"সজ কৃষি অনুশীলন"- খণ্ড-৪

পথাৰত পশু-পক্ষী কেনেকৈ ৰাখিব?
কাম-কাজত লগোৱা পশু:
পশুকেইটা
কাম কৰিবৰ বাবে উপযুক্ত হয়নে নহয় সেয়া পশু চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰিব লাগে। যেতিয়া
কামত লগোৱা নহয় পশুকেইটা শস্য এলেকাৰ পৰা সুদূৰত ৰাখিব লাগে।
নিৰ্দিষ্ট দ্ৰব্য উৎপাদনৰ (গাখীৰ, মাংস আদি) বাবে পশু:
- ঘৰচীয়া প্ৰাণী (কুকুৰ, মেকুৰী) খেতি-পথাৰ, ৰাসায়নিক সাৰ তথা অন্যান্য ৰাসায়নিক দ্ৰব্য থকা ঠাইৰ পৰা বহু আঁতৰত ৰাখিব লাগে।- ঘৰচীয়া প্ৰাণী যাতে খেতি পথাৰত সোমাব নোৱাৰে তাৰ বাবে সকলো কৰ্মচাৰীকে সজাগ কৰি ৰাখিব লাগে আৰু চাইন-বৰ্ডত লিখি আঁৰি থব লাগে।
- পশু-পক্ষীৰ কল্যানৰ প্ৰতি গুৰুত্ব দিব লাগে: পৰ্যাপ্ত ঠাই, স্বাস্থ্যবান পশু-পক্ষী, পৰ্যাপ্ত খাদ্য আৰু পৰিষ্কাৰ পানী
অন্যান্য ঘৰচীয়া প্ৰাণী:- ঘৰচীয়া প্ৰাণী (কুকুৰ, মেকুৰী) খেতি-পথাৰ, ৰাসায়নিক সাৰ তথা অন্যান্য ৰাসায়নিক দ্ৰব্য থকা ঠাইৰ পৰা বহু আঁতৰত ৰাখিব লাগে।- ঘৰচীয়া প্ৰাণী যাতে খেতি পথাৰত সোমাব নোৱাৰে তাৰ বাবে সকলো কৰ্মচাৰীকে সজাগ কৰি ৰাখিব লাগে আৰু চাইন-বৰ্ডত লিখি আঁৰি থব লাগে।
শস্য
চপোৱাৰ আটাইতকৈ ভাল পদ্ধতি কি?
কৰ্মীসকলে কেনেধৰণেৰে শস্য চপাব লাগে?
- শস্য
চপোৱাৰ সময়ত কৰ্মীসকলৰ হাত চাফা হব লাগে, আঙুলিৰ
নখ থাকিব নেলাগে, চুলি বান্ধি ৰাখিব লাগে আৰু ধুমপান বা সুৰাপান
কৰিব নেলাগে। - চপাই অনা ফল-মূল নাইবা পাচলি মজিয়াত নলগাকৈ ভালকৈ চাফা কৰা পাত্ৰত ৰাখিব লাগে।
- ৰাসায়নিক
দ্ৰব্য নাইবা সাৰ ৰখা পাত্ৰত চিঙি অনা ফল-মূল নাইবা
পাচলি ৰাখিব নেলাগে।
- চপোৱা ফল-মূল নাইবা পাচলি ছাঁ ঠাইতহে ৰাখিব লাগে। প্ৰাণী নাইবা ৰাসায়নিক দ্ৰব্য ৰখা ঠাইৰ পৰা সেইবোৰ আঁতৰত ৰাখিব লাগে
- চপোৱা ফল-মূল নাইবা পাচলি ছাঁ ঠাইতহে ৰাখিব লাগে। প্ৰাণী নাইবা ৰাসায়নিক দ্ৰব্য ৰখা ঠাইৰ পৰা সেইবোৰ আঁতৰত ৰাখিব লাগে
খাদ্য সামগ্ৰী কেনেকৈ পৰিবহন কৰিব?
- পৰিবহন নিয়ম-কানুন মানি চলা পৰিষ্কাৰ আৰু ভাল অৱস্থাৰ বাহনৰ জৰিয়তে পৰিবহন কৰিব লাগে
- খোলা বাহনত খাদ্য-সামগ্ৰী উঠোৱাৰ পিছত সেইবোৰ ৰ’দ, ধূলি-মাকতি, বৰষুণ আদিৰ পৰা ৰক্ষা কৰিবলৈ ভালদৰে ঢাকি নিব লাগে।
- পশু-পক্ষী, ৰাসায়নিক সাৰ বা কৃষি-ৰাসায়নিক
দ্ৰব্যৰ লগত কেতিয়াও খাদ্য সামগ্ৰীবোৰ পৰিবহন কৰিব নেলাগে।
- সামগ্ৰী
উঠোৱা-নমোৱা কৰ্মচাৰীসকলো অন্যান্য কৰ্মচাৰীৰ দৰেই পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব লাগিব।
- পৰিবহন কৰা খাদ্য সামগ্ৰীৰ নাম, বোজাই কৰা তাৰিখ, কৰ্মচাৰীৰ নাম বা পৰিয়ালৰ সদস্যৰ নাম, গাড়ী চালকৰ নাম আদি পঞ্জীয়ন কৰিব লাগে।
(ৰাষ্ট্ৰ সংঘৰ ‘খাদ্য আৰু কৃষি সংস্থা’ৰ (Food and Agriculture Organisation) Guidelines “Good Agricultural Practices” for Family Agriculture পুস্তিকাৰ সহায়ত এইলানি ৰচনা ‘সেউজ চিন্তা’ৰ পাঠকৰ বাবে আগবঢ়োৱা হৈছে- সম্পাদক, সে.চি.)
Source: Guidelines “Good Agricultural Practices” for Family Agriculture- FAO publication