নতুন প্ৰযুক্তি, নতুন আশা :: কৃষক ক্ষীৰোদ শৰ্মাৰ কথাৰে


জ্যোতি বিকাশ নাথ
দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুমুকীচকী নিকটৱৰ্তী বৰাচুক গাঁৱৰ যুৱক ক্ষীৰোদ শৰ্মাই সেউজীয়া মন এটি লৈ কিদৰে নিজৰ খেতি-পথাৰত দুহাত মেলি দিছে সেয়া বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে। চৰকাৰীভাবে কিছু স্বীকৃতি, কাৰোবাৰ অকনমান উৎসাহে পৰম্পৰাগত অভ্যাসবোৰ সলনি হোৱাত অৰিহনা যোগাব। খেতি কৰাতো ক্ষীৰোদ শৰ্মাৰ দৰে যুৱকৰ হবি নহয়, এয়া জীৱন নিৰ্বাহৰ একমাত্ৰ উপায়। সেয়ে পৰীক্ষামূলকভাবে মাটিডৰাত নতুন সিদ্ধান্ত এটি লবলৈ যাওতে হোঁহকা-পিছলা কৰাতো স্বাভাৱিক। কিন্তু এইবোৰ নেওচি আগবাঢ়ি যোৱাটোৱেই হল এজন প্ৰকৃত উদ্যমীৰ লক্ষণ। ক্ষীৰোদ শৰ্মা হল তেনে এজন প্ৰকৃত উদ্যমী।

বহু ঘাট-প্ৰতিঘাট নেওচি স্নাতক ডিগ্ৰী লৈ তেওঁ ২০০৫ চনৰ পৰা ২০১৪ চন  পৰ্যন্ত শিক্ষকত কৰিছিল। কিন্তু প্ৰাদেশীকৰণ স্থবীৰ হোৱাত নিজৰ আপোন গাঁৱৰ মাটিডৰাক লৈয়ে শৰ্মাই আৰম্ভ কৰে সংগ্ৰামী যাত্ৰা। প্ৰথমে দৰং জিলা কৃষি বিভাগৰ সহায়ত তেও আৰম্ভ কৰে ক’লা ধানৰ খেতি আৰু তাৰপিছত তেওঁৰ কৃষিকাৰ্য সম্প্ৰসাৰিত কৰিবলৈ ধৰে। আৰম্ভ কৰিলে দৰ্শনা নাৰ্চাৰী। ষ্ট্ৰবৰী, কেপছিকাম আৰু বিভিন্ন শাক-পাচলিৰ খেতিৰে
তেওঁৰ বাৰীখন আৰু পলিহাউচ সমৃদ্ধ হল। সম্পূৰ্ণ জৈৱিকভাবে কৰা তেওঁৰ উৎপাদিত ফচল বিক্ৰিৰ বাবে চিন্তা কৰিব নেলাগে। বহুতো গ্ৰাহকে তেওঁৰ বাৰীৰ পৰাই চিঙি নিয়াৰ বিপৰীতে গধুলিৰ বজাৰতো তেওঁৰ পাচলিৰ চাহিদা সৰ্বাধিক।



ক্ষীৰোদে ইতিমধ্যে অন্য ১০ জন যুৱকক লৈ আৰম্ভ কৰিছে ৬ বিঘা মাটিৰ আগতীয়া আহুধানৰ খেতি। শালিধান চপোৱাৰ পিছত আমাৰ পথাৰসমূহ প্ৰায়ে উদং হৈ পৰি থাকে। এনে কৃষিভূমিত আগতীয়া আহু বা বৰোধানৰ খেতিৰে এক অৰ্থনৈতিক বিপ্লব হব পাৰে। এই সংক্ৰান্তীয় বিভিন্ন আলোচনাত কৃষকসকলে বিভিন্ন সমস্যাৰ কাৰণে আহুধানৰ খেতিৰ পৰা বিৰত থকাৰ কথা ব্যক্ত কৰে। কিন্তু ক্ষীৰোদ শৰ্মাৰ এই দহজনীয়া কৃষক গোটে পোনপতীয়াকে সিঁচি কৰা আহুধানৰ খেতি আৰু ধানৰোৱা মেচিনেৰে ৰোপন কৰা খেতি সমূহ ব্যতিক্ৰমী হৈ পৰিছে। শৰ্মাৰ মতে, আহুধানৰ অন্যতম সমস্যা হল, উদঙীয়া গৰু-ছাগলীৰ উপদ্ৰৱ আৰু যিসমস্যা সমাধান কৰিবলৈ গাঁওবাসীৰ সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন। সেয়ে এনেধৰণৰ খেতি আগবঢ়াই নিবলৈ দলগতভাবে খেতি কৰাতো হল উত্তম ব্যৱস্থা।

ক্ষীৰোদ শৰ্মাৰ দৰে যুৱকৰ প্ৰচেষ্টা বতৰ্মান সময়ত অতিকৈ প্ৰসংশনীয় বুলি বিবেচিত হৈছে।  তেওঁৰ লগতে গোটৰ সমূহকৰ্মীলৈ শুভকামনা জনালো।
 লেখকৰ ঠিকনাঃ বিশেষজ্ঞ, আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠান

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান