বাহেক বা তিতা বাহেক
ড০ জয়ন্ত ডেকা
আৰু ড০ ঈশ্বৰ চন্দ্ৰ বৰুৱা
বৈজ্ঞানিক
নাম:
Adhatoda
vasica Medik, গোত্র: Acanthaceae, ইংৰাজী
নাম:
ভাচাক, অন্য
নাম:
অদুকা, বানচা ভাচিকা, পিয়াবানচা
(হিন্দী), বাণিজ্যিক
নাম:
ভাচক
আয়ুৰ্বেদ, হোমিওপেথি, এল’পেথি, য়ুনানি সিদ্ধ আৰু আন সকলো চিকিৎসা পদ্ধতিতে তিতা বাহেক বা বাহেক ঔষধ হিচাবে
ব্যৱহৃত হয়। বাহেকৰ পাত, শিপা, ফুল,
ফল আদি সকলো অংশই বিভিন্ন দৰৱ প্ৰস্তুতকৰণত প্ৰয়োজন হয়। যাৰ ঘৰত বাহেক
গছ আছে তাৰ ঘৰত কাঁহ, কফ আদি ৰোগে কেতিয়াও শিপাব নোৱাৰে বুলি
জনা বিশ্বাসেই ঔষধি উদ্ভিদে হিচাপে থকা বাহেকৰ ঐতিহ্যৰ চিন। বাহেকৰ ভৌগালিক বিস্তৃতি
সমগ্ৰ ভাৰত উপমহাদেশৰ পৰা দক্ষিণ পূৱ এচিয়ালৈ প্ৰসাৰিত।
পাত: হাপানী (asthma), অতিসাৰ (diarrhoea), গ্ৰহণী (dysentery), বাত বেমাৰ (rheumatism), কাহ আদি বেমাৰত সাধাৰণতে পাতৰ ব্যৱহাৰ হয়।
মূল: প্ৰধানকৈ মূত্রবৃদ্ধকাৰক হিচাবে শিপাৰ ব্যৱহাৰ হয় যদিও উশাহ লোৱা নলীৰ প্ৰদাহ
(bronchitis), হাপানী, পিত্তৰ পৰা হোৱা ৰোগ (bilious), বমি, চকু উখহা, জ্বৰ, গন’ৰিয়া, কাহ, মেলেৰিয়া, কফ উলিওৱা দৰৱ (expectorant), অস্বাভাৱিক সিৰামূৰি ধৰা ৰোগ (antispasmodic), ব্ৰংকাইটিছ ইত্যাদিতো
ইয়াৰ পৰা প্ৰস্তুত কৰা দৰৱ ব্যৱহৃত হয়।
ফুল
আৰু ফল: অস্বাভাৱিক সিৰামূৰি ধৰা ৰোগত প্ৰয়োগ হয়।
উদ্ভিদৰ
বিৱৰণ:
বাহেক উদ্ভিদজোপা জোপোহা,
গুল্ম। পাত সৰল, ১০ ৰ পৰা ২০ ছে:মি: দীঘল আৰু ৪ ৰ পৰা ৭.৫ ছে:মি: বহল, উপবৃত্তাকাৰ বা বল্লমাকাৰ,
দীঘাগ্ৰী, দাঁতি অখণ্ড বা ঢৌ খেলোৱা, পিচভাগ হঠাতে ক্ষীণ হৈ বৃন্তত মিলি যায়। বৃন্ত প্ৰায় ৪ ছে:মি: পৰ্য্যন্ত দীঘল। ফুল বগা, ঘনকৈ
পুষ্পধৰ পত্ৰৰে আবৰা মঞ্জৰী পুষ্পবিন্যাসত সজ্জিত।
পুষ্পধৰ
পত্ৰবোৰ ডিম্বাকৃত্তিৰ বা অধোমুখী ডিম্বাকাৰ নতুবা উপবৃত্তাকাৰ,পুষ্পধৰ পত্রিকা ক্ষীণ। বৃত্তি সংলগ্ন, দকৈ ৫ টা লতিত
খণ্ডিত; লতিবোৰ
বল্লমাকাৰ দীঘাগ্ৰী। পাহি সংলগ্ন, লতি দুভাগত
বিভক্ত (২+৩); নলিকা
মধ্যাংশত স্ফীত, বাহিৰৰ ফালে নোমাল। পুংদণ্ড ২ ডাল, পুংকেশৰ নোমাল। ডিম্বাশয় নোমাল, ২ কোঠালীযুক্ত,
প্ৰতিটো কোঠালিতে ২ টা কৈ ডিম্ব থাকে। ফল পেপচুল বা সংপুট, ২ ৰ পৰা ২.৫ ছে:মি: দীঘল, নোমাল, গদাকৃতিৰ। বীজ ৪ টা, প্ৰায় ঘূৰণীয়া, সম্পেষিত গুলিকা বা টিউবাৰ্কল যুক্ত।
বাহেকত প্ৰধানকৈ ২ টা সক্ৰিয়
উপাদান (active
principle)
থাকে। ইয়াৰে এটা হ’ল ভেসিচিন নামৰ এটা উপক্ষাৰ
(০.২-০.৪ আৰু ০.৩৫%)।
শিপাত
অতি কম পৰিমাণে উপাক্ষাৰ থাকে। এই উদ্ভিদৰ
পাত,
ফুল আৰু শিপাৰ পৰা আহৰণ কৰা সুগন্ধি তেলৰ পৰিমাণ ০.০৭৫%। শেহতীয়াকৈ
হাইড্ৰক্সিপেগানিন,
অচ্চিন, পেগানিন, ভেসিচিন’ন আদি উপক্ষাৰো এই উদ্ভিদৰ পাতত থাকে বুলি প্ৰমাণিত হৈছে।
উৎপাদনৰ
প্ৰযুক্তি কৌশল:
মাটি
আৰু জলবায়ু:
এই শস্যৰ খেতি বিভিন্ন জলবায়ুত
আৰু সকলো ধৰণৰ মাটিতে কৰিব পাৰি। পতিত ভূমিৰ পৰা বাবে এই খেতি কৰিব পাৰি।
প্ৰৱৰ্দ্ধন
আৰু ৰোপন
বীজ আৰু অংগজ প্ৰজনন দুয়োটা
পদ্ধতিৰে বাহেকৰ প্ৰৱৰ্দ্ধন হয় যদিও অংগজ প্ৰজনন পদ্ধতিত খৰছ কম হয়। জুন মাহত মাতৃ
গছৰ পৰা শাখা কলম সংগ্ৰহ কৰা হয়। পলিথিন বেগত ১:১:১অনুপাতত অৰ্থাৎ সম পৰিমাণৰ বালি, মাটি আৰু পচনসাৰৰ মিশ্ৰণ
ভৰাই সেই বেগত শাখা কলম ৰুব লাগে। প্ৰতিদিনে সেই বেগত পানী দিব লাগে। শাখা কলমবিলাক
১৫-২০ দিন মানত অংকুৰিত হয়।
বাৰিষা
বতৰত গজি উঠা শাখা কলমবিলাক মূল পথাৰলৈ স্থানান্তৰিত কৰি ৯০ ছে:মি: ব্যৱহাৰ ধানৰ শাৰী সমূহত ৬০ ছে:মি: আঁতৰে আঁতৰে ৰুব লাগে।
মাটি
প্ৰস্তুতি আৰু সাৰ প্ৰয়োগ:
মূল
পথাৰত ভালকৈ চাহ কৰি মাটি প্ৰস্তুত কৰি ল’ব লাগে। অৱশ্যে যিকোনো
ধৰণৰ মাটিতে ইয়াৰ বাঢ়িব পৰা ক্ষমতা আছে। সাধাৰণতে ইয়াৰ কোনো ধৰণৰ সাৰৰ বিশেষ প্ৰয়োজনীয়তা
নাথাকিলেও মাজে সময়ে কম পৰিমাণত পচন সাৰ বা গোৱৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব পাৰিলে
ভাল।
আন্ত: আবাদী ব্যৱস্থাপনা:
বৰষুণ থকা অৱস্থাত জলসিঞ্চনৰ
কোনো প্ৰয়োজন নহয়। কিন্তু গ্ৰীষ্ম কালত
খৰাং বতৰত ১৫ দিনৰ ব্যৱধানত এবাৰকৈ জলসিঞ্চন কৰিব লাগে। এই গছ
যথেষ্ট কঠিন বাবে কোনো ৰোগ বা অনিষ্টকাৰী পোক-পতঙ্গৰ আক্ৰমণে
ইয়াৰ বিশেষ অনিষ্ট সাধন নকৰে।
শস্য
চপোৱা আৰু পৰৱৰ্ত্তী কাৰ্য্যসমূহ:
এই গছৰ পাতেই হ’ল আৰ্থিক ভাৱে লাভজনক অংশ। গছত ফুল ফুলাৰ লগে লগেই পাত আহৰণ কৰিব লাগে। তাৰ
পিছত ছাঁত ৪-৬ দিন মান পাতখিনি শুকুৱাব লাগে। শুকুৱাৰ পিছত লাহে
লাহে কোবালে পাতখিনি কাণ্ডৰ পৰা বেলেগ হৈ পৰে। ইয়াৰ পিছত শুকান পাতবিলাক প্লাষ্টিক
লগোৱা মৰাপাটৰ বেগত ভালকৈ ভৰাই নষ্ট নোহোৱাকৈ ৰাখিব লাগে। আন্ধাৰ আৰু শুকান ঠাইত বস্তাবোৰ
ৰাখিলে পাতবিলাক নষ্ট নোহোৱাৰ সম্ভৱনা নাথাকে।
উৎপাদন
আৰু উপাৰ্জন
বাহেক
জেওৰা শস্য হিচাপে নতুবা বাৰীৰ সীমাৱৰ্ত্তী ঢাপত ৰোৱা হয় বাবে আৰু শস্যজোপাৰ আবডালৰ
কাৰণে বিশেষ কোনো কৰণীয় নাই বাবে এই খেতিত খৰছ বেছি নহয়।
(লেখকদ্বয় অসম কৃষি বিশ্ব-বিদ্যালয়, যোৰহাটৰ অধ্যাপক, উৎস: ঔষধি আৰু সুগন্ধি শস্যৰ ব্যৱসায়িক উৎপাদন)