলত বিভিন্ন ধৰণৰ ধানৰ জাত পোৱা যায় । ওখ পাহাৰৰ পৰা আৰম্ভ কৰি অনবৰত পানী জমা হৈ থকা পথাৰলৈকে ধানৰ খেতি কৰা হয় । বেলেগ বেলেগ ধানৰ জাতৰ খেতি আমাৰ কৃষকসকলে প্ৰাচীন কালৰে পৰা কৰি আহিছে । এই অঞ্চলত এজন মানুহৰ জন্মৰ পৰা মৃত্যুলৈ , পূজা - পাৰ্বণৰ পৰা আদি কৰি উৎসৱ আদিলৈ ধানৰ ব্যৱহাৰ কৰা হয় । জলপান , পিঠা - পনাকে আদি কৰি পানীয় আদিও   ধান - চাউলৰ পৰাই প্ৰস্তুত কৰা হয় । সকলো প্ৰকাৰৰ ব্যঞ্জন প্ৰস্তুত কৰিবলৈ বিভিন্ন ধৰণৰ ধানৰ জাত ব্যৱহাৰ কৰা হয় । সেয়েহে এই অঞ্চলতোত হাজাৰ হাজাৰ বিধ ধানৰ জাত পোৱা যায় ।  

জৈৱিক কৃষিৰ আখৰা

Image
তাজ আহমেদ মাছৰ পেলনীয়া অংশৰ পৰা কেনেকৈ শস্যৰ লাগতিয়াল বৃদ্ধিকাৰক তৈয়াৰ কৰিব পাৰি   v মাছৰ পেলনীয়া কাঁইট , বাকলি , পেটু , ছাল আদি সংগ্ৰহ কৰি এটা পাত্ৰত ৰাখিব লাগে । লক্ষ্য কৰিব লগীয়া বিষয় হ ’ ল - পেলনীয়া সামগ্ৰীবোৰ যাতে সতেজ হয় ।

তামোলৰ পৰা চুপাৰি কৰাৰ পদ্ধতি : ব্যৱসায় আৰু কাৰিকৰী কৌশল

Image
ড : লক্ষী শইকীয়া           পৃথিৱীৰ ভিতৰতে ভাৰততে অধিক পৰিমাণে তামোল উৎপাদন হয় । ভাৰতৰ বাহিৰে পশ্চিম এচিয় আৰু পূৰ্বদেশ স্থানীয় লোকে প্ৰচুৰ পৰিমাণে তামোল ব্যৱহাৰ কৰে । সেইবাবে ইয়াৰ সংৰক্ষণ কৌশলো অৱলম্বন কৰা হৈছে আৰু বেহা - বেপাৰৰ ব্যৱস্থাও কৰা হৈছে ।           তামোল খোৱাৰ অভ্যাস অনুসৰি শুকুৱাই , কেঁচাই নাইবা কোমোলাই খোৱাৰ পদ্ধতি প্ৰচলন হৈ আহিছে । কেৰেলা , অসম আৰু উত্তৰ বঙ্গত তামোল কেঁচাই খোৱা হয় । গছত পকা তামোলবোৰ এওলোকে চোবাই খাই তৃপ্তি লাভ কৰে । দ্বিতীয়তে অন্যান্য ঠাইত বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা তামোলহে খোৱা হয় । ভাৰতৰ পশ্চিম অংশৰ আৰু দক্ষিণ অঞ্চলৰ পকা তামোলবোৰ শুকুৱাই চালি হিচাবে নাইবা ‘ পাৰ্চা ’ হিচাবে আধা কটা আকাৰত বহুলভাৱে ব্যৱহাৰ কৰা হয় । অন্ধ্ৰপ্ৰদেশ , কৰ্ণাটক আৰু তামিলনাডুত কেঁচা অৱস্থাতে প্ৰস্তুত কৰা তামোল , অৰ্থাৎ ‘ কালিপাক ’ অধিক জনপ্ৰিয় । উত্তৰ পূৰ্বাঞ্চলৰ ত্রিপূৰী , মেঘালয়ী আৰু নগাসকলৰ মাজতো কেঁচা তামোলৰ ব্যাপক সমাদৰ আছে ।

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান