অসমৰ কৃষিক্ষেত্ৰলৈ কভিদ-১৯ য়ে সুযোগ আনিব পাৰিবনে?
নয়ন কুমাৰ বৰা
কভিদ-১৯
ৰ দুৰ্যোগৰ সময়তে সবাটোকৈ চৰ্চাৰ বিষয়টোৱে হ’ল স্ব-নিৰ্ভৰশীল অৰ্থনীতি। ‘লকডাউনে’ মানুহৰ
চিন্তা-মগজুত আনি দিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনৰ গুৰুত্ব। চহৰীয়া সংস্কৃতিৰ ধাম-খুমীয়াত
মছগুল হৈ থাকি আমাৰ মানুহখিনিয়ে যেন শুৱনি আমাৰ গাঁওখনৰ বিষয়ে পাহৰিয়েই গৈছিল। কিন্তু
প্ৰকৃতিৰ তাণ্ডব লীলাই মানুহক আকৌ প্ৰকৃতিৰ বিষয়েই যেন ভাবিবলৈ শিকালে। এনে সময়তে অসমৰ
কৃষি অৰ্থনৈতিক দিশটোৰ বিষয়েও সজোৰ আলোচনা হোৱা দেখা গৈছে। কিন্তু, আমি কিমান গভীৰতাৰ
মাজলৈ গৈ কথাবোৰ চিন্তা কৰিছো?
অসমৰ মুঠ জনসংখ্যা ৩.১২ কোটিৰ
ভিতৰত প্ৰায় ২.৬৮ কোটি (৮৫.৯০%) লোকেই গ্ৰামাঞ্চলত
বাস কৰে আৰু এই সকলৰ গৰিষ্ঠসংখ্যকেই হ’ল কৃষক নাইবা কৃষিৰ
লগত জড়িত। গতিকে অসমৰ কৃষি-অৰ্থনীতিৰ
বিকাশৰ কথা
চিন্তা কৰোতে যদি এই সকল গৰিষ্ঠসংখ্যক কৃষকৰ জীবনলৈ পৰিবৰ্তন নাহে তেন্তে আমাৰ সমাজলৈ
আকাংঙ্খিত পৰিবৰ্তন নাহিব।
কিন্তু, এইটো পৰিলক্ষিত
হৈছে যে,
অসমৰ
কৃষক আৰু কৃষিখণ্ডটোৰ সমস্যা, সম্ভাৱনা আৰু বিকাশৰ
ওপৰত যিমানখিনি সুস্থ চিন্তা-চৰ্চ্চা হ’ব লাগিছিল
সেয়াও
কিন্তু পৰিলক্ষিত
হোৱা নাই।
কৃষক শ্ৰেণী
|
অন্তৰ্ভূক্ত কৃষকৰ সংখ্যা
|
মুঠ কৃষকৰ শতাংশ
|
অন্তৰ্ভূক্ত মাটিৰ পৰিমাণ (হেক্টৰ)
|
মুঠ মাটিৰ শতাংশ
|
উপান্ত কৃষক(১হেক্টৰতকৈ কম)
|
১৮,৩১,১১৫
|
৬৭.৩২%
|
৭,৭৪,৭৯৬
|
২৫.৯২%
|
ক্ষুদ্ৰ কৃষক (১-২হেক্টৰ)
|
৪,৯৬,৫৭৪
|
১৮.২৫%
|
৬,৮৭,১৫৬
|
২২.৯৯%
|
নিম্ন মজলীয়া কৃষক (২-৪হেক্টৰ)
|
৩,০৩,৫২৮
|
১১.১৬%
|
৮,১৭,৯৮২
|
২৭.৩৭%
|
মজলীয়া কৃষক (৪-১০হেক্টৰ)
|
৮৪,৮৬৯
|
৩.১২%
|
৪,৩৭,৩৭২
|
১৪.৬৩%
|
বৃহৎ কৃষক (১০ হেক্টৰতকৈ অধিক)
|
৪,১৩৭
|
০.১৫%
|
২,৭১,৭৬৩
|
৯.০৯%
|
মুঠ
|
২৭,২০,২২৩
|
১০০%
|
২৯,৮৯,০৬৯
|
১০০%
|
তাঅসমৰ কৃষকৰ
শ্ৰেণী বিভাজন (উৎস:Economic
Survey Assam, 2017-18) (১হেক্টৰ = ৭.৫ বিঘা)
তালিকাৰ কৃষি পৰিসংখ্যালৈ লক্ষ্য
কৰিলে দেখা যায় যে, গৰিষ্ঠসংখ্যকেই হ’ল উপান্ত
আৰু ক্ষুদ্ৰ কৃষক (১৮,৩১,১১৫+ ৪,৯৬,৫৭৪
= ২৩,২৭,৬৮৯
জন) অৰ্থাৎ
মুঠ কৃষকৰ ৮৫.৫৭%(২৫.৯২%+
২২.৯৯%)।
কিন্তু
এই গৰিষ্ঠসংখ্যক কৃষকৰ হাতত মাটি আছে মুঠ মাটিৰ ৪৮.৯১%। অৰ্থাৎ প্ৰায় আধাতকৈও
কম মাটিহে
আছে। বাকী আধা মাটি আছে অন্যান্য কৃষক শ্ৰেণীৰ
হাতত। একেবাৰে তৃণমূল পৰ্যায়ত যদি চোৱা হয় তেতিয়া
এই কথাতোও গম পোৱা যাব যে উপান্ত আৰু ক্ষুদ্ৰ কৃষকসকলেই হ’ল কামে-কাজে কৃষক। এতিয়া আমি যদি অসমৰ কৃষি আৰু কৃষকৰ প্ৰগতিৰ
কথা চিন্তা কৰো,
গৰিষ্ঠ
সংখ্যক উপান্ত আৰু ক্ষুদ্ৰ কৃষকৰ কথাকেই আহি পৰে।
কিন্তু
এইসকল কৃষকৰ হাতত খেতি মাটিৰ পৰিমাণ গড়ে ০.৬৩ হেক্টৰ (প্ৰায় ৫
বিঘা)। লক্ষণীয় বিষয় হ’ল, সেই থকা
মাটিখিনিও খণ্ড খণ্ডহৈ সিঁচৰিত হৈ আছে। এতিয়া আমি
যদি কৃষিক্ষেত্ৰৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে বিজ্ঞানসন্মত প্ৰণালী, কৃষি যান্ত্ৰিকীকৰণ, অগ্ৰণী
কৃষি ইত্যাদিৰ কথা ভাবো প্ৰকৃততে সেইসকল কৃষকৰ প্ৰগতি হবনে? বহুক্ষেত্ৰত
দেখা যায় ধনী আৰু সৰহ মাটিৰ গৰাকীসকলে কৃষিক্ষেত্ৰত বিনিয়োগ কৰিবলৈ আগ্ৰহী নহয়। বৰঞ্চ অন্যান্য ব্যৱসায়-বাণিজ্যৰ
প্ৰতিহে তেওলোক অধিক আগ্ৰহী।
কথা হল, ভূমি সমস্যাৰ
এনে এক বিসংগতি থকাৰ স্বত্বেও আমাৰ উপান্ত আৰু ক্ষুদ্ৰ কৃষকসকলে কিন্তু কৃষিৰ আধুনিক
প্ৰযুক্তিকৌশলসমূহ (ৰাসায়নিক সাৰ, কীট-নাশক, পাৱাৰটিলাৰ, ট্ৰেক্টৰ, অগভীৰ নলীনাদ) প্ৰয়োগ
কৰি আহিছে। অন্যহাতে অধিক শস্যৰ উৎপাদনৰ ধাৰণাই মাটি
আৰু প্ৰকৃতিৰ ওপৰত জোৰ-জুলুম আৰম্ভ হল। বজাৰ ব্যৱস্থাৰ নিয়ন্ত্ৰণহীনতাই কৃষকৰ আয়
বৃদ্ধি হোৱাতকৈ তেওলোকৰ অৰ্থনৈতিক অৱস্থা দিনে দিনে বেয়াৰ ফাললৈ ঢাল খালে। দৰিদ্ৰতা আৰু ঋণৰ বোজাই কৃষকক হেঁচা মাৰি
ধৰিছে।
সেয়ে অসমৰ
গৰিষ্ঠ সংখ্যক কৃষকৰ অৰ্থাৎ উপান্ত আৰু ক্ষুদ্ৰ কৃষকৰ উন্নয়নৰ বিষয়টোৱে অসমৰ সামগ্ৰিক
উন্নয়নৰ কাৰ্যসূচীত মূখ্য স্থান পোৱা উচিত
অধিক শস্য উৎপাদন
আৰু কৃষকৰ আয় বৃদ্ধিৰ বিসংগতি:
কৃষি উন্নয়নৰ
আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ’ল- উৎপাদিত
সামগ্ৰী বিক্ৰিৰ বাবে এখন নিশ্চিত বজাৰ। দেখা গৈছে
যে,
অধিক
শস্যৰ উৎপাদন কৰিলেও কৃষকৰ অৰ্থনৈতিক উন্নয়ন আৰু জীৱনধাৰণৰ মানদণ্ড উন্নত নহয়। উদাহৰণস্বৰূপে, অসমৰ কৃষকে
বিস্তৃত এলেকাত বৰোধানৰ খেতি কৰি গড় উৎপাদন বৃদ্ধি কৰাৰ লগতে অসমক ধান উৎপাদনত স্বাৱলম্বী
কৰিলে। কিন্তু, কৃষকৰ আয় কিমান বৃদ্ধি হ’ল?
বিক্ৰি মূল্য নিম্নগামী হৈ কৃষকে লোকচানৰ সন্মুখীন হোৱা বাতৰি সঘনে শুনিবলৈ পোৱা যায়। ঠিক সেইদৰে শাক-পাচলি উৎপাদনতো অসমৰ কৃষকে উল্লেখযোগ্য বৰঙণি যোগোৱাৰ পিছতো কৃষকসকল বিশেষভাবে লাভাম্বিত হোৱা নাই। বজাৰলৈ ঠেলা গাড়ী ভৰাই শাক-পাচলি বিক্ৰি কৰিবলৈ আনি ৰাস্তাত পেলাই দিবলগীয়া হোৱা দৃশ্য নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছে। ঋণ লৈ শাক-পাচলিৰ খেতি কৰি ঋণ ঘুৰাই দিব নোৱাৰি কিমানজন কৃষকৰ জীবনলৈ অমানিশা নামি আহিছে তাৰ হিচাপ আমি কিমানজনে ৰাখিছো। অন্যহাতে নগৰীয়া অঞ্চলৰ গ্ৰাহকে কিন্তু নিতৌ উচ্চ দামতেই শাক-পাচলি আৰু অন্যান্য খাদ্যশস্য ক্ৰয় কৰিবলগীয়া হৈছে।
বজাৰৰ এই বিসংগতিবোৰ নোহোৱা কৰিবলৈ এতিয়া কি কৰিব লাগিব? বজাৰখনৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণো নাই বাবে মধ্যভোগীৰ অবাধ দপ্দপনি চলিছে। বজাৰখনৰ এনে সমস্যাৰ পৰা কিদৰে আমি কৃষকসকলৰ লগতে গ্ৰাহকসকলকো সকাহ দিব পাৰো সেইটোৱেই সাম্প্ৰতিক সময়ৰ কৃষি উন্নয়নৰ ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় চিন্তা হোৱা উচিত।
প্ৰাকৃতিক আৰু
মানব সম্পদৰ সঠিক ব্যৱহাৰ
প্ৰাকৃতিক
আৰু মানব সম্পদৰ উপযুক্ত আৰু পৰিকল্পিত ব্যৱহাৰে এখন সমাজৰ উন্নয়নৰ পথ ৰচনা কৰে। উৎপাদনী
সম্ভাৱনা থকা প্ৰতিবিধ বস্তুৱেই হল আমাৰ সম্পদ।
এই সম্পদৰ পূৰ্ণ ব্যৱহাৰৰ দ্বাৰা মানুহে খাবৰ বাবে এমুঠি অন্ন, পিন্ধিবৰ বাবে এসাজ
কাপোৰ, থাকিবৰ বাবে এটি ঘৰৰ লগতে অৰ্থ উপাৰ্জনৰ বাবে শিল্প-উদ্যোগ তথা বেহা-বেপাৰৰ
সমলখিনিও গোটাই লয়। এনে সমল সংগ্ৰহৰ সফলতা নিৰ্ভৰ কৰে মানুহৰ ওপৰত। দক্ষ, কৌশলপূৰ্ণ, বিজ্ঞানসন্মত শ্ৰমে প্ৰাকৃতিক
সম্পদক পৰিণত কৰে অমূল্য সম্পদত।
বৰ্তমান
আমাৰ সমাজত প্ৰাকৃতিক আৰু মানব সম্পদৰ কিদৰে চূড়ান্ত অপচয় হৈছে সেয়া আমি সকলোৱে
প্ৰত্যক্ষ কৰিছো। অজস্ৰ সম্ভাৱনা থকাৰ স্বতেও লাখ লাখ শিক্ষিত
যুৱক-যুৱতী নিবনুৱা হৈছে। লাখ লাখ কৃষক,
শ্ৰমিক আৰু কাৰিকৰে ব্যস্ত হৈ আছে কেৱল দুবেলা-দুমুঠি চাউল আৰু এসাজ কাপোৰ যোগাৰ
কৰাত। আমাৰ নিজৰ গাওঁ বিলাকলৈকে লক্ষ্য কৰোচোন। সৰহখিনি মানুহৰে আজি পেটে-ভাতে খাই থকাৰ অৱস্থা
হৈছে। সাৰুৱা পথাৰৰ মাটি আছে, বাৰী মাটি আছে আৰু শ্ৰম
কৰিব পৰা উপযুক্ত ব্যক্তিও আছে।
কিন্তু আৰ্থিক উন্নয়নহে হোৱা নাই। গাঁৱৰ
ভিতৰে-বাহিৰে আছে কৃষি, ক্ষুদ্ৰ উদ্যোগ, বাণিজ্য আদি উৎপাদনৰ অজস্ৰ সম্ভাৱনা।
পাৰ্গত শিপিনী, বাঢ়ৈ, ভাস্কৰ্য শিল্পী আদিও সিঁচৰিত হৈ আছে অনেকজন। কিন্তু, উন্নয়নৰ আঁচনিবোৰে আজিকোপতি সেই
সম্ভাৱনাবোৰৰ পৰিকল্পিত আৰু উপযুক্ত ব্যৱহাৰ কৰিব পৰা নাই।
যাৰফলত গ্ৰাম্য সমাজত প্ৰাকৃতিক আৰু মানব সম্পদৰ ব্যাপক অপচয় হৈছে।
প্ৰাকৃতিক আৰু
মানব সম্পদৰ এই ব্যাপক অপচয় ৰোধ কৰাৰ উপায় কি?
এইক্ষেত্ৰত
এখন জনকল্যানকামী চৰকাৰৰে হ’ল
প্ৰাথমিক দায়িত্ব। গ্ৰামাঞ্চলৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰবোৰ চিনাক্ত কৰি
সেইবোৰৰ ওপৰত উপযুক্ত কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰি ৰূপায়নৰ বাবে জনগণক
অংশীদাৰী কৰিব লাগিব। ইয়াৰ
বাবে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সফল ৰূপায়ন হব লাগিব।
এইটো প্ৰত্যক্ষ কৰা হৈ আহিছে যে পঞ্চায়ত ব্যৱস্থাৰ জৰিয়তে গ্ৰামাঞ্চলৰ অৰ্থনৈতিক
উন্নয়নৰ পৰিকল্পনা সাধাৰণতে কৰা নহয়। ফলত
সেই পঞ্চায়তৰ অধীনস্থ গাওঁসমূহত কেনেধৰণৰ অৰ্থনৈতিক কাম-কাজ কৰিব লাগিব সেয়া
চৰকাৰী আঁচনিত অন্তৰ্ভূক্ত নহয় আৰু উৰ্দ্ধতম মহলৰ পৰা জাপি দিয়া আঁচনিসমূহেই
ৰূপায়ন কৰিবলৈ প্ৰচেষ্টা লোৱা হয়। ধৰি
লোৱা হওক, এখন গাঁৱত জলসিঞ্চনৰ ব্যৱস্থা নাই।
এতিয়া সেই গাঁওখনত যদি হাইব্ৰীড ধানৰ খেতি কৰিবলৈ দিয়া হয়, আঁচনিখন সফল হবনে?
আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হল- তৃণমূল পৰ্যায়ত বিভিন্ন বিভাগসমূহৰ
সমন্বয় তথা ঐক্যৱদ্ধ প্ৰচেষ্টাৰে আঁচনি ৰূপায়ন নোহোৱাতো। বহুসময়ত একেখন আঁচনিকে বেলেগ ৰূপত কেইবাটাও বিভাগে
ৰূপায়ন কৰে। যাৰফলত হিতাধিকাৰীসকলে বিপাঙত পৰে আৰু আঁচনিৰ সফল
ৰূপায়নত বেমেজালিয়ে দেখা দিয়ে। সেয়ে
প্ৰতিখন গাঁৱৰ বাবে অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনা কি হব সেয়া তৃণমূল অৰ্থাৎ
পঞ্চায়ত পৰ্যায়তে প্ৰতিটো বিভাগৰ সহযোগিতাত সিদ্ধান্ত লোৱা উচিত। উক্ত অৰ্থনৈতিক পৰিকল্পনাত কেৱল যে চৰকাৰী বিভাগ
সমূহেই অন্তৰ্ভূক্ত হব লাগে তেনে নহয়, বে-চৰকাৰী সংস্থা, বেংক আৰু অন্যান্য
বিত্তীয় প্ৰতিষ্ঠান সমূহো জড়িত হোৱা উচিত।
এনেদৰেই এখন সুস্থ অৰ্থনৈতিক পৰিকল্পনাৰে প্ৰাকৃতিক আৰু মানব সম্পদৰ ব্যাপক অপচয়
ৰোধ কৰিবলৈ শক্তিশালী কিছু পদক্ষেপ গ্ৰহণ কৰিব পাৰি।
গ্ৰাম্য অৰ্থনীতি মূল ভেটি- বাৰীখন
অসমৰ প্ৰায় প্ৰত্যেক ঘৰ পৰিয়ালতে এখনি বাৰী অৰ্থাৎ বহলভিত্তিক
উদ্যান শস্যৰ বাগিচা আছে। কেৱল ভাৰততে নহয়, পৃথিৱীৰ ভিতৰতে বিৰল এই আমাৰ গাঁও আৰু বাৰীখনে আমাৰ ঐতিহ্য
বহন কৰাই নহয়, গ্ৰাম্য অৰ্থনীতি মূল ভেটি হিচাপে পৰিগণিত হৈ আছে। আহোম ৰাজত্বৰ (১২২৮- ১৮২৬ চনলৈকে) দিনৰ পৰা এই
‘বাৰী’খনে অসমীয়া মানুহৰ সাংস্কৃতিক ঐতিহ্যও বহন
কৰিছে।
“The rule of Pratap Singha
(1611-1648) is significant in more than one way in giving Assam some permanent
socio-economic structures. It was during the rule that Momai Tamuli Borbarua
established model villages and introduced paik system in a systematic
way which remains till the end of the basic character of agrarian life of
people of Assam under the Ahoms. It was through paik system that land
were brought under regular and settled cultivation by their equal distribution
among the paik workers and jungle
lands were also cleared for gradual expansion of wet rice cultivation. Besides
the King built a numbers of embankment-cum-roads with paik labourers which were largely in use to control
flood and protect the agricultural fields.”- (Agrarian System of Medieval
Assam- by Jahnabi Gogoi Nath)
আমাৰ গ্ৰামাঞ্চলৰ প্ৰত্যেকজন কৃষকৰ নিজৰ একোখনকৈ বাৰী আছে। প্ৰায় ১ কঠা মাটিৰ পৰা ১৫-২০ বিঘালৈকে এই বাৰীবোৰত মাটি আছে। এই বাৰীখন সাধাৰণতে এখনি সমন্বিত উদ্যান শস্যৰ বাগিচা, যিখন আমি ভাৰতৰ অন্যান্য স্থানত দেখিবলৈ পোৱা নেযায়। নিজৰ পৰিয়াল বস-বাস কৰা
ঘৰটিৰ উপৰিও হাঁহ পালন, ছাগলী পালন, মীন
পালন, গাহৰি পালন, এড়ি পলু পালন,
মুগা পলু পালন, শাকনি বাৰী, বনৌষধি, থলুৱা ফলমূল, কল,
অমিতা, তামোল, নাৰিকল,
ৰবাব টেঙা, নেমুটেঙা, মচলা
(হালধি, আদা), ফুলনি আৰু
কত যে কি…. । ঘৰৰ পিছফালে এডৰা
বাঁহনিৰ উপৰিও কিছুমান বনজ সম্পদো থাকে। ঘৰখনিৰ সন্মুখত থকা মেটমৰা ‘ভৰাল’টোৱে চহকী মানুহৰ চিনাকি নিদিয়েনে বাৰু!
মৰণা মৰা চোতাল, গোহালি ঘৰ, গোঁসাই ঘৰ আদিয়ে ঘৰখনিৰ সৌন্দৰ্য বঢ়োৱাই নহয়, এইবোৰ
দৈনন্দিন জীৱনৰ বিভিন্ন কামত সময়ে সময়ে ব্যৱহাৰ কৰা হয়। ঘৰৰ সন্মুখত থকা এখনি ফুলনি বাগিচা আৰু চৌহদত থকা বাঁহৰ জেওৰাখনিয়েও
সৌন্দৰ্য বঢ়ায়। বাৰমাহে লাও, জিকা লাগি থকা
চাঙখনিয়ে ঘৰখনক বতৰৰ পাচলি যোগান ধৰাই নহয়, দুপইচা অৰ্জনতো সহায়
কৰে।
সাম্প্ৰতিক এইটো পৰিলক্ষিত হৈছে যে থলুৱা ফলমূল, শাক-পাচলি, মচলা,
বনৌষধি আদিয়ে নগৰ অঞ্চলত চাহিদা বৃদ্ধি কৰিছে। কিয়নো এইবোৰত থকা উচ্চ পৰিমাণৰ পুষ্টিমৌল আৰু ঔষধি গুণে নাগৰিকসকলক
খাদ্যদ্ৰব্যৰ প্ৰতি সচেতন কৰিছে। দৰকাৰী কথা হল আমাৰ
গ্ৰামাঞ্চলৰ বাৰীয়ে-ঘৰে কচু, ঢেকীয়া,
মানিমুনি, কলমৌ, কলডিল আদি
প্ৰাকৃতিকভাবেই হয় আৰু এইবোৰ বছৰ বছৰ ধৰি মানুহে ব্যবহাৰ কৰি আহিছে। গতিকে এইবোৰ নিসন্দেহে জৈৱিক।
আমাৰ কৃষকসকলৰ বাবে এই বাৰীখন হ’ল গ্ৰাম্য-অৰ্থনীতিৰ মূল ভেটি। সাধাৰণতে পৰিয়ালৰ দৈনন্দিন খা-খৰচৰ বাবে, ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰচ, কাপোৰ-কানিৰ খৰচ, উৎসৱ-পাৰ্বনৰ খৰচ,
চিকিৎসাৰ খৰচ ইত্যাদি বাৰীখনৰ উপাৰ্জনৰ পৰাই আহে। সাপ্তাহিক বজাৰবোৰত আমাৰ খেতিয়কসকলে নিজৰ উৎপাদিত শস্যবোৰ
বিক্ৰি কৰি প্ৰয়োজনীয় সামগ্ৰীবোৰ ক্ৰয় কৰি আনে। যদিও বাৰীবোৰ বিজ্ঞানসন্মত পদ্ধতিৰে পৰিচালনা কৰা নহয়, তথাপি কিন্তু এই বাৰীখন হল কৃষকৰ বেঙ্ক আৰু ভৱিষ্যতৰ বীমা।
অসমৰ কৃষকৰ অৰ্থনৈতিক উন্নয়ত এই বাৰীখনে এক উল্লেখযোগ্য ভূমিকা
বহন কৰি আহিছে। গতিকে কৃষকৰ উন্নয়নৰ আঁচনিয়ে এই বাৰীবোৰক সামৰি লোৱাটো জৰুৰী
হৈ পৰিছে। ইয়াৰবাবে এক সমন্বিত সম্প্ৰসাৰণ আঁচনিৰ প্ৰয়োজন হব।
গ্ৰামীন নগৰৰ ধাৰণা:
আমাৰ
গাঁও বিলাকৰ এনে এটা পৰিবেশ কল্পনা কৰকচোন- "চাৰিওফালে গছ-গছনি, বাৰমাহেই
খেতি-পথাৰ;
ৰাস্তা-
পদূলিবোৰ আহল-বহল পকী; পথাৰৰ মাজে মাজে সৰু সৰু পকী ৰাস্তা; সকলো
স্থানতে বিজুলী, যোগাযোগ আৰু খোৱা পানীৰ সু-ব্যৱস্থা; পথাৰৰ
মাজে মাজে গোটেই বছৰ জুৰি পানীৰে পৰিপূৰ্ণ হৈ থকা জলসিঞ্চনৰ নলা; শস্য
পথাৰৰ মাজতে মজুত ভঁৰাল; ঠায়ে ঠায়ে সকলো সুবিধা থকা আটক-ধুনীয়া গ্ৰাম্য
বজাৰ; আহল-বহল বাৰীৰ সৈতে এখনি সুন্দৰ ঘৰ, ঘৰবোৰ
আধুনিক অথচ স্থানীয় কলা-কৃষ্টি বৈশিষ্টপূৰ্ণ; বিদ্যালয়বোৰো
সুস্থ শিক্ষা বিকাশৰ কেন্দ্ৰ .......... আৰু যে ক’ত কি!
এনে এক কাল্পনিক “গ্ৰামীন নগৰ”ৰ বাস্তৱিক ৰূপ দিব পৰাতো সম্ভৱনে?
আমি ভাবো ই সম্ভৱ। কিয়নো, পৰিকল্পিত চিন্তাৰে আমাৰ গাওঁবোৰক আটক ধুনীয়াকৈ সজাই তুলিব পাৰি। কিয়নো, আমাৰ অসমৰ গাঁওবোৰৰ এক সুকীয়া বৈশিষ্ট আছে। যিবোৰ বৈশিষ্ট
ভাৰতৰ আন ৰাজ্যবোৰত সাধাৰণতে দেখিবলৈ পোৱা নেযায়। আনকি আমাৰ
বোধেৰে এই বৈশিষ্ট সমগ্ৰ পৃথিৱীৰ ভিতৰতে বিৰল। কিন্তু হাতীয়ে
যেনেকৈ নিজৰ শৰীৰৰ শক্তিৰ উমান নেপায়, ঠিক তেনেকৈ আমিবোৰেও আমাৰ সম্ভাৱনাখিনিক
অনুভব কৰা নাই। তাহানি মোমাই তামুলী বৰবৰুৱাৰ দিনতে এই সম্ভাৱনাৰ বীজ ৰোপন কৰা হৈছিল। এই মোমাই তামুলী বৰবৰুৱাৰ আহ্বানতে তামোলৰ বাৰী পাতি প্ৰতিঘৰ পৰিয়ালৰে
বাৰীখনক এক অৰ্থনৈতিক উত্পাদন ক্ষেত্ৰলৈ পৰিৰ্বতন কৰা হৈছিল আৰু গাঁও পাতি বাস
কৰাৰ ধাৰণাটোক গতিশীল কৰিছিল। গ্ৰামীন ৰাইজেও নিজৰ ঘৰখনৰ লগতে উপাৰ্জনৰ ক্ষেত্ৰখনো
গঢ়ি তুলি এক বিৰল স্ব-নিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলাৰ লগতে সাংস্কৃতিক বিকাশৰ
পথটোও গতিশীল কৰি তুলিলে। কিন্তু পৰৱৰ্তী সময়ত মানৰ আক্ৰমণ, বৃটিছৰ আগমন আৰু আহোম
শাসন যুগৰ পৰিসমাপ্তিয়ে অসমৰ গাঁওবোৰৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশৰ ধাৰাটোক
স্তিমিত কৰিলে। স্বাধীনত্তোৰ কালত গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে বিভিন্ন পৰিকল্পনা আৰু
কৰ্মসূচী লোৱা হ’ল যদিও স্বাধীনতাৰ অৰ্ধ শতিকা পাৰ হৈ
যোৱাৰ পিছতো আমাৰ গাঁওসমূহত চকুত লগা বিধৰ পৰিবৰ্তন নহল। মহাত্মা গান্ধীৰ ৰাম ৰাজ্য প্ৰতিস্থা নহল। পঞ্চায়তীৰাজ
ব্যৱস্থাৰে গ্ৰাম্য স্বৰাজ তথা অৰ্থনৈতিক বিকাশৰ পথ ত্বৰাম্বিত নহল।
নগৰাঞ্চলৰ বিকাশৰ বাবে যেনেদৰে পৰিকল্পনা কৰা হৈছে,
পুঁজি বিনিয়োগ কৰা হৈছে গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে তেনে পদক্ষেপ লোৱা নাই। যিখিনি লোৱা হৈছে সেইখিনিও উপযুক্তভাবে ৰূপায়ন হোৱা নাই। শিক্ষিত আৰু সমৰ্থবানজনে এতিয়া গাঁৱত থাকিবলৈ নিবিচাৰে। চহৰমুখী সোঁতে গাঁওবিলাকৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত
বাৰুকৈয়ে প্ৰভাব বিস্তাৰ কৰিছে। সেয়ে আমি ভাবো ‘গ্ৰামীন নগৰ’ৰ ধাৰণাৰে আমাৰ গাঁওবিলাকক সজাই-পৰাই
তুলি ৰাজ্যখনক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ চিন্তা কৰিব পাৰি।
সাম্প্ৰতিক
সময়ৰ প্ৰয়োজন- কৃষি উদ্যমীতা (Agri-Entrepreneurship)
‘এন্ট্ৰিপ্ৰিনিউৰশ্বিপ’
বা উদ্যমীতা হ’ল বৰ্ত্তমান সময়ৰ এটি গুৰত্বপূৰ্ণ
বিষয়। মুক্ত অৰ্থনীতি বিকাশৰ লগে লগে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহতো
এই উদ্যমীতাই সামগ্ৰিক অৰ্থনৈতিক দিশতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনত অনুন্নত অঞ্চলৰ গৰিষ্ঠসংখ্যক
জনগণৰ কল্যান সাধনৰ বাবে এই কৃষি উদ্যমীতা অতি প্ৰয়োজনীয়। কিয়নো সেইখিনি মানুহে নিয়োজনৰ বাবে কৃষি ক্ষেত্রখনৰ ওপৰতে
নিৰ্ভৰশীল। গ্ৰামাঞ্চলৰ নিবনুৱাসকলৰ নিয়োজনৰ বাবে ‘উদ্যমীতা’ৰ বিকাশ সাধন কৰিব লাগে।
উদ্যমীতা মানে কি?
উদ্যমীতাৰ অৰ্থ হ’ল- অৰ্থনৈতিক অনিশ্চয়তাৰ প্ৰত্যাহ্বান লৈ কিবা এটা নতুন সৃষ্টি কৰিবলৈ সংগঠিত আৰু সমন্বয় সাধন কৰা। সংগঠনভেদে সেই উদ্যমীতাও ভিন্ন হয়।
ম্যাবাক্লেন্দ্ৰৰ মতে-“সেইজনকে উদ্যমী কোৱা হয় যিজনে উৎপাদনৰ উপাদানসমূহৰ নিয়ন্ত্রণ কৰে আৰু নিজৰ প্ৰয়োজনতকৈ অধিক উৎপাদন কৰি লাভ লৈ বিক্ৰি কৰে। উদ্যমী এজনে সমন্বয়, সংগঠন আৰু তত্বাৱধান
কৰে। উদ্যমী এজন সাধাৰণতে এজন উদ্ভাৱক হয় আৰু যিয়ে নতুনত্বৰ সংযোগ
কৰে। উদ্যমী হ’ল সেইজনেই যিজনে লাভ আৰু উত্তৰনৰ বাবে সুযোগ সুবিধাবোৰ চিনাক্ত কৰি তথা আৱশ্যকীয়
উৎসবোৰত পুঁজিৰ সংযোজন ঘটাই বাধা-বিঘিনি তথা অনিশ্চিয়তাৰ স্বত্বেও
এটি নতুন ব্যৱসায় সৃষ্টি কৰি আগবঢ়াই নিয়ে।
(লিখনিটো পূৰ্বে দৈনিক বাতৰিকাকত 'নিয়মীয়া খৱৰ'ত প্ৰকাশিত "অসমৰ কৃষিলৈ সুযোগ কোনবাটেৰে" লিখনিৰ সামান্য সালসলনিৰে প্ৰকাশ কৰা হ'ল- লেখক)