জৈৱিক কৃষিত হালধীয়া, নীলা আৰু বগা আঠাযুক্ত কাৰ্ড: ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব?

নয়ন কুমাৰ বৰা    


        জৈৱিক পদ্ধতিৰ কৃষি-কাৰ্যত অনিষ্টকাৰী কীট আৰু ৰোগ নিয়ন্ত্ৰণ নাইবা প্ৰতিৰোধৰ বাবে  কিছুমান দ্ৰব্য নাইবা সঁজুলি ঘৰতে তৈয়াৰ কৰি ল’ব পাৰি। তেনে কিছুমান দ্ৰব্য আৰু সঁজুলিৰ বিষয়ে ‘সেউজ চিন্তা’ৰ পাঠকৰ বাবে এলানি শিক্ষণমূলক লিখনি প্ৰস্তুত কৰা হৈছে। আহকচোন আজিৰ আলোচনাত হালধীয়া, নীলা আৰু বগা আঠাযুক্ত কাৰ্ড ঘৰতে কেনকৈ প্ৰস্তুত কৰিব পাৰি সেইবিষয়ে ঠোৰতে জানি লওঁ।


হালধীয়া আঠাযুক্ত কাৰ্ডঃ



কেনেকৈ তৈয়াৰ কৰিব?

দৰকাৰী সামগ্ৰী:

  •  প্লাইউড বৰ্ড বা ডাঠ কাগজ বা ব্যৱহাৰ কৰা খালি তেলৰ টিং (১ বা ২ লিটাৰ জোখৰ)
  •  হালধীয়া তৈল ৰং (Yellow Oil Paint)
  • আঠা নাইবা গ্ৰীজ
  • বাঁহৰ মাৰি
  •  তাঁৰ নাইবা ৰচি

পদ্ধতিঃ

  • নতুন বা আগতে ব্যৱহাৰ কৰা প্লাইউড বা ডাঠ কাগজৰ টুকুৰা বা ব্যৱহাৰ কৰা খালি তেলৰ টিং (১ বা ২ লিটাৰ জোখৰ) ল’ব লাগে
  • হালধীয়া তৈল ৰঙেৰে টুকুৰাটো ৰং কৰি ল’ব লাগে
  • শুকাবলৈ দিব লাগে
  • ৰং কৰা টুকুৰাটোত আঠা নাইবা গ্ৰীজ সানিব লাগে
  • বাঁহৰ মাৰিৰ সহায়ত খেতিৰ মাজত আঁৰি দিব লাগে যাতে টুকুৰাটো শস্যৰ ওপৰত ওলাই থাকে
  • মাজে-সময়ে প্লাইউড বা ডাঠ কাগজৰ টুকুৰা বা তেলৰ টিং চাফা কৰি থাকিব লাগে। ইয়াৰবাবে টুকুৰা বা টিঙটো অলপমান সময়ৰ বাবে পানীত ডুবাই কোমল কৰি লব লাগে। লাগি থকা পোকবোৰ এডাল ব্ৰাছৰ সহায়ত এৰুৱাই পেলাব লাগে। পুনৰ টুকুৰা বা টিঙটো শুকুৱাই ল’ব লাগে আৰু নতনকৈ আঠা বা গ্ৰীজ লগাব লাগে। ডাঠ কাগজৰ হলে সেইবোৰ পুনৰ ব্যৱহাৰ্যযোগ্য নহয়।


কি কি পোক নিবাৰণ হয়ঃ  বগা মাখি (White fly), মোৱা পোক (Aphid) আৰু পাতত সুৰঙ্গ সৃষ্টি কৰা পোক (Leaf miner)

 কি কি শস্যত ব্যৱহাৰ কৰিব পাৰিঃ     সৰিয়হ, শাক-পাচলি আৰু ফুল


নীলা আঠাযুক্ত কাৰ্ডঃ




প্ৰস্তুত কৰা পদ্ধতি হালধীয়া আঠাযুক্ত কাৰ্ডৰ সৈতে একেই, মাত্ৰ হালধীয়া তৈল ৰঙৰ সলনি নীলা তৈল ৰং ব্যৱহাৰ কৰা হয়



কি কি পোক নিবাৰণ হয়ঃ পাত ওকনি (Thrips)

 কি কি শস্যত ব্যৱহাৰ কৰিব পাৰিঃ  ধান, শাক-পাচলি আৰু ফুল


বগা আঠাযুক্ত কাৰ্ডঃ


        প্ৰস্তুত কৰা পদ্ধতি হালধীয়া আঠাযুক্ত কাৰ্ডৰ সৈতে একেই, মাত্ৰ হালধীয়া তৈল ৰঙৰ সলনি বগা তৈল ৰং ব্যৱহাৰ কৰা হয়



কি কি পোক নিবাৰণ হয়ঃ উদ্ভিদ উৰহ (Plant bugs) আৰু গুৱৰুৱা জাতীয় কীট (Flea beetle)

 কি কি শস্যত ব্যৱহাৰ কৰিব পাৰিঃ  শাক-পাচলি আৰু ফলমূল


(উৎস: ইন্টাৰনেটৰ তথ্য)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান