শস্যৰ অনিষ্টকাৰী কীট নিয়ন্ত্ৰণত সহজে তৈয়াৰ কৰি লব পৰা সঁজুলি

 

কৃষি কাৰ্যত অনিষ্টকাৰী কীট আৰু ৰোগ নিয়ন্ত্ৰণ নাইবা প্ৰতিৰোধৰ বাবে জৈৱিক কৃষি পদ্ধতিত কিছুমান দ্ৰব্য নাইবা সঁজুলি ঘৰতে তৈয়াৰ কৰি ল’ব পাৰি। তেনে কিছুমান দ্ৰব্য আৰু সঁজুলিৰ বিষয়ে ‘সেউজ চিন্তা’ৰ পাঠকৰ বাবে এলানি শিক্ষণমূলক লিখনি প্ৰস্তুত কৰা হৈছে।


কৃত্ৰিম গাঁতৰ ফান্দ



দৰকাৰী সামগ্ৰী:

  •  ৫০০ মিলিলিটাৰ জোখৰ প্লাষ্টিকৰ পাত্ৰ বা ফুলত পানী দিয়া পাত্ৰ
  • ৬ ইঞ্চি জোখৰ চিপৰাং
  •  চাবোন বা চাৰ্ফ
  • পানী

পদ্ধতিঃ

  • পাত্ৰটোৰ জোখত মাটিত এটা গাঁত খান্দিব লাগে
  • পাত্ৰটো গাঁতটোত এনদৰে পুতি ৰাখিব লাগে যাতে পাত্ৰটোৰ মুখখন মাটিৰ সমানকৈ থাকে
  • পাত্ৰটোৰ ২ ভাগৰ ৩ অংশ পানীৰে পূৰ্ণ কৰিব লাগে
  • পানীখিনিত অলপমান চাৰ্ফ মিহলাব লাগে
  • মাজে-সময়ে পাত্ৰটো উঠাই আনি চাফা কৰি পুনৰ পানী ভৰাব লাগে


কি কি পোক নিবাৰণ হয়ঃ শুৰ পোক (Army worm), শস্যৰ গুৰি কটা পোক (Cut worm) আৰু বগা গুৱৰুৱা (White grub) আৰু  অমেৰুদণ্ডী পোক (Invertebrates)

কি কি শস্যত ব্যৱহাৰ কৰিব পাৰিঃ বাদাম, কুঁহিয়াৰ, ফলমূল যেনে, কল, অমিতা আৰু কফি আদি


পৰুৱা ধৰা ফান্দ



দৰকাৰী সামগ্ৰী:

  •   ১ বৰ্গফুট আকাৰৰ প্লাষ্টিক নাইবা এলুমিনিয়ামৰ থাল
  •   আঠা বা অন্য আঠাজাতীয় দ্ৰব্য

পদ্ধতিঃ

  •  প্লাষ্টিক নাইবা এলুমিনিয়ামৰ থালখনত প্ৰায় ১ ফুট দীঘল আৰু ৬ ইঞ্চি বহল এটা ফুটা কৰিব লাগে।
  • থালখন সামান্য হেলনীয়াকৈ মাটিত ৰাখিব লাগে
  • থালখনৰ তলিখন আঠাজাতীয় দ্ৰব্যখিনিৰে লেপি দিব লাগে
  • মাজে-সময়ে থালখনত থকা আঠাখিনি পৰীক্ষা কৰি থাকিব লাগে যাতে ইয়াৰ চোকটো কমি নেযায়

কি কি পোক নিবাৰণ হয়ঃ পৰুৱা


শামুক ধৰা বগা বৰ্ডৰ ফান্দ



দৰকাৰী সামগ্ৰী:

  •   কাঠ বৰ্ড
  • বগা ৰং, ব্ৰাছ
  • বাল্টি
  • চাৰ্ফ
  • আমু, কবি জাতীয় শামুকৰ আকৰ্ষণীয় দ্ৰব্য

পদ্ধতিঃ

  • ৩০x ৩০ জোখৰ এখন কাঠৰ বৰ্ড লব লাগে
  • বৰ্ডখনত বগা ৰং কৰিব লাগে
  •  শস্যৰ শাৰীবোৰৰ মাজত বৰ্ডখন ৰাখি থ’ব লাগে
  • দিনত শামুকবোৰে ঠাণ্ডা ঠাইত থাকে
  • সুৰ্যৰ পোহৰ নাইকীয়া হোৱাৰ লগে লগে ফান্দখন তুলি আনি লাগি থকা শামুকবোৰ আঁতৰাই এবাল্টি চাৰ্ফ ভৰ্তি পানীত ডুবাই দিলে সিহঁত মৰি যায়

 

নিগনি ধৰা আঠাৰ ফান্দ


দৰকাৰী সামগ্ৰী:

  •  কাৰ্ধ বৰ্ড
  • আঠা
  • ৰঙীন কাগজ

পদ্ধতিঃ

  •  ৩০x ৩০ ছেন্টিমিটাৰ জোখৰ এখন কাৰ্ড বৰ্ড লব লাগে
  • কাৰ্ডবৰ্ডখন ৰঙীন কাগজেৰে এনেদৰে ঢাকি দিব লাগে যাতে এটা ফাল ওলাই থাকে
  • এতিয়া মুগা বৰণৰ এখন কাগজ কাৰ্ডবৰ্ডৰ ওপৰত লগাই দিব লাগে
  • কাৰ্ডবৰ্ডখনত আঠা সানি দিব লাগে
  • এতিয়া কাৰ্ডবৰ্ডখন নিগনি অহা-যোৱা কৰা পথত পাতি থ’ব লাগে আৰু যেতিয়া নিগনি আঠাৰ ওপৰেৰে যাব তেতিয়া ই লাগি ধৰিব
  • নিগনিক আকৰ্ষণ কৰিবৰ বাবে ফান্দখনত টোপ দিব পাৰি


মিথাইল ইউজিনলৰ ফল মাখি ধৰা ফান্দ

দৰকাৰী সামগ্ৰী:

  • প্লাষ্টিক বটল বা জাৰ (১ লিটাৰ)
  • ৰবৰৰ গ্লভচ্
  •  তাঁৰ

পদ্ধতিঃ

  • ১ লিটাৰ জোখৰ প্লাষ্টিকৰ বটলত ১০-১২ টা ফুটা কৰিব লাগে, লোহা গৰম কৰি এই ফুটাবোৰ কৰিব পাৰি
  • বটলৰ সাফৰখনত এডাল তাঁৰ ওলোমাই ৰখাৰ ব্যৱস্থা কৰিব লাগে য‍াতে বটলৰ ভিতৰত ফেৰ’ম’ণ লিউৰটো ৰাখিব পাৰি।
  • বটলটোৰ তলফালে এটা আয়তাকাৰ ফুটা ৰাখিব লাগে যাতে সেইফালেদি বটলত সোমোৱা মাখিবোৰ উলিয়াই থাকিব পাৰি
  • বটলটোৰ আধালৈকে চাবোন পানী ভৰাব লাগে
  • ওলোমাই থোৱা তাঁৰডালত ফেৰম’ণ লিউৰ ওলোমাই থোৱাৰ ব্যৱস্থা কৰিব লাগে
  • বটলটোৰ সাফৰখন বন্ধ কৰি দিব লাগে
  • এতিয়া বটলটো খেতিৰ মাজত বাঁহৰ মাৰিত নাইবা ৰঁচিৰে ওলোমাই ৰাখিব লাগে
  • বেলেগ বেলেগ কীটৰ বাবে ফান্দ ব্যৱহাৰ কৰিলে কমেও ৩ মিটাৰ ব্যৱধানত ৰাখিব লাগে।

মনত ৰাখিবলগীয়া কথাঃ

  • কোনটো কীট নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছে সেইবিধৰ কীটৰ বাবে ‘লিউৰ’ কনিব লাগে
  • ফান্দখনত লেবেল লগাব লাগে য’ত কীটৰ প্ৰজাতিৰ নাম, ফান্দ কোন তাৰিখে পতা হৈছে আৰু কি টোপ ব্যৱহাৰ কৰা হৈছে ইত্যাদি তথ্যবোৰ সন্নৱিষ্ট কৰিব লাগে
  • প্ৰস্তুতকৰ্তাৰ নিৰ্দেশাৱলীৰ অনুসৰি টোপ সলনি কৰিব লাগে
  • ফান্দখন মাজে মাজে নিৰীক্ষন কৰি তাত জমা হোৱা কীটবোৰ আঁতৰাই পেলাব লাগে
  • প্ৰতি বিঘাত ১-২ খন ফান্দেই যথেষ্ট হয়

-       

পকা কল, আপেল বা আম ব্যৱহাৰ কৰি ফল মাখি ধৰা ফান্দ


দৰকাৰী সামগ্ৰী:

  • প্লাষ্টিক বটল বা জাৰ (১ লিটাৰ)
  • পকা কল বা আপেল বা আম
  • গুড়/ চেনি পানী
  • তাঁৰ/ ৰচি

পদ্ধতিঃ

  •  বাকলি গুচাই লোৱা ফলবোৰ সৰু সৰু টুকুৰা কৰি চেনি বা গুড়ৰ আৰু পানীৰ সৈতে মিহলি কৰিব লাগে
  • প্লাষ্টিক বটল বা জাৰটোত বৃত্তাকাৰ ফুটা কৰিব লাগে আৰু উপোৰক্ত মিশ্ৰণটো তলিত জমা হৈ থাকিব পৰাকৈ ভৰাব লাগে
  • বটলৰ সাফৰত তাঁৰ বা ৰচিৰ সহায়ত লিউৰ/টোপ ওলোমাই ৰাখিব লাগে
  • উক্ত বটলৰ ফান্দ শস্যৰ মাজত বাঁহ বা মাৰিৰ সহায়ত ওলোমাই ৰাখিব লাগে
  • ১৫-২০ দিনৰ মূৰে মূৰে লিউৰটো সলাব লাগে
  • ফান্দত জমা হোৱা কীটবোৰ আঁতৰাই পেলাব লাগে
  • প্ৰতি বিঘাত ১-২ খন ফান্দেই যথেষ্ট হয়

ফেৰ’মন ফান্দ



ফেৰ’মন মানে হ’ল গৱেষণাগাৰত কৃত্ৰিমভাবে প্ৰস্তুত কৰা কীটৰ যৌন আকৰ্ষণকাৰী এবিধ দ্ৰব্য, ভিন্ন কীটৰ বাবে ফেৰ’মনো বিভিন্ন হয়

কি কি কীট আকৰ্ষণ হয়ঃ আমেৰিকান বল ৱৰ্ম, স্পটেদ বল ৱৰ্ম, পিংক বল ৱৰ্ম, ডাইমণ্ড ব্লেক মথ, হোৱাইট গ্ৰাব

দৰকাৰী সামগ্ৰী:

  •  ৰবৰৰ ফেৰ’মন লিউৰ, প্লাষ্টিকৰ ফান্দ (কিনিবলৈ পোৱা যায়)
  • পলিথিনৰ বেগ / চিট
  • কেঁচি আৰু কীট চাফা কৰা ব্ৰাছ

পদ্ধতিঃ

  •  পলিথিনখন ২ ফুট দীঘল আৰু ৪ ইঞ্চি বহল জোখত কাটি বেগ তৈয়াৰ কৰি লব লাগে
  • পলিথিন বেগৰ তলফালৰ মূৰটো ৰবৰৰ বেণ্ডৰ সহায়ত বন্ধ কৰিব লাগে যাতে সেইফালেদি ফান্দত আহি পৰা পোকবোৰ ওলাই যাব নোৱাৰে
  • পলিথিনৰ বেগৰ ওপৰফালটো প্লাষ্টিকৰ চুপিটোত ৰবৰৰ বেণ্ডৰ সহায়ত বান্ধি দিব লাগে
  • প্লাষ্টিকৰ চুপিটোৰ সাফৰখন মুখখনৰ পৰা ১ ইঞ্চি ওপৰত ৰাখিব লাগে
  • সাফৰখনত থকা সৰু ফুটাটোত ‘লিউৰ’টো সুমুৱাই থব লাগে
  • এতিয়া ফেৰ’ম’ণ ফান্দখন পথাৰত সংস্থাপন কৰিব লাগে আৰু ২-৪ সপ্তাহৰ বাবে ফান্দখনৰ পৰা যৌন ফেৰ’ম’ণ ওলাই থাকে। মতা চগা পোকবোৰ প্ৰজননৰ বাবে আকৰ্ষিত হয় আৰু ফান্দখনত আৱদ্ধ হৈ পৰে। এইদৰে পথাৰখনত মাইকী পোকবোৰ যৌন মিলনৰ পৰা বাধাপ্ৰাপ্ত হয় আৰু কণী পাৰিবলৈ সক্ষম নহয়

-    ফেৰ’ম’ণ ফান্দ লগাওতে লবলগীয়া সাৱধানতাঃ

  • কোনবিধ কীটৰ বাবে লগোৱা হৈছে তাৰ সবিশেষ আৰু পথাৰত লগোৱাৰ তাৰিখ দি লেবেল লগাব লাগে
  • ১৫-২০ দিনৰ মূৰত ‘লিউৰ’টো সলাই দিব লাগে
  • ‘লিউৰ’ বন্ধা খাম বা সামগ্ৰী সাৱধানে আঁতৰত নষ্ট কৰিব লাগে
  • ‘লিউৰ’ লগোৱাৰ আগত আৰু পিছত হাতখন ভালদৰে ধুব লাগে
  • খেতিডৰা নিৰীক্ষন কৰোতে ফান্দত জীয়াই থকা পোকবোৰ আঁতৰাই চাবোন পানীৰ বাল্টিত ডুবাই দিব লাগে

পোহৰ ফান্দ


দৰকাৰী সামগ্ৰী:

  •  প্লাষ্টিকে বাল্টি (৫-১০ লিটাৰ জোখৰ)
  • ধাতুৰ পোহৰ আচ্ছাদন (২ টা)
  • ‘হল্দা’ৰ সৈতে প্ৰতি দ্বীপ্তমান লাইট
  • বিজুলী প্ৰবাহিত তাঁৰ
  • আৱৰণ থকা ধাতুৰ ৰ’ড
  • টিঙৰ প্লেট
  • ভাঁজ লগাব পৰা তাঁৰ
  • নট, বল্টু আৰু ইস্ক্ৰু
  • ৰবৰৰ প্লাগ
  • চাবোন পানী বা কেৰাচিন মিহলোৱা পানী

পদ্ধতিঃ

  • প্লাষ্টিকৰ বাল্টিটোত ওপৰফালে ৪ টা ফুটা আৰু তলফালে ১ টা ফুটা কৰিব লাগে। সৰু আকাৰৰ পোহৰ আচ্ছাদনখন ওলোটাকৈ লগাব লাগে। ছাৰিদাল লোহাৰ ৰ’ডৰ সহায়ত বাল্টটোৰ ওপৰত ডাঙৰ আকাৰৰ পোহৰ আচ্ছাদনখন লগাব লাগে। হল্দাৰৰ সহায়ত লাইট ব্লাবটো লগাব লাগে। বাল্টিটোত চাবোন/ কেৰাচিনৰ পানী ভৰোৱাৰ আগতে তলত নিৰ্গমন ফুটাটো ৰবৰৰ প্লাগৰ সহায়ত ভালদৰে বন্ধ কৰিব লাগে।
  • শুকান বাঁহ বা কাঠৰ মাৰিৰ সহায়ত পোহৰ ফান্দখন পথাৰত পাতিব লাগে
  •  পোহৰৰ উৎসটো (বাল্ব) মাটিৰ পৰা ৫ মিটাৰ ওপৰত ৰাখিব লাগে
  • বিজুলীৰ তাঁৰবোৰৰ ক্ষেত্ৰত সাৱধান হব লাগে যাতে ই পানীৰ সংস্পৰ্শত কেতিয়াও নাহে
  •  আবেলি ৬ বজাৰ পৰা ১০ বজালৈকে পোহৰ ফান্দখন পথাৰত ৰাখিব লাগে
  • বাল্টিত জমা হোৱা পোকবোৰ প্ৰতিদিনাই আঁতৰাব লাগে
  • প্ৰতি তিনিবিঘা মাটিত ২ খন পোহৰ ফান্দ আঁৰিব লাগে

(ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যান মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত “Manual for skill development of famrers for production of IPM inputs in IPM Seva Kendra” সহায়ত এই লিখনি প্ৰস্তুত কৰা হৈছে- নয়ন কুমাৰ বৰা)

 

 

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান