অসমৰ বাওধানৰ খেতি : সমস্যা আৰু সম্ভাৱনীয়তা
ড০ কিশোৰ
কুমাৰ শৰ্মা
ধানৰ বৈচিত্ৰতাৰ বাবে অসম তথা
উত্তৰ পুৰ্বাঞ্চল সমগ্ৰ বিশ্বতে জনাজাত।
এই
অঞ্চলত বিভিন্ন ধৰণৰ ধানৰ জাত পোৱা যায়। ওখ পাহাৰৰ
পৰা আৰম্ভ কৰি অনবৰত পানী জমা হৈ থকা পথাৰলৈকে ধানৰ খেতি কৰা হয়। বেলেগ বেলেগ ধানৰ জাতৰ খেতি আমাৰ কৃষকসকলে
প্ৰাচীন কালৰে পৰা কৰি আহিছে। এই অঞ্চলত
এজন মানুহৰ জন্মৰ পৰা মৃত্যুলৈ, পূজা-পাৰ্বণৰ
পৰা আদি কৰি উৎসৱ আদিলৈ ধানৰ ব্যৱহাৰ কৰা হয়।
জলপান, পিঠা-পনাকে আদি কৰি পানীয় আদিও ধান-চাউলৰ পৰাই প্ৰস্তুত কৰা
হয়। সকলো প্ৰকাৰৰ ব্যঞ্জন প্ৰস্তুত কৰিবলৈ
বিভিন্ন ধৰণৰ ধানৰ জাত ব্যৱহাৰ কৰা হয়। সেয়েহে
এই অঞ্চলতোত হাজাৰ হাজাৰ বিধ ধানৰ জাত পোৱা যায়।
অসমত
ধান প্ৰধানকৈ আহু,
শালি আৰু বৰো বতৰত কৰা হয়।
বাওধান
আহুধানৰ লগতে সিঁচি,
শালিধানৰ
লগতহে দোৱা হয়।
পথাৰৰ
অবস্থিতি আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰি কৃষক সকলে বিভিন্ন ধানৰ জাতৰ খেতি কৰি আহিছে। যিবিলাক অঞ্চল বানপানীৰ দ্বাৰা আক্ৰান্ত, দ’ তথা বেছিভাগ সময়তে পানী সোমাই থাকে, তাতেই কৃষকসকলে বাওধানৰ খেতি কৰে।
এনেকুৱা
অঞ্চলত অন্য ধান বা শস্যৰ খেতি কৰে। এনেকুৱা
অঞ্চলত অন্য ধান বা শস্যৰ খেতি কৰাৰ অৱকাশ নাথাকে বাবে উৎপাদন কম হলেও কৃষকসকলে বাওধানৰ
খেতি কৰে। দক্ষিণ-পূৱ এছিয়াৰ কেইখনমান
দেশত Deep
Water Rice (বাওধান সদৃশ) খেতি কৰে।
থাইলেন্ড, ম্যানমাৰ, লাও তথা বাংলাদেশৰ কিছু অঞ্চলত বাওধানৰ খেতি
কৰা হয়। ভাৰতবৰ্ষত পূৰ্ব উত্তৰ প্ৰদেশ, বিহাৰ ওড়িশ্যা তথা অসমত বাওধানৰ খেতি কৰা হয়।
উল্লেখযোগ্য
যে বাওধানৰ খেতি যথেষ্ঠ পৰিমাণে কমি আহিছে।
আন্তঃৰাষ্ট্ৰীয় নামাকৰনৰ মতে
পানী জমা নোহোৱা পথাৰত কৰা ধানক Upland Rice (যেনে, সিঁচা আহু); ১-৩০ চেঃমিঃ পানী থকা
পথাৰত কৰা ধানক Shallow
lowland Rice
; ১০-৫০ চেঃমিঃ পানী জমা হোৱা পথাৰত কৰা ধানক Semi Deep water Rice; ৫০-১০০ চেঃমিঃ পানী জমা হোৱা পথাৰত কৰা ধানক Deep water Rice; ১০০-২০০ চেঃমিঃ দ’ পথাৰত কৰা ধানক
Floating Rice বুলি কোৱা হয়। সংজ্ঞামতে অসমৰ বাওধানৰ জাত সমূহ Deep water Rice আৰু Floating
Rice,
প্ৰকৃত বাওধানৰ তিনিটা বৈশিষ্ট থাকে-
-
পানী বঢ়াৰ লগে লগে ধান গছ জোপাৰ গা-গছ বাঢ়িব পৰা ক্ষমতা (Elongation Ability)
-
বাগৰি পচা ধান গছ জোপাৰ গাঠিৰ পৰা ঠিয়
হৈ পৰা ক্ষমতা (Kneeing
Ability)
-
আলোক কাল সংবেদনশীল (Photoperiod
Sensitivity) (এই জাত সমূহ বছৰৰ এটা সময়তেহে ফুলিব)
বাওধানৰ
খেতি জীৱন ধাৰণৰ বাবে উৎপাদিত শস্য। কৃষিকাল
২০০-২৭০ দিন হোৱা সত্বেও ইয়াৰ উৎপাদন হেক্টৰ প্ৰতি ১০-১৫
কুইন্টলতকৈ বেছি নহয়। বিভিন্ন
সমস্যা থকা সত্বেও বাওধানৰ খেতি কৃষকসকলে কৰি আহিছে।
ইয়াৰ
মূল কাৰণ হ’ল এই পথাৰসমূহত বাৰিষা অহাৰ লগে লগে পানী সোমাবলৈ আৰম্ভ কৰে অৰ্থাৎ বানপানীৰ
দ্বাৰা আক্ৰান্ত হয়। এই বিলাক
অঞ্চলত আহু ধান কৰিব নোৱাৰি কাৰণ ধান পকিবৰ সময়ত বানপানী সোমাই নষ্ট কৰে। শাওন মাহৰ পথাৰত বেছি পানী থকা বাবে শালিধানৰ
কঠিয়া ৰুব নোৱাৰি। বাৰিষা অন্য শস্যৰ খেতিও এইবিলাক অঞ্চলত
কৰিব নোৱাৰি। গতিকে বাওধানৰ খেতি কৰি কৃষকসকলে জীৱন
নিৰ্বাহ কৰাৰ বিকল্প নাই।
সাধাৰণতে
ফাগুন/চ’ত মাহত প্ৰথম বৰষুণ জাকৰ পিছতে বাওধানৰ বীজ সিঁচা হয়। পথাৰখন জাবৰ-জোঠৰ, নৰা, ঘাঁহ-বন আদি পুৰি কেইচাহমান হাল বাই বৰষুণ অহাৰ লগে লগে বাওধান সিঁচা দেখা যায়। ধেমাজি, ঢকুৱাখানা,
লখিমপুৰ, মাজুলী অঞ্চলত সৰিয়হ খেতি চপোৱাৰ পিচত
বাওধানৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা পৰিলক্ষিত হয়।
পৰিস্থিতি
চাই কিছু কৃষকে বাওধান ৰুই কৰে। আহাৰ
মাহত কঠিয়া পাৰি ভাদ মাহত ৰোৱা হয়।
বহু কৃষকে
আহুধান আৰু বাওধান বীজ নিৰ্দিষ্ট পৰিমাণত মিহলি কৰি (৪:১ বা ৫:১ অনুপাতত) সিঁচাও পৰিলক্ষিত
হয়। বানপানী দেৰিকৈ আহিলে, আহু ধানো আগতে চপাব পৰা হয়। কৃষকসকলে
অতিৰিক্ত ধানৰো উৎপাদন পাই। বানপানী
আগতীয়াকৈ আহিলে আহু ধানৰ উৎপাদন পোৱাতো সম্ভৱ নহলেও কিন্তু বাওধানৰ উৎপাদন নিশ্চিতভাবে
পাব পাৰি। আহুধান দাওতে বাওধানৰ গা-গছ কটা বাবে উৎপাদন হ্ৰাস নাপায়।
ওখ
গছসমূহ কিন্তু চাপৰ হৈ পৰাৰ বাবে সহজে বাগৰি নপৰে।
কটা
যোৱা পাত-বিলাক পশু খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি।
বাওধানৰ
সমস্যা
অসমত
উৎপাদিত যিকোনো শস্যৰ খেতিয়েই বাওধানৰ খেতিৰ দৰে সমস্যা বহুল নহয়। কৃষিকাল দীঘলীয়া হোৱাৰ বাবে বাওধান বিভিন্ন
কীট-পতঙ্গ; বেমাৰ-আজাৰ আৰু নানান বাধা-বিঘিনিৰ সন্মুখীন হয়। বানাকান্ত
অঞ্চলত বাওধানৰ খেতি কৰা হয় যদিও ই খৰাং সদৃস পৰিবেশৰ দ্বাৰা আক্ৰান্ত হয়। যথেষ্ট ওখ (৭-১০ ফুট) ওখ হোৱা বাবে সাধাৰণতে
বাওধানৰ গছ বাগৰি পৰে। ইয়াৰ
ফলত উৎপাদন হ্ৰাস পোৱাৰ উপৰি ধান দাবলৈ যথেষ্ট অসুবিধা হয়।
মজ্জাখোৱা
বাওধানৰ প্ৰধান শত্ৰু। মজ্জাখোৱাৰ
সংখ্যা অদমত চ’ত/বহাগ আৰু ভাদ আহিন মাহত বৃদ্ধি পায়। বাওধানক দুয়োটা সময়তে মজ্জাখোৱাই অনিষ্ট
কৰে। ইয়াৰ ফলত উৎপাদন যথেষ্ট কিন্তু হ্ৰাস পায়।
‘উফ্ৰা’ নামৰ বেমাৰে বাওধানৰ বিস্তৰ ক্ষতি কৰে। এবিধ শস্যক্ৰিমী এই বেমাৰৰ কাৰক। ইয়াৰ দ্বাৰা আক্ৰান্ত গছ সমূহৰ থোক সমূহ
শুকুৱাই নিয়া বাবে ইয়াক অদমন শুকনি বেমাৰৰ কোনো সফল প্ৰতিৰোধক ব্যৱস্থা নাই। এই বেমাৰৰ পৰা আক্ৰান্ত গছ সমূহ দেখিলে
বৰ দুখ লাগে।
এই দুটা
সমস্যাৰ উপৰি বনবাত
(উৰিদল চকামৰা), শামুক, কামচৰাই,
নিগনি আদিয়েও বাওধানৰ বিস্তৰ খতি কৰে।
বাওধানৰ
মাজে মাজে যাব লগা হলে এৰালি ঘাঁহে কাটে। নাও অবিহনে
পথাৰ পৰিদৰ্শন কৰাতো অসম্ভৱ। যথেষ্ট
কষ্ট স্বীকাৰ কৰিও কৃষক সকলে সুফল নাপায়। কৃষক
সকলে কেৱল জীৱন নিৰ্বাহৰ আহিলা হিচাবে বাওধানৰ খেতি কৰি আহিছে।
বাওধানৰ ওপৰত অসমত তথা বিশ্বতে ফলপ্ৰসু গৱেষণা
হোৱা নাই। পদ্মনাথা, পানীন্দ্ৰ, পঞ্চানন আৰু পদুমনি উত্তৰ লখিমপুৰস্থ আঞ্চলিক
কৃষি গৱেষণা কেন্দ্ৰত উদ্ভাৱিত বাওধানৰ সঁচ।
এই
জাত-সমূহ কিন্তু ১০০ চেঃমিঃ পৰ্য্যন্ত পানী জমা হোৱা পথাৰতহে কৰিব পাৰি। এনেকুৱা পৰিস্থিতিত এই জাত সমূহৰ পৰা হেক্টৰ
প্ৰতি প্ৰায় ৩০ কুইন্টাল ধান পাব পাৰি। ১০০ চেঃমিঃ
তকৈ বেছি পানী হ’লে মাগুৰি, কেকোৱা, সামনা,
দলবাও আদি থলুৱা সঁচৰ খেতি কৃষক সকলে কৰা দেখা যায়। উৎপাদন কম হলেও এই জাত সমূহৰ প্ৰতিকুল
পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা ক্ষমতা আছে।
বাওধানৰ
খেতি লাভজনক কৰিব পাৰিনে?
আপাত
দৃষ্টিত বাওধানৰ খেতি একেবাৰেই লাভজনক নহয়। কিন্তু
আজি কেইবছৰমানৰ পৰা ৰঙা চাউলযুক্ত বাওধানৰ চাহিদাৰ বিষয়ে জনা গৈছে। ধেমাজি, লখিমপুৰ আৰু মাজুলী
জিলাৰ পৰা Lotus
Food Inc
নামৰ আমেৰিকাৰ এটা কোম্পানীয়ে ইয়াৰ ভাৰতীয় সহযোগী হাৰিয়ানাৰ Nature Bio food
products Ltd.
এ ২০১২ চনৰ পৰা ৰপ্তানিৰ বাবে ৰঙা চাউলযুক্ত বাওধান ক্ৰয় কৰিছে। ইয়াৰ দ্বাৰা কৃষকসকলো কিছু লাভান্বিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত জৈৱিকভাবে খেতি কৰা পৰিপুষ্টি সমৃদ্ধ ৰঙা চাউলৰ চাহিদা বাঢ়িছে। কৃষক সকলৰ বাবে ই এক সুখবৰ।
আঞ্চলিক
কৃষি গৱেষণা কেন্দ্ৰ লখিমপুৰত উদ্ভাৱিত পদুমনি নামৰ জাতটোৰ চাউল জহাৰ দৰেই সুগন্ধী। গতিকে বজাৰত ইয়াৰ মূল্য বেছি। এই জাতটোৰ খেতি কৰি কৃষক ৰাইজ অধিক লাভাম্বিত
হোৱাৰ অৱকাশ আছে।
অসমত
বাওধানৰ গৱেষণা
অসম কৃষি
বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ; লখিমপুৰত বাওধানৰ ওপৰত গৱেষণা কৰা হয়।
একাধিক
বাওধানৰ সঁচ ইয়াত সংৰক্ষণ কৰা হয়। ইয়াৰে
৬৯ বিধ সঁচ ৰঙা চাউল যুক্ত। ৰঙা বাওধানৰ
চাউলৰ বিভিন্ন জৈৱ ৰসায়নিক বিশ্লেষণ এই কেন্দ্ৰটোত কৰা হৈছে।
ইতিমধ্যে
কেন্দ্ৰটোৰ পৰা ৪ টা বাওধানৰ জাত উদ্ভাৱন কৰা হৈছে।
উফ্ৰা
প্ৰতিৰোধী,
১০০-২০০ চেঃমিঃ গভীৰ পানীত খেতি কৰিব পৰা ধানৰ
জাত উদ্ভাৱনৰ প্ৰক্ৰিয়া চলি আছে।
লাভজনক
নোহোৱা কাৰণে বাওধানৰ খেতি কৰা মাটি লোপ পাই আহিছে।
যোৱা
২০১২ চনৰ পৰা ৰঙা বাওধানৰ খেতি কৰি কিছু কৃষক লাভৱান হৈছে যদিও অধিক পৰিমাণৰ চাউল উৎপাদন
কৰিব পাৰিলেহে বানিজ্যকৰণ সম্ভৱ হ’ব। এই ক্ষেত্ৰত অধিক উৎপাদনক্ষম, কীট প্ৰতিৰোধী জাত তথা লাভজনক শস্য পৰিচৰ্য্যাৰ কৌশল (জৈৱিক) উদ্ভাৱন কৰাতো আৱশ্যক।
লেখকৰ
ঠিকনা:
মূখ্য বিজ্ঞানী, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ,
উত্তৰ লখিমপুৰ