'আদা'ৰ পৰাও গঢ়ি তুলিব পাৰি বিভিন্ন গ্ৰাম্য উদ্যোগ
ড০ লক্ষী শইকীয়া
আদাৰ
পৰা বিভিন্ন ঔষধি দ্ৰব্য আৰু ভোজ্যকৰণ সামগ্ৰী যে প্ৰস্তুত কৰিব পৰা
যায়-সেই কথা সকলোৱে জানে।
উত্তৰ
পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনকে ধৰি অসমৰ যথেষ্ট পৰিমাণৰ আদা উৎপাদন হয়।
এই
কৃষিজাত সম্পদৰ পৰা ক্ষুদ্ৰ উদ্যোগ কিছুমান স্থাপন কৰাৰ ধাৰণা এটা সকলোৰে
বাবে আৱশ্যক হৈছে।
আদাৰ ভিতৰত সন্নিহিত হৈ থকা
সুগন্ধি আৰু তীব্ৰ স্বাদৰ বাবেই ই খাদ্য হিচাবে সমাদাৰ লাভ কৰি আহিছে। বিশেষকৈ শুকান আদা মচলা আৰু ঔষধ হিচাবে ব্যাপক
হাৰত ব্যৱহাৰ কৰা হয়। ব্যৱসায়ীক
দিশত ৰপ্তানি কৰিবলৈ ইয়াৰ সুগন্ধ আৰু মনোৰম গুণখিনি নিষ্কাশন কৰি তেল হিচাবে সংগ্ৰহ
কৰি লোৱা হয়। অৰ্থাৎ ই এক জুলীয়া মছলালৈ ৰুপান্তৰিত হয়। ইয়াৰ উপৰিও আন এবিধ ভোজ্যকৰণ দ্ৰব্য “অলিঅ’ৰেজিচন” (Oleoresins) আদাৰ পৰাই প্ৰস্তুত কৰিব পাৰি।
আদাৰ
পৰা সংগ্ৰহ কৰা এই তেল বা জুলীয়া চৰ্বী মানুহৰ আহাৰ, পানীয় দ্ৰব্য আৰু
ঔষধত দেশ-বিদেশে ব্যৱহাৰ হৈ আহিছে। সেইবাবে ইয়াৰ বানিজ্যিক গুৰুত্ব বহুত বেছি।
আদাৰ উপাদানসমূহ:
সাধাৰণতে আদাত শতকৰা ১-৩ ভাগ উদ্বায়ী তেল, শতকৰা ৪-৯ ভাগ
এচিটনত নিষ্কাষিত দ্ৰব্য, শতকৰা ৪-৯ ভাগ
উদ্ভিদৰ আঁহ, শতকৰা ১-৩ ভাগ চৰ্বী আৰু শতকৰা
৪০-৬০ ভাগ শ্বেতসাৰ পোৱা যায়।
কেঁচা আদাৰ পৰা শুকান আদা প্ৰস্তুত
কৰিব পাৰি। সেইদৰে পাত্ৰত সংৰক্ষিত ভোজ্যকৰণ দ্ৰব্য
হিচাবে আৰু চূৰ্ণ
হিচাবে, সংগৃহীত তেল হিচাবে আৰু ৰূপান্তৰ কৰিব
পৰা জুলিয়া দ্ৰব্য হিচাবেও আমি বিভিন্ন ৰূপত আদাৰ ব্যৱহাৰ কৰিব পাৰো।
শুকান আদা:
অধিক মূল্য, দীৰ্ঘ কালৰ মজুতকৰণ আৰু ৰপ্তানি কৰিবৰ বাবে আদাবোৰ শুকুৱাৰ ব্যৱস্থা লব পাৰি। ৰপ্তানি কৰিবলৈ আৰু অধিক মূল্য লাভ কৰিবলৈ
আদাবোৰ প্ৰথমতে ভালদৰে পৰিষ্কাৰ কৰি বাকলি গুচাব লাগে আৰু ৬ ঘন্টা জুৰি শতকৰা ২ ভাগ
শক্তিৰ চূণৰ পানীত ডুবাই পৰিপুষ্টি কৰিব লাগে।
ইয়াৰ
পিচতে ৬০-৭০ ডিগ্ৰী চেন্টিগ্ৰেড বায়ুৰ তাপমাত্ৰাৰ ভিতৰত ২৫-৩০
ঘন্টা কাল ৰখাৰ আৱশ্যক। ঘৰত ব্যৱহাৰ
কৰিবলৈ নাইবা কম মূল্যতে বিক্ৰী কৰিবলৈ বাকলি নুগুচোৱাকৈ ৰ’দত শুকুৱাই লব পাৰি।
বতৰ
অনুসৰি শুকুৱাই লোৱাৰ সময় বিভিন্ন
হয় ।
আদাৰ চূৰ্ণ :
দুই ধৰণে আদাৰ চুৰ্ণ কৰিব পাৰি। প্ৰথমতে বাকলি গুচোৱা, প্ৰস্তুতি কৰা (treated) আৰু শুকান আদা চাকী কলত
(reduction
mills)
নাইবা ঘৰুৱা ভাৱে ব্যৱহৃত গুড়ি কৰা যন্ত্রত
(grinders) চূৰ্ণ কৰিব লাগে।
দ্বিতীয় পদ্ধতিটোত আদাৰ পৰা
তেল নিষ্কাশন কৰি লোৱা পিচত চূৰ্ণ কৰিব লাগে।
এনে
আদাত স্বাদৰ তীব্ৰতা থাকে আৰু সেইবাবে বজাৰত ইয়াৰ মূল্য প্ৰতি কিলোত বৰ্তমান ৭,০০০ (সাত হাজাৰ) টকা পৰ্যন্ত।
পাত্ৰস্থকৰণ বা সংৰক্ষণ:
সংৰক্ষণ বা পাত্ৰস্থকৰণৰ বাবে
লব খোজা আদা আগতীয়াকৈ তুলি আনিব লাগে। এনেকৈ সংগ্ৰহ কৰি লোৱা আদাৰ ঠেঙুলিবোৰ ধুই-মেলি পৰিষ্কাৰ কৰি লৈহে সংৰক্ষণৰ বাবে প্ৰস্তুত কৰি লোৱা উচিত। অৱশ্যেই গুণানুসাৰে আদাৰ ঠেঙুলিবোৰ আগতে শ্ৰেনীবদ্ধ(gradation) কৰি লোৱা ভাল। তেতিয়া
গুণ আৰু মান ৰক্ষা কৰা হয়। তেতিয়াহে
বাণিজ্যিকভিত্তিত সফলতা লাভ কৰিব পাৰি। মানবিশিষ্ট
আদাৰ পৰা সংৰক্ষণৰ ক্ষেত্ৰত উচ্চমাণ বিশিষ্ট হৈ পৰে।
সংৰক্ষণ পদ্ধতিৰ বাবে আৱশ্যকীয় চিৰাপ-মিশ্ৰন, নিষ্কাশন, চেনিৰ দানা প্ৰয়োগ আদি স্তৰ আৰু প্ৰনালীবোৰ
উপযুক্ততাৰে অনুসৰণ কৰিব লাগে। ইয়াৰ পিচতহে
পেকেজ কৰি বাণিজ্যৰ বাবে সাজু কৰা উচিত। এনে অৱস্থাত
উদ্যোক্তা সকলৰ প্ৰশিক্ষণ লোৱা আৱশ্যক হৈ পৰে।
আদাৰ পৰা
তেল আৰু আন ভোজ্যসামগ্ৰী:
অসমত বিভিন্ন জাতৰ আদা উৎপাদন
হয়। এইবোৰ তেল আহৰণ কৰিবলৈ নাইবা অলিঅ’ৰেজিন (Oleoresins) প্ৰস্তুত কৰিবলৈ অতি উত্তম। ইয়াৰে ভিতৰত
মৰাণ আদা আৰু যোৰহাট কঠিন জাত অতি গুণবিশিষ্ট।
এই
দুবিধৰ শতকৰা ৩-৪ ভাগ পৰিৱৰ্তনীয় তেল আৰু শতকৰা ৫-৭ ভাগ অলিঅ’ৰেজিন বিশিষ্ট গুণ থাকে। আদাৰ তেল
প্ৰস্তুত কৰা আৰু অলিঅ’ৰেজিন প্ৰস্তুত কৰা অতি লাভজনক কুটীৰ শিল্প হিচাবে পৰিগণিত। এই দুবিধৰ ভাৰতত আৰু বিদেশত ব্যাপক চাহিদা
আছে। গাৱলীয়া অঞ্চলতো এনে ক্ষুদ্ৰ কুটীৰ শিল্প
প্ৰসাৰৰ বহুতো থল আছে।
ৰাসায়নিক দ্ৰব্য আৰু নানা আহিলা-পাতিৰ সহায়ত আদাৰ পৰা তেল নিষ্কাশন কৰা হয়।
ইয়াৰ
অন্যান্য
ভোজ্য সামগ্ৰী উৎপাদনতো মিশ্ৰণ, দ্ৰাৱক আদিৰ প্ৰয়োগ
কৰিব লাগে। তেলত সুগন্ধ আৰু মনোৰম গুণখিনি অটুত থাকে; অলিঅ’ৰেজিন আদি সামগ্ৰীত থাকে ইয়াৰ তীব্ৰ মূখৰোচক গুণ। যি কি নহওক আদাৰ এনেবোৰ গুণ থকাৰ বাবেই চাহিদা
বৃদ্ধি হৈ আহিছে।
গতিকে দেখা গৈছে যে বৰ্তমান
কালত আদাৰ ৰস, তেল আৰু অন্যান্য ভোজ্য-সামগ্ৰী,
বিভিন্ন ঔষধ, পণ্যসামগ্ৰী
আৰু ভোজ্য প্ৰকৰণত ব্যাপকভাৱে ব্যৱহাৰ হৈ আহিছে।
সেইবাবে
এনেবোৰ উৎপাদিত সামগ্ৰীৰ ৰপ্তানি চাহিদা বৃদ্ধি পাই আহিছে।
এনে
সুবিধাৰ আলমতে আমাৰ ৰাজ্যত চৰকাৰী, অনাচৰকাৰী সকলো খণ্ডৰ যোগে
আদাৰ পৰা সামগ্ৰী উৎপাদন কৰা ক্ষুদ্ৰ শিল্পগোট কিছুমান গঢ়ি তুলিব পৰা যায়।
আদাৰ তেলৰ
ক্ষুদ্ৰ উদ্যোগ
বছৰেকীয়া উৎপাদন সামৰ্থ্য-১৫০ টন নিৰূপিত ব্যৱহাৰ যোগ্যতা শতকৰা ৯০ ভাগ।
এতিয়া সকলোৱেই বুজি উঠিছে যে
আদা এবিধ গৌণ শস্য নহয়। ই মুখ্য
স্থান অধিকাৰ কৰিছে ইয়াৰ ব্যৱহাৰ আৰু বাণিজ্যিক দিশত।
ঘৰতে
কৰা কূটীৰ শিপ্ল নাইবা ক্ষুদ্ৰ উদ্যোগৰ বাবে আদা এবিধ মূল্যবান কেঁচা সামগ্ৰী আৰু এই
কেঁচা সামগ্ৰী প্ৰচুৰ উৎপাদন কৰিব পাৰি অসমৰ ঘৰে-বাৰীয়ে।
লেখকৰ ঠিকনা: প্ৰয়াত ড০ লক্ষী শইকীয়া, অধ্যাপক, অসম কৃষি বিশ্ব-বিদ্যালয়ৰ এই লিখনিটো পূৰ্বে সেউজ চিন্তাত প্ৰকাশিত।