“সজ কৃষি অনুশীলন”: খণ্ড-২


সজ কৃষি অনুশীলনকেনেকৈ ৰূপায়ন কৰা হয়?

পুৰুষ আৰু মহিলা নিৰ্বিশেষে শ্ৰমিকৰ কৰ্ম পৰিবেশ কেনেকৈ উন্নত কৰিব পাৰি?

  • সকলো কৰ্মীকে সামাজিক সুৰক্ষা আঁচনিত অন্তৰ্ভূক্ত কৰিব লাগে
  • সকলো কৰ্মীকে প্ৰশিক্ষণ দিব লাগে, বিশেষকৈ কৃষি ৰাসায়নিক পদাৰ্থ/ সাৰ তথা পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ দিয়াতো প্ৰয়োজন
  • শিশুক বিদ্যালয়লৈ যোৱাটোত অগ্ৰাধিকাৰ দিব লাগে পঢ়া-শুনাত ব্যাঘাট নজন্মাকৈ আৰু তেওলোকৰ সুৰক্ষা নিশ্চিত কৰিহে খেতি-বাতিৰ কাম-কাজত সহায়ৰ বাবে লগাব লাগে



। পুৰুষ আৰু মহিলা শ্ৰমিকৰ বাবে কি কি সেৱা নিশ্চিত কৰিব লাগে?

  • প্ৰাথমিক চিকিৎসাৰ বাকচ
  •  জৰুৰীকালীন ফোন/ মবাইল নম্বৰ (পুলিচ, চিকিৎসালয়, অগ্নিনিৰ্বাপক বাহিনী)
  • নিজৰ বাবে স্বাস্থ্যৰ প্ৰমাণপত্ৰ আৰু নিযুক্ত শ্ৰমিক সকলৰো স্বাস্থ্যৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰা
  • অঞ্চলত থকা চিকিৎসালয় বা স্বাস্থ্য-কেন্দ্ৰ সমূহে ৰূপায়ন কৰা স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰা
  • শিশুৰ ওজন আৰু উচ্চতা সময়ে সময়ে পৰীক্ষা কৰি থাকিব লাগে যাতে তেওলোকক আহাৰ খুউৱাত হীন-দেঢ়ি নঘটে
  • ব্যক্তিগত শৰীৰ সুৰক্ষা পোচাক আৰু আঁচ-বাব আটাইতকৈ প্ৰয়োজনীয় হল কৃষি ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰিবৰ বাবে দৰকাৰী সুৰক্ষা পোচাক আৰু আঁচ-বাব
  • পৰিয়ালৰ সকলোৰে শৰীৰৰ পুষ্টি, বিকাশ আৰু সু-স্বাস্থ্যৰ বাবে দৈনিক খাদ্য তালিকাত স্বাস্থ্যসন্মত খাদ্য ব্যৱহাৰ কৰা
  • মলমূত্ৰ ত্যাগ কৰিবৰ বাবে উপযুক্ত শৌচাগাৰ আৰু অনাময়ৰ ব্যৱস্থা থকা
  • ব্যৱহাৰ কৰা পানী যাতে নিৰ্মল, দুৰ্গন্ধমূক্ত হয়
  • যেতিয়া ডায়েৰীয়া বা বমিৰ লক্ষণ থকা কিছুমান সোঁচৰা ৰোগত ভুগি থকা হয়, তেতিয়া সতেজ পাচলি লৰা-মেলা আদি কৰিব নেলাগে
   

শস্যত সজ কৃষি অনুশীলন

খেতিৰ বাবে কোনখিনি স্থান আটাইতকৈ উপযুক্ত ?

-  খেতি কৰিব বিচৰা স্থানডোখৰত আগতে কি কৰা হৈছিল
-  পানীৰ সুবিধা থকা অধিক সাৰুৱা মাটিক চিনাক্ত কৰিব লাগে
-  দূষিত ৰাসায়নিক পদাৰ্থ থকা পথাৰত কেতিয়াও খেতি কৰিব নেলাগে
- পথাৰখন আৱৰ্জনা, কাগজ, প্লাষ্টিক আৰু খালি টেমা আদিৰ পৰা মুক্ত হব লাগে



-  পথাৰখনত যাতে পানী দূষিত হব নোৱাৰে তাক নিশ্চিত কৰিব লাগে

-      পথাৰখনৰ বিশেষকৈ খেতি কৰিব বিচৰা স্থানডোখৰৰ শস্য অনিষ্টকাৰী কীট, ৰোগ আৰু অপতৃণ আদিৰ বিষয়ে সম্যক জ্ঞান থাকিব লাগে
-      কাষৰীয়া মাটিৰ সাম্ভাব্য দূষিত উৎস পৰীক্ষা কৰিব লাগে



-      শস্যৰ নাম আৰু মাটিৰ খণ্ড নম্বৰ দি খেতি কৰা স্থানত ফলক আঁৰি দিব লাগে

-      এই সিদ্ধান্তবোৰ লবৰ বাবে এজন বিশ্বাসী বিশেষজ্ঞৰ প্ৰয়োজন হয়

-      বিশেষজ্ঞৰজনৰ সহযোগত মাটিৰ ধৰণ আৰু মাটিৰ কিমান তললৈকে শস্যৰ শিপা সুস্থ বৃদ্ধি হয় তাক নিৰ্দ্ধাৰণ কৰি লব লাগে
-      মাটিৰ ঢাল অনুসৰি কোনটো স্থানত শস্য ৰোপন কৰিব লাগে তাক নিৰ্দ্ধাৰণ কৰি লব লাগে
-      যিমান কমকৈ পাৰি সিমান কমকৈ মাটি চহ কৰিব লাগে
-      মাটিৰ খহনীয়া আৰু সংকোচন যাতে নহয়
-      শস্যাৱৰ্তন কৰা

শস্যৰ পৰিচালনা কেনেকৈ কৰিব ?
-      মাটিডোখৰৰ লগত খাপখোৱা বীজহে নিৰ্বাচন কৰিব লাগে
-      বিশেষজ্ঞৰ অনুমোদন মতে সঘনে হোৱা ৰোগ-ব্যাধিক প্ৰতিৰোধ কৰিব পৰা উন্নত বীজ নিৰ্বাচন কৰিব লাগে
-      যদি প্ৰয়োজন হয়, বীজৰ পৰা কীট আৰু ৰোগৰ বীজাণু  নাইকীয়া কৰিবৰ বাবে কিছুমান পদ্ধতি অৱলম্বন কৰিব লাগে যাতে সেইবোৰে শস্যক আক্ৰমণ কৰিব নোৱাৰে
-      খৰাং,অনিষ্টকাৰী কীট আৰু ৰোগৰ পৰা সাৰিবলৈ বীজ সিঁচাৰ উপযুক্ত তাৰিখ নিৰ্বাচন কৰিব লাগে
-      মাটিডৰাৰ এক উপযুক্ত স্থানত জাৱৰ-জোঠৰ পেলোৱা পাচি বা পাত্ৰ ৰাখিব লাগে যাতে দিনটোৰ কাম শেষ হোৱাৰ পিছত জাৱৰ-জোঠৰবোৰ তাত পেলাব পাৰি
-      নিৰ্দিষ্ট জোখতহে বীজ সিঁচিব লাগে
-      সবল পুলিহে ৰোপন কৰিব লাগে, দুৰ্বল আৰু ৰুগীয়া পুলি আঁতৰাই পেলাব লাগে
-      বীজাণুমুক্ত আৰু পৰিষ্কাৰ সঁজুলিহে খেতিৰ কামত ব্যৱহাৰ কৰিব লাগে

শস্য ৰক্ষা:
-      বীজতলীত: সূৰ্যৰ প্ৰখৰ তাপ আৰু দোবাল-পিটা বৰষুণৰ পৰা পুলিবোৰ ৰক্ষা কৰিব লাগে
-      সেউজ গৃহত: উষ্ণতা আৰু আদ্ৰতাৰ সু-নিয়ন্ত্ৰণ
-      বায়ু সঞ্চালন:  ঋতু অনুযায়ী আৰু শস্যৰ আৱশ্যকীয়তা অনুযায়ী উষ্ণতা, আদ্ৰতা আৰু বায়ুৰ নিয়ন্ত্ৰণ

পানী কেনেকৈ ব্যৱহাৰ আৰু পৰিচালনা কৰিব ?
-      পানীৰ দূষিতকৰণ নিৰীক্ষণ কৰিবলৈ  বছেৰেকত এবাৰ হলেও পথাৰখনৰ পানী পৰীক্ষা কৰিব লাগে
-      পানীৰ সদব্যৱহাৰ কৰা যাতে শস্যৰ দৰকাৰী পৰিমাণৰ পানীহে যোগান ধৰা হয়
-      পানীৰ উৎস থকা স্থানলৈ যাতে প্ৰাণী আদি আহিব নোৱাৰে
-      পানীৰ উৎস থকা স্থানৰ ওচৰে-পাজৰে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ আৰু মিহলি কৰিব নেলাগে

(ৰাষ্ট্ৰ সংঘৰ খাদ্য আৰু কৃষি সংস্থা (Food and Agriculture Organisation) Guidelines “Good Agricultural Practices” for Family Agriculture পুস্তিকাৰ সহায়ত এইলানি ৰচনাসেউজ চিন্তাৰ পাঠকৰ বাবে আগবঢ়োৱা হৈছে- সম্পাদক, সে.চি.)
Source: Guidelines “Good Agricultural Practices” for Family Agriculture- FAO publication


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান