“সজ কৃষি অনুশীলন”-খণ্ড-৩




কৃষি-ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ
কি ধৰণৰ কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা উচিত ?

-      কি কি অপতৃণ, ৰোগ-ব্যাধিয়ে শস্যক আক্ৰমণ কৰিব পাৰে তাক আগতীয়াকৈ জানি লব লাগে
-      ৰাসায়নিক দ্ৰব্যৰে নিয়ন্ত্ৰণৰ সলনি অন্য কিবা জৈৱিক উপায় আছেনেকি সেয়া চালি-জাৰি চাব লাগে

-      শস্য তথা ইয়াক আক্ৰমণ কৰিব পৰা অপতৃণ, ৰোগ-ব্যাধি অনুযায়ী কি কি কৃষি-ৰাসায়নিক দ্ৰব্য (কীটনাশক/ অপতৃণনাশক আদি) অনুমোদন কৰা হৈছে সেইবিষয়ে এজন কৃষি বিশেষজ্ঞৰ লগত আলোচনা কৰিব লাগে
-      যি বিধ কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব বিচৰা হৈছে সেইবিধ দেশীয় আইনৰ গণ্ডীৰ ভিতৰত পঞ্জীয়নভূক্ত হয়নে?

-      ম্যাদ ওকলা নাইবা নিম্ন মাণদণ্ডৰ কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা উচিত নহয়
-      উপৰোক্ত সকলো বিষয়ৰ বাবে এজন নিৰ্ভৰযোগ্য কৃষি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে


নিজকে সুৰক্ষিত কৰিবৰ বাবে আমি কেনেকুৱা ব্যৱস্থা লোৱা উচিত ?

-      শিশু, গৰ্ভৱৰ্তী মহিলা আৰু বৃদ্ধ ব্যক্তিক কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা স্থানৰ পৰা নিৰাপদ দূৰত্বত ৰাখিব লাগে
-      কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ পিছত শ্ৰমিকজনে পৰিষ্কাৰকৈ গা ধুব লাগে আৰু ব্যৱহাৰ কৰা সামগ্ৰীবোৰো পৰিষ্কাৰকৈ ধুব লাগে



কৃষি-ৰাসায়নিক দ্ৰব্য কেনেকৈ ব্যৱহাৰ কৰিব লাগে?

-     কৃষি বিশেষজ্ঞই অনুমোদন জনোৱা পৰিমাণতহে কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে
-     নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শস্যডৰা পৰ্যবেক্ষণ কৰিব লাগে যাতে কৃষি সমস্যাবোৰ উচিত সময়ত উদ্ঘাটন কৰিব পাৰি
-     কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা তথ্যখিনি লিপিৱদ্ধ কৰিব লাগে
-     কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা পিছতঅপেক্ষা সময়ৰ প্ৰতি সচেতন হব লাগে
-     কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা পিছত লগে লগেই শস্যডৰাত প্ৰৱেশ কৰিব নেলাগে

কৃষি-ৰাসায়নিক দ্ৰব্যবোৰ কত আৰু কেনেকৈ ৰাখিব লাগে?


-     কৃষি-ৰাসায়নিক দ্ৰব্যবোৰ মজুত কৰি ৰাখিবৰ বাবে শস্য পথাৰৰ ওচৰতে বিশেষভাবে নিৰ্মিত গৃহ থাকিব লাগে
-     যেতিয়া কম পৰিমাণে ৰাখিবলগীয়া হয়, তেতিয়া বাসগৃহৰ পৰা আঁতৰত বন্ধ বাকছ নাইবা পেকেটত ৰাখিব লাগে
-     স্থানডোখৰ শিশু আৰু পশু-পখীৰ বাবে নিৰাপদ হব লাগে
-     স্থানডোখৰ সুৰক্ষিত, বায়ু চলাচল কৰা, শুকান আৰু তলা বন্ধ কোঠাৰ হব লাগে
-     চকুত লগা বিভিন্ন ফলক আঁৰি দিব লাগে- “সাৱধান”, “বিহ”, “ধুমপান নিষেধ”, “ইয়াত খোৱা নিষেধ, “অনুগ্ৰহ কৰি নুচুব

-     কৃষি-ৰাসায়নিক দ্ৰব্যবোৰ বীজ, ঘাঁহ, চপোৱা শস্য আৰু ৰাসায়নিক সাৰৰ পৰা পৃথককৈ আৰু আঁতৰত ৰাখিব লাগে

খালী টেমা বা পাত্ৰবোৰ কি কৰিব লাগে?

-     কৃষি-ৰাসায়নিক দ্ৰব্যৰ খালী টেমা বা পাত্ৰবোৰ খুউব ভালদৰে পানীৰে পৰিষ্কাৰ কৰিব লাগে যাতে সেই  ধোৱা পানীখিনি খোৱা পানী নাইবা শস্যত যোগান ধৰা পানীৰ লগত মিহলি নহয়

-     খালী টেমা বা পাত্ৰবোৰ ভাঙি নাইবা নষ্ট কৰি  পেলাব লাগে যাতে সেইবোৰ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে
-     বন্ধ মোনাত সেইবোৰ বান্ধি পেলনীয়া সামগ্ৰী কেন্দ্ৰলৈ পঠাবলৈ সাজু কৰি ৰাখিব লাগে

কি সাৰ কিমান পৰিমাণে ব্যৱহাৰ কৰিব লাগে?

-     কেৱল জৈৱিক সাৰ ব্যৱহাৰ কৰিলেই হব নে ৰাসায়নিক সাৰো ব্যৱহাৰ কৰিব লাগে সেইবিষয়ে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে
-     কি সাৰ কিমান পৰিমাণে ব্যৱহাৰ কৰিব লাগে তাৰো পৰামৰ্শ লব লাগে

-     অনুমোদিত হাৰতহে সাৰ প্ৰয়োগ কৰিব লাগে কেতিয়াও অধিক হাৰত সাৰ প্ৰয়োগ কৰিব নেলাগে
-     সাৰ প্ৰয়োগৰ সকলো তথ্য নিয়াৰিকৈ লিপিৱদ্ধ কৰিব লাগে





জৈৱিক সাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে?

-      শস্য পথাৰত পশু নে উদ্ভিদ সৃষ্ট জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে তাক বিশ্লেষণ কৰিব লাগে
-      মনত ৰাখিব লাগে যে ভূলকৈ প্ৰয়োগ কৰা জৈৱিক সাৰেই শস্য পথাৰলৈ বীজাণু কঢ়িয়াই আনিব পাৰে


কেনেধৰণৰ জৈৱিক সাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে?
-      কেৱল সুস্থিৰ জৈৱিক সাৰহে ব্যৱহাৰ কৰিব লাগে


-      আগতীয়াকৈ পচাই লোৱা জৈৱিক সাৰহে ব্যৱহাৰ কৰিব লাগে
-      শস্য ৰোপন নাইবা সিঁচাৰ আগতেই জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে
-      তথ্যসমূহ লিপিৱদ্ধ কৰিব লাগে
  
জৈৱিক সাৰ কত তৈয়াৰ কৰিব লাগে?
-      শস্য পথাৰৰ পৰা সূদূৰত জৈৱিক সাৰ তৈয়াৰ কৰিব লাগে
-      বানপানীৰ সম্ভাৱনা থকা মাটি আৰু পানীৰ উৎসৰ পৰা আঁতৰতহে জৈৱিক সাৰ তৈয়াৰ কৰিব লাগে




(ৰাষ্ট্ৰ সংঘৰ খাদ্য আৰু কৃষি সংস্থা (Food and Agriculture Organisation) Guidelines “Good Agricultural Practices” for Family Agriculture পুস্তিকাৰ সহায়ত এইলানি ৰচনাসেউজ চিন্তাৰ পাঠকৰ বাবে আগবঢ়োৱা হৈছে- সম্পাদক, সে.চি.)
Source: Guidelines “Good Agricultural Practices” for Family Agriculture- FAO publication


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান