কঠীয়া ৰোপন নকৰাকৈ পোনে পোনে বীজ সিঁচিও ধানখেতি কৰিব পাৰি
জ্যোতি বিকাশ নাথ
অসমত সিঁচা আহুধানৰ খেতি পৰম্পৰাগতভাবেই কৰি অহা হৈছিল
যদিও বৰ্তমান মাজুলী, লক্ষিমপুৰ, ধেমাজি অঞ্চলৰ মিচিং জনগোষ্ঠীৰ লোকসকলহে এই খেতি কৰে।
আহু খেতিৰ বতৰত কৃষকে আগতীয়াকৈ মিহিকৈ চহাই লোৱা বাম মাটিৰ পথাৰত পোনে পোনে ধানৰ বীজ
মূল পথাৰত সিঁচি দিয়ে। পিছত মৈ মাৰি, বন-বাত নিৰণি কৰি আপদাল কৰে আৰু আশানুৰূপ উৎপাদন
পাবলৈ সক্ষম হয়। কিন্তু এই পদ্ধতিত কৰা খেতি লাহে লাহে সংকুচিত হৈ আহিবলৈ ধৰিলে।
আমাৰ অসমত সাধাৰণতে শালিধানৰ বতৰত পোনে পোনে মূল পথাৰত
সিঁচি দিয়া খেতি নকৰে। কঠীয়া পাৰি মূল পথাৰত ৰোপন কৰিহে শালিধানৰ খেতি কৰে। কিন্তু
বৰ্তমান ধানখেতিৰ আয়-ব্যয়ৰ হিচাপ কৰি চাই, শ্ৰমিকৰ নাটনি তথা ৰোৱা-তোলা, ধান কটা ইত্যাদি
কথা বিবেচনা কৰি পোনে পোনে বীজ সিঁচি কৰা ধান খেতিৰ কথা ভাবিব পাৰি। অসমৰ বানপিড়িত
পথাৰবোৰত ধান ৰোৱাৰ কিছুদিন পিছত বানে আহি ধানে মহতিয়াই নিলে, ধানৰ কঠীয়া ৰোপন কৰি
শেষ কৰাৰ ফলত পুনৰ ৰোপন কৰিবলৈ ধানৰ কঠীয়াৰ অভাৱ হয়। বীজ থাকিলেও কঠীয়া পাৰি মূল পথাৰত
ৰোৱালৈ কৃষিকাল দীঘলীয়া হৈ ধানৰ উৎপাদন নোহোৱাৰ সম্ভাৱনাই অধিক। কিন্তু, এনে পৰিস্থিতিত
পোনে পোনে ধানৰ বীজ সিঁচি খেতি কৰিলে নিৰ্দিষ্ট সময়ত চপাব পাৰি আৰু উৎপাদনৰো বেছি তাৰতম্য
নহয়।
যন্ত্ৰৰ সহায়ত বীজ সিঁচাঃ
বৰ্তমান হাতেৰে সিঁচি দিয়া পদ্ধতিতকৈ যন্ত্ৰ বা মেচিনৰ
জৰিয়তে বীজ সিঁচাত অৰ্থাৎ যান্ত্ৰিকীকৰণত গুৰুত্ব প্ৰদান কৰা হৈছে। মেচিনৰ জৰিয়তে কঠীয়া
নপৰাকৈ প্ৰত্যক্ষভাবে মুল পথাৰত বোকা বা শুকান মাটিত প্ৰণালীৱদ্ধভাবে ধান সিঁচিব পাৰি।
বোকা মাটিৰ কাৰণে ‘ড্ৰাম ছিদাৰ’ আৰু শুকান মাটিৰ বাবে ‘ছিদ কাম ফাৰ্টিলাইজাৰ ড্ৰিল’
বীজ সিঁচিবৰ বাবে ব্যৱহাৰ কৰা হয়। বোকা মাটিৰ বাবে পথাৰখন বোকা কৰাৰ পিছত গজালি মেলা বীজ ‘ড্ৰাম ছিদাৰ’ৰ সহায়ত সিঁচি দিয়া
হয়।
নিসন্দেহে পোনে পোনে সিঁচি কৰা ধান খেতিত বন-বাতৰ সমস্যা
যে এক প্ৰধান সমস্যা সেয়া মানি লব পাৰি। হাতেৰে সিঁচি দিলে বীজ বিলাক যেনি-তেনি পৰি
যায় বাবে বন-বাত নিয়ন্ত্ৰণতো অসুবিধা হয়। কিন্তু মেচিনৰ জৰিয়তে সিঁচিলে ‘পাৱাৰ উইদাৰ’
(শক্তিচালিত বন-নিৰণি যন্ত্ৰ) ব্যবহাৰ কৰি বন-বাত নিৰনি কৰিব পাৰি।
অসমৰ বিভিন্ন জিলাত ৰূপায়ণ কৰা বিভিন্ন প্ৰদৰ্শনীমূলক
খেতিত দেখা গৈছে যে, ঠাইবিশেষে শুকান মাটিত ‘ছিদ কাম ফাৰ্টিলাইজাৰ ড্ৰিল’ৰ দ্বাৰা সিঁচা
পদ্ধতি আৰু ‘ড্ৰাম ছিদাৰ’ৰ দ্বাৰা বোকা মাটিত সিঁচা পদ্ধতিত ধানৰ উৎপাদন সঠিকভাবেই
পাবলৈ সক্ষম হৈছে।
যন্ত্ৰৰ সহায়ত বীজ সিঁচাৰ সুবিধাসমূহঃ
কঠীয়া নিসিঁচাকৈ মেচিনৰ জৰিয়তে প্ৰত্যক্ষভাবে মূল পথাৰত
সিঁচা পদ্ধতিত বহুখিনি সুবিধা আছে। তাৰ ভিতৰত উল্লেখনীয় কেইটিমান হ’ল-
- মেচিনৰ জৰিয়তে বীজবোৰ নিৰ্দিষ্ট দূৰত্বত আৰু সমান গভীৰতাত সিঁচিবলৈ পৰা যায়।
- কঠীয়া সিঁচাৰ পৰা ৰোৱালৈ প্ৰয়োজনীয় হোৱা খেতিয়কৰ কষ্ট আৰু খৰচ লাঘব হয়।
- পোনপটীয়াকৈ মূল পথাৰত সিঁচি দিয়া বাবে কঠীয়া উঠোৱাৰ সময়ত পোৱা আঘাটৰ পৰা কঠীয়াখিনি মুক্ত হোৱা বাবে ৭-১০ দিন আগতীয়াকৈ ধান কাটিব পৰা যায়।
- হাতেৰে সিঁচাতকৈ মেচিনৰ জৰিয়তে সিঁচিলে ধানৰ গোচাৰ ঘনত্ব বঢ়াব পাৰি
- পোনে পোনে সিঁচা পদ্ধতিত বন-বাতৰ সমস্যা অধিক হয় বাবে অপতৃণ-নাশক ব্যৱহাৰ কৰিবলগীয়া হয়। কিন্তু মেচিনৰ জৰিয়তে সিঁচিলে মাটি মৈয়াই সমান কৰি শস্যৰ সম বৃদ্ধি, জল আৰু বন-বাতৰ সু-ব্যৱস্থাপনা কৰিব পাৰি।
- পৰম্পৰাগতভাবে যিবোৰ অঞ্চলত মৈ দিয়া পদ্ধতিৰে ধানখেতি কৰি আহিছে সেইবোৰ অঞ্চলত সাধাৰণতে ধান গছবোৰ সমভাবে বৃদ্ধি নহয়। কোনোবা ঠাইত সেৰেঙা আৰু কোনোবা ঠাইত ডাঠ হয়। তদুপৰি প্ৰতিকূল বতৰ, চৰাই, এন্দুৰ, নিগনি, শামুক আৰু বন-বাতৰ পৰা হোৱা লোকচানৰ পৰা হাত সাৰিবলৈ খেতিয়কে উচ্চ হাৰত বীজ সিঁচে। কিন্তু , মেচিনৰ জৰিয়তে সিঁচিলে সেইবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।
- ঘন-ঘনকৈ সিঁচা ধান গছবোৰ ফুল ফুলাৰ পিছত বাগৰি যায় বাবে উৎপাদন কমি যায়। মেচিনৰ জৰিয়তে সিঁচিলে উক্ত সমস্যাৰ পৰা হাত সাৰিব পাৰি।
- মেচিনৰ জৰিয়তে সিঁচা ধানবোৰ পৰ্যাপ্ত গভীৰতাত পোত খোৱা বাবে পানৌৰ চাপ (খৰাং বা বানপানী) অৱস্থাত কিছু পৰিমাণে ধানবোৰ সহনশীল হয়।
- পানীৰ অপব্যৱহাৰ ৰোধ কৰিব পাৰি।
- শ্ৰমিকৰ প্ৰয়োজনীয়তা তুলনামূলকভাবে কম হয়।
- হাতেৰে সিঁচি দিয়া পথাৰত অধিক বীজ ব্যৱহাৰ হয় বাবে খৰচ বেছি হয়
- শ্ৰমিকৰ প্ৰয়োজনীয়তা তুলনামূলকভাবে কম হয়
- যন্ত্ৰৰ জৰিয়তে শাৰী শাৰীকৈ সিঁচাৰ ফলত বন-নিৰণি যন্ত্ৰৰ দ্বাৰা বন-বাত নিৰণি সম্ভৱ হয়
কৃষকৰ অভিযোগ- “পোনে পোনে সিঁচি কৰা ধানখেতিত ধান গছৰ বৃদ্ধি ভাল নহয়”। কথাতো হয়নে?
পোনে পোনে সিঁচি
কৰা ধানখেতিত ধান গছৰ বৃদ্ধি নোহোৱাৰ সাম্ভাব্য
কাৰণ কেইটিমান হল-
- পথাৰখনৰ মাটি ভালদৰে চহাই নোলোৱা আৰু মৈ নিদিয়া
- বেছি দ’কৈ বীজ সিঁচা
- সিঁচাৰ সময়ত পথাৰখনত অত্যধিক আলতীয়া মাটি থকা
- সিঁচাৰ পিছতে অত্যধিক বৰষুণ হোৱা
- সু-বীজ ব্যৱহাৰ নকৰা
- বীজবোৰ সমভাবে পথাৰত নিসিঁচা
- অনুমোদিত পৰিমাণতকৈ কম পৰিমাণৰ বীজ সিঁচা
- ধানৰ বৃদ্ধিৰ সময়ত পানীৰ নাটনি হোৱা
- চৰাই, পোক-পৰুৱা আৰু এন্দুৰৰ আক্ৰমণ
লিখকৰ ঠিকনা: বিশেষজ্ঞ,
কৃষি গৱেষণা আৰু বিকাশ, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান (ভাৰতীয় কাৰ্যালয়)