কৃষি পাম ব্যৱসায়ৰ কিছুমান নিয়মাৱলী
আত্ম বিশ্লেষণ:
কোনো এক ব্যৱসায় আৰম্ভ কৰোতে আত্ম বিশ্লেষণ অতি দৰকাৰী। নিজৰ শক্তি-সামৰ্থ্য, দুৰ্বলতা, সুযোগ আৰু প্ৰত্যাহ্বানবোৰ নিৰ্দ্ধাৰণ কৰি কিমানদূৰ উপযোগী আৰু আৰু অনুপযোগী বিষয়ৰ লগত মোকাবিলা কৰিব বিচৰা হৈছে সেয়া গম পোৱা যাব।
- আৰম্ভ কৰিব বিচৰা ব্যৱসায়ৰ ওপৰত প্ৰয়োজনীয়তা আৰু ৰাপ আছেনে?
- নিজৰ ৰাপ আৰু মনোভাৱৰ লগত ব্যৱসায় প্ৰতিষ্ঠানৰ চৰিত্রৰ মিল আছেনে?
- ব্যৱসায়টো ৰূপায়নৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু যোগ্যতা আছেনে?
- দক্ষতা বিকাশৰ বাবে সক্ষমতা বৃদ্ধি প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছেনে?
- কি কি উৎস নিজৰ হাতত আছে? যেনে, মানৱ সম্পদ, বিত্তীয় সম্পদ
- কিমান পৰিমাণৰ বিত্তীয় সম্পদ বিনিয়োগ কৰিবলৈ নিৰ্দ্ধাৰণ কৰা হৈছে? সেইখিনি যথেষ্ট হয়নে?
- কোনো বিত্তীয় বিনিয়োগ গৰাকীৰ লগত যোগাযোগ কৰাতো দৰকাৰ হ’বনে?
কি উৎপাদন আৰু বিক্ৰি কৰা হ’ব?
কি উৎপাদন কৰা হ’ব?
- মাটিৰ ক্ষমতা নিৰ্দ্ধাৰণ: মাটিৰ ধৰণ, ভূ-তল, জলসিঞ্চন, পানী নিৰ্গমন, পৰিৱেশীয় বাধা
- উৎপাদনৰ বাবে আৱশ্যকীয় উৎপাদনৰ লগত মাটিৰ ক্ষমতা মিলাব লাগিব
- প্ৰচলিত আইন কানুন
- উৎপাদন তথ্য: উৎপাদনৰ বাবে আৰু পৰৱৰ্ত্তী পৰ্যায়ৰ বাবে দৰকাৰী প্ৰযুক্তি কৌশল, সজুঁলি আৰু যন্ত্ৰপাতিৰ উপলভ্যতা, পৰিৱেশ সেৱা আদি।
- উৎপাদন তথ্যৰ উৎস: কিতাপ, ইন্টাৰনেট গৱেষণাপত্র
- বিকল্প আৰু প্ৰতিযগীতামূলক সামগ্ৰীৰ উপলভ্যতা।
- কি বিক্ৰি কৰা হ’ব?
- কেনেধৰণৰ উৎপাদিত দ্ৰব্য বিক্ৰি কৰা হ’ব?
- কিমান পৰিমাণে বিক্ৰি কৰা হ’ব?
- বজাৰৰ ধৰণ কি?
- কেনেধৰণৰ বজাৰ মাধ্যম ব্যৱহাৰ কৰা হ’ব?
- ক’ত বিক্ৰি কৰা হ’ব?
- কোন শ্ৰেণী গ্ৰাহকক লক্ষ্য কৰি লোৱা হ’ব?
- কেনেকৈ বিক্ৰি কৰা হ’ব?
- কিমান দামত বিক্ৰিৰ সিদ্ধন্ত লোৱা হৈছে?
পামৰ মাটি কিনা হ’বনে বন্দবস্তি কৰি লোৱা হ’ব যদি কিনা হয়—
-
মাটিখিনি উপযুক্ত হয়নে?
-
জলসিঞ্চন/ পানী নিৰ্গমন ব্যৱস্থা
-
নিকটতম বজাৰৰ দূৰত্ব।
-
অন্যান্য আন্ত:গাথনিৰ উপলভ্যতা: পথ, বিজুলী, যোগাযোগ, সহায়কাৰী প্ৰতিষ্ঠান আদি।
যদি বন্দৱস্তি কৰি লোৱা হয়—
-
বন্দৱস্তিৰ ব্যৱস্থা
-
বন্দৱস্তিৰ পৰিমাণ
-
বন্দৱস্তিৰ কাল, চৰ্ত আৰু চুক্তিৰ দফাসমূহ
পাম ব্যৱসায়ৰ পৰিকল্পনা কেনেকৈ কৰিব?
উৎপাদন পৰিকল্পনা:
-
উৎপাদন সমন্ধীয় তথ্য
-
খৰচৰ তথ্য
-
হাজিৰা আৰু শ্ৰম
-
উৎপাদনৰ কাৰ্যক্ৰম –মাহেকীয়া ভিত্তিত : সামগ্ৰী ভিত্তিত
-
কাৰ্যকৰী ব্যয়
বজাৰ পৰিকল্পনা:
-
বিক্ৰিৰ বাবে কি ব্যৱস্থা লোৱা হ’ব?
-
সাম্ভাব্য বিক্ৰি কেনেকৈ নিৰ্দ্ধাৰণ কৰিব?
-
তুলনামূলক প্ৰতিযোগিতাৰ সুযোগ কেনেকৈ ল’ব?
-
সামগ্ৰীৰ বৰ্ণনা
-
সামগ্ৰীৰ প্ৰতিষ্ঠা
বিত্তীয় পৰিকল্পনা:
-
পুঁজিৰ উৎস কি?
-
প্ৰকল্প আয়/লাভ লোকচানৰ প্ৰতিবেদন
-
অৰ্থপ্ৰবাহ বিশ্লেষণ
-
পামৰ উপাৰ্জন আৰু কৰ-কাটল
প্ৰতিষ্ঠানীয় সহযোগীতা:
-
প্ৰযুক্তি কৌশল: প্ৰশিক্ষণ, পৰামৰ্শ
-
বিত্তীয়, ঋণ,সুদ, পৰিশোধৰ কাল, ৰাজ-সাহাৰ্য
-
বজাৰ (ঘৰুৱা আৰু ৰপ্তানি), সম মূল্য
-
আইন আৰু ৰাজনৈতিক
-
নীতি নিৰ্দ্ধাৰণ
(হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ পৰিচালনা প্ৰতিষ্ঠান
(MANAGE) ৰ স্নাতকোত্তৰ কৃষি
সম্প্ৰসাৰণ পৰিচালনা ডিপ্লমা পাঠ্যক্ৰমৰ আধাৰত এই লেখা ৰচনা কৰা হৈছে- নয়ন কুমাৰ বৰা)

