নাঙলৰ কথা
দেবেন্দ্ৰ চন্দ্ৰ
বৰুৱা
পুৰণি কালৰ জন্তুৱে টনা নাঙল |
গছৰ ঠালৰ
নাঙলৰ পৰা আজিৰ আধুনিক নাঙললৈ ক্ৰমবিৱৰ্তনৰ বহুযুগীয়া জয় যাত্ৰাৰ কাহিনী এই লেখাৰে
বৰ্ণোৱা আমাৰ সাধ্যৰ বাহিৰত। তথাপিও
থূলমূলভাবে নাঙলৰ জন্ম বৃত্তান্ত (বিশেষকৈ ইউৰোপীয় নাঙলৰ ) বৰ্ণোৱাৰ প্ৰয়াস কৰা হ’ল।
(এচীয় নাঙলৰ কথা পৰৱৰ্তী সংখ্যাত প্ৰকাশ কৰা হ’ব)
ইউৰোপীয়
নাঙলৰ কথা:
খ্ৰীষ্টপূৰ্ব
চাৰি হাজাৰ বছৰৰ আগৰ মানুহে টনা চহোৱা সঁজুলিবিধেই নাঙল ব্যৱহাৰৰ আটাইতকৈ পৌৰাণিক তথ্য। পৌৰাণিক চিত্ৰকলাত পোৱা তথ্য মতে ইয়াৰ
গঠন প্ৰণালী এনে ধৰণৰ-
চেপেটা ছিদ্ৰযুক্ত শিল এটাত
গছৰ ডাল এটা সংলগ্ন কৰা হৈছিল। ফলত ই
দেখিবলৈ আমাৰ কোৰখনৰ দৰেই আছিল আৰু ইয়াক চহ কৰিব লগা মাটিৰ মাজেৰে টানি লৈ ফুৰাইছিল। ডালটোৰ অন্য মূৰটোত য’ত ধৰি মানুহে টানিছিল- তাত এডাল পথালি শলখা লগোৱা হৈছিল। এই শলখাডাল থকা কাৰণে ইয়াত ধৰি টানিবলৈ
সহজ হৈছিল। গছৰ বাকলি পিন্ধি শিলৰ গুহাত থকা আমাৰ
পূৰ্বপুৰুষসকলে যে নিজৰ বুদ্ধি-কৌশল প্ৰয়োগত অকণো কাৰ্পন্য কৰা নাছিল-
এয়াই জানো তাৰ উৎকৃষ্ট প্ৰমান নহয়।
মেছ’পটেমিয়াত অৱিষ্কৃত খৃষ্টপূৰ্ব তিনিহাজাৰ বছৰ আগৰ এক শিলৰ চিত্ৰই জন্তুৱে টনা নাঙলত প্ৰথম স্বাক্ষৰ
বহন কৰিছে চিত্ৰমতে এই নাঙলত দুডাল হেণ্ডেল
আছিল। জন্তু চালিত পৌৰাণিক নাঙলৰ অন্য এক সম্ভেদ
পোৱা যায়। খ্ৰীষ্টপূৰ্ব ২৫০০ বছৰ পুৰণি ইজিপ্টিয়া
নাঙলৰ এই পৌৰাণিক চিত্ৰৰ পৰা (চিত্ৰ-২)
দেখা যায় যে এই নাঙল চলাবলৈ দুজন মানুহৰ প্ৰয়োজন হৈছিল।
নানাধৰণৰ
সংযোজন-বিযোজনৰ মাজেৰে আগবাঢ়ি থাকিল নাঙল উদ্ভাৱনৰ জয়যাত্ৰা। আকৃতিৰ ফালৰ পৰা কিছু বৈসাদৃশ্য থাকিলেও
ভিন ভিন কালৰ ভিন ভিন ঠাইৰ পৌৰাণিক নাঙল সমূহৰ কাৰ্যপ্ৰণালীৰ যে বিশেষ ব্যৱধান নাছিল
সেই কথা ৩ নং চিত্ৰত দেখুওৱা নাঙলৰ চিত্ৰ সমূহৰ পৰাই বুজিব পাৰি। মাটি খান্দি আৰু তাক ভাগিবলৈ নিম্নাংশ
সঁজুলি বিধৰ স্থিৰ কৰি ধৰি যাবলৈ ওপৰৰ অংশ আৰু জন্তুৰ লগত জুঁটি দিবলৈ এডাল দীঘল ডিলা
বা শলা
– এই তিনিটাই হৈছে আটাইবোৰ নাঙলৰেই মূখ্য কাৰ্যকৰী অংশ। অৱশ্যে গঠনৰ ফালৰপৰা এই অংশসমূহৰো বৈসাদৃশ্য লক্ষ্য কৰা
যায়।
দুটা
ভাঁজ থকা ধনু আকৃতিৰ কাঠৰ টুকুৰা এটাৰ মধ্যাংশত ডিলা এডাল লগাই ব্যৱহাৰ কৰা নাঙলেই (চিত্ৰ-৩ নং খ) বোধহয় আটাইতকৈ সৰল
বিধৰ পৌৰাণিক নাঙল। মানুহৰ
ভোটা বুদ্ধি যেনেকৈ কোনো কামত নাহে ঠিক তেনেদৰে কাঠৰ ভোটা অংশৰে মাটি খন্দাও অতি কষ্টকৰ। বুধিয়ক খেতিয়কে সেই কথা বুজিবলৈ বেছি সময়
নল’লে। সেয়েহে কাঠৰ নিম্নাংশত জোঙ এটা দি ল’লে।
জোঙা
আগৰ কাঠে মাটি ঠিকেই খান্দে, কিন্তু ই চোন সোনকালে ক্ষয় যায় আৰু
ইয়াৰ প্ৰতিকাৰৰ উপায় হিচাপে বিচাৰি উলিওৱা হ’ল- পৰ্যায়ক্ৰমে শিল, ব্ৰঞ্জ আৰু পিছলৈ লোহাৰ মাটি খন্দা
অংশ অৰ্থাৎ ‘ফাল’।
কেতিয়াবা
কাঠৰ আৱৰণী হিচাপে আৰু কেতিয়াবা সংলগ্নিত অংশ হিচাপে লোৰ ‘ফালৰ ব্যৱহাৰ তেতিয়াৰ দিনৰে।
কাৰ্যৰ
ফালৰ পৰা মাটি খন্দা আৰু খন্দা মাটিৰ চপৰা ভগা- এই কাম এক প্ৰকাৰ প্ৰায়
ঠিক ভাবেই চলি আছিল। কিন্তু
এই নাঙল চলাবলৈ বিশেষ আৰমদায়ক নাছিল। কিয়নো
গধুৰ নাঙলখনৰ অতি ক্ষুদ্ৰ অংশ এটাহে মাটিত চুচৰি গৈছিল আৰু ফলত নাঙলখনৰ ভাৰসাম্য ৰক্ষা
কৰি ঠিকেই চলাই নিবলৈ হালোৱাজনৰ যথেষ্ট কষ্ট হৈছিল।
এই
সমস্যাটোৰ সমাধানেৰে এটা আৰমদায়ক নাঙলৰ উদ্ভাৱনৰ বাবে ব্যস্ত হৈ পৰিল চহা মানুহ। মাটিত চুচৰি যোৱা অংশৰ সম্প্ৰসাৰণচোন মাটি
চহোৱা কাৰ্যত কষ্ট বহু পৰিমাণে লাঘৱ কৰে। এইয়া
বোধহয় সেই সময়ৰ চহালোকৰে উপলব্ধি। আৰু এই
উপলব্ধিকেই কামত লগাই সঁজুলিবিধৰ নিম্নাংশৰ পৰিবৰ্তন ঘটোৱা হ’ল। কিছুমানত মাটি খন্দা ‘ফাল’ অংশৰ পিচফাললৈ সম্প্ৰসাৰণ ঘটাই আৰু কিছুমানত
‘ডিলা’ডাল মাটিত চুচৰি যাব পৰাকৈ পিছলৈ বঢ়াই নি
নাঙল চালনৰ স্থিৰতা বৃদ্ধি কৰা হৈছিল।
জন্তুচালিত (গাধ, ষাড় আৰু পাচলৈ ঘোড়া) এই মাটি
চহোৱা সঁজুলি বিধৰ অন্য এবিধ নাঙলৰ পৰা।
৪
নং চিত্ৰত দেখুৱাৰ দৰে।
মাটিৰ
চহ কাৰ্যৰ লগত ওত:প্ৰোত: ভাবে জড়িত হৈ থকা এটা কাম হৈছে মাটিত থকা ঘাঁহ
বন থকা ওপৰিভাগ তললৈ লুটিয়াই দিব পৰা যায়।
ওপৰত
আলোচনা কৰি অহা নাঙলসমূহৰ লুটিওবা কাৰ্যত সিমান সফল নহয়। ফলস্বৰূপে ঘাঁহ বন পঁচিবলৈ বা ধ্বংস কৰাবলৈ
বহু সময়ৰ প্ৰয়োজন হৈছিল। এই বিশেষ
কথাটোৰ ওপৰত লক্ষ্য ৰাখিয়েই নাঙলৰ ক্ৰমবিকাশৰ ইতিহাসত গুৰুত্বপূৰ্ণ সংযোজন ঘটোৱা হয়
অষ্টম খ্ৰীষ্টাব্দত। মাটি
খন্দা
‘ফাল’ চটাৰ ওপৰ ভাগত অন্য এচটা ধাতুৰ বহল অংশ সংযোজন
কৰা হৈছিল (চিত্ৰ নং-৫)। ওপৰিভাগৰ বহল ভাজখোৱা অংশই আধুনিক নাঙলৰ ‘মল্ডৰ্ৱড’। যাৰ সহায়ত
সীৰলু ভাগ অতি সহজেই লুটি খাই যায়।
ইউৰোপৰ উদ্ভাৱন হোৱা এই নাঙল
ওঁঠৰ শতিকালৈ অপৰিৱৰ্তীত ৰূপত চলি আছিল আৰু ইয়াৰ প্ৰচলন আমেৰিকাতো হৈছিল। কেতিয়াবা কাঠৰ চকাযুক্ত এটাৰ লগত এনেধৰণৰ ‘মল্ডৱৰ্ড’ নাঙল ব্যৱহাৰ কৰা হৈছিল।
ইউৰোপৰ
পূৰ্ব অংশত ব্যৱহাৰ হোৱা এবিধ বিশেষ ধৰণৰ মল্ডৰ্ৱড নাঙলৰ ছবি চিত্ৰ- ৬ ত দেখুওৱা হৈছে। ‘চোখা’(Socha) নামৰ এই ধৰণৰ নাঙলৰ দুখনকৈ লোৰ
‘ফাল’ ব্যৱহাৰ কৰা হৈছিল আৰু এই ফাল দুখনৰ ওপৰত
লগোৱা হৈছিল ‘মল্ডৱৰ্ড’ অংশ। নাঙলটোত প্ৰয়োজনীয় অংশসমূহ সংলগ্ন কৰিবলৈ
মানুহৰ বুদ্ধিয়ে বিচাৰি পাইছিল গছৰ আঁহেৰে বনোৱা ৰচি।
ওঁঠৰ
শতিকাৰ শিল্প আৰু বাণিজ্যিক বিকাশৰ প্ৰভাৱ ইউৰোপৰ কৃষি ক্ষেত্ৰতো পৰিল। ফলস্বৰূপে আৰু বেছি উন্নত নাঙলৰ আবিৰ্ভাৱ
হ’ব ধৰিছে। ৭ নং
চিত্ৰত চুইভেল নাঙল আৰু ফ্লেন্দাৰচ্ নাঙল ইয়াৰেই উদাহৰণ।
চুইভেল
নাঙলৰ ক্ষেত্ৰত লক্ষ্য কৰা যায় যে ‘ফাল’ আৰু ‘মল্ডৱৰ্ড’অংশ এনেধৰণে সংযোজন
কৰা আছে যাতে কটা সীৰলুভাগ ওপৰলৈ উঠি গৈ লুটি খোৱাত অতি সহজ হৈ পৰে। আকৌ মূল নাঙলখনৰ সন্মুখত অন্য এটা অংশ
চুৰীৰ দৰে সংলগ্ন কৰি থকাৰ (এই অংশক কোৱা হয় ক’ল্টাৰ) ফলত দীঘলীয়াকৈ পৰি থকা ঘাঁহ বন কাটি যোৱাৰ সহায়ক
হৈছিল। এনেধৰণৰ কল্টাৰ অৱশ্যে অষ্টম শতিকাৰ নাঙলতো
দেখা যায়।
ফ্ৰেন্দাৰচ্
নাঙলত আকৌ স্থিৰতা বৃদ্ধিৰ বাবে কাঠৰ চকাও লগোৱা হৈছিল।
নাঙলত
সংলগ্নিত চকাই আন এটা দৰকাৰী উদ্দেশ্য সাধন কৰে।
ঢিলা
মাটিত বেছিকৈ সোমাবলৈ নিদি ই চহৰ গভীৰতা নিয়ন্ত্রণ কৰে।
নাঙলৰ
বৈজ্ঞানীক সূত্ৰৰ প্ৰভাৱ:
বিজ্ঞানৰ
প্ৰভাৱ আমাৰ জীৱন-যাত্ৰাৰ ওপৰত কিদৰে পৰিছে তাক নতুনকৈ বৰ্ণোৱাৰ প্ৰয়োজন নাই। আমাৰ কেৱল কেঁকোৰা নাঙল (থলুৱা কাঠৰ নাঙলখনৰ জনপ্ৰিয় নাম) টোকেই ব্যৱহাৰ কৰি থকা
খেতিয়ক বন্ধু এজনৰ বাবে হয়তো ‘নাঙল বিজ্ঞান’ বোলা কথাষাৰে অলপ খোকোজা লগাব পাৰে।
কিন্তু
এইটো সঁচা কথা,
যিকোনো কাৰ্যই অধিক নিখুঁট আৰু অধিক সম্পূৰ্ণ কৰি সম্পাদন কৰাৰ বাবে
ইয়াত বৈজ্ঞানীক সুত্ৰৰ ব্যৱহাৰ অপৰিহাৰ্য।
কাৰণ
প্ৰকৃতিত ঘটি থকা প্ৰত্যেকটো ঘটনাৰে একোটাকৈ বৈজ্ঞানিক ব্যাখ্যা আছে আৰু সেইবোৰ অতি
নিখুঁট ভাবে চলি আছে।
বৈজ্ঞানিক
সূত্ৰ সমূহৰ যথাযথ বিশ্লেষণ কৰিব পৰা হোৱাৰ পাছত মানুহৰ মনলৈ চিন্তা অহিল- যদি এই নাঙলটোৰ উন্নতিকৰণত
বৈজ্ঞানিক সূত্ৰসমূহৰ প্ৰয়োগ কৰা হয় তেতিয়াচোন কামটো বহু
পৰিমাণে সহজ সাধ্য হয় আৰু তেনেকুৱা ধাৰণাৰ বশৱৰ্তী হৈয়েই ‘নামিচ’
নামৰ ইংৰাজ ভদ্ৰলোক এজনে প্ৰথমবাবৰ কাৰণে ১৭৩০ চনত নাঙলৰ আৰ্হিকৰণত কাৰিকৰী
জ্ঞানৰ প্ৰয়োগ কৰিছিল।
নাঙলটোৰ
কাৰ্যপ্ৰণালী ভালদৰে পৰ্যবেক্ষণ কৰিলে তলৰ কথাকেইটা লক্ষ্য কৰা যায়:-
১। নাঙলটোৰ এটা অংশই (যাক আমি ফাল বুলি কওঁ) এচটা মাটি এৰুৱাই সীৰলু লয়। অৰ্থাৎ মূল মাটিভাগৰ পৰা কাটি লয়।
২। এই অসংলগ্নিতা (Detached) সীৰলুভাগ নাঙলটোৰ ‘মল্ডৱৰ্ড’ অংশৰ
(যদিহে মল্ডৱৰ্ড থাকে) ওপৰেৰে উঠি যায়।
৩। এনেকৈ ওপৰলৈ উঠি যোৱাৰ ফলত ই চূৰ্ণীকৃত
হয়,
অৰ্থাৎ ভাঙি যায়। কাৰণ
ই দুফালৰ পৰা হেঁচা পায়। এফালে
চলি থকা নঙলখনৰ হেঁচা আৰু আনফালৰ পৰা অৰ্থাৎ সন্মূখৰ পৰা নতুনকৈ উঠি অহা সীৰলুৰ হেঁচা। এনেধৰণৰ হেঁচাৰ পৰিমাণ ঘাইকৈ নিৰ্ভৰ কৰে
দুটা প্ৰধান কথাৰ ওপৰত। এটা হৈছে
নাঙলটোৰ বেগ আনটো হৈছে
‘ফাল’ৰ ওপৰ অংশৰ (মল্ডৱৰ্ড
বা অন্য) আকৃতিৰ ওপৰত।
গতিকে
চূৰ্ণীকৃত হোৱাৰ পৰিমাণো এই দুই কথাৰ ওপৰত নিৰ্ভৰ কৰিব।
৪। মল্ডৱৰ্ড অংশত থকা ভাঁজৰ কাৰণে এটা সময়ত
চূৰ্ণীকৃত সীৰলুভাগ লুটিখাই বাগৰি পৰিব।
এনেদৰে
নাঙলটো মাটিৰ পৰা তৰপ এটাৰ তলেৰে টানি নিবৰ বাবে বলৰ প্ৰয়োজন হ’ব। তেতিয়াৰ দিনত (যান্ত্রিক নাঙল ওলোৱাৰ আগলৈকে) জন্তুৰ দ্বাৰাই এই বল
প্ৰয়োগ কৰোৱা হৈছিল। অৱশ্যে
দিশ নিয়ন্ত্রক তথা কিছু পৰিমাণে স্থিৰতা ৰক্ষাৰ বাবে মানুহ এজনৰো দৰকাৰ হয়। নাঙলটোৰ আকৃতিৰ ওপৰত (বিশেষকৈ ‘ফাল’ অংশৰ অৱস্থা তথা
মল্ডৱৰ্ডৰ ভাঁজৰ পৰিমাণ ইত্যাদি) অৰ্থাৎ আৰ্হিৰ ওপৰত প্ৰয়োজন
হোৱাৰ বলৰ পৰিমাণ নিৰ্ভৰ কৰে। জাৰ্মানীৰ
হফমেন
(১৭৫২ চন), চুইডেনৰ বাৰ্ক (১৭৫৯ চন) ইংলেণ্ডৰ স্মল আৰু ব্ৰেইলি (১৭৮৪ চন, ১৭৯৫ চন) আদি লোক সকলে
বৈজ্ঞানিক পৰ্যবেক্ষনেৰে নাঙলৰ উন্নতি-কৰণৰ দিশত যথেষ্ট অৰিহণা
যোগাইছিল।
এই
কথা অকপটে স্বীকাৰ কৰিব লাগিব যে পশ্চিমীয়া দেশৰ মানুহৰ উৎসুক মন এটাৰ বাবে আজি আমি
আধুনিকতাৰ সোৱাদ সহজে ল’ব পৰা হৈছো আৰু আমি পিছপৰা জাতি হিচাপে পৰিগণিত হোৱাৰ অন্যতম কাৰণ বোধকৰো ইও
এটা।
সেই দেশৰ
চহা লোকৰ কথাটো বাদেই,
স্বয়ং ৰাষ্ট্ৰপতি আদিৰ দৰে লোকেও নাঙল সজাৰ দৰে কামত নিজক জড়িত কৰি আনন্দ
পাইছিল (আমেৰিকাৰ তৃতীয় ৰাষ্ট্ৰপতি জেপাৰছনে গণিত বিদ্যাৰ প্ৰয়োগেৰে
এটা নাঙল সাজি উলিয়াইছিল)
আৰু আমাৰ দেশৰ লগত ইয়াৰ তুলনা কৰোচোন।
লেখকৰ ঠিকনা: অধ্যাপক, তেজপুৰ বিশ্ব-বিদ্যালয়