ভেন্দিৰ কেইটিমান অন্তৰ্নিহীত কথা
ড০ সুনীল কুমাৰ বৰা
বাৰীৰ
ভেন্দি কেইটা চিঙাৰ পাছতে মনলৈ দুটামান কথাই ভুমুকি মাৰিলে৷ প্ৰথমটো হল ভেন্দি
গ্ৰীষ্মত হোৱা এনে এবিধ পাচলি যাক পৰিপুষ্টিৰ ‘পাৱাৰ হাউচ’ বুলিব পাৰি, কিন্ত আমি বেছি ভাগেই এই তথ্যবোৰ
নাজানো। খেতি কৰাৰ পদ্ধতিৰ বিষয়ে আমি সকলোৱে জ্ঞাত, কিন্ত ইয়াক চপোৱাৰ সময়, মানে
ভেন্দি কেইটা আপুনি গছৰ পৰা কেতিয়া চিঙিব সেই বিষয়ে আমি দ্বিধাগ্ৰস্ত। খেতিয়কসকলেও বিশেষ বাধ্যবাধকতাৰ বাবে সময়মতে এই
কামফেৰা কৰিব নোৱাৰে ৷
প্ৰতিবিধ
শাকপাচলিৰ খেতি চপোৱাৰ এক নিৰ্দিষ্ট সময় সুচাংক (Harvest index) থাকে।
নিৰীক্ষণ কৰি দেখা গৈছে ভেন্দি সদায় পুৱাৰ ভাগত ফুলে আৰু আবেলিলৈ এই
ফুল মৰহি যায়। ফুল ফুলাৰ পৰা চিঙালৈকে
সঠিককৈ ছদিন সময় লাগে। প্ৰতিদিনে ই গডে প্ৰায় এক ইঞ্চি মানকৈ
বাঢে (২.৩৩ ছেন্টিমিটাৰ)। প্ৰথম
অৱস্থাত এই বৃদ্ধি খুউব লেহেমীয়া, তাৰপাছত
প্ৰবল হৈ পুনৰ লেহেমীয়া হৈ পৰে। অৱশ্যে
এয়া ভেন্দিৰ জাত আৰু ইয়াৰ খেতিকৰাৰ পৰিবেশৰ ওপৰত নিৰ্ভৰশীল।
দেখা যায় ভেন্দি সদায় পাতৰ প্ৰতিটো কক্ষৰ পৰা ফুলে। এপাহ ফুল ফুলাৰ পৰা দ্বিতীয় পাহ ফুল ফুলালৈকে প্ৰায় ৪৮
ঘন্টা সময় লাগে। কিন্ত গোটেই ভেন্দিডৰাৰ ফুলাৰ সময় বেলেগ বেলেগ হোৱা হেতুকে ইয়াৰ চপোৱাৰ সময়ো ভিন্ন হোৱা দেখা যায়। তথাপি ভেন্দি নিয়মিতভাৱে
দুদিনৰ মূৰে মূৰে (৪৮ ঘন্টা) চিঙাটো প্ৰয়োজন। নহ’লে ভেন্দিবোৰ গছতে পূৰঠ হবলৈ ধৰে। কেতিয়াবা আকৌ সৰু
শাকনিবাৰীৰ পৰা চিঙা ভেন্দি কেইটাই ঘৰৰ সদস্যৰ সংখ্যালৈ চাই সম্পূৰ্ণকৈ এসাজ খাবলৈ
নোজোৰে। তেনেক্ষেত্ৰত আগতে চিঙা ভেন্দিকেইটা ভালকৈ পলিথিনেৰে
বান্ধি ফ্ৰীজত ৰাখি পাচত চিঙা ভেন্দিৰ লগত মিলাই ভালকৈ এসাজ কৰি খাব পাৰি। এইদৰে ফ্ৰীজত ভৰাই থলে ভেন্দিৰ বিপাক (metabolic) প্ৰক্ৰিয়াসমূহ
হ্ৰাস হলেও ই এক নিৰ্দিষ্ট সময়লৈকে সক্ৰিয় আৰু সজীৱ হৈ থাকে। পিছে তিঁয়হৰ দৰে বেছিদিন ফ্ৰীজত থ’লে ইহঁতৰ শীত-আঘাট (Chilling injury) হৈ পানীজোলা বান্ধি ভেন্দিবোৰ লাহে
লাহে নষ্ট হবলৈ আৰম্ভ কৰে।
ভেন্দি ভজাৰ সময়তো মন কৰিছোঁ যে কটাৰ আগমূহূৰ্তত ইয়াক পানীত জুবুৰিয়াই ধুই কাটিলে ভজাৰ পাছত ই
অধিক বিজলুৱা হৈ পৰে, কিন্ত আগনিশাতেই ধুই শুকুৱাই থৈ
পুৱাবেলা কাটিলে অথবা টিছু পেপাৰেৰে ভেন্দিৰ গাত লাগি থকা পানীবোৰ টুকি ললে এই
সমস্যাৰ কিছু সমাধান হয়। পিছে ভেন্দিৰ এই বিজলুৱা গুণ শৰীৰৰ বাবে অতি লাভ জনক। ই ‘এক্সোপলিচেক্কাৰাইদ’ আৰু প্ৰটিন সংমিশ্ৰিত এবিধ ‘গ্লাইক' প্ৰটিন। তাপ পালে এই বিজলুৱা গুণ ক্ৰমাৎ বাঢ়িবলৈ ধৰে। তথাপি ভেন্দি বোলে সদায় উচ্চ
তাপত সিদ্ধ কৰিব লাগে। ৰান্ধোতে টেঙাৰ মাধ্যমত সিজালে বা বিলাহীৰ ‘চচ্’ মিলালে এই
বিজলুৱা গুণ ভালেখিনি কমে। এইক্ষেত্ৰত ‘ভিনেগাৰ’ ব্যৱহাৰ কৰিলে সুন্দৰ ফল পোৱা যায়। এই বিজলুৱা গুণৰ বাবে বহুতে ইয়াক খাবলৈ ভাল নাপায় বা
নাখায়, কিন্ত ইয়াৰ ভিতৰুৱা গুণবোৰৰ কথা জানিলে আমি সকলোৱেই ভেন্দিৰ শৰণাপন্ন আৰু বেয়া পোৱাসকলেও
ইয়াক খাবলৈ তৎপৰ হব।
ভেন্দিৰ
গুণগত এই দিশবোৰৰ বাবে বহুলোকে ইয়াক পৰিপুষ্টি আৰু ৰোগ প্ৰতিষেধৰ ৰামধেনু
বুলি কব খোজে। সংগৃহীত তথ্য অনুসৰি ভেন্দিত শৰীৰৰ বাবে
লাগতিয়াল ভালেমান উপকাৰী এন্টিঅক্সিডেন্ট যেনে - প'লিফিন'ল, ফ্লেভ'নয়ড, আইচ'কোৱাৰচেটিন
আদি থাকে, যি শৰীৰত উদ্ভৱ হোৱা ক্ষতিকাৰক ‘ফ্ৰী ৰেডিকেল’সমূহ প্ৰশমিত কৰি শৰীৰৰ কোষসমূহক
সাম্ভাৱ্য ৰোগৰ (মধুমেহ, হৃদপিণ্ডৰ ৰোগ, কৰ্কটৰোগ আদি) পৰা
নিলগাই ৰাখে। ভেন্দিৰ বিজলুৱা পদাৰ্থসমূহে পৰিপাকৰ সময়ত
খাদ্যত থকা বা উদ্ভৱ হোৱা ‘ক'লেষ্টেৰল’সমূহক বিশেষকৈ ক্ষতিকাৰক ক'লেষ্টেৰলক (LDLP) বান্ধি পেলাই দেহত শোষণ হবলৈ নিদি মলৰ মাধ্যমেৰে শৰীৰৰ পৰা নিষ্কাশন কৰি স্বাস্থ্যৰ উপযোগী ক'লেষ্টেৰল(HDLP)ৰ মাত্ৰা বঢ়াই হৃদপিণ্ডৰ ৰোগৰ সম্ভাৱনা কমায়। ভেন্দিত কৰ্কট ৰোগ প্ৰতিহত কৰিব পৰা ‘লেকটিন’ নামৰ এবিধ প্ৰটিন থাকে যি এই ৰোগৰ কোষ বৃদ্ধিত বাধা দিয়ে। এইবিধ প্ৰটিন বিলাহী,
আলু, বাদাম, ঘেঁহু,
চয়াবিন আৰু মাহজাতীয় শস্যতো পোৱা যায়। ভেন্দি ‘প্ৰি-ডায়েবেটিক’ আৰু ‘টাইপ-২ ডায়েবেটিক’ ৰোগীৰ বাবেও ফলদায়ক। কিয়নো ভেন্দিয়ে পাচনতন্ত্ৰত শৰ্কৰা শোষণ হ্ৰাস
কৰাত নিৰ্ণায়ক ভূমিকা লয়। ভেন্দিয়ে কিছুমান
এনজাইমৰ যেনে, ‘চুপাৰ অক্সাইড ডায়মিওটেজ’, ‘কেটেলেজ্’, ‘গ্লোটাথিয়ন পেৰক্সিডেজ’ আৰু ‘গ্লোটাথিয়ন’ আদিৰ মাত্ৰা
বঢ়াই আৰু ‘এচ.জি.পি.টি.-বিলুৰুৱিন’
মাত্ৰা কমাই কাৰ্যক্ষমতা নিয়ন্ত্ৰণ কৰি যকৃতক সুৰক্ষা দিয়ে। তাৰোপৰি যকৃতত তৈয়াৰ হোৱা ৰক্ত প্ৰটিন এলব'মিনৰো মাত্ৰা বঢ়াই। গৰ্ভৱতী মহিলাৰ বাবেও ভেন্দি খোৱা অতি আৱশ্যক।
ভেন্দিত ফ'লেট অৰ্থাৎ ভিটামিন বি-৯ থাকে যি গৰ্ভস্থিত সন্তানৰ নিউৰেল টিওৱ বিসংগতিৰ সম্ভাৱনা কমায়, ফ'লেটৰ অভাৱে গৰ্ভস্থিত সন্তানৰ মগজুৰ স্বাভাৱিক বৃদ্ধিত বাধাগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে। ই
মুত্ৰবৰ্দ্ধক হিচাবেও কাম কৰে অৰ্থাৎ দেহত উদ্ভূত হোৱা বিষাক্ত পদাৰ্থসমূহ ই বাহিৰ কৰাত সহায় কৰি বৃক্কক সুস্থ-সৱল
কৰি ৰাখে। চকুৰ দৃষ্টি শক্তিৰ বাবেও ভেন্দি ভাল। কিয়নো ভেন্দিত থকা খাদ্যপ্ৰাণ-‘ক’ আৰু ‘গ’ ই (Vit.C) চকুত চানি পৰা ৰোগৰ সম্ভাৱনা কমাব পাৰে। সেইদৰে
ভিটামিন-‘কে’ আৰু ভিটামিন-‘বি-৯’য়ে হাড় ক্ষয় যোৱা ৰোগ প্ৰতিৰোধত সহায় কৰে। ভেন্দিয়ে স্নায়ুতন্ত্ৰত
সৃষ্টি হোৱা বিষাক্ত দ্ৰব্যসমূহৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ
উপৰিও ‘এলজাইমা’ৰ সৃষ্টিকাৰী প্ৰটিন
লিংকৰ কাৰ্যক্ষমতা কমাই এই ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে।
এইদৰে ভেন্দিয়ে পুৰুষৰ যৌনক্ষমতা বঢ়োৱা, মহিলাৰ মাত্ৰাধিক
ঋতুস্ৰাৱ নিয়ন্ত্ৰণ কৰা, মগজুৰ সক্ষমতা বঢ়োৱা, পাচন নলীত থিতাপি লোৱা ক্ষতিকাৰক বেক্টেৰীয়া, হেলিক’বেকটাৰ পায়লৰিক বাধা দিয়াৰ দৰে অনেক তথ্য
গৱেষকসকলে আগবঢ়াইছে। শেষত থোৰতে ভেন্দিৰ পৰিপুষ্টি সম্পৰ্কে
দুটামান তথ্য জানি থওক।
ভেন্দিত
৩১% কাৰ্বহাইড্ৰেট,
১৪% প্ৰটিন, ৮% দ্ৰৱীভূত আঁহ, ২% চৰ্বি (লিন'লেনিক, লিন'লিক আৰু অলিক এচিড)ৰ উপৰিও বিভিন্ন প্ৰকাৰৰ স্বাস্থ্যৰ উপযোগী ধাতৱ খনিজ
লৱণ, যেনে-ছডিয়াম (৭ মিলিগ্ৰাম), কেলছিয়াম
(৮২ মিলিগ্ৰাম), মেগনেছিয়াম (৫৭ মিলি গ্ৰাম), পটাছিয়াম (২৯৯ মিলি গ্ৰাম), আইৰন, মেঙ্গানিজ আৰু জিঙ্ক আদি থাকে। ভেন্দিত ফায়টেট,
অক্সেলেট আৰু টেনিনৰ দৰে এন্টি নিউট্ৰিয়েন্ট খুউৱ কম পৰিমাণে থাকে
কাৰণে পাকস্থলীত ভেন্দিৰ খনিজ লৱণৰ শোষণ খুউব ভাল হয়। ভেন্দিত থকা
খাদ্যপ্ৰাণৰ ভিতৰত ফলেট (৬০ মাইক্ৰ গ্ৰাম), এচকৰবিক এচিড, বিটা কেৰ'টিন,
থিয়ামিন, ৰাইব'ফ্লেভিন
আৰু নিয়াচিন উল্লেখযোগ্য। এইবোৰৰ উপৰিও আন কেতবোৰ সক্ৰিয়
উপক্ষাৰ যেনে-কেটিচিন, কোৱাৰচেটিন, টেনিন,
ষ্টেৰল, ট্ৰাইটাৰপিনচ,
ইপিগেলক্টচিন আদি থাকে ৷
ইমানবোৰ ভাল গুণৰ মাজতো ভেন্দিৰ শৰীৰত ক্ষতিসাধন কৰিব পৰা দুই-এটা গুণো নথকা নহয়। অতিমাত্ৰাত ভেন্দি খালে যিসকলৰ ইতিমধ্যে পাচনতন্ত্ৰজনিত ৰোগ আছে তেনেকুৱালোকৰ ভেন্দিত থকা কাৰ্বহাইড্ৰেট ফ্ৰুকটনে ডায়েৰীয়া, গেছ, পেটকামোৰণি, পেটফুলা আদিৰ সৃষ্টি কৰিব পাৰে। যিহেতু ভেন্দিত যথেষ্ট পৰিমাণে অক্সেলেট থাকে গতিকে কিডনী ষ্টন হোৱাৰ সম্ভাৱনা বাঢ়ে। ভেন্দি যদিও ‘মালভেচি’ পৰিয়ালৰ ইয়াত কিছু পৰিমাণে ‘চলানিন’ নামৰ উপক্ষাৰ থাকে, যাৰবাবে কিছু ব্যক্তিৰ হাড়ৰ, গাঠিৰ বিষ, ‘আৰথ্ৰাইটিছ’ আদি ৰোগৰ সম্ভাৱনা বাঢ়িব পাৰে। তাৰোপৰি যিসকললোকে নিয়মীয়াকৈ ‘ব্লাড থিনাৰ ড্ৰাগছ’ লয় তেওঁবিলাকৰ বাবে নিয়মীয়াকৈ ভেন্দি খোৱাতো ক্ষতিকাৰক হব পাৰে, যিহেতু ভেন্দিত যথেষ্ট পৰিমাণে ভিটামিন-কে থাকে, যি তেজ গোট মৰাত সহায় কৰে। গতিকে ‘ব্লাড থিনাৰ’ ৱ্যৱহাৰ কৰা ব্যক্তিসকলে ভেন্দি খোৱাৰ আগতে ডাক্তৰৰ পৰামৰ্শ লোৱা অতি আৱশ্যক ৷
লেখকৰ ঠিকনাঃ প্ৰধান বিজ্ঞানী, উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাঁহিকুছি, কামৰূপ