Posts

ক্লান্তিবিহীন সংগ্ৰামী কৃষক দুর্গেশ্বৰ পেগু

Image
হেমেন্দ্ৰ কুমাৰ বৰি ‍ ধৰিত্ৰীৰ বুকুত নাঙলৰ সিৰলুৰে নিজৰ ভাগ্যলিপি ৰচনা কৰোঁতে ‍ কেতিয়াবা প্ৰখৰ ৰ ’ দৰ প্ৰচণ্ড উত্তাপে , কেতিয়াবা বিৰামহীন বৰষুণে , কেতিয়াবা আকৌ বজ্ৰ নিনাদেৰে ফাটি ‍ পৰা আকাশখনে তেওঁক হতোদ্যম কৰিবলৈ ‍ চেষ্টা কৰিছিল , ঘৰখনৰ মানুহ আৰু সমাজৰ পৰাও সহায় সহযোগ বিচ্ছিন্ন হৈ পৰিছিল । কৰ্তব্যৰ পৰা কাষ্ঠাৰে নির্মিত তেওঁৰ কঠিন শৰীৰ আৰু হৃদয়ত এটা দুৰন্ত ৰণুৱা ঘোঁৰাই থি ‍ তাপি লৈছিল । সেই কথা প্ৰত্যক্ষদৰ্শীয়ে অনুধাৱন কৰিয়েই তেওঁক ‘ ৰণুৱা পেগু ’ উপনামেৰে মাতিছিল ।

দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ শোণিতপুৰ জিলাৰ বালিগাঁও

Image
পংকজ কুমাৰ শইকীয়া অসমৰ বাৰেৰহনীয়া কৃষ্টি - সংস্কৃতিৰ বাৰ্তাবাহক অন্যতম এক জনগোষ্ঠী হ ’ ল মিচিং জনগোষ্ঠী । বড়ো - কছাৰীসকলৰ পিছতে দ্বিতীয় বৃহত্তম জনজাতি মিচিংসকলে সাধাৰণতে নৈৰ পাৰত বাস কৰে । অসমৰ এনে এখন নৈ - পৰীয়া মিচিং গাঁও হ ’ ল - বালিগাঁও । শোণিতপুৰ জিলাৰ তেজপুৰ টাউনৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ ভৰালীপাৰৰ এই গাঁওখন এখন বিশেষ গাঁও হিচাপে পৰিগণিত হৈ আহিছে । কাৰণ এই বালিগাঁৱে ২০১৬ বৰ্ষত লাভ কৰিছিল “ সেউজ গাঁও ” বঁটা ।

হাইড্ৰপনিকচ্ বা মাটিবিহীন কৃষিকাৰ্য

Image
পুষ্প গগৈ   ( থলুৱা সুবিধানুযায়ী নিজে সম্পাদন কৰা কৃষিকৰ্মৰ অভিজ্ঞতাৰ ভিত্তিত লেখক শ্ৰী পুষ্প গগৈয়ে এই লেখাটি প্ৰস্তুত কৰিছে ) উদ্ভিদ বা গছ - বনে মাটিলৈ শিপা প্ৰসাৰত কৰি মাটিৰ পৰা প্ৰয়োজনীয় পুষ্টিদ্ৰব্য (Nutrient) আহৰণ কৰি পৃষ্ঠভূমিৰ ওপৰিভাগত ডাল - পাত - কাণ্ড প্ৰসাৰিত কৰি তুলে । এই স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজেৰে উদ্ভিদ বা গছ - বনৰ বিকাশ বা বৃদ্ধি হয় । উদ্ভিদ বা গছ - বনে মাটিৰ পৰিৱৰ্তে পানীৰ পৰা শিপাই প্ৰয়োজনীয় পুষ্টিদ্ৰব্য আহৰণ কৰি ইয়াৰ বিকাশ বা বৃদ্ধি ঘটোৱা পদ্ধতিকেই মাটিবিহীন কৃষিকাৰ্য বা হাইড্ৰপনিক ( Hydroponics ) বুলি কোৱা হয় । এই Hydroponics শব্দটো আহিছে গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা - ‘Hydro’ ৰ অৰ্থ - পানী আৰু ‘ponics’ ৰ অৰ্থ – labor শ্ৰম

জৈৱিক কীটনাশক হিচাপে মেটাৰিঝিয়াম এনিচ’পলি

Image
তাজ আহমেদ মেটাৰিঝিয়াম এনিচ ’ পলি হ ’ ল এবিধ ভেঁকুৰ । এই ভেঁকুৰবিধ কিছুমান নিৰ্দিষ্ট কীট - পতঙ্গ শৰীৰৰ সংস্পৰ্শত আহি লাহে লাহে সেই নিৰ্দিষ্ট পোকবোৰক নিঃশেষ কৰি পেলায় । পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে প্ৰায় ২০০ বিধমান অনিষ্টকাৰী কীট - পতঙ্গ এই ভেঁকুৰ ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰিব পাৰি ।  

বনৌষধি উদ্ভিদ: কালমেঘ

Image
ড০ জয়ন্ত ডেকা , ড০ ঈশ্বৰ চন্দ্ৰ বৰুৱা বৈজ্ঞানিক নাম          : Andrographis paniculata Wall. Ex Ness গোত্র                       : Acanthaceae ইংৰাজী নাম             : ইণ্ডিয়ান চিৰেতা অন্য নাম                  : ফিয়াৰ্ট ( হিন্দী ); ফিৰাটা ( সংস্কৃত ); কল্পতিতা                                   ( অসমীয়া ) বাণিজ্যিক নাম         : কালমেঘ           পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ এক অপৰিহাৰ্য উপাদান হ ’ ল কালমেঘ । ভাৰতবৰ্ষ আৰু শ্ৰীলংকাৰ বাহিৰেও এই উদ্ভিদ চীন , থাইলেণ্ড আৰু বাংলাদেশত প্ৰাকৃতিকভাৱে পোৱা যায় । ভাৰত...

জাপানীজ কোয়েল চৰাইৰ (বটা চৰাই) বাণিজ্যিক পাম

Image
ডাঃ ডেভিদ বৰদলৈ     “ হুৰ হুৰ বটা চৰাই , মোৰ ধান নাখাবি “ তোক দিম গোটা কৰায় । “ এই কথাষাৰৰ পৰা গম পোৱা যায় যে “ বটা চৰাই আমাৰ খেতিয়ক সকলৰ মাজত ধান খাবলৈ অহা এবিধ অনিষ্টকাৰী বনৰীয়া চৰাই হিচাপে পৰিচিত । কিন্তু মই যিবিধ বটা চৰাইৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো , সেইবিধ আমাৰ ধাননি পথাৰত দেখা বটা চৰাইতকৈ ডাঙৰ আৰু ইয়াক বিজ্ঞানসন্মতভাৱে পুহি এটা লাভজনক ব্যৱসায়ৰ গৰাকী হ ’ ব পৰা যায় ।

অসমত লুপ্তপ্ৰায় আৰু অৱহেলিত কুঁহিলাৰ খেতি

Image
পংকজ শইকীয়া কুঁহিলাৰ বিষয়ে হয়তো সম্যক জ্ঞান বহুলোকৰে নাই । নথকাতোৱেই স্বাভাৱিক কথা । কিয়নো ইয়াৰ ব্যৱহাৰো সাধাৰণ জীৱনত নিচেই সীমিত । অসমত কুঁহিলাৰ খেতি এতিয়া লুপ্তপ্ৰায় । নগাঁও জিলাৰ বটদ্ৰৱাত আৰু গোৱালপাৰা জিলাৰ কিছু কিছু ঠাইত ব্যৱসায়িক ভিত্তিত কুঁহিলাৰ খেতি কৰা কথাতো গম পোৱা যায় । গোৱালপাৰাৰ গৌৰীপুৰত কুঁহিলাৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিস্থান এটা আছে ।

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান