জৈৱিক পদ্ধতিৰে থলুৱা জাতৰ কলখেতি

নয়ন কুমাৰ বৰা


অসমৰ কলৰ বজাৰখনত ইতিমধ্যে মালভোগ, জাহাজী কলে স্থান দখল কৰি আছে যদিও স্থানভেদে থলুৱা জাতৰ কল যেনে, চেনিচম্পা, মনোহৰ, ভীমকল, আঠিয়া কল আদিয়েও প্ৰভাৱ বিস্তাৰ কৰে। পাচলি হিচাপে কাচকলৰ চাহিদা অতি বেছি। তদুপৰি, পাচলি হিচাপে কলডিলৰো এখন ভাল বজাৰ আছে। কলগছৰ বৌখা আৰু পাতৰো এক বিশেষ চাহিদা আছে। খাদ্য-দ্ৰব্য পৰিবেশন তথা উৎপাদিত সামগ্ৰী টোপোলা বন্ধাত (পেকিং) বৌখা আৰু পাত ব্যৱহাৰ কৰা হয়। কলগছৰ আঁহৰ পৰা প্ৰস্তুত কৰা সূতাৰেও বিভিন্ন সামগ্ৰী যেনে, বেগ, পিন্ধা বসন আদিও তৈয়াৰ কৰিব পাৰি। কলৰ পৰা কল-পাউদাৰ আৰু চিপচ্ আদি তৈয়াৰ কৰা উদ্যোগো স্থাপন কৰিব পাৰি।

বৰ্তমান জৈৱিক পদ্ধতিৰে তৈয়াৰ কৰা সামগ্ৰীৰ এখন ভাল বজাৰ বিকাশ হবলৈ আৰম্ভ কৰিছে। সেয়েহে, পৰিকল্পিতভাবে কৰা জৈৱিক কলখেতিৰ পৰা লাভজনক ব্যৱসায় কৰিব পাৰি।

জৈৱিক কলখেতিৰ বাবে কেনেকুৱা জাত নিৰ্বাচন কৰিব?

   

থলুৱা কলৰ জাতবোৰে অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে কাৰণে জৈৱিক খেতিৰ বাবে তেনেবোৰ জাতহে নিৰ্বাচন কৰিব লাগে। এই জাতবোৰৰ ৰোগ আৰু অনিষ্টকাৰী কীট-পতঙ্গ প্ৰতিৰোধ কৰাৰ ক্ষমতাও অধিক।

কলখেতিৰ পুলি কেতিয়া ৰোপন কৰিব?

সাধাৰণতে কলৰ পুলি বাৰিষাৰ আগে আগে অৰ্থাৎ, মাৰ্চ-এপ্ৰিল মাহত ৰোপন কৰা হয় যদিও থলুৱা জাতৰ কলবোৰ বেছিকৈ বৰষুণ হোৱা সময়খিনি পাৰ হৈ যোৱাৰ পিছতহে অৰ্থাৎ, ছেপ্তেম্বৰ-অক্টোবৰ মাহতহে ৰোপন কৰিব লাগে। এটা কথা মন কৰিব লাগে যে কলৰ ঠোক ওলোৱাৰ সময়ত অতি বেছি উঞ্চতা আৰু খৰাং নহয়।

মাটি প্ৰস্তুতি কেনেকৈ কৰিব?

কল ৰোপন কৰিব বিচৰা মাটিখিনি ভালদৰে চহাই ৫০x৫০x৫০ ছেন্টিমিটাৰ জোখৰ গাঁত কৰিব লাগে

কেনেকুৱা পুলি নিৰ্বাচন কৰিব?

স্বাস্থ্যবান, নিৰোগী গছৰ পৰা তৰোৱাল আকৃতিৰ পাত থকা ৩-৪ মহীয়া পুলি নিৰ্বাচন কৰিব লাগে। কলৰ ঠোক কটাৰ এসপ্তাহৰ পিছতহে পুলি উঠাব লাগে। ভীমকলৰ বাহিৰে অন্য কলৰ জাতবোৰৰ পুলিটো মুঢ়াৰ পৰা ১৫-২০ ছেন্টিমিটাৰ ওপৰত কাটি ৰোপন কৰিব লাগে।  মুঢ়াটোৰ পোক-পৰুৱাই নষ্ট কৰা অংশবোৰ কাটি চাফা কৰি লব লাগে।

শস্যকৃমিৰ (Nematode) আক্ৰমণৰ পৰা কলখেতিডৰা ৰক্ষা কৰিবৰ বাবে মুঢ়াটো ২০ মিনিট সময়ৰ বাবে ৫০ ডিগ্ৰী ছেন্টিগ্ৰেড উঞ্চতাৰ পানীত  ডুবাই লব লাগে। গোৱৰৰ মিশ্ৰণ আৰু ফুটছাঁই মূঢ়াটোত সানি লৈ ৩-৪ দিনৰ বাবে ৰ’দত শুকুৱাই ১৫ দিনৰ বাবে ছাঁত ৰাখি লৈহে ৰুব লাগে। ৰোৱাৰ আগতে মূঢ়াটো চিউদ’ম’নাচ ফ্লৰেন্স  মিশ্ৰণত (২০ মিলিলিটাৰ ১ লিটাৰ পানীত) ৩০ মিনিট সময়ৰ বাবে ডুবাইহে ৰুব লাগে।

ৰোপন দূৰত্ব আৰু ৰোপন পদ্ধতিঃ

প্ৰায়বোৰ জাতেই  ৬.৫-৭.০ ফুটৰ আঁতৰে শাৰী আৰু পুলিৰ ব্যৱধান ৰাখি ৰোপন কৰিব লাগে।

মাটিৰ ওপৰত  ৫ ছেন্টিমিটাৰ ওলাই থকাকৈ গাঁতটোৰ মাজ অংশত পুলিটো ৰুব লাগে। ৰোৱাৰ আগতে গাঁতটোত জৈৱিক সাৰ আৰু জৈৱিক ভেকুঁৰ-নাশক ট্ৰাইক’দাৰমা হাৰ্জেনিয়াম প্ৰয়োগ কৰি লব লাগে। পুলিটো ৰোৱাৰ পিছত মাটি চপাই ভালদৰে হেঁচি দিব লাগে যাতে মাটিৰ ভিতৰত বায়ু সোমাই নেথাকে।

কি কি জৈৱিক সাৰ প্ৰয়োগ কৰিব?

১। গোৱৰ বা পচন সাৰ- প্ৰতিটো গাঁতত ১০ কিলোগ্ৰাম পুলি ৰোৱাৰ সময়তে প্ৰয়োগ কৰিব লাগে।

২। ৫০০ গ্ৰাম চূণ- গাঁতটোত প্ৰয়োগ কৰিব লাগে আৰু সেইবোৰ মাটিৰ লগত মিহলি হবলৈ দিব লাগে।

৩। কেঁচুসাৰ- প্ৰতিটো গাঁতত ২ কিলোগ্ৰাম পুলি ৰোৱাৰ সময়তে প্ৰয়োগ কৰিব লাগে।

৪। বাদাম খলিহৈ/ নিম খলিহৈ - প্ৰতিটো গাঁতত ১ কিলোগ্ৰাম পুলি ৰোৱাৰ সময়তে প্ৰয়োগ কৰিব লাগে।

৫। PGPR (Plant Growth Promoting Rhizobacteria): PGPR হ’ল, শিপা অংশত থকা উদ্ভিদ বৃদ্ধিকাৰক বেক্টেৰিয়া। ই হ’ল, নাইট্ৰজেন, ফচফৰাচ আৰু পটাচৰ জীৱাণুসাৰ। ইয়াৰ ৫০-১০০ গ্ৰাম পুলি ৰোৱাৰ সময়তে প্ৰতিটো গাঁততে প্ৰয়োগ কৰিব লাগে। প্ৰয়োগ কৰাৰ আগতে ৫ কিলোগ্ৰাম লগত ইয়াক মিহলাই ল’ব লাগে। প্ৰয়োগ কৰাৰ সময়ত মাটিত পৰ্যাপ্ত পৰিমাণে আদ্ৰতা থাকিব লাগে।

৬। পঞ্চগব্য (১ লিটাৰ পানীত ৩০ মিলিলিটাৰ)- পুলি ৰোৱাৰ পিছত ৩ মাহ, ৬ মাহ আৰু ৯ মাহত একোবাৰকৈ পাতত স্প্ৰে কৰিব লাগে।


সেউজ সাৰৰ মিহলি খেতিঃ

কল ৰোৱাৰ পিছত শণ/ ধইনছা/ লেচেৰা মাহৰ বীজ প্ৰতি জোপা কলৰ চাৰিওফালে ২০ গ্ৰামকৈ ছটিয়াব লাগে। পুলি ৰোৱাৰ ৪০ দিনৰ পিছত সেইবোৰ কাটি ভালদৰে মাটিত মিহলাই দিব লাগে। একেধৰণে পুনৰ বীজ সিঁচিব লাগে আৰু ৪০ দিনৰ পিছত পুনৰ মাটিত মিহলাব লাগে। কলৰ পাত আৰু বৌখা পটেছিয়াম মৌলৰ ভাল উৎস। সেয়ে ইয়াৰ সহায়ত কেঁচুসাৰ তৈয়াৰ কৰি কলৰ গুৰিত প্ৰয়োগ কৰিব লাগে। তদুপৰি অতিৰিক্তভাবে নিম্নোক্ত জৈৱিক সাৰ কলৰ খেতিত প্ৰয়োগ কৰিব লাগে-

গোৱৰ/ পচন সাৰ- ২০ কিলোগ্ৰাম প্ৰতিজোপা কল গছত

ৰ’ক ফচফেট- ২০০ গ্ৰাম প্ৰতিজোপা কল গছত

ফুটছাঁই- ১.৫ কিলোগ্ৰাম

উক্ত সাৰখিনি দুভাগ কৰি এভাগ ২ য় মাহত আৰু আনভাগ ৪ মাহত প্ৰয়োগ কৰিব লাগে


জলসিঞ্চন:

১। খৰালি কালি তিনিদিনৰ মূৰত এবাৰকৈ পানী যোগান ধৰিব লাগে।

২। অতিৰিক্ত পানীভাগ ওলাই যোৱাৰ সু-ব্যৱস্থা কৰিব লাগে যাতে কল খেতিডৰাত পানী জমা হব নোৱাৰে।

অপতৃণ নিয়ন্ত্ৰণঃ

প্ৰথমাৱস্থাত , কলখেতিৰ মাজত লেচেৰামাহৰ খেতি কৰিলে সম্পূৰ্ণভাবে বন-বাত নিয়ন্ত্ৰণ হয়। পিছত হাতেৰে বন-বাত নিৰণি কৰিব লাগে, কিনত্তু কেতিয়াও দ’কৈ মাটি খান্দিব নেলাগে। ঠোক ওলোৱাৰ পিছত মাটিখিনি কেতিয়াও খুচৰি-মেলি থাকিব নেলাগে। অৱশ্যে ইয়াৰবাবে অচ্ছাদন (Mulching) ব্যৱহাৰ কৰিবও পাৰি।

পোখা পুলি উঠোৱাঃ

কল ঠোক ওলোৱা সময়লৈকে কাষেদি ওলোৱা পোখাবোৰ উভালি পেলাব লাগে। কল ওলোৱাৰ পিছত প্ৰতিজোপা কলত এটা বা দুটা পোখা ৰাখিব লাগে।

অন্তৰ্ৱৰ্তী শস্যঃ

মৰিছা, কচু, কাঠ আলু আদিৰ খেতি কল খেতিৰ মাজত সুন্দৰকৈ কৰিব পাৰি।


শস্য ৰক্ষাঃ

কল গছ ফুটা কৰা চিউড’ষ্টেম উইভিলঃ

এই পোকে  পুলি ৰোৱাৰ ৬ মাহ মানৰ পিছৰ পৰাই আক্ৰমণ কৰে। এই পোকে কল গছৰ ভিতৰলৈ সোমাই সুৰঙ্গ সৃষ্ট কৰি খাই আৰু কলগছজোপা ভাগি পৰে।

 নিয়ন্ত্ৰণঃ

১। কল খেতিডৰা পৰিষ্কাৰকৈ ৰাখিব লাগে, শুকান পাতবোৰ চাফা কৰি থাকিব লাগে

২। পোকে খোৱা আৰু বেমাৰী গছবোৰ মূঢ়াৰে সৈতে উভালি পেলাব লাগে আৰু আঁতৰত পুৰি পেলাব লাগে।

৩। কল চপোৱাৰ পিছত কল ডাল কাটি আঁতৰাই পেলাব লাগে।

৪। পুলি ৰোৱাৰ ৫ মাহৰ পিছৰ পৰা ঢিলা হৈ থকা শুকান বৌখাবোৰ আঁতৰাই থাকিব লাগে আৰু নিম্নলিখিত ব্যৱস্থাসমূহৰ যিকোনো এটা লব লাগে-

-      কল গছজোপাৰ গাটোৰ চাৰিওফালে বোকা মাটিৰে লেপি দিব লাগে- যদি পোকৰ আক্ৰমণ দেখা যায়, তেতিয়া লেপনটোত নিমতেল (প্ৰতি লিটাৰ বোকাত ৩০ মিলিলিটাৰ) মিহলাব লাগে।

-      নিমাঝল (১% ই.চি.) বৌখাৰ ফাঁকবোৰত এমাহৰ অন্তৰে অন্তৰে স্প্ৰে কৰি থাকিব লাগে নাইবা জৈৱিক ভেঁকুৰনাশক যেনে, ব্যুভেৰিয়া বেছিয়ানা বা মেটাৰিঝিয়াম এনিচপ্লি (১ x ১০ৰেণু প্ৰতি মিলিলিটাৰত) স্প্ৰে কৰিব লাগে।

-      বৌখাবোৰৰ এৰুৱাই পোকবোৰ হাতেৰে সংগ্ৰহ কৰি মাৰি পেলাব লাগে

     কলৰ মূঢ়াত থকা উইভিল পোকঃ

প্ৰাপ্তবয়স্ক মাইকী পোকবোৰে মূঢ়াবোৰৰ ভিতৰত কণী পাৰে। পিছত পলুবোৰে মূঢ়াটোৰ ভিতৰৰ কোমল অংশ খাই নষ্ট কৰে। যেতিয়া অগ্ৰজ মুকুলটো খাই তেতিয়া কল গছজোপা সম্পূৰ্ণকৈ মৰি যায়। এনে গছবোৰৰ কোমল ওলাবলৈ ধৰা পাতবোৰ মৰে, দেৰিকৈ নতুন পাত ওলাই আৰু পাতৰ সংখ্যা কমি যায়, ঠোক সৰু হয়।


নিয়ন্ত্ৰণঃ

১। কলৰ পুলিবিলাক স্বাস্থ্যবান আৰু নিৰোগী হব লাগে।

২। কল খেতি কৰাৰ আগতে মাটিডৰা দ’কৈ চহাব লাগে যাতে মাটিৰ অন্তৰ্ভাগ ৰ’দৰ তাপত ওলাই পৰে।

৩। ৰোৱাৰ আগতে মূঢ়াটোৰ বাহিৰৰ বাকলিখিনি কাটি আঁতৰাব লাগে যাতে তাত থকা পোকৰ কণী, লেটা আদি আঁতৰাই পেলাব পাৰি। মঢ়াটোত গোৱৰ আৰু ছাঁই মিহলি লেপন দিব লাগে।

৪। আজিকালি বজাৰত উপলব্ধ ফেৰম’ন ফান্দ আঁৰিব পাৰি।

৫। কলগছৰ গুড়ি আৰু পাতত জৈৱিক ভেঁকুৰনাশক যেনে, ব্যুভেৰিয়া বেছিয়ানা (১ x ১০ৰেণু প্ৰতি মিলিলিটাৰত) স্প্ৰে কৰিব লাগে।

৬। প্ৰতিটো কলৰ গাঁতত ১ কিলোগ্ৰামকৈ ঠেতেলা কৰি লোৱা নিমগুটি প্ৰয়োগ কৰিব লাগে।

মোৱাপোকঃ

কলৰ ভাইৰাছ ৰোগৰ বাহক হ’ল মোৱা পোক। জৈৱিক নিয়ন্ত্ৰণৰ বাবে ভাৰ্টিচিলিয়াম লেকানি ভেঁকুৰ (১ x ১০ৰেণু প্ৰতি মিলিলিটাৰত) স্প্ৰে কৰিব লাগে।


শস্যকৃমিঃ

পাতৰ সংখ্যা, ঠোকৰ ওজন আৰু কলৰ সংখ্যা কম হয়

নিয়ন্ত্ৰণঃ

১। মূঢ়াটোৰ বাকলি গুচাই ৪৫-৫০ ডিগ্ৰী ছেন্টিগ্ৰেড উঞ্চতাৰ পানীত ২০ মিনিট সময়ৰ বাবে ডুবাই ৰাখিব লাগে।

২। নিমৰ খলিহৈ ১ কিলোগ্ৰামকৈ প্ৰতিজোপা গছত পুলি ৰোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

৩। কল খেতিৰ মাজত শণ বা নাৰ্জী ফুলৰ খেতি কৰিব লাগে

ৰোগঃ

পাতত দাগ পৰা চিগাট’কা ৰোগঃ


১। বেছিকৈ আক্ৰান্ত হোৱা পাতবোৰ কাটি পুৰি পেলাব লাগেং

২। ৰোগৰ গুৰত্বতাৰ ওপৰত নিৰ্ভৰ কৰি  দৰকাৰী জৈৱিক ৰোগনাশক স্প্ৰে কৰিব লাগে

-      ৰোগৰ লক্ষণ দেখাৰ লগে লগে বৰদ’মিশ্ৰণ (১%) (১০০ গ্ৰাম চূণ + ১০০ গ্ৰাম কপাৰ চালফেট+ ১০ লিটাৰ পানী) স্প্ৰে কৰিব লাগে

-      অণুজীৱ যেনে চিউড’মনাচ ফ্লৰেন্স (২০ গ্ৰাম/ প্ৰতি লিটাৰ পানীত) বা বেছিলাচ চাবটিলিছ (৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব পাৰি

পানামা উইল্ট ৰোগঃ


১। মুঢ়াৰে সৈতে কলগছজোপা উভালি নষ্ট কৰিব লাগে।

২। প্ৰতিটো কলৰ গাঁতত ৫০০ গ্ৰাম চূণ প্ৰয়োগ কৰি মাটিৰ লগত মিহলি হবলৈ দিব লাগে

৩। নিমৰ খলিহৈ ১ কিলোগ্ৰামকৈ প্ৰতিজোপা গছত পুলি ৰোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে আৰু পানী যোগান ধৰিব লাগে।

৪। কলৰ গুৰিত ট্ৰাইক’ডাৰমা হাৰ্জেনিয়াম (৫০ গ্ৰাম) বা চিউড’মনাচ ফ্লৰেন্স (৫০ গ্ৰাম) প্ৰয়োগ কৰিব লাগে।

৫। ৰোৱাৰ আগতে কলৰ মূঢ়াটো চিউড’মনাচ ফ্লৰেন্স (২০ গ্ৰাম প্ৰতিলিটাৰ পানীত) প্ৰয়োগ কৰিব লাগে।

ভাইৰাছ ৰোগঃ

বাঞ্চিটপ ৰোগঃ এই ৰোগ মোৱা পোকে বিয়পায়।


নিয়ন্ত্ৰণঃ

১। নিৰোগী কলৰ পুলি ৰুব লাগে

২। আক্ৰান্ত কলগছ উভালি আঁতৰত নষ্ত কৰিব লাগে

৩। কলগছত নিমৰ পৰা তৈয়াৰী কীত-নাশক স্প্ৰে কৰিব লাগে

৪। ভাৰ্টিচিলিয়াম লেকানি ভেঁকুৰ (১ x ১০ৰেণু প্ৰতি মিলিলিটাৰত) স্প্ৰে কৰিব লাগে।



(কেৰেলা কৃষি বিশ্ব-বিদ্যালয়ৰ জৈৱিক কৃষি পুস্তিকাৰ সহায়ত এই লিখনি প্ৰস্তুত কৰা হৈছে- লিখক)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান