বিজ্ঞানসন্মত পদ্ধতিৰে আলু খেতি
জাতৰ নামঃ
কুফ্ৰী চন্দ্ৰমুখী (৮০-১০০ দিন), কুফ্ৰী সিন্ধুৰী (১০০-১২০ দিন), কুফ্ৰী মেঘা (৯০-১০০ দিন), কুফ্ৰী জ্যোতি (১০০ - ১১০ দিন), কুফ্ৰী পোখৰাজ (৭০ - ৯০ দিন)
বিঘাই প্ৰতি ৰসায়নিক সাৰৰ পৰিমাণঃ
বৰষুন নিৰ্ভৰশীলঃ ইউৰীয়া-১৯ কিঃগ্ৰাঃ, চুপাৰ-৯০ কিঃগ্ৰাঃ
আৰু পটাচ -১২ কিঃগ্ৰাঃ।
জলসিঞ্চিতঃ ইউৰীয়া-১৯ কিঃগ্ৰাঃ, চুপাৰ-৯০ কিঃগ্ৰাঃ
আৰু পটচ -২৪ কিঃগ্ৰাঃ।
সমুদায় সাৰ
শেষৰ চাহ হালবোৱাৰ সময়মতে মাটিত প্ৰয়োগ কৰিব লাগে আৰু লক্ষ্য ৰাখিব যাতে আলুবীজবোৰ
ৰাসায়নিক সাৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ নাহে।
·
আলু ৰোপনৰ ৩০ দিনৰ
পিছত বৰ’ণ (২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।
·
প্ৰতি বিঘা মাটিৰ
বাবে বীজৰ পৰিমাণ-৩-৩.৩ কুইন্টল
·
আলু ৰোপনৰ উপযুক্ত
সময় হল অক্টোবৰ মাজভাজৰ পৰা নবেম্বৰৰ মাজভাগলৈ। কুফ্ৰী সিন্দুৰীৰ ক্ষেত্ৰৰ ডিচেম্বৰৰ মাজভাগলৈকে ৰোপন কৰিব
পাৰি)
·
আলুবীজবোৰ ভাইৰাছ
মুক্ত, সুস্থ-সবল আৰু মধ্যমীয়া
আকাৰৰ গজালি মেলা হব লাগে। সাধাৰণতে বীজৰ আকাৰ
২.৫ ব্যাসৰ (২৫-৪০ গ্ৰাম) হব লাগে। ডাঙৰ আকাৰৰ বীজ দীঘে দীঘে ২-৩ টা চকু থকাকৈ কাটি ৰোপন কৰিব পাৰি। কাটি লোৱা বীজৰ ক্ষেত্ৰত বীজখিনি মেনকজেৱেৰে (৫ গ্ৰাম প্ৰতি লিটাৰ পানীত ) ১০ মিনিট
সময়ৰ বাবে শোধন কৰি লব লাগে। শোধন কৰাৰ পিছত
বীজখিনি ছাঁত ২৪ ঘন্টাৰ বাবে মেলি দি শুকুৱাইহে ৰোপন কৰিব লাগে।
পৰিচৰ্যা আৰু শস্যৰক্ষাঃ
·
ৰোৱাৰ ২৫ দিনৰ পিছত
প্ৰথমবাৰ চপোৱাৰ সময় হয়। আলুৰ শাৰীবোৰৰ মাজত
থকা বনবাত নিৰণি কৰি ভালদৰে মাটিখিনি কোৰ মাৰি শুকাবলৈ দিব লাগে আৰু পিছত পাতলীয়াকৈ
মাটি চপাই দিব লাগে।
·
প্ৰথমবাৰ মাটি চপোৱাৰ
পিছতে জলসিঞ্চন কৰিব লাগে।
·
ৰঙা পৰুৱা নাইবা
মাটিত থকা অন্যান অনিষ্টকাৰী পোক নিয়ন্ত্রন বাবে মালাথিয়ান ৫% পাউদাৰ প্ৰথমবাৰ মাটি চপোৱাৰ সময়তে (বিঘাই
প্ৰতি ৫ কিঃগ্ৰাঃ) মাটিত প্ৰয়োগ কৰিব লাগে। সৰিয়হৰ খলিহৈ (বিঘাই প্ৰতি ২০ কিঃগ্ৰাঃ) প্ৰয়োগ কৰিও ৰঙা পৰুৱা নিয়ন্ত্রণ
কৰিব পাৰি।
·
মাৰাত্মক ব্লাইট
ৰোগ প্ৰতিৰোধৰ বাবে মেটালেক্সিল (প্ৰতি লিটাৰ
পানীত ২ গ্ৰাম) আৰু মেনকজেৱ (প্ৰতি লিটাৰ
পানীত ২.৫ গ্ৰাম) ১২ দিনৰ মূৰে মূৰে অগা-পিছাকৈ মুঠ ৬ বাৰ স্প্ৰে কৰিব লাগে।
· আলুৰ বেক্টেৰিয়েল উইল্ট ৰোগ (গছ মৰহি যোৱা ৰোগ) প্ৰতিৰোধৰ বাবে জৈৱিক কীটনাশক ট্ৰাইক’ডাৰমা ভিৰিদি, চিউড’ম’নাচ ফ্লৰেন্স আদি স্প্ৰে কৰিব পাৰি।
সাধাৰণ পৰিচৰ্যা:
- খেতিডৰা পৰিষ্কাৰকৈ ৰাখিব লাগে। খেতিডৰাৰ মাজত থকা পচা ডাল-পাত, জাৱৰ-জোঠৰ আদি গোটাই আঁতৰত জ্বলাই দিব লাগে।
- অনুমোদিত পৰিমাণৰ ৰাসায়নিক সাৰহে ব্যৱহাৰ কৰিব লাগে
- খেতিডৰাক পানীৰ অভাৱত ভুগিবলৈ দিব নেলাগে আৰু অত্যধিক পৰিমাণৰ পানীও দিব নেলাগে
- এটা বা দুটা প্ৰাকৃতিক বন্ধু পোক দেখাৰ লগে লগে জৈৱিক নিয়ন্ত্ৰণ প্ৰক্ৰিয়াক সক্ৰিয় কৰি ৰাখিবলৈ ৰাসায়নিক কীটনাশক ছটিওৱাটো বাৰণ কৰিব লাগে।
- খেতিডৰাৰ মাজত নিৰীক্ষণ কৰি অনিষ্টকাৰী পোকৰ কণী, পলু আৰু লেটা প্ৰাথমিক অৱস্থাতে হাতেৰে ধৰি ধ্বংস কৰিব লাগে।
- হালধীয়া আঠাযুক্ত কাৰ্ড খেতিডৰাৰ মাজত আঁৰি দিব লাগে(বিঘাই প্ৰতি ১ খনকৈ)
- সন্ধিয়া ৬-১০ বজাৰ সময়ত পোহৰ ফান্দ (বিঘাই প্ৰতি ১ খনকৈ) ব্যৱহাৰ কৰিব লাগে।
সাধাৰণতে হোৱা আলুৰ কিছুমান ৰোগ আৰু নিয়ন্ত্ৰণৰ
উপায়-
লেট ব্লাইট:
ফাইটফ্থৰা ইনফেষ্টানচ্ (Phytophthora
infestans) নামৰ এবিধ ভেঁকু্ৰৰ দ্বাৰা আলুৰ এইবিধ
মাৰাত্মক ৰোগ হয়। প্ৰতিষেধক ব্যৱস্থা নল’লে এইবিধ ৰোগে সমূলঞ্চে আলুখেতি নষ্ট কৰি পেলায়। সাধাৰণতে
জানুৱাৰী মাহত এই ৰোগে আলুখেতিত আক্ৰমণ কৰে। প্ৰথমে পাতবিলাকত ক’লা দাগ পৰে আৰু পিছলৈ পাতৰ ঠাৰি, ডাল আদিলৈ এই লক্ষণ
বিয়পি পৰে।
নিয়ন্ত্ৰণ-
ৰোগৰ লক্ষণ দেখা পোৱাৰ আগতেই প্ৰতিষেধক ব্যৱস্থা ল’লেহে এই ৰোগ
নিয়ন্ত্ৰণ কৰিব পাৰি। আলু ৰোৱাৰ ১২-১৫ দিনৰ পিছতে মেনক’জেব ৬৪% + মেটালেক্সিল ৮%
( প্ৰতিলিটাৰ পানীত ২ গ্ৰাম) আৰু তাৰ ১২-১৫ দিনৰ পিছত মেনক’জেব ৭৫% ( প্ৰতিলিটাৰ পানীত
২.৫ গ্ৰাম) পাতৰ তলপিঠি ভিজি যোৱাকৈ স্প্ৰে
কৰিব লাগে।
উক্ত
ভেঁকুৰনাশক পুনৰ ১২-১৫ দিনৰ মূৰে চ অগাপিছাকৈ
স্প্ৰে কৰিব লাগে।
আলুৰ গছ লেৰেলি/মৰহি যোৱা (Bacterial Wilt):
ৰালষ্টনিয়া চলানেছিয়েৰাম (Ralstonia
solanacearum) নামৰ এবিধ বেক্টেৰীয়াৰ দ্বাৰা এই ৰোগ হয়। সুস্থ
হৈ থকা গছবোৰ হঠাতে মৰহি নাইবা লেৰেলি যায়। দেখাত ৰ’দৰ তাপত লেৰেলি যোৱাৰ নিচিনা লাগে। আক্ৰান্ত
গছবোৰ ২-৩ দিনৰ ভিতৰত সম্পূৰ্ণৰূপে শুকাই যায়। যদি
গছত ইতিমধ্যে আলু গুটি ধৰিছে, তেন্তে আলুবোৰ দুফাল
কৰি কাটিলে দাঁতিৰ চাৰিওফালে মুগা ৰঙৰ আঙঠি দেখিবলৈ পোৱা যাব।
নিয়ন্ত্ৰণ:
- ৰোগমুক্ত আলু গুটিহে বীজ হিচাবে ব্যৱহাৰ কৰিব লাগে।
- মাটিৰ অম্লতা হ্ৰাস কৰিবলৈ মাটি পৰীক্ষা কৰি অনুমোদিত পৰিমাণত চূণ প্ৰয়োগ কৰিব লাগে।
- বিঘাই প্ৰতি প্ৰায় ৩০ কিলোগ্ৰাম নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে।
- (Streptomycin sulphate 9% + tetracycline hychloride 1% SP) – ১ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই ২০ দিনৰ অন্তৰত স্প্ৰে কৰিব লাগে। প্ৰথমচ আলু ৰোৱাৰ ৩০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে।
আৰ্লি ব্লাইট:
অলটাৰনেৰিয়া চলানি (Alternaria solani)
নামৰ ভেঁকু্ৰৰ দ্বাৰা আলুত এই ৰোগ হয়। আলুৰ বুঢ়া পাতবোৰত ক’লা বৰণৰ দাগ পৰে আৰু পিছলৈ পাতখিলাত বিয়পি পৰে। দাগৰ
চাৰিওফালৰ অংশখিনি হালধীয়া হৈ পাতখিলা সম্পূৰ্ণৰূপে নষ্ট হৈ যায়।
নিয়ন্ত্ৰণ:
কেপটান ৫০% WP (৩৩০ গ্ৰাম ১০০- ১৫০ লিটাৰ পানীত
– ১ বিঘাৰ বাবে) ৮ দিনৰ অন্তৰালত বা কপাৰ অক্সিক্লৰাইড
৫০% WP (৩৩০ গ্ৰাম ১০০- ১৫০ লিটাৰ পানীত – ১ বিঘাৰ বাবে) ২১ দিনৰ অন্তৰালত স্প্ৰে কৰিব লাগে।
আলুত ক’লা ফাপৰে ধৰা (Black scurf):
ৰাইঝকটনিয়া চ’লানি (Rhizoctonia
solani) নামৰ ভেঁকুৰৰজৰিয়তে
আলুৰ বাকলিত এই ৰোগ হয়। আলুৰ বাকলিত ক’লা ফাপৰৰ নিচিনা দাগ লিপিট খাই থাকে।
নিয়ন্ত্ৰণ:
- ক’লা ফাপৰে ধৰা আলুবোৰ বীজ হিচাবে ব্যৱহাৰ কৰিব নেলাগে।
- আলু খেতি কৰাৰ আগেয়ে মাটিডৰাত মাকৈ নাইবা সেউজ সাৰ ধইনচাৰ খেতি কৰিব লাগে।
- আলুৰ বীজবোৰ ৰোৱাৰ আগেয়ে কাৰ্বানডাজিম ভেঁকুৰনাশকত ( ১ গ্ৰাম প্ৰতি লিটাৰ পানীত) ১০ মিনিট সময়ৰ বাবে ডুবাই ছাঁত শুকুৱাই ৰোপন কৰিব লাগে।
আলুৰ ভাইৰাছজনিত ৰোগ:
আলুৰ পাতবোৰ মেৰ খাই যোৱা, গছবোৰ চাপৰ হৈ যোৱা,
পাতত হালধীয়া মজাইক হোৱা ইত্যাদি বিভিন্ন লক্ষণ দেখা যায়।
নিয়ন্ত্ৰণ:
- ভাইৰাছজনিত ৰোগ বিয়পে মোৱাপোকৰ দ্বাৰা। সেয়ে মোৱাপোক নিয়ন্ত্ৰণ কৰিলেই ভাইৰাছজনিত ৰোগৰ প্ৰাদূৰ্ভাব কমাব পাৰি।
- ৰোগৰ লক্ষণ দেখা মাত্ৰেই গছবোৰ উভালি জ্বলাই নাইবা মাটিত পুতি থ’ব লাগে।
আলু গেলি যোৱা:
মাটিত থকা কেইবাবিধো বেক্টেৰীয়াৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। ৰোগাক্ৰান্ত
আলুবোৰ কোমল হৈ গেলি যায়।
ছালখন
সোঁতোৰা-সোঁতোৰ হয় আৰু গোন্ধ ওলায়। এই ৰোগ পথাৰত হোৱাৰ উপৰিও
ভঁৰালতো হ’ব পাৰে।
নিয়ন্ত্ৰণ:
আলু খান্দোতে যাতে কোনো ঘাঁ নেলাগে। ঘাঁ
লগা আলু ভঁৰালত ৰাখিব নেলাগে।
আলুৰ অনিষ্টকাৰী কীট আৰু নিয়ন্ত্ৰণ:
মোৱা পোক,
পাতৰ ৰস শুহি খোৱা পোক:
- এই পোকে পাত, ঠাৰি আদিত কামোৰ মাৰি ধৰি থাকি ৰস শুহি খায়। ই পাতৰ হালধীয়া মজাইক ভাইৰাছ আৰু পাত ঘেৰ খোৱা ৰোগৰ বাহক।
- জৈৱিক নিয়ন্ত্ৰণৰ বাবে নিম গুটিৰ বাকলি ৰস ( প্ৰতি ১ লিটাৰ পানীত ৫০ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে
- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Dimethoate 30%EC (ডাইমেথৱেট ৩০% ই.চি.)কীটনাশক (প্ৰতি বিঘাৰ বাবে ৯০ মিলিলিটাৰ ৬৫- ১৩০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে।
পুলিৰ গুৰি কটা পোক (Cut worm) :
- সাধাৰণ পৰিচৰ্যাৰ জৰিয়তে এই পোক নিয়ন্ত্ৰণ কৰিব পাৰি-
- আলু খেতিৰ শাৰীবোৰৰ মাজত আবেলি সময়ত ফলীয়া তুঁহ গুৰি (Rice bran) ছটিয়াই ৰাখিব লাগে আৰু পিছদিনা সেইবোৰ গোটাই আনি তাত লাগি ধৰা পোকবোৰ ধ্বংস কৰিব লাগে।
- আলু ৰোপনৰ আগেয়ে মাটি প্ৰস্তুত কৰাৰ সময়ত মাটিডৰাত এবাৰ পানীৰে উপচাই ল’লে এই পোকৰ নিয়ন্ত্ৰণ হয়।
আলুগুটিৰ চগা পোক
(Potato
Tuber Moth) :
ইয়াৰ পলু অৱস্থাটোৱে আলুৰ পাত বা ঠাৰিত
ফুটা কৰি খায়।
আলুতলিত
মাটিৰ ওপৰত পেলাই থোৱা আলুবোৰত ফুটা কৰি ভিতৰত সোমাই খাই থাকে। আলু
চপোৱাৰ পিছতো সংৰক্ষিত অৱস্থাত এই পোকৰ আক্ৰমণ চলি থাকে আৰু সুৰঙ্গৰ সৃষ্টি কৰি মঙহাল
অংশ খাই থাকে।
পিছত
আক্ৰান্ত আলুবোৰ গেলিবলৈ ধৰে আৰু ২-৩ মাহৰ
ভিতৰত সম্পূৰ্ণ আলু নষ্ট হ’ব পাৰে।
নিয়ন্ত্ৰণ:
- আল গুটিবোৰ গছত ধৰাৰ পিছত যাতে মাটিৰ ওপৰত ওলাই নেথাকে তাৰ প্ৰতি সাৱধান হব লাগে আৰু ভালদৰে মাটি চপাব লাগে।
- চপোৱাৰ পিছত আলুবোৰ পথাৰত পেলাই থ’ব নেলাগে
- আলুখেতিৰ ওচৰে-পাজৰে এই পোকৰ বিকল্প খাদ্য গছ যেনে, বেঙেনা, বিলাহী আদি গছ থাকিব নেলাগে।
- সংৰক্ষিত আলুৰ স্থানত মহানিমৰ পাত, ইউকেলিপটাছৰ পাত আদি দি থলে এই পোকৰ আক্ৰমণ হ্ৰাস পায়।
- বীজৰ বাবে ৰখা আলুত মালাথিয়ন ৫% পাউদাৰ কীটনাশক ( প্ৰতি ১০০ কিলোগ্ৰাম আলুত ১২৫ গ্ৰাম কীটনাশক) মিহলাই ৰাখিব পাৰি। কিন্তু এনে আলু কেতিয়াও খোৱাৰ বাবে ব্যবহাৰ কৰিব নেলাগে।
আলুৰ পুষ্টিহীনতাৰ লক্ষণ:
নাইট্ৰজেন মৌল অভাৱৰ লক্ষণ
প্ৰতিকাৰ: ১৫ দিনৰ মূ্ৰে মূৰে পাতত
২% ইউৰীয়া সাৰ স্প্ৰে কৰিব লাগে |
ফচফৰাচ মৌলৰ অভাৱৰ লক্ষণ প্ৰতিকাৰ: অনুমোদিত হাৰত মাটিত ফচফৰাচ মৌল প্ৰয়োগ কৰা |
পটেছিয়াম মৌলৰ অভাৱৰ লক্ষণ
প্ৰতিকাৰ: পাতত ১% পটেছিয়াম চালফেট
প্ৰয়োগ কৰিব লাগে |
চালফাৰ মৌল অভাৱৰ লক্ষণ
প্ৰতিকাৰ: মাটিত অনুমোদিত হাৰত একক চুপাৰ ফচফেট সাৰ প্ৰয়োগ কৰিব লাগে |
মেগনেছিয়াম মৌল অভাৱৰ লক্ষণ
প্ৰতিকাৰ: পাতত ০.২% শক্তিৰ মেগনেছিয়াম চালফেট প্ৰয়োগ
কৰিব লাগে |
মেঙ্গানিজ মৌল অভাৱৰ লক্ষণ
প্ৰতিকাৰ: পাতত ০.২% শক্তিৰ মেঙ্গানিজ চালফেট এসপ্তাহৰ
মূৰে মূৰে তিনিবাৰ প্ৰয়োগ কৰিব লাগে |
মলিবডেয়াম মৌল অভাৱৰ লক্ষণ
প্ৰতিকাৰ: পাতত ০.০৫% শক্তিৰ চডিয়াম মলিবডেট প্ৰয়োগ
কৰিব লাগে |
বৰ’ণ মৌল অভাৱৰ লক্ষণ
প্ৰতিকাৰ: পাতত ০.২% শক্তিৰ বৰাক্স প্ৰয়োগ কৰিব লাগে |
জিংক মৌল অভাৱৰ লক্ষণ
প্ৰতিকাৰ: পাতত ০.৫% শক্তিৰ জিংক চালফেট প্ৰয়োগ কৰিব
লাগে |
কেলছিয়াম মৌল অভাৱৰ লক্ষণ
প্ৰতিকাৰ: পাতত ০.২% শক্তিৰ কেলছিয়াম চালফেট প্ৰয়োগ কৰিব লাগে |
কপাৰ মৌল অভাৱৰ লক্ষণ
প্ৰতিকাৰ: পাতত ০.৫% শক্তিৰ কপাৰ চালফেট প্ৰয়োগ কৰিব লাগে |
আইৰণ মৌল অভাৱৰ লক্ষণ
প্ৰতিকাৰ: পাতত ০.৫% শক্তিৰ ফেৰাচ চালফেট প্ৰয়োগ কৰিব
লাগে |