Posts

Showing posts from December, 2018

বৰো আৰু আগতীয়া আহুধানৰ খেতিৰ শস্যৰক্ষা

Image
গা - গছ ছিদ্ৰকাৰী বা মজ্জা - খোৱা পোক Scirpophaga incertulas (Pyralid ae : Lepidoptera) -       মজ্জা - খোৱা পোকে ধানৰ কঠীয়াতলী , ৰোৱাৰ পিছত মূল পথাৰত , গেৰ ধৰা অৱস্থাত আৰু ঠোকৰ গাখীৰতী অৱস্থাত আক্ৰমণ কৰিব পাৰে ।

কৃষি উদ্যমী যুৱক কুৰুছাৰ টিমুঙ

Image
কাৰ্বি আংলঙৰ এজন কৃষি উদ্যমী কুৰুছাৰ টিমুঙ । সামাজিক কাম - কাজত সাংঘাটিকভাবে ব্যস্ত এজন কৃষক । তেখেত বৰ্তমান ভাৰতীয় কিষাণ সংঘ , অসমৰো সভাপতি । সামাজিকভাবে এটি গুৰুত্বপূৰ্ণ পদত থাকিও তেখেত হাড়ে - হিমজুৱে এজন সফল কৃষক । তেখেতৰ কৃষি কৰ্মই ইতিমধ্যে জিলাখনৰ লগতে অসমখনৰো কৃষি উন্নয়নত যথেষ্ট ভুমিকা পালন কৰিছে ।  

মাছৰ পৰা প্ৰস্তুত কৰা ৰুচিবঞ্জক খাদ্য

Image
ইমৰাণ হুছেইন , আই আপং , ৰাজেশ দেৱনাথ ,  ৰাজশ্ৰী দেৱী ,  মনিশা বৰুৱা ,  মানশ্ৰী ডেকা চিন্তে মীন মহাবিদ্যালয় , অসম কৃষি বিশ্ব - বিদ্যালয় মাছ আমাৰ অতি প্ৰিয় খাদ্য আৰু অসম তথা উত্তৰ - পূব ভাৰতৰ ৰাজ্যসমূহত সতেজ মাছৰ যথেষ্ট চাহিদা আছে । আমাৰ ৰাজ্যত থকা নৈ - বিল , জান - জুৰি , পুখুৰী , জলাশয় - পিতনি আদিত বুজন পৰিমাণৰ মাছ ধৰা হয় । ইয়াৰে কিছু পৰিমাণে বিক্ৰি কৰা হয় যদিও , অনুন্নত আন্তঃগাঠনি , পৰিবহন আৰু সংৰক্ষণ ব্যৱস্থা তথা উপযুক্ত বজাৰৰ অভাৱত ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলসমূহত যথেষ্ট পৰিমাণৰ মাছ নষ্ট হয় নাইবা লোকচানকৈ বিক্ৰি কৰিবলগীয়া হয় । এনেদৰে নষ্ট হোৱা নাইবা লোকচানকৈ বিক্ৰি কৰিবলগীয়া মাছখিনিক মূল্য সংযোজন কৰি বিভিন্ন সু - স্বাদু খাদ্য প্ৰস্তুত কৰিব পাৰি । তেনে খাদ্য কেইবিধমান হল - মাছৰ আচাৰ , কাটলেট , টিকিয়া ( ৱেফাৰ ), ফিংগাৰ , বল , চ ’ প , ৰ ’ ল , পাপৰ , চ্যুপ ইত্যাদি ।  

জৈৱিক কৃষি: শস্যৰ অনিষ্টকাৰী কীট নিয়ন্ত্ৰণৰ বাবে উদ্ভিদজাত কীটনাশক

Image
নিমৰ   পৰা   প্ৰস্তুত   কৰা   বিভিন্ন   কীট - নাশক

জেতুকাৰো খেতি কৰিব পাৰি

Image
ড০ জয়ন্ত ডেকা আৰু ড০ ঈশ্বৰ চন্দ্ৰ বৰুৱা            আমাৰ ঘৰৰ কাষতে বা বাৰীতে থকা অতিকৈ চিনাকী জেতুকা গছজোপাৰো এক বহল বজাৰ আছে । প্ৰাকৃতিক ৰং হিচাবে জেতুকাৰ এতিয়া সমাদৰ আৰু ৰাসায়নিক প্ৰসাৰ বাঢ়িছে । পূৱ আফ্ৰিকা বা ভাৰতবৰ্ষ ইয়াৰ উৎপত্তিস্থল বুলি ভবা হয় । ভাৰতৰ বিভিন্ন ঠাইত জেতুকা খেতি কৰা হয় ।

অসমৰ বাওধানৰ খেতি : সমস্যা আৰু সম্ভাৱনীয়তা

Image
ড০ কিশোৰ কুমাৰ শৰ্মা          ধানৰ বৈচিত্ৰতাৰ বাবে অসম তথা উত্তৰ পুৰ্বাঞ্চল সমগ্ৰ বিশ্বতে জনাজাত । এই অঞ্চলত বিভিন্ন ধৰণৰ ধানৰ জাত পোৱা যায় । ওখ পাহাৰৰ পৰা আৰম্ভ কৰি অনবৰত পানী জমা হৈ থকা পথাৰলৈকে ধানৰ খেতি কৰা হয় । বেলেগ বেলেগ ধানৰ জাতৰ খেতি আমাৰ কৃষকসকলে প্ৰাচীন কালৰে পৰা কৰি আহিছে । এই অঞ্চলত এজন মানুহৰ জন্মৰ পৰা মৃত্যুলৈ , পূজা - পাৰ্বণৰ পৰা আদি কৰি উৎসৱ আদিলৈ ধানৰ ব্যৱহাৰ কৰা হয় ।

নেমু গছৰ ডাল-পাত পৰিষ্কাৰ তথা গা-গছ গঠন

Image
নেমু গছৰ কেইটিমান দৰকাৰী কথা : - বৰ বেগেৰে বলা বতাহত ফলেৰে ভৰি থকা   শাখা ডাল - পাতবোৰ   সহেজেই ভাঙে । - নেমুৰ ডালবোৰ শীৰ্ণ , লেহুকা আৰু অতি কোমল । কেৱল ছুটি কৰিবলৈহে এনে ডালবোৰ চাফা কৰিব লাগে । - বতাহৰ বাবে নেমু গছৰ মাজ অংশ বেছি সুৰক্ষিত । সেইবাবে সেই অংশ ফল উৎপাদন হ ’ ব পৰাকৈ চাফা কৰিব লাগে । - নেমুৱে শক্তিশালী , সবল কাঁইটিয়া কাণ্ড সৃষ্টি কৰিব পাৰে । এনে কাণ্ডৰ উৎপাদন শক্তি নাই । গতিকে সেইবোৰ কাটি পেলাব লাগে ।

শণ খেতিৰ বিষয়ে কিছু কথা

Image
মামনি হাজৰিকা শণ ( Sunnhemp) হ ’ ল এবিধ চেঁইজাতীয় উদ্ভিদ । ইয়াৰ উদ্ভিদ বৈজ্ঞানিক নাম হ ’ ল - ক্ৰটেলেৰিয়া ঝানছিয়া । এই শণ খেতি নামনি অসমৰ বিভিন্ন স্থানত কৃষকসকলে কৰি আহিছে যদিও অসমৰ কৃষি অৰ্থনীতিত ইয়াৰ প্ৰভাবৰ বিষয়ে এতিয়াও সজাগতা হোৱা নাই । শণ ( Sunnhemp) ৰ উৎপত্তি স্থান হ ’ ল ভাৰতবৰ্ষ । ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ইয়াক বিভিন্ন নামেৰে জনা যায় । আমাৰ অসমৰ খেতিয়কসকলৰ মাজত ই বিশেষকৈ শণ খেতি বা শণ গুটি নামেৰেও জনা যায় । আমাৰ ৰাজ্যত চৰ - চাপৰিবোৰত ইয়াৰ খেতি অধিক দেখা যায় । আমাৰ বহুত খেতিয়কে বাৰিষাকালত খেতি নকৰে , যাৰ ফলত   অপতৃণবোৰ বেছিকৈ গজি উঠে । বাৰিষাৰ আগতে এনে পথাৰবোৰত শণ খেতি কৰি মাটিডৰাক অপতৃণৰ পৰা ৰক্ষা কৰিব পাৰি । শস্যক্ৰমত ইয়াক সেউজীয়া সাৰ হিচাবে ব্যৱহাৰ কৰি মাটিত নাইট্ৰ ’ জেন আৰু জৈৱিক পদাৰ্থ   যোগান ধৰিব পাৰি ।

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান